এখন নদীৰ মৃত্যুত নদী এখন মৰেনে? নমৰে, মাৰে। নদীৰ সৈতে কথা পতা, নদীৰ সৈতে ধেমালি কৰা নদীখনক বিচাৰি মানুহজন দৌৰি থাকে, কিজানিবা ক'ৰবাত ভেটাভেটি হয়। বুকুত এবোজা বিষাদ লৈ ক'ৰবাত বৈ আছে এখন নৈ শীৰ্ণকায় এটা সুঁতি হৈ সুঁতিটোক ভেটা দিয়া শিল এটা ডাঙিছিল সপোনত, ইমান গধুৰ! জিলমিল নদীৰ পানীত আবেলিৰ বেলিটোৱে গা ধুই কথা পাতিছিল। এতিয়া বেলিয়েও বিষাদত ডুব যায় পাহাৰটোৰ সিপাৰে, শীৰ্ণ সুঁতিলৈ উভতি নাচায়।
ডাঃ জীতেন ভূঞা গুৱাহাটী-নিবাসী এগৰাকী অৱসৰপ্ৰাপ্ত পশু-চিকিৎসক, কবি আৰু লেখক।