“কোনেও নিজ জীৱনৰ শ্ৰেষ্ঠতম কবিতাটো লিখিব নোৱাৰে”
ৰাজীৱ দত্ত
Issue: Vol. V, No. 2, August-October, 2026
অনুপমা বসুমতাৰী অসমীয়া ভাষাৰ এগৰাকী আগশাৰীৰ কবি। ১৯৬০ চনৰ ৫ জুলাইত গোৱালপাৰা জিলাৰ দৰংগিৰিত জন্ম লাভ কৰা কবিগৰাকীয়ে কলেজত পঢ়ি থকাৰ দিনৰে কাব্য-চৰ্চা কৰি আহিছে। লোকজীৱন আৰু লোকসংস্কৃতিৰ বিভিন্ন উপাদানে তেওঁৰ কাব্যসত্তাক গঢ় দিছে। তেওঁৰ এতিয়ালৈকে চৈধ্যখন কাব্য-সংকলন প্ৰকাশ পাইছে। এই কথোপকথনটিত মূলতঃ কবিগৰাকীৰ কবি-ব্যক্তিত্বটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

বাইদেউ, প্ৰকৃতিয়ে সৰ্বোচ্চ ঢালি সৃষ্টি কৰা অসমৰ গোৱালপাৰা জিলাৰ দৰংগিৰিত আপোনাৰ জন্ম৷ অন্যহাতে আপুনি যিটো সম্প্ৰদায়ৰ প্ৰতিনিধি সেই সম্প্ৰদায়টো লোক-সংস্কৃতি, খাদ্যাভ্যাস আদিত অত্যন্ত চহকী৷ এই দুয়োটাই আপোনাৰ কাব্য-জীৱনত ব্যাপকভাৱে প্ৰভাৱ পেলোৱা দেখা যায়৷ এই বিষয়ে অলপ কওকচোন?
এটা খুবেই সুন্দৰ প্ৰশ্ন, ৰাজীৱ৷ তুমি ঠিকেই কৈছা যে মই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দৰংগিৰি নামৰ এখন ঠাইত জন্ম গ্ৰহণ কৰিছোঁ৷ নিজা ঠাইখিনিৰ প্ৰাকৃতিক সৌন্দৰ্যখিনিৰ সমান্তৰালকৈ সীমামূৰীয়া মেঘালয়ৰো প্ৰাকৃতিক সৌন্দৰ্যবোৰ শৈশৱৰ পৰা দেখিছোঁ৷ আনহাতে কৃষিজীৱী মোৰ বড়ো সমাজখন আৰু মোৰ ঘৰখন–এইবোৰেও ক’ব নোৱাৰাকৈ মোৰ ভিতৰত ৰোপণ কৰিছিল এটা প্ৰাকৃতিক মন৷ নিচেই সৰুতেই খেতিয়কসকলক চাহ-জলপান দিবলৈ যেতিয়া পথাৰলৈ গৈছিলোঁ তেতিয়া বোকা-পানীবোৰ গচকিছিলোঁ, কঠিয়াবোৰ চুই চাইছিলোঁ, পোক-পতংগবোৰ দেখাৰ লগতে সিহঁতৰ মাতবোৰ শুনিছিলোঁ, চৰাইবোৰ, মাছবোৰ দেখিছিলোঁ৷ খাদ্যতো আৰু সংস্কৃতিতো আমাৰ বড়ো সম্প্ৰদায়টো চহকী৷ সৰুতে আমি এবিধ শামুক খাইছিলোঁ৷ শামুকবোৰ ঢাকনিখন এৰুৱাই আমি বিশেষ ধৰণে শোহা মাৰি খাইছিলোঁ৷ পৰৱৰ্তী সময়ত ৰূপকাত্মকভাৱে মোৰ কবিতাত শামুকৰ এই কথাবোৰো আহিছে৷ গতিকে সামগ্ৰিকভাৱে এই গোটেই কথাবোৰে মোৰ কাব্যক প্ৰভাৱান্বিত কৰিছে৷
আপুনি কেতিয়া কাব্য-জীৱন আৰম্ভ কৰিছিল?
