গায়ত্ৰী ফুকনৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

ছবিৰ প্ৰেম
সুশান্ত সিং ৰাজপুতৰ পবিত্ৰ স্মৃতিত

সুশান্ত
মই যিমানবাৰেই
তোমাক চাইছোঁ
সিমানবাৰেই
হাঁহি
আৰু এযুৰি
সৰল চকুত
মুগ্ধ হৈছোঁ
এনে কি আছিল
দুচকুত তোমাৰ
বাৰে বাৰে গভীৰতাত হেৰাই গৈছোঁ
তোমাক যিমান জানিছোঁ
সিমানেই মুগ্ধ হৈছোঁ
তোমাক হিংসা কৰা সকলে
হয়তো এতিয়াও জ্বলিছে
তোমাক ভালপোৱা
অগণন হৃদয় দেখি
মই আশা কৰিছোঁ
তেওঁলোকৰ জ্বলন কেতিয়াও
শেষ নহওক
ভাগ্যৱানেহে
হয়তো এনেকুৱা ভাল পোৱা পায়
মই এটা কথা নিশ্চিত হৈছোঁ
মানুহে হীৰা চিনি পায়
তোমাৰ হাঁহিটোত
অজানিতে
মই বহুবাৰ
হাত বুলাই দিছোঁ
আঁকি দিছোঁ শূন্য চুমা
কায়িকভাবে
তুমি আছা বা নাই
মোৰ বাবে কিয়েইবা
মূল্য আছে
তুমি মোৰ বাবে
সদায়ে এক
ছবিয়েই আছিলা
তথাপি মোৰ হৃদয়
আজি ভাঙি গৈছে
এই কথা ভাবি
তুমি পৃথিৱীত নাই৷

An English translation of the poem.