ইয়ানিছ ৰিটছ’ছৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

অনুবাদ : প্ৰকল্প ৰঞ্জন ভাগৱতী

ইয়ানিছ ৰিটছ’ছ (Yiannis Ritsos, ১ মে’, ১৯੦৯—১১ নৱেম্বৰ, ১৯৯੦) এগৰাকী গ্ৰীক কবি৷ ইংৰাজ কবি পিটাৰ লেভিৰ মতে ৰিটছ’ছ আছিল পুৰণি ধৰণৰ এগৰাকী মহান কবি৷ তেওঁ দুবাৰকৈ সাহিত্যৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল৷ কবিগৰাকীৰ জন্ম হৈছিল ১৯੦৯ চনত গ্ৰীচৰ মোনেমবেছিয়া নগৰত৷ তেওঁৰ প্ৰথমখন সংকলন Trakter প্ৰকাশ পাইছিল ১৯৩৪ চনত আৰু সংকলনটোৱে গ্ৰীচৰ নতুন কাব্য আন্দোলনৰ সমুখলৈ তেওঁক লৈ আনিছিল৷ তেওঁৰ প্ৰায় চল্লিছখন কবিতা-সংকলন প্ৰকাশ পাইছিল৷ তেওঁৰ কবিতা মূলতঃ গীতিধৰ্মী আৰু বাওঁপন্থী ভাবধাৰাৰ৷ তেওঁ নিজৰ কবিতাত পৰম্পৰাগত কথন আৰু ৰূপৰ সৈতে আধুনিক কৌশল আৰু ধাৰণাৰ সংমিশ্ৰণ ঘটাইছিল৷ ১৯৬৭ চনৰ এপ্ৰিলত গ্ৰীচত সামৰিক অভ্যুত্থান ঘটাৰ সময়ত তেওঁক সামৰিক শাসকে আটক কৰি দ্বীপান্তিৰত কৰিছিল৷ নিকছ ষ্টেনগছে ইংৰাজীলৈ অনুবাদ কৰা Yannis Ritsos: Selected Poems (১৯৭৪) শীৰ্ষক সংকলনটোৰপৰা বৰ্তমানৰ কবিতাকেইটা অসমীয়ালৈ অনুবাদ কৰা হৈছে৷

পুৱা

তাই খিৰিকীৰ জাপবোৰ খুলি দিলে৷ তাই চাদৰখন চৌকাঠত মেলি দিলে৷ তাই দিনটো দেখা পালে৷
এটা চৰায়ে তাইৰ চকুলৈ পোনেপোনে চালে৷ “মই অকলশৰীয়া,” তাই ফুচফুচাই ক’লে৷
“মই জীয়াই আছোঁ৷” তাই কোঠাটোত সোমালে৷ আইনাখনো এখন খিৰিকীয়েই৷
যদি ইয়াৰপৰা জঁপিয়াই দিওঁ মই মোৰ কোলাতে পৰিমগৈ৷

(ইংৰাজী শিৰোনাম: ‘Morning’)


অত্যাৱশ্যকীয়


সি তাৰ কোটৰ বুটামকেইটা অস্বস্তিৰে চিলায়,
এটা মোটা বেজীৰে, মোটা সূতাৰে৷
সি নিজৰ সৈতে কথা পাতে:

তুমি ৰুটি খালানে? তোমাৰ ভালকৈ টোপনি হ’ল নে?
তুমি কথা ক’ব পাৰিলানে, হাত দুখন মেলিব পাৰিলানে?
খিৰিকীৰে বাহিৰলৈ চোৱা কথাটো তোমাৰ মনত আছিল নে?
দুৱাৰত টোকৰৰ শব্দ শুনি তুমি হাঁহিছিলা নে?

যদিহে সেয়া সদায় মৃত্যু হয় — তেন্তে সি দ্বিতীয় স্থানত আহে৷
স্বাধীনতা সদায় প্ৰথম স্থানত আহে৷

(ইংৰাজী শিৰোনাম: ‘The Essentials’)


কবিৰ পেছা

বাৰাণ্ডাত, ছাতিবোৰ, গামবুটবোৰ, আইনাখন;
আইনাখনত, খিৰিকীখন অলপ শান্ত;
খিৰিকীখনত, ৰাস্তাৰ সিটো পাৰত থকা হাস্পতালৰ গে’টখন৷ তাত
অধৈৰ্য, চিনাকি ৰক্তদাতাৰ এটা দীঘলীয়া শাৰী—
শাৰীৰ প্ৰথমজনে ইতিমধ্যে তেওঁৰ আস্তিন কোঁচাইছে
অথচ ভিতৰৰ কোঠাত পাঁচজন আহত লোকৰ মৃত্যু ঘটিছে৷

(ইংৰাজী শিৰোনাম: ‘The Poet’s Profession’)


সচেতন

নহয়, নহয় — সি পুনৰ ক’লে৷ নহয়, নহয়৷
সি তাৰ কাপোৰবোৰ ওলোটাকৈ পিন্ধে,
সি তাৰ গিলাছটো উবুৰিয়াই দিয়ে,
সি পানীখিনি পেলাই দিয়ে,
সি মৃত্যুক লুটিয়াই পেলায়,
সি তাৰ জোতোযোৰ হাতত পিন্ধে,
সি হাতমোজাযোৰ তাৰ ভৰিত পিন্ধে৷
“তুমি এজন মিছলীয়া,” সিহঁতে তাক ক’লে৷ সিহঁতৰ খং উঠিল৷
তিনিজনী মহিলাই বেলকনিত হাঁহি থাকে৷
সি সঁহাৰি নিদিয়ে৷ সি নিৰ্বিকাৰ হৈ ৰয়৷
এটা মাখি তাৰ গালত পৰে৷
তিনিজনী মহিলাই বেলকনিত হাঁহি থাকে
সিহঁতকেইজনী যুৱতী৷ সিহঁতে খচমচ কৰে৷ ঠিক তাকেই বিচাৰে সি৷

(ইংৰাজী শিৰোনাম: ‘Conscious’)