অনুবাদ: হিতেন শর্মা
অনুবাদকৰ টোকা: মূল কবিতাটো W.T. Young-এ সম্পাদনা কৰা Browning Poems: 1835-1864 সংকলনখনিৰপৰা অনুবাদৰ বাবে লণ্ডনৰ Ferrer Lane স্থিত Cambridge University Press-এ ১৯২৯ চনত প্রকাশ কৰা সংস্কৰণটোৰ পৰা আহৰণ কৰা হৈছে। Young-ৰ টোকাৰপৰা সংগৃহীত তথ্য:
নাথানিয়েল ওৱেনলিৰ দ্বাৰা ৰচিত আৰু ১৬৭৬ চনত প্রকাশিত The Wonders of the Little World শীর্ষক গ্রন্থখনৰ তৃতীয় খণ্ডৰ একচত্বাৰিংশ অধ্যায়টোৰ শিৰোনাম হৈছে “কিছুমান লোকৰ ধ্যানপূর্বক চিন্তন আৰু অধ্যয়নৰ প্ৰতি অত্যধিক মনোনিৱেশৰ সন্দৰ্ভত”। তেনেকুৱা পোন্ধৰগৰাকী ছহীদৰ বৰ্ণনাৰ ভিতৰত দুগৰাকী এই কবিতাটোৰ ক্ষেত্ৰত প্ৰাসংগিক। এগৰাকী জার্মান চিকিৎসক জেকোবাচ মিলিচিয়াছ আৰু আনগৰাকী জার্মান মানৱ দৰদী ড° ৰেনোল্ডছ জেকোবাছ৷ মিলিচিয়াছ জ্ঞানান্বেষণৰ প্ৰতি ইমানেই আগ্রহী হৈছিল যে তেওঁ ৰোগাক্রান্ত অৱস্থা সত্ত্বেও আৰু জৰাগ্রস্ত অৱস্থাতো ইমান বেছিকৈ অধ্যয়নত লিপ্ত হোৱাৰ বিৰুদ্ধে যেতিয়া বন্ধুসকলে বাধা প্রদান কৰিছিল, তেতিয়া তেওঁ পৰম জ্ঞানী Solon-অৰ উক্তিৰে তেওঁলোকক নিৰস্ত্ৰ কৰি কৈছিল, “মই বহু কথা জানিবলৈকে বুঢ়া হৈছোঁ”। তেওঁক দিনৰ ভাগত কোনেও ঘৰত বিচাৰি নেপাইছিল; তেওঁ আন ক’ৰবাত হয় পঢ়ি আছিল, নতুবা লিখি আছিল। তেওঁ ৰাতি পঢ়া-শুনা কৰিবৰ বাবে প্রায় নুশুইছিল (‘Slept but little’)। ইয়াৰ ফলত Apoplexy ৰোগত আক্রান্ত হৈ তেওঁ ১৫৫৯ চনৰ ১০ নৱেম্বৰ তাৰিখে মৃত্যুবৰণ কৰিছিল।
আনগৰাকী ড° ৰেনোল্ডছ যেতিয়া অত্যধিক অধ্যয়নৰ ফলত জঁকাটোত পৰিণত হৈছিল, অক্সফোর্ড বিশ্ববিদ্যালয়ৰ বিভাগীয় বুৰঞ্জী অধ্যাপকসকলে আহি তেওঁক অধ্যয়নৰ পৰা বিৰত থাকিবৰ বাবে অনুৰোধ জনাইছিল। তেতিয়া তেওঁ হোমাৰৰ এশাৰী কবিতাৰে তেওঁলোকক উত্তৰ দিছিল— “Nor to save life lose that for which I live.” (“মই যিহৰ বাবে জীয়াই আছোঁ তাকে হেৰুৱাবলৈ জী নাথাকোঁ।”)
