Issue: Vol. V, No. 2, August-October, 2026
প্রাণত নক্ষত্র উদ্যান
আমাৰ দ্বাৰ
তেওঁলোকে ভেটি ধৰিছিল সবৰিমালাত
যাক আমি ঔৰসত লালন কৰোঁ
যাক প্রাণ দি তেজ দি জীয়াবলৈ
জয় কৰোঁ ভয়
যন্ত্রণাক ভিক্ষা খোজোঁ জীৱন
পখইতঙত বান্ধি নিয়া
আগলি কলাপাত, এটি গুৱাপাণ এটি অৰিহণা
বাটচ’ৰাতে থওঁ আগচি ধৰে আমাৰ বাট,
তেওঁলোকে বৰপেটাৰ কীৰ্তন ঘৰত
যাক আমি বুকুৰ শুকুলা তেজ পান কৰাওঁ
স্নেহৰ হাতেৰে গা-মূৰ মোহাৰি নিচুকনি গাই গাই শুৱাওঁ
তেওঁলোকক জন্ম দিয়াটো আমাৰ সপোন
আমি উৎকণ্ঠা হেঁপাহেৰে বাট চাওঁ—
‘এইবাৰ ল’ৰা এটা হ’লে ভাল হয়’ দেহজুৰি উম দিওঁ।
ডাঙৰ কৰোঁ ঘনাই সাৰ পাই পাই
সুখী হওঁ ডাঙৰ হোৱা চাই চাই
কিন্তু তেওঁলোকে ধর্ষণ কৰে আমাৰ সত্তাক
কেনেকৈ খোজ কাঢ়িম
কেনেকৈ পিন্ধিম কাপোৰ
কেনেকৈ হাঁহিম
কেনেকৈ কথা ক’ম
ক’লৈ যাম ক’লৈ নাযাম,
কোন সময়ত যাম
কি খাম
তাৰ নিয়ম গঢ়ে
আমালৈ জন্ম হয় মনু
আমালৈ লিখে লক্ষ্মী চৰিত
কাটি-ছিঙি আমাৰ দেহ মন
তেওঁলোক হ’ব বিচাৰে গছ
আৰু বিচাৰে চিৰদিন আমি লতা হৈ থকাটো
আমাৰ সংস্কৃতিৰে তেওঁলোক হ’ব বিচাৰে উজ্জ্বল, ওখ
মানুহ আমিও শিকলি ছিঙা দুহাত, প্রাণত নক্ষত্র উদ্যান
নিভৃত কোণত জিৰাবলৈ নির্জনতাৰ গুণ গুণ গান।।
মানুহ বিষয়ক
হৈ চৈ কোলাহল
সিন্ধি দিয়া বাটেৰে কোনোমতে সৰকি আহিছোঁ
সময় আছেনে
আজলি পাতি ল’বলৈ উচুপনি
নিশাৰ চৰাইৰ মাতৰ বিষাদ
একে শৰীল লৈ সপোন দেখা মানুহবোৰ
এন্ধাৰত ডুবিছে খহি পৰিছে পোহৰত
মানুহ মানে
ব্ৰেণ্ডেড সামগ্ৰীৰে জীৱন সজোৱা মানুহ
নৱজাতকক ডাষ্টবিনত পেলোৱা মানুহ
জননীক বাটৰ ভিক্ষাৰী হ’বলৈ এৰি দিয়া মানুহ
হৃদয়ৱান মানুহ
ঠগি খোৱা মানুহ
ঠগ খোৱা মানুহ
ভাত বিচাৰি দেশ এৰি অহা মানুহ যুগ যুগ ধৰি
শোষিত বঞ্চিত মানুহৰ নিৰণ্ণ ৰুগ্ন শিশু মানুহ
জুয়ে পোৰা বানে গৰকা গাঁৱত সভা পাতিবলৈ
আকাশীযানত অহা মানুহ
গামোচা পিন্ধোৱা মানুহ
গামোচা পিন্ধা মানুহ
কঠিয়া টোমাই থকা
মানুহৰ সুখ কাঢ়ি
মালা পিন্ধোৱা মানুহৰ কথা
অংক মিলোৱা মানুহৰ কমিচন
শৱদেহ এটাৰ পৰা উঠি অহা
ময়ো মানুহ মানুহ হ’বলৈ মৰোঁ
ভাগ্যত একোৱে নাই বুলি তেওঁলোকে হাঁহে
তেওঁলোকে নাজানে আচলতে ভাগ্যকহে মাৰোঁ।