ৰমেন শইকীয়া
Issue: Vol. V, No. 2, August-October, 2026

শিক্ষাবিদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড੦ আনন্দ বৰমুদৈ অসমীয়া সাহিত্যৰ এজন অন্তৰ্দৃষ্টিসম্পন্ন লেখক, বিশিষ্ট সমালোচক আৰু সম্পাদক৷ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে ড੦ বৰমুদৈ বিদ্যায়তনিক গণ্ডীৰ মাজত আবদ্ধ নাথাকি ইংৰাজী সাহিত্যৰ বিস্তৰ আৰু গভীৰ অধ্যয়নৰ দ্বাৰা আহৰণ কৰা জ্ঞানেৰে তেওঁ আগবঢ়োৱা পাশ্চাত্য সাহিত্যতত্ত্বৰ আলোচনা, অসমীয়া সাহিত্যকৰ্মৰ বিশ্লেষণ আৰু সমালোচনাই অসমীয়া সাহিত্যৰ বৌদ্ধিক সমৃদ্ধিত এক বিশেষ মাত্রা প্ৰদান কৰিছে। ড੦ বৰমুদৈয়ে প্ৰায় তিনিটা দশকজুৰি নিৰৱচ্ছিন্নভাৱে নিবন্ধকাৰ আৰু সমালোচক হিচাপে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। মোৰ বোধেৰে অসমীয়া সাহিত্যলৈ ড੦ বৰমুদৈৰ দুটা বিশেষভাৱে উল্লেখযোগ্য অৱদানৰ এটা হৈছে সাহিত্য তত্বৰ আলোচনা আৰু আনটো হৈছে আধুনিক অসমীয়া কবিতাৰ সমালোচনা। বৰ্তমান আধুনিক অসমীয়া কবিৰ সংখ্যা হেজাৰৰো অধিক। “সংখ্যাৰ ফালৰ পৰা সাহিত্যকৰ্মীৰ ভিতৰত কবিসকলেই সৰ্বাধিক” বুলি ড੦ বৰমুদৈয়ে নিজেই এটা প্ৰবন্ধত উল্লেখ কৰিছে। ইমান বিপুল সংখ্যক কবিৰ কবিতাসমূহ বিচাৰ কৰি চোৱা সমালোচকৰ পক্ষে এক বৃহৎ প্ৰত্যাহ্বান আৰু এই প্ৰত্যাহ্বানকেই ড੦ বৰমুদৈয়ে যেন গ্ৰহণ কৰিছে। আজিও অসমীয়া সাহিত্যত সমালোচকৰ সংখ্যা খুব বেছি নহয়। যি সময়ত সমালোচনাৰ ক্ষেত্রখনত কবিতাৰ সমালোচনা কবি-নিৰ্ভৰ হৈ পৰিছে অৰ্থাৎ যিসকল কবিৰ কবিতাই সমালোচকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বা মনত ছাপ বহুৱাব পাৰিছে অথবা যিসকলে সমালোচকৰ সৈতে সম্পৰ্ক ৰাখিব পাৰিছে, সমালোচনাত তেওঁলোকেহে প্ৰাধান্য পাই আহিছে, সেই সময়ত ড੦ বৰমুদৈয়ে সকলো কবিকে আদৰণি জনোৱা, সকলোকে আবৰি ধৰা কাৰ্য আৰু সকলো কবিৰ প্ৰতি সমদৰ্শিতাই অসমীয়া সমালোচনাৰ ক্ষেত্রত বিশেষ তাৎপৰ্য বহন কৰে। অৱশ্যে এটা প্ৰবন্ধত ড੦ বৰমুদৈয়ে এই কথাও কৈছে যে, “সমালোচকৰ নিজৰ আনুভূতিক পছন্দৰ কথাও আছে।” এই কথাৰ সমৰ্থনত তেওঁ উল্লেখ কৰিছে এলিয়টৰ শ্বেইক্সপীয়েৰৰ বেছি পৰিপক্ব নাটকৰ প্ৰতি থকা পক্ষপাতিত্বৰ সম্পৰ্কত কোৱা কথাষাৰ, “সমালোচকৰ নিজা আনুভূতিক পছন্দৰ কথাটো সমালোচনাৰ পৰা সম্পূৰ্ণ আঁতৰ কৰিব নোৱাৰি৷” (নিৰ্বাচিত অসমীয়া কবিতাৰ সমালোচনা) দেখা গৈছে যে, কেৱল কবিতাৰ সংকলনৰ ৰূপত প্ৰকাশিত কবিতাবোৰেই নহয়, বিভিন্ন আলোচনীবোৰত প্ৰকাশ পোৱা প্ৰায় সকলোবোৰ কবিৰ কবিতাৰ সমালোচনাৰ দায়িত্ব ড੦ বৰমুদৈয়ে নিজৰ কান্ধত তুলি লোৱাৰ লগতে কাব্যতত্ত্বৰ তাত্ত্বিক দিশবোৰ আলোচনা কৰি আধুনিক কবিসকলৰ কবিতাৰ বিশিষ্টতা, মূল্যায়ন, অসমীয়া আধুনিক কবিতাৰ গতি-প্ৰকৃতি নিৰ্ণয়, অসমীয়া সাহিত্যৰ ধাৰা আৰু ভৱিষ্যতৰ সম্পৰ্কতো অন্তৰ্দৃষ্টিসম্পন্ন অভিমত প্ৰকাশ কৰি আহিছে।এই বিপুল সংখ্যক অসমীয়া তৰুণ কবিৰ কবিতাসমূহ পঢ়া-শুনা কৰি সমালোচনা আগবঢ়োৱা সমালোচক ড੦ বৰমুদৈৰ বাহিৰে অন্য এজন এতিয়ালৈকে চকুত পৰা নাই।
কবিতা, গল্প, উপন্যাস আৰু নাটকৰ সমালোচনাৰ উপৰি সাহিত্য সমালোচনাৰ তত্ত্বৰ বিষয়েও ড੦ বৰমুদৈয়ে ৰচনা কৰা মূল্যবান প্ৰবন্ধসমূহ গ্ৰন্থ আকাৰেও প্ৰকাশ পাইছে। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত সাহিত্য তত্ত্ব আৰু সমালোচনা বিষয়ক গ্ৰন্থ বাৰখনতকৈও অধিক। তাৰে ভিতৰত উল্লেখযোগ্য গ্ৰন্থকেইখন হʼল, সমাজ, সাহিত্য, সমালোচনা (১৯৯৫); আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদ (১৯৯৮); সাহিত্যত মতবাদ (২০০০); আধুনিকতাৰপৰা উত্তৰ আধুনিকতালৈ (২০১০); নিৰ্বাচিত অসমীয়া কবিতাৰ সমালোচনা (২০১৭); সাহিত্য সমালোচনা (২০১৭); সাহিত্যতত্ত্ব আৰু সমালোচনা (২০২৩); সাহিত্য সমালোচনাতত্ত্বৰ চমু পৰিচয় (২০০৩) আৰু উত্তৰ আধুনিকতা আৰু অসমীয়া সাহিত্যৰ প্ৰসংগ (২০২৪)৷ ইয়াৰ উপৰি বৰমুদৈয়ে সম্পাদনা কৰা দুখন উল্লেখযোগ্য কাব্য-সংকলন হʼল, সপ্তদশকৰ কণ্ঠস্বৰ : উত্তৰ স্বাধীনতা যুগৰ শ্ৰেষ্ঠ অসমীয়া কবিতা (২০০৮) আৰু পৰ্বান্তৰৰ পদ্য (২০২০)৷
কবিতাৰ সমালোচনাৰ ক্ষেত্রত, সমালোচনাৰ তাগিদাতে কাব্যতত্ত্বৰ প্ৰাসংগিকতাৰ সন্দৰ্ভত ড੦ বৰমুদৈয়ে কৈছে, “ঘৰ এটাৰ ভেটিটো যিদৰে আকাশত উপঙি থাকিব নোৱাৰে, সাহিত্যৰ জ্ঞানৰ ভেটিটোও নোৱাৰে।” কোনো তত্ত্বৰ ভিত্তিৰ অবিহনে সমালোচনাৰ প্ৰণালীবদ্ধ ৰূপ এটা তৈয়াৰ কৰিব নোৱাৰি। সাহিত্য পুথি এখনক চিনাক্ত কৰি বিশ্লেষণ আৰু মূল্যায়ন কৰিবৰ বাবে তাত্ত্বিক সমালোচনাই কিছুমান সাধাৰণ নীতি, পৰিভাষা আৰু মূল্যায়নৰ মাপকাঠিও তত্ত্বই যোগান ধৰে।এতিয়া প্ৰশ্নটো হʼল পশ্চিমীয়া সাহিত্য আৰু কাব্যতত্ত্ব সস্পৰ্কে বিস্তৃত অধ্যয়ন কৰা আৰু আৰিষ্টটলৰ দিনৰে পৰা সাম্প্ৰতিক কাললৈকে তাত্ত্বিকসকলৰ সমালোচনাৰ শেহতীয়া তত্ত্ব, পদ্ধতি, গঠন, কৌশল, নীতি, পৰিভাষা আদিৰ বিষয়ে বিস্তৃতভাৱে পাঠকক সন্ধান দিয়া আৰু পৃথিৱীৰ মহৎ সাহিত্যকৃতিৰ আলোচনাৰে অনুসন্ধিৎসু পাঠকৰ মনত চিন্তাৰ উন্মেষ ঘটাব পৰা প্ৰজ্ঞাৰ অধিকাৰী ড੦ বৰমুদৈয়ে নিজে কবিতাৰ সমালোচনাৰ ক্ষেত্রত সমালোচনাতত্ত্বৰ কোন নীতিবোৰ অনুসৰণ কৰে? তেওঁৰ সাহিত্য সমালোচনাত কাৰ সমালোচনাতত্ত্বৰ প্ৰভাৱ পৰিছে, কোনে তেওঁক প্ৰভাৱান্বিত কৰিছে? ড੦ বৰমুদৈয়ে নিজে এই কথা কʼতো প্ৰকাশ কৰা নাই।সাহিত্যৰ ইতিহাসখনত তেওঁ উল্লেখ কৰা মতে “সাহিত্য বিচাৰৰ মূল ভিত্তি সমালোচকে কি সাহিত্য তত্ত্বৰ পৰা গ্ৰহণ কৰিব সিও এটা সমস্যা।” গতিকে ড੦ বৰমুদৈয়ে সমালোচনাত কেনে নীতি অনুসৰণ কৰে তাৰ বিষয়ে তেওঁ আগবঢ়োৱা অসমীয়া সাহিত্যৰ বিশ্লেষণ আৰু সমালোচনাবোৰৰপৰাই কিছু অনুমান কৰি লোৱাৰ বাহিৰে অন্য উপাই নাই। সাহিত্যত মতবাদ নামৰ গ্ৰন্থখনৰ পাতনিত তেওঁ কৈছে, “কলা বা সাহিত্যনো কি, ই কাক অনুসৰণ কৰে, জীৱন আৰু কলা সাহিত্যৰ সম্পৰ্ক কি, ইত্যাদি প্ৰশ্নৰ উত্তৰ শিল্পী-সাহিত্যিকে যুগে যুগে বিচাৰি আহিছে। এনে প্ৰশ্নৰ আধাৰতে সমালোচনাৰ বিভিন্ন তত্ত্ব আৰু পদ্ধতিও গঢ় লৈ উঠিছে।” অসমীয়া সাহিত্যৰ সমালোচনাৰ প্ৰসংগত একাধিক প্ৰবন্ধত তেওঁ উল্লেখ কৰিছে যে, অসমীয়া সাহিত্যৰ সমালোচনাত যিখিনি তাত্ত্বিক ভিত্তি আৰু ৰীতি গ্ৰহণ কৰিছে, পশ্চিমীয়া দেশৰ সাহিত্য সমালোচনাৰ পৰাই কৰিছে৷ তত্ত্ব হৈছে সাহিত্যৰ অধ্যয়ন, পাঠ-পঠন আৰু পাঠৰ ব্যাখ্যাৰ বাবে পাণ্ডিত্যপূর্ণ পদ্ধতিৰ এটা পৰিভাষা। তেওঁৰ মতে অসমীয়া সৃষ্টিশীল সাহিত্যৰ বৃদ্ধি আৰু বিকাশৰ সমানে অসমীয়া সাহিত্য সমালোচনাৰ বিকাশ হোৱা নাই। ইতিহাস আৰু পৰম্পৰাৰ অধ্যয়ন আৰু জ্ঞানৰ অবিহনে ছিন্নমূল স্থিতিত প্ৰকৃত জ্ঞানৰ সাধনা অসম্ভৱ। এই উদ্দেশ্য আগত ৰাখিয়েই অধ্যয়নপুষ্ট ড੦ বৰমুদৈয়ে পাঠক, সমালোচক তথা ছাত্র-ছাত্রীসকলৰ সুবিধাৰ্থে সাহিত্য তত্ত্ব আৰু সমালোচনা তত্ত্বৰ গ্ৰন্থকেইখন ৰচনা কৰিছে। ইয়াৰ উপৰি প্ৰণয়ন কৰিছে আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস নামৰ বৃহৎ কলেৱৰৰ অসমীয়া সাহিত্যৰ ইতিহাস এখন। ইতিহাসখনৰ কবিতাৰ অধ্যায়টো আটাইতকৈ দীঘলীয়া।এই অধ্যায়টোত অৰুণোদয় যুগৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কাললৈকে কবিসকলক সামৰি লোৱা হৈছে।ইতিহাসখনত আগশাৰীৰ বৰেণ্য কবিসকলৰ কবিতাসমূহৰ মনোগ্ৰাহী সমালোচনা আগবঢ়োৱাৰ লগতে নতুন চামৰ লিখনিয়ে গুৰুত্ব নোপাৱা বুলি কোৱা অভিযোগ খণ্ডন কৰি তৰুণ কবিসকলকো যথোপযুক্ত স্থান দিছে।তাৎপৰ্যপূৰ্ণ বিষয়টো হʼল ইতিহাসখনত এই বিপুল সংখ্যক তৰুণ কবিৰ কেৱল নাম তালিকাভুক্ত কৰা হোৱা নাই, তেওঁলোকৰ কবিতা গুৰুত্বসহকাৰে আলোচনা কৰি কবিতাসমূহৰ বিশিষ্টতা, গুণগত মান আদিৰো আভাস দিয়া হৈছে।সমালোচকে কবি এজনৰ কবিতাৰ সামগ্ৰিক মূল্য বিচাৰ কৰিবলৈ হʼলে কবিজনৰ প্ৰকাশিত প্ৰায় সকলোবোৰ কবিতাই পঢ়িব লাগিব।ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ড੦ বৰমুদৈয়ে কিমান ধৈৰ্য আৰু পৰিশ্ৰমেৰে ব্যক্তিগত উদ্যোগত এই বিপুল সংখ্যাক কবিৰ কবিতাৰ সমালোচনাৰ কামটো কৰি আহিছে।

‘সমালোচনাৰ কেইটামান মতবাদʼ নামৰ প্ৰবন্ধটোৰ আৰম্ভণিতেই ড੦ বৰমুদৈয়ে কৈছে, “সাহিত্য পাঠ যিয়ে কৰে তেওঁৰ সমালোচনাৰ অধিকাৰ থাকে।…সমালোচনা সংস্কৃতিৱান মানুহৰ সাহিত্যকৃতিৰ প্ৰতি প্ৰবৃত্তিগত প্ৰতিক্ৰিয়া অথবা সঁহাৰি।” তেওঁ পুনৰ কৈছে যে, সকলোৰে সমালোচনা কৰাৰ অধিকাৰ থাকিলেও সকলো সমালোচনা সম মূল্যৰ নহয়। সমালোচকজনে কিতাপ এখনত কি বিচাৰিছে সিও বিচাৰ্য। সাম্প্ৰতিক কালত সাহিত্য, সমালোচনা আদি বিষয়বোৰ জটিল আৰু সূক্ষ্মাতিসূক্ষ্ম বিতৰ্কৰ মাজত সোমাই পৰিছে আৰু আৰম্ভণি কালৰেপৰা সাহিত্য সম্পৰ্কে উত্থাপিত প্ৰশ্নৰ প্ৰকৃতিও সলনি হৈছে। তেওঁৰ ‘কবি, কবিতা আৰু সমালোচনা’ শীৰ্ষক প্ৰবন্ধটোত অভিজ্ঞ পাঠকৰ জটিল জ্ঞানৰ পদ্ধতিৰ প্ৰসংগত পাঠকসকলৰ উদ্দেশ্যে কৈছে, “কবিতা বুজিবলৈও কিছুমান নীতি আৰু পৰম্পৰাৰ লগত পাঠকৰ চিনাকি থাকিব লাগিব।”
যদিও মৌখিক আৰু লিখিত সাহিত্যৰ আৰম্ভণি হৈছিল অতি প্ৰাচীন কালৰ পৰাই, কিন্তু ‘কল্পনাপ্রসূত আৰু সৃজনশীল শিল্পমাধ্যম’ হিচাপে সাহিত্যৰ ধাৰণাটো ১৮ শতিকাৰ আগলৈকে য়ুৰোপীয় চিন্তাধাৰাত পূৰ্ণাঙ্গ ৰূপ লাভ কৰা নাছিল।সাহিত্য আৰু সমালোচনাৰ ধাৰণাটোৰ উৎপত্তিৰ স্থল পশ্চিমীয়া সমাজ। সমালোচনাৰ প্রাথমিক ইংৰাজী অর্থটো আছিল মূলতঃ সাহিত্যৰ সমালোচনা৷ সমালোচক হʼল এনে এজন ব্যক্তি যি বিভিন্ন ধৰণৰ সৃজনশীল কৰ্মৰ মূল্যায়ন আৰু মতামত প্রকাশ কৰে। সমালোচকসকলে তেওঁলোকৰ মূল্যায়ন বিভিন্ন তাত্ত্বিক অৱস্থানৰ ওপৰত ভিত্তি কৰি কৰিব পাৰে। কিন্তু এই সমালোচনামূলক বিচাৰ সমালোচনামূলক চিন্তা-ভাবনাৰ পৰা উদ্ভৱ নহৈ ই নেতিবাচক হʼব পাৰে। সাহিত্য সমালোচনাৰ ইতিহাস এনে কিছু ঘটনাৰো সাক্ষী যʼত সমালোচকৰ বিশেষ দৃষ্টিভংগীক “সম্ভাৱ্য ভাবুকি” হিচাপে গণ্য কৰা হৈছিল। সেয়ে সমালোচকসকলৰ সম্পৰ্কত জাৰ্মান কবি গ্যে’টেৰ উক্তিটো আছিল “Kill that dog, he is a critic!” ইংৰাজ কবি কীটছৰ কবিতাৰ আৰম্ভণিৰ কালছোৱাত কীটছ কঠোৰ আৰু নেতিবাচক সমালোচনাৰ ভুক্তভোগী আছিল। ৰোমান্টিক যুগৰ প্ৰভাৱশালী কবি শ্বেলীৰ বিষয়ে কবি সমালোচক মেথ্যু আৰ্নল্ডে কৈছিল, “এক সুন্দৰ অথচ অকিঞ্চিৎকৰ দেৱদূত, শূন্যত নিজৰ ডেউকা অসাৰভাৱে কোবাই আছে” (A beautiful and ineffectual angel, beating in the void his luminous wings in vain)৷ অৱশ্যে আমাৰ অসমত অসমীয়া সাহিত্যৰ সমালোচনাৰ ইতিহাসত তেনে অতি কঠোৰ আৰু নেতিবাচক সমালোচনাৰ নিদৰ্শন নাই৷ কিন্তু বেজবৰুৱাৰ মতে কোনো লেখকে সমালোচনাক গুৰুত্ব সহকাৰে লোৱা নাছিল। সেয়ে তেওঁ ব্যঙ্গ কৰি কৈছিল, “অসমত খেৰণিয়ে বননিয়ে সমালোচক।” তেওঁ এই কথাও কৈছিল যে, কোনো কোনো সম্পাদকে আকৌ সমালোচনাক গালি বুলি লৈছে। আমি যদি ড੦ বাণীকান্ত কাকতি, ড੦ হীৰেন গোহাