সত্যজিৎ গগৈৰ তিনিটা কবিতা

ইয়াত গছ-লতিকাই

ইয়াত গছ-লতিকাই
আকাশৰ ফালে মেলি আছে শিলহাত
দেখিছোঁ নিথৰ পশু-পক্ষী
কাঁচৰ পিঞ্জৰাত

এঢলীয়া পথেৰে নামি গৈ আছোঁ
সমুখত শিশুহঁতক লগ পাঁইছোঁ
হেৰাই গৈছোঁ শিশু হৃদয়ত

বিনিময় কৰিছোঁ
শব্দত উত্তাপিত হৈছোঁ
চেঁচা হৈছোঁ

তেওঁলোকে সুধিছে
শগুণে উৰণ সামৰাৰ কথা
মৌমাখিবোৰে প্ৰজনন ক্ষমতা হেৰুৱাব
সেই ভয়ংকৰ তথ্যৰ কথা
শেতা হৈ পৰিছোঁ তেওঁলোকৰ মুখলৈ চাই
পাহাৰৰ শিলত উঠি

পাহাৰৰ শিলত উঠি এক্সকেভেটৰখনে
কজলা পতাকা এখন উৰুৱাই আছে

খঁক অধিপতিৰ
কি প্ৰচণ্ড প্ৰতাপ

দিন ভাঙি পৰিছে
হাউলি মুখ গুঁজিছে
পিটনিৰ পানীত

বতাহত বেঙা মেলিছে
এন্ধাৰৰ বিংবিঙনিবোৰে
বিলখনৰ সমাধিত

বিলখনৰ সমাধিত
শিলগছবোৰ গজিছে

বহু দিন দেখা নাই
শামুকভঙা, সাৰেং, শৰালিৰ উৰণ

বিশাল ষ্টেডিয়ামখনৰ তলত
সিহঁতৰ মাতবোৰ জীৱাস্ম হৈছে

জলজ জীৱনৰ উচুপনিবোৰ
এতিয়াও শান্ত হোৱা নাই
বতাহৰ কোলাত

Click here to read an English translation of the poems

সত্যজিৎ গগৈ সাম্প্ৰতিক সময়ৰ এগৰাকী কবি আৰু তথ্যচিত্ৰনিৰ্মাতা৷ দুলীয়াজান নিবাসী কবিৰ প্ৰকাশিত কাব্য-সংকলন এখন৷

Leave a Reply

Your email address will not be published. Required fields are marked *