এই কবিতাটোত জীৱনৰ সফলতা দুটা পৃথক পৃথক মাপকাঠীৰে জোখা হৈছে; আমি কেনেদৰে ইহজীৱনৰ পৰৱৰ্তী জীৱনটোক মূল্য দিওঁ অথবা অৱজ্ঞা কৰোঁ। ব্যাকৰণবিদজনা নিঃসন্দেহ যে “Man has forever (মানুহৰ আছে অনন্তকাল)” আৰু সেই নিশ্চিত বোধেৰে গ্ৰীক বাক্য গাঁথনিৰ সূক্ষ্মাতিসূক্ষ্ম প্রশ্নবোৰৰ সমাধান বিচাৰি সকলো দুখ-কষ্ট হেলাৰঙে সহি গৈছিল। যদিহে মানুহৰ জীৱনো কুকুৰ আৰু বান্দৰৰ লেখীয়া মৃত্যুৰ লগে লগে শেষ হৈ যায়, তেতিয়া এইটো প্রচ্ছন্ন হয় যে এনেকুৱা জীৱন তুচ্ছ আৰু কুৎসিত। আনহাতে, তেওঁ যি মহৎ বিশ্বাস শিষ্যসকলৰ মনত জাগৰুক কৰিছে, তাতেই এই শৱযাত্রা হৈ উঠিছে এক বিজয় উৎসৱ৷
এজনা ব্যাকৰণবিদৰ শৱযাত্রা
(ইংৰাজী শিৰোনাম ‘A Grammarian’s Funeral’)
(সময়সূচী: ইউৰোপৰ জ্ঞান-নৱোন্মেষৰ ঠিক পিছতেই)
১৮৫৫ চনত Men and Women-ৰ দ্বিতীয় খণ্ডত প্রথম প্রকাশিত
আমি আৰম্ভ কৰোঁহঁক আৰু কঢ়িয়াই লৈ যাওঁহঁক এই শৱটো,
গীত গাই সমস্বৰে,
এৰি থৈ জেওৰাৰে আগুৰা ঘৰুৱা বাৰীবোৰ আৰু অবাইচ গাঁওবোৰ
জীৰ্ণ অৱস্থা প্রতিখনৰে,
নিৰাপদ নিদ্ৰাত মগন উপত্যকাটোৰ বুকুত,
সাদৰ অপেক্ষাৰে প্ৰথম কুকুৰা ডাকৰ;
নিৰিখি দূৰণিলৈ হৈছেনে বেলি উঠিবৰ পৰ
লানি লগা শিলাময় পাহাৰৰ ওপৰত!
সেইখনেই উপযুক্ত স্থান, তাতেই মানুহৰ ভাবনা
বিৰল নিবিড়
স্বোপার্জিত ৰোগৰ প্ৰকাশৰ হেতু, যেনিবা
জাঁতত পিহা শইচৰ তুঁহ
এৰি থৈ এইখন নিৰক্ষৰ উপত্যকাৰ বাসিন্দা সমেত শইচৰ পথাৰ
বিচাৰি যাওঁ কবৰখানা
ওখ এখন পৰ্বতৰ ওপৰত, শিখৰলৈকে জনাকীর্ণ
সংস্কৃতিৰ মহা আস্তানা।
সকলোবোৰ শৃংগ ঊৰ্ধ্বমুখী, কিন্তু এটাই আনটোক যায় চেৰাই,
মেঘবোৰেহে ইয়াক ৰাখিছে ঢাকি;
নহয়, সৌ দূৰণিৰ প্রাসাদটোৰ জেউতিয়েহে
সেই শৃংগটোক ৰাখিছে আৱৰি!
তালৈকে আমাৰ পথ, ঘূৰি ঘূৰি চেৰাই যাম শৃংগবোৰ আমি;
এই সতর্কবাণীটো শুনিবানে তোমালোকে?
আমাৰ এই খাই-বৈ থকা জীৱনটো সমতলৰ আৰু এন্ধাৰৰ;
তেওঁৰ জীৱনটো প্রভাতী পোহৰৰ!
লয়লাসে, বুকু ফিন্দাই, আগবাঢ়োঁ উন্নত শিৰেৰে,
দর্শকসকলৰ প্ৰতি সতর্কতাৰে।
এয়া আমাৰ গুৰুজন, খ্যাতিমান, সৌম্য আৰু মৃত,
বহনশীল আমাৰ কান্ধেৰে।
শইচে-ৰখীয়াই শোৱা! আন্ধাৰুৱা বাৰীয়ে-গাঁৱে শোৱা,
বতৰে আমনি নকৰিলে!
তেওঁক, যিজনাক আমি তেওঁৰ আলাসৰ কবৰলৈ লৈ গৈ আছোঁ,
একেলগে গীত গাই
তেওঁ তোমাৰ মুখাকৃতি আৰু কণ্ঠেৰে মানৱী জনম লৈছিল,
হে সংগীতৰ দেৱতা, এপ’লো!
অনামী হৈয়ে তেওঁ দীর্ঘকাল জী আছিল : বসন্তই বুজিব কিদৰে
শীত আহিব বুলি?
তেতিয়ালৈ চোৱা, সেই সামান্য পৰশ আৰু যৌৱন হেৰাই গৈছিল!
কুঞ্চিত হৈছিল আৰু কৃশ হৈছিল,
তেওঁ বিলাপ কৰিছিল, “নতুন ছন্দ, আন আন পয়াৰ তুৰন্তে আয়ত্ত কৰিবলৈ”
“মোৰ নৃত্যৰ অৱসান ঘটিল নেকি?”
নাই, সেইটো সংসাৰৰ ৰীতি (পৰ্বতখনৰ কাষে কাষে ব’লা,
নগৰখন পাবগৈ লাগিব)
তেওঁ সংকেতটো জানিছিল আৰু গৰ্বেৰে খোজ দিছিল
মানুহৰ পুতৌক উপেক্ষা কৰি,
কৰ্মৰ নিমিত্তে ধেমালি তেজিছিল আৰু সংসাৰখনৰ সৈতে যুঁজিছিল
আঁতৰি যাবৰ বাবে
“তালিকাখনত কি আছে?” সুধিছিল তেওঁ, “তুমি যে উন্মুক্ত কৰি ৰাখিছা!
বসনৰ আকৃতিবোৰ মোক দেখুওৱা,
তেওঁলোকৰ যিসকলে মানুহক আটাইতকৈ বেছি অধ্যয়ন কৰিছিল
কবি আৰু ঋষিসকলৰ।”
‘দিয়া’—তেনেদৰেই তেওঁ নিজকে গাউনৰ বসনেৰে
পৰিহিত কৰিছিল,
পোনচাটে তেওঁ গোটেই কিতাপখন শেষ পৃষ্ঠালৈকে কণ্ঠস্থ কৰিছিল।
বিজ্ঞ, সিদৰেই আমি তেওঁক পাইছিলোঁ।
এৰা, কিন্তু আমি তেওঁক তপামূৰীয়াকৈও পাইছিলোঁ, সীহৰ বৰণৰ চকু,
উচ্চাৰণ অস্পষ্ট:
“সময় লাগে জীৱনক চাকি চাবলৈ”, আন এজনে ক’লেহেঁতেন,
“পর্দা উঠাই দিয়া”—
কিন্তু এই মানুহজনে কৈছিল, “আচল জীৱনটো পিছতহে আছে নেকি?”
“এক মুহূৰ্ত ধৈর্য ধৰা।”
“ধৰি লৈছা এই বিদ্যাৰ জটিল পাঠ মই আয়ত্ত কৰিছোঁ”,
“তথাপি সেই মন্তব্যটো আহিছে”,
“মোক সমস্তখিনিকে জানিবলৈ দিয়া, সবাতোকৈ বেছিখিনি
বা কমখিনিক লৈ বিবাদ নকৰিবা”
“কষ্টসাধ্য বা উজু”
“এই ভোজৰ একেবাৰে খুদকণলৈকে ভূঞ্জিবলৈ মই হাবিয়াস কৰোঁ,
হয়, মই বিৰাগ অনুভৱ নকৰোঁ।”
ওহ, তেনে এটা জীৱন যাপন কৰিবলৈ তেওঁ দৃঢ়প্রতিজ্ঞ হৈছিল,
যেতিয়া তেওঁ এই জ্ঞান লাভ কৰিছিল,
যেতিয়া আটাইবোৰ গ্ৰন্থৰপৰা তেওঁৰ এই বোধ প্রাপ্ত হৈছিল
লগে লগেই তেওঁ ইয়াৰ প্ৰতি বিৰাগভাজন হৈছিল।
অখণ্ড ৰূপটোক মনত অংকন কৰাঁ, তাৰ পিছত অংশবোৰ প্ৰতিপাদ্য কৰি যোৱা
গাঁথনিটোৰ কল্পনা কৰা
সম্পূৰ্ণকৈ সজাৰ পূৰ্বে, তীখাই খুন্দিয়াই অগ্নিশিখা নিৰ্গত কৰাৰ আগেয়ে
স্ফটিকত
ইটাৰ ওপৰত ৰহণ সনাৰ আগেয়ে—
(এইখিনিতে আমি নগৰৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈছোঁহঁক:
সৌখন বজাৰৰ স্থলী
আমাৰ সম্মুখত মেল খাই আছে)
হয়, তেওঁৰ অন্তৰত থকা বিশেষ কৰুণাধাৰা এয়াই
(আমাৰ কোৰাছটো উদাত্ত কৰা)
যে জীৱন নিৰ্বাহ কৰাৰ পূৰ্বেই তেওঁ শিকিছিল, কেনেকৈ জী থাকিব লাগে
শিকাৰ শেষ নাই!
উপায়টো প্রথমে অর্জন কৰা—ভগৱানে নিশ্চয় সংগতি কৰিব
আমাৰ অৰ্জনৰ প্ৰয়োগ বিধি।
আনবোৰে বিশ্বাস নকৰে আৰু কয়—কিন্তু সময় পাৰ হৈ যায়,
“এতিয়াই জী থাকা, নহ’লে পিছত এই সুযোগ নেপাবা।”
তেওঁ কৈছিল, “সময় কি? বৰ্তমানটো কুকুৰ আৰু বান্দৰৰ বাবে এৰি থৈ যোৱা!”
“মানুহৰ আছে অনন্তকাল”
তাৰপিছত তেওঁ তেওঁৰ গ্ৰন্থখনলৈ উভতি আহিছিল: মূৰটো বেছি তললৈ হাওলাই দিছিল:
পৰিমিতিয়ে তেওঁক যন্ত্রণা দিছিল:
আগৰ সীহৰ বৰণৰ চকু দুটা তেওঁৰ পূৰা সীহৰ টুকুৰা হৈছিল:
হাপানিয়ে তেওঁক আক্ৰমণ কৰিছিল।
“এতিয়া প্রভু অকণমান বিশ্রাম কৰক।”—কিন্তু তেওঁ নকৰে!
(সতৰ্কতা চাৰিগুণ কৰা হৈছিল
দুজনে তেওঁৰ দুকাষে আছিল সমানে সমানে, বাটটোৱে ঠেক মোৰ লৈছিল)
তথাপি তেওঁ অকণো দিগদাৰি পোৱা নাছিল,
আকৌ অধ্যয়নলৈ উলটি আহিছিল, আগতকৈও বেছি সতেজ ধৰণে,
ড্ৰেগনৰ নিচিনা উত্তেজনাৰে
দূৰৈৰ লাভৰ আশা নকৰাকৈ
তেওঁ আত্মিক পিপাসাৰে এক অতৃপ্ত তৃষ্ণা পূৰণৰ হেতু
এতিয়াই বেগেতে লাভৰ আকাংক্ষা পূৰণৰ হকে, নিশ্চয়ে,
আমাৰ বেপাৰখন হ’ব মন্দ।
তেওঁ ঈশ্বৰত সঁপি দিয়া নাছিল জানো তেওঁৰ ভৰসা
এয়া তেওঁৰ মহত্ত্ব নাছিল জানো?
(তেওঁ ঈশস্তুতিৰ প্ৰতি আকৃষ্ট হৈছিল)
তেওঁ তেওঁৰ চিত্তক মহত্ত্ব দান কৰা নাছিল নে দর্শাই পৰিষ্কাৰকৈ
এই আটাইখিনিয়ে কি বুজাইছিল?
তেওঁ জীৱনৰ মূল্যায়ন, মূর্খসকলে ইয়াত কৰাৰ ধৰণে কৰা নাছিল
কিস্তি হিচাপত দিবৰ বাবে!
তেওঁ বাজি ধৰিছিল সমস্তখিনিকে এবাৰতে নহ’লে নাই, সৰগীয় সফলতা
বা পার্থিৱ পৰাভৱ:
“আপুনি মৰণত বিশ্বাস কৰেনে নকৰে?”
তেওঁ উত্তৰ দি কৈছিল, “হয় কৰোঁ”।
“সেয়েহে জীৱনৰ মোহ মোলান পৰে”।
সেই নিঃকিন লোকজনে এটা সৰু কৰ্ম কৰিব খোজে,
কৰ্মটো চিন্তা কৰি লয় আৰু সংসাধন কৰে।
এই উচ্চ চিন্তাৰ লোকজনে, এক মহৎ প্রাপ্তিৰ অনুধাৱনেৰে
সম্যক বোধ হোৱাৰ আগতেই মৃত্যুমুখত পৰে।
সেই নিঃকিন লোকজনে একৈয়া বোটলে,
তেওঁৰ এশটো সোনকালে পূৰা হয়:
এই উচ্চ আদৰ্শৰ লোকজনে নিযুতৰ লক্ষেৰে
মাথোন এটাৰ ঘাটিৰে ব্যৰ্থ হয়,
সেইজনৰ জগতখন এহিতেই—পৰৱৰ্তীখনৰ প্ৰয়োজনীয়তা
তেওঁ লোকৰ বিচাৰলৈ এৰি থয়,
ইজনে, নিজকে ঈশ্বৰত সমর্পণ কৰে, আৰু স্থিৰ চিত্তেৰে
বিচৰা গুণে তেওঁক পাবই,
সেয়েহে মৃত্যুৱে ডিঙি চেপি থকা অৱস্থাতো
তেওঁ ব্যাকৰণত নিৱিষ্ট হৈ থাকে,
তেতিয়াও, হাই-উৰুমিৰ মাজতো পদ প্ৰকৰণে লগ নেৰে;
যদিও খোনাবও পাৰে তথাপি তেওঁ
গ্রীক পৰসৰ্গৰ জঞ্জালবোৰ যেনেকৈ নহওক সঠিক সমাধান কৰিছিল!
সিহঁতৰ উপযুক্ত স্থান নির্ণয় কৰিছিল—
পদৰ ভিতৰুৱা ‘ডে’ প্রত্যয়ৰ প্ৰয়োগৰ বিধি দি থৈ গৈছিল
কঁকালৰ নিম্নাংশ নিসাৰ হোৱা অৱস্থাতো।
হয়, ইয়াতেই এইখন মঞ্চ, এইখনেই উপযুক্ত স্থান।
তোমালোকৰ এই ক্ষেত্ৰবোৰক অভিবাদন জনাইছোঁ
হে সমস্ত গগনবিহাৰী পক্ষীকূল
চোৱালো আৰু কার্লিউসকল!
এইটোৱে শীর্ষতম চূড়া! তলৰ সৰ্বসাধাৰণ লোকসকলে
তাতেই তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে।
এই মানুহজনে স্থিৰ কৰিছিল জীৱলৈ নহয়, জ্ঞান অর্জন কৰিবলৈহে
এই মানুহগৰাকীক তাত কবৰস্থ কৰিবা নেকি?
ইয়াত—ইয়াতেই তেওঁৰ স্থান, উল্কাপিণ্ডবোৰে য’ত ক্ষিপ্র বেগেৰে উৰে,
মেঘ জমে, বজ্রপিণ্ড নিক্ষিপ্ত হয়,
নক্ষত্ৰবোৰে অহা-যোৱা কৰে, আনন্দই ধুমুহাৰ অৱসান ঘটাওক,
শান্তিয়ে নিয়ৰৰ টোপালবোৰ শুকাওক।
মহৎ চানেকিবোৰে অনুকূল প্ৰভাৱেৰে আৱৰি ধৰক
মহত্ত্বেৰে শুই থকা গৰাকীক,
জগতখনে ভবাতকৈও বেছি ওখ স্থানত আমি তেওঁক ৰাখিছোঁ
জীয়াই থাকোঁতে আৰু মৰণৰ পাছতো।