কাব্য-জীৱনৰ আৰম্ভণি কেতিয়া হৈছিল সঠিককৈ কোৱা টান৷ বিদ্যালয় পৰ্যায়ত মনত ভাবৰ কিছুমান বুৰবুৰণি হৈছিল৷ সেইবোৰ সৰু এখন বহীত টুকি থৈছিলোঁ৷ অৱশ্যে সেইবোৰক কবিতা বুলিব পৰা নাযায়৷ মেট্ৰিক পাছ কৰি সন্দিকৈ কলেজত নাম লগালোঁ৷ মহাবিদ্যালয় সপ্তাহত মোৰ বান্ধৱী এগৰাকীয়ে মোৰ এটা কবিতা প্ৰতিযোগিতাৰ বাবে মই নজনাকৈ জমা দিলে৷ মোক অতি আচৰিত কৰি কবিতাটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’ল৷ সেয়াই আৰম্ভণি৷
তাৰমানে প্ৰথম কবিতাটোতে আপুনি স্বীকৃতি লাভ কৰিলে?
অ’ প্ৰথম কবিতাটোৱে খুব কম সংখ্যক মানুহৰ মাজত হ’লেও স্বীকৃতি লাভ কৰিলে৷

গ্ৰাহাম গ্ৰীনে কৈছিল যে জীৱনটো পৰিপূৰ্ণভাৱে অৰ্থপূৰ্ণ কৰিবলৈ হ’লে ছবি কিম্বা সাহিত্য —এই দুয়োটাৰ এটাক মানুহে আঁকোৱালি ল’বই লাগিব৷ এই কথাটো আপুনিও আপোনাৰ শেহতীয়া কাব্য-সংকলন জীৱন অম্বেষণৰ সাধুৰ পাতনিত লিখিছে৷ আপুনি কৈছে যে কবিতাই আপোনাক “জীৱনটোক বুজিবলৈ, ভাল পাবলৈ আৰু সহিবলৈ শিকালে”৷ এই বিষয়ে কওকচোন৷
এই দুয়োটাই নিশ্চিতভাৱে জীৱনটোক জী-ৱলৈ শিকায়৷ মোৰ পদ্য আৰু গদ্য—এই দুয়োবিধ সাহিত্যই দৰাচলতে মোৰ আত্মানুসন্ধান৷ মোৰ সমস্ত দুখ, ঘাত-সংঘাত আৰু যন্ত্ৰণবোৰ সাহিত্যৰ মাধ্যমেৰে প্ৰকাশ কৰি বুকুখন পাতল কৰিছোঁ, ফলত জীৱনটো উপভোগ্য হৈ উঠিছে৷ তেনেকৈ যেতিয়া দেশী-বিদেশী সাহিত্য পঢ়া যায় তেতিয়া সিবোৰৰ লগত গভীৰভাৱে একাত্ম হৈ পৰাৰ ফলত মানুহে নিজ যান্ত্ৰণাবোৰ আৰু নিঃসংগতাবোৰ পাহৰি থাকে৷ আৰু এটা কথা হ’ল তুলনামূলক চিন্তা৷ ধৰা এখন গ্ৰন্থৰ এটা মহৎ বাস্তৱ চৰিত্ৰ পঢ়াৰ পিছত মই মোৰ দুখ, যন্ত্ৰণা আৰু নিঃসংগতাবোৰ সেই মহৎ চৰিত্ৰটোৰ লগত তুলনা কৰোঁ৷ যেতিয়া মই তুলনা কৰোঁ তেতিয়া দেখোঁ যে আচলতে মোৰ কষ্ট আৰু যন্ত্ৰণাখিনি সেই মহৎ চৰিত্ৰটোৰ দুখ আৰু যন্ত্ৰণাখিনিৰ তুলনাত নিচেই সামান্য৷ ফলত জীৱনটোক নতুনকৈ চাবলৈ, জয় কৰিবলৈ মই প্ৰেৰণা পাওঁ৷
এই পাতনিখন অসমীয়া সাহিত্যলৈ আপোনাৰ এক অনবদ্য অৱদান৷ ইয়াত আপুনি কবিতাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে পাশ্চাত্য জগতৰ কবি ৱৰ্ডছৱৰ্থ, মেথ্যু আৰ্নল্ড আৰু প্ৰাচ্য জগতৰ ভামহ, বিশ্বনাথৰ উদ্ধৃতিৰে এক সৰস আলোচনা আগবঢ়াইছে৷ তথাপি আপুনি আকৌ এবাৰ কওকচোন কবিতাক নিৰ্মাণ কৰা হয় নে ই আপোন হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলোৱা শব্দৰ এক অপাৰ্থিৱ যাত্ৰা?
তোমাৰ প্ৰশংসাৰ বাবে ধন্যবাদ, ৰাজীৱ৷ মই বিশ্বাস কৰোঁ যে কবিতাক নিৰ্মাণ কৰিব নোৱাৰি৷ ই আপোন হৃদয়ৰ পৰা ওলোৱা এক স্বতঃস্ফূৰ্ত গতিধাৰা৷ কবিতা এটা লিখিম বুলি কাগজ-কলম লৈ বহিলে কবিতা এটাৰ নিৰ্মাণ হ’ব কিন্তু সি পাঠকক মোহগ্ৰস্ত কৰাত বিফল হ’ব৷ সেইবাবে মই ৱৰ্ডছৱৰ্থৰ সংজ্ঞাটোত সদায় বিশ্বাস কৰোঁ৷
কেৱল প্ৰেম, প্ৰকৃতি আৰু আপোন জীৱনটোৰ বিষয়ে কবিতা লিখিলে সমাজৰ প্ৰতি দায়বদ্ধহীন কবি বুলি বহু সমালোচকে সমালোচনা কৰে৷ এই বিষয়ে আপুনি কি ক’ব?
আমি সামাজিক প্ৰাণী৷ অকলে থাকিলেও আমি সমাজৰ পৰা বিচ্ছিন্ন নহয়৷ কোনো কবি-সাহিত্যিকে আপোন অভিজ্ঞাতবোৰৰ কথা লিখিলেও তাৰ অৰ্থএইটো নহয় যে সেইবোৰ একান্ত তেওঁৰ নিজা৷ সাহিত্যৰ ৰূপত প্ৰকাশ পোৱা কোনো কবি-সাহিত্যিকৰ আপোন অভিজ্ঞতাবোৰ সদায় সাৰ্বজনীন হৈ পৰে৷ সেই অভিজ্ঞতাবোৰে অজস্ৰজনৰ অন্তৰ্দ্বন্দ্বক,সুখ আৰু যন্ত্ৰণাক প্ৰতিনিধিত্ব কৰে৷ অজস্ৰজনে সেইবোৰত নিজক বিচাৰি পায়৷ ফলত সেইবোৰ আৰু ব্যক্তিগত অথবা একান্ত নিজা জীৱনৰ কথা হৈ নাথাকে৷ উদাহৰণস্বৰূপে নলিনীবালা দেৱীৰ কথাই কলোঁ৷ নলিনীবালা দেৱীয়ে তেওঁৰ কাব্যত আপোন জীৱনটোৰ অপৰিসীম যন্ত্ৰণাবোৰৰ কথা কৈ যোৱা সত্ত্বেও আমি সেইবোৰ এইবাবেই পৰম হেঁপাহেৰে আঁকোৱালি লৈছোঁ কিয়নো সেইবোৰত আমি ক’ৰবাত নহয় ক’ৰবাত নিজক বিচাৰি পাইছোঁ৷ নেৰুডাই নিজৰ কথাই গোটেই কাব্যখিনিত কৈ গ’ল৷ অন্যহাতে প্ৰেমৰ কথাটো ক’বই লাগিব কিয়নো প্ৰেমহীনতাৰ বাবেই পৃথিৱীৰ বৰ্তমান এই দুঃস্ব ৰূপ৷ প্ৰেম মানে কেৱল দুটা বিপৰীত লিংগৰ শৰীৰৰ দেহজ সম্পৰ্ক নহয়৷ প্ৰেম মানে মানুহৰ পৃথিৱীখনৰ ঊৰ্ধ্বত সমস্ত জীৱকুলক ভালপোৱা৷ এই প্ৰেমেই পৃথিৱীখন, সমাজখন বান্ধি ৰাখে৷ এই প্ৰেমৰ কথাই যদি কবি-সাহিত্যিকসকলে নকয় আৰু কিহৰ কথা ক’ব? চীনা কবিতা আৰু জাপানী কবিতাৰ মূল উপজীৱ্যই হ’ল প্ৰকৃতি৷ এই প্ৰকৃতিৰ প্ৰেৰণাতেই মানুহ জীয়াই থাকে৷ গতিকে প্ৰকৃতিৰ কথা ক’লে, প্ৰেমৰ কথা ক’লে আৰু আপোন জীৱনটোৰ কথা ক’লে সমাজৰ প্ৰতি দায়বদ্ধহীন হৈ যোৱা কথাটো মই স্বীকাৰ কৰিব নোখোজোঁ৷
আপোনাৰ প্ৰথমখন কবিতাপুথি ৰূপালী ৰাতিৰ ঘাটত প্ৰতীকবাদী ধাৰাটো আপুনি সচেতনভাৱে পালন কৰা দেখা গৈছে৷ মন কৰিবলগীয়া যে আপোনাৰ এই প্ৰতীকবাদ কিন্তু কল্পনাপ্ৰসূত নহয়৷ আপোনাৰ আপোন বড়ো সমাজখনৰ খাদ্য, সংস্কৃতি, পৰম্পৰাৰ পৰাই এই প্ৰতীকবাদ আপুনি গ্ৰহণ কৰিছে৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত এই প্ৰতীকবাদৰ ঠাইত আপুনি এটা সৰল অথচ শক্তিশালী কাব্যৰীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ এই পৰিৱৰ্তন কিয়?
ঠিক সচেতনতা নহয়৷ তোমালোক আলোচক-সমালোচকসকলে আৱশ্যে সচেতনতা বুলি কোৱাত বাধা নাই৷ কিন্তু মই সচেতনভাৱে এই প্ৰতীকবাদ গ্ৰহণ কৰা নাই৷ ই স্বতঃস্ফূৰ্তভাৱেই মোৰ কাব্যত আহি পৰিছে৷ ঠিক ৱৰ্ডছৱৰ্থৰ কথাষাৰেই৷ মোৰ প্ৰথমছোৱাৰ কাব্যত শামুক,বেংছটা এই প্ৰতীকবোৰ আহিছিল৷ আমি সৰুতে শামুকবোৰ দেখিছিলোঁ আৰু খাইছিলোঁ,বিষাক্ত শামুকবোৰো দেখিছিলোঁ আৰু বিষাক্ত বেংছাটাবোৰো দেখিছিলোঁ৷ মোৰ জীৱনৰ এছোৱা সময় আছিল বৰ ভয়াৱহ৷ গতিকে এই ভয়াৱহ সময়ছোৱা প্ৰকাশ কৰিবলৈ অৱচেতন মনত থূপ খাই থকা বাস্তৱ জীৱনৰ এই প্ৰতীকবোৰৰ বাদে আন একো উপযুক্ত প্ৰতীক মই বিচাৰি নাপাইছিলোঁ৷ অতীতত জীৱনটোক যেনেকৈ চাইছিলোঁ বৰ্তমান জীৱনটোক মই তেনেকৈ নাচাওঁ৷ প্ৰথমাৱস্থাৰ যন্ত্ৰণাময় জীৱনটো এতিয়া পৰম আশাবাদলৈ মই ৰূপান্তৰিত কৰিছোঁ৷ সময় আগুৱাই যোৱাৰ লগে লগে জীৱনত নানা অভিজ্ঞতা গোট খাই জীৱনটো পৰিৱৰ্তিত হোৱাৰ দৰে মোৰ কাব্যশৈলীও নানা অভিজ্ঞতাৰে পুষ্ট হৈ পৰিৱৰ্তন হ’ল৷ এতিয়া মই মোৰ জীৱনটোক এফালেদি সহজভাৱে লৈছোঁ আৰু অন্যফালেদি দৃঢ় আৰু শক্তিশালী কৰি তুলিছোঁ৷ গতিকে সেইবাবেই চাগৈ মোৰ বৰ্তমানৰ কবিতাবোৰত এই দুয়োটা তোমালোকে দেখা পাইছা৷
আপুনি কবিতা লিখিবলৈ বা অধিক স্পষ্টকৈ ক’বলৈ গ’লে কবিতাৰ বিষয়বস্তু নিৰ্বাচনত কাৰোবাৰ পৰা সচেতনভাৱে প্ৰেৰণা গ্ৰহণ কৰিছিল নেকি? এই প্ৰশ্নটো এই বাবেই কৰা হৈছে যে ৱৰ্ডছৱৰ্থৰ দৰে আপোনাৰো কবিতাৰ কেন্দ্ৰীয় চৰিত্ৰ প্ৰকৃতি আৰু আপোন সত্তা৷ ৱৰ্ডছৱৰ্থে আপোনাক প্ৰেৰিত কৰিছিল নেকি?
ঠিক প্ৰেৰণা বুলি নকওঁ৷ কিন্তু জীৱনটোক কেতিয়াবা কোনো মহৎ গ্ৰন্থ বা সাহিত্যচিন্তাই মানুহক চুই যায়৷ সেইটোৱেই হয়তো প্ৰেৰণা৷ মোকো ঠিক সেই কৈশোৰতে চুই গৈছিল ৱৰ্ডছৱৰ্থৰ কাব্যকৃতিয়ে৷ ৱৰ্ডছৱৰ্থে মোক প্ৰেৰণা দিয়া কথাটো তুমি ঠিকেই অনুমান কৰিছা৷ ৱৰ্ডছৱৰ্থৰ্ৰ ‘লুছি গ্ৰে’আৰু কীট্ছৰ ‘মেগ মেৰিলিছ’ৰ দ্বাৰাব্যাপক ৰূপত প্ৰভাৱান্বিত হৈছিলোঁ৷ পৰৱৰ্তী সময়ত হাইস্কুলীয়া জীৱনতে এই দুয়োটা কবিতাক অনুসৰণ কৰি ‘সোণপাহী’নামৰ এটি কবিতা লিখি পেলাইছিলোঁ৷ ইংলেণ্ড ভ্ৰমণ কৰোঁতে ৱৰ্ডছৱৰ্থক ওচৰৰ পৰা অধিক জনাৰ সুযোগ পালোঁ, তেওঁৰ বিখ্যাত ‘ডেফ’ডিল’ কবিতাৰ পৃষ্ঠভূমি ‘উলছৱাটাৰ’দেখিছিলোঁ৷ গতিকে সৰুতেই এই মহান কবিজনক ভালপোৱাৰ যি বীজ ৰোপণ হ’ল পৰৱৰ্তী পৰ্যায়ৰ অভিজ্ঞতাই তাক অধিক দৃঢ় আৰু ব্যাপক কৰি তুলিলে যাৰ ফলত তেওঁৰ কাব্যৰ এটি প্ৰতিধবনি মোৰ কবিতাতো শুনা যায়৷
আপোনাৰ জীৱনৰ বিষয়ে হোমেন বৰগোহাঞিয়ে বিখ্যাত নিঃসংগতা উপন্যাস লিখাৰ পিছত অনুবাদক, লেখক ৰাজীৱ দত্তই আপোনাৰ জীৱন আৰু সাহিত্যৰাজিক লৈ অনুপমা বসুমতাৰীৰ জীৱন আৰু সাহিত্য লিখি উলিয়ালে৷ দুয়োখন গ্ৰন্থত আপোনাৰ প্ৰকৃত মূল্যায়ন হৈছে বুলি আপুনি ভাবেনে?
মূল্যায়ন সদায় আপেক্ষিক৷ হোমেন বৰগোহাঞি ছাৰে মোৰ জীৱনভিত্তিক উপন্যাস নিঃসংগতালিখাৰ সময়ত মোৰ প্ৰকাশিত কবিতাপুথি আছিল মাত্ৰ দুখন৷ আৰু ৰাজীৱ দত্তই অনুপমা বসুমতাৰীৰ জীৱন আৰু সাহিত্যলিখাৰ সময়ত মোৰ কবিতাপুথি হ’ল এঘাৰখন৷ যিহেতু জীৱনটো গতিশীল গতিকে বৰগোহাঞি ছাৰে আৰু ৰাজীৱ দত্ত এই দুয়োৰে সাহিত্যও মোৰ জীৱনৰ অংশবিশেষহে মাত্ৰ৷ অৱশ্যে দুয়ো মোৰ জীৱন আৰু সাহিত্যখিনিৰ মূল্যায়ন কৰাত নিশ্চিতভাৱে সফল হৈছে৷
আপুনি এগৰাকী উচ্চমানৰ অনুবাদক৷ ইয়াৰ প্ৰমাণ পোৱা যায় জিব্ৰানৰ Love Letters in the Sand নামৰ কবিতাপুথিখন আপুনি বলুকাত মৰমৰ আখৰ আৰু কোৰিয়াৰ চিজ কবিতাৰ শিশিৰ ৰাত্ৰি কা অনুৰাগ নামৰ হিন্দী অনুবাদপুথিখন শীতৰ ৰাতিৰ অনুৰাগ নামেৰে অনুবাদ কৰা পুথি দুখনত৷ কিন্তু ইয়াৰ পিছত আপুনি কোনো কবিতা বা কবিতাপুথি অনুবাদ কৰা দেখা নাযায়৷ আনুবাদৰ পৰা আঁতৰি থকাৰ কাৰণ?
ঠিক আঁতৰি থকা নাই৷ দৰাচলতে অনুবাদৰ কামো খুব কমকৈ হ’লেও এতিয়াও কৰি আছোঁ৷ মূলতঃ সময়ৰহে অলপ অভাৱ হৈছে৷ এতিয়াও প্ৰকাশ কৰিব পৰাকৈ মোৰ দুখন অনুবাদ কবিতাপুথি সাজু হৈ আছে৷
আপুনি আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতম কবিতাটো অথবা কিতাপখন লিখা হ’লনে?
কোনেও নিজ জীৱনৰ শ্ৰেষ্ঠতম কবিতাটো বা গ্ৰন্থখন লিখিব নোৱাৰে৷ যদি নিজ জীৱনৰ শ্ৰেষ্ঠতম কবিতাটো বা গ্ৰন্থখন লিখা হৈ গ’ল বুলি কোনোৱে ভাবে তেতিয়া হ’লে তেওঁৰ গতি তাতেই স্তব্ধ হৈ যাব৷
আপুনি এগৰাকী শক্তিশলী গদ্যলেখক৷ ইতিমধ্যে আপুনি তিনিখনকৈ ভ্ৰমণমূলক গ্ৰন্থ লিখি উলিয়াইছে৷ কাব্যৰ পৰা গদ্যলৈ এই যাত্ৰাত কেতিয়াবা সংঘাত আহিছেনে?
কাব্যৰ পৰা গদ্যলৈ যাত্ৰাত সংঘাত অহাৰ প্ৰশ্নই নাহে, ৰাজীৱ৷ ইটোৰ লগত সিটোৰ এটা আত্মিক সম্পৰ্ক আছে৷ গতিকে এটাৰ পৰা আনটোক কেতিয়াও পৃথক কৰা সম্ভৱ নহয়৷ কিছুমান কথা মাথোঁ আমি কাব্যত ক’ব নোৱাৰোঁ আৰু কিছুমান কথা আমি গদ্যত ক’ব নোৱাৰোঁ৷ সেই প্ৰয়োজনীয়তাটোক লৈয়েই সাহিত্যৰ এই বিভাগ৷
আপুনি কেতিয়া লিখে?
মই ৰাতি নিজান পৰিৱেশতই সাধাৰণতে লিখোঁ৷ অৱশ্যে ভাববোৰ যেতিয়াই মনলৈ আহে তেতিয়াই বা সুবিধা অনুযায়ী টুকি থওঁ আৰু পৰৱৰ্তী সময়ত ৰাতিৰ নিজান পৰিৱেশত তাক কাব্যিক ৰূপ দিওঁ৷
মোক এইখিনি সময় দিয়াৰ বাবে আপোনাক আশেষ ধন্যবাদ, বাইদেউ৷
তোমাকো প্ৰতি ধন্যবাদ জনালোঁ, ৰাজীৱ৷ কুশলে থাকা৷