নীলিম কুমাৰৰ এটা কবিতা

আজি বাহিৰত খাবলৈ যাওঁ ব’লা

বগা শীতল বতাহ বলিছে৷
আজি বাহিৰত খাবলৈ যাওঁ ব’লা
আজি ঘূৰাই আনো ব’লা
হেৰাই যোৱা আমি দুয়োজনক৷

আজি সেই তাহানিৰ আমাৰ হাত দুখনক 
ধৰিবলৈ দিওঁ ব’লা
ইখনে সিখনক৷
বগা শীতল বতাহ বলিছে৷
আজি বাহিৰত খাবলৈ যাওঁ ব’লা

আজি দুয়ো আমাৰ ছাঁ দুটাক
খোৱা মেজত বহি কথা পাতিবলৈ দি
কাষৰপৰা চাই থাকোঁ ব’লা

ছাঁ দুটাইতো
এটাও মিছা কথা ক’ব নোৱাৰিব
সিহঁতৰতো কথা কোৱা জিভা নাই
সিহঁতৰ ভাষা নীৰৱতা,
আজি আমি সিহঁতক শুনো ব’লা

চেঁচা বগা বতাহ বলিছে
আজি বাহিৰত খাবলৈ যাওঁ ব’লা
মৃত্যু নামৰ হোটেলখনত!

Click here to read the an English translation of the poem.

নীলিম কুমাৰ অসমৰ এগৰাকী বিশিষ্ট কবি আৰু ঔপন্যাসিক।

One thought on “নীলিম কুমাৰৰ এটা কবিতা

Leave a Reply

Your email address will not be published. Required fields are marked *