ধুমুহা
শ্বাসৰোধী ধুমুহাৰ ৰাতি
শোণিতৰ শীতল সোঁতত
থুপ খাই থকা মেঘবোৰ চেঁকুৰিছে৷
ৰক্তস্ৰাৱী হৃদয়ৰ সোণোৱালী ছাঁ
ক্ৰমে সৰ্পিল ৰেখা হৈ
আকাশৰ ইফালে সিফালে বগাই গৈছে৷
যৌৱনৰ স্তম্ভিত স্তূপত
থিয় দি মই ভাবিছোঁ :
এদিন মেঘ হ’ব খুজিছিলোঁ৷
![](https://poetrywithoutfear.com/wp-content/uploads/2024/04/image-issue-9-pwf-as-poem-of-hiren-bhattacharya-604x270.jpg)
ধুমুহা
শ্বাসৰোধী ধুমুহাৰ ৰাতি
শোণিতৰ শীতল সোঁতত
থুপ খাই থকা মেঘবোৰ চেঁকুৰিছে৷
ৰক্তস্ৰাৱী হৃদয়ৰ সোণোৱালী ছাঁ
ক্ৰমে সৰ্পিল ৰেখা হৈ
আকাশৰ ইফালে সিফালে বগাই গৈছে৷
যৌৱনৰ স্তম্ভিত স্তূপত
থিয় দি মই ভাবিছোঁ :
এদিন মেঘ হ’ব খুজিছিলোঁ৷