চেনীৰাম গগৈৰ কবিতা

Issue: Vol. V, No. 2, August-October, 2026

কবিতাৰ উজু পাঠ

ৰ’দে-বতাহে বৰষুণ, হঠাত্ বাঢ়িছে নৈ
এখিনি মানুহে যোগাৰ কৰিছে নাঙল-যুঁৱলি মৈ
পাতি পাল, বাব হাল, কৰি মাটি চৌফাল
দিন বাৰ খেন চাই ৰুই থ’ব গুটি
ধান হ’ব, আকাশৰ আজি এই আশ্বাস
আকাশেও মানুহক কৰি তোলে কবি

মই মাটি
খেতিয়ক, ফালা মোৰ বুকুখন
লোৰ কাটি ইয়ালৈ লৈ আনা নদী
থোৱা মোক কিছুদিন মুকলিত শাকলিত
দিয়া কিছু শব্দৰ ভাল লগা জুতি

মই কৰোঁ জীৱনক কবিতাৰ মূল পাঠ
কথনেৰে পঠনক কৰি তোলোঁ উজু৷