জ্যোতিপ্ৰসাদ আগৰৱালা
জানো জানো জানো বিফলে নাযায় মোৰো গানো৷ মোৰ যত অশ্ৰুজল তীৰ্থজলেৰে মিলি উজলিব পৃথিৱীৰ কোষায় কোষায় জানো জানো জানো৷ মোৰ যত অভিনৱ গান বিকশিত কমলৰ গন্ধ সমান জানো জানো জগাব সি বিশ্বৰ প্ৰাণো৷ অকলশৰীয়া সেই পুৱতিৰ তৰা আপোনাৰ গানতেই আপুনি বিভোৰা ঊষাৰ কোলাতে মাৰ যায় পোহৰত হাঁহিটি মিলাই জানো জানো জানো বিফলে নাযায় তাৰো গানো৷ জাগা অভিনৱে ছন্দে মৌন মুগ্ধ যত শব্দ কমল দল কণ্ঠে কণ্ঠে অৰ্বুদ বৃন্দে জাগা অমৃত সুৰবাণী পৰমানন্দে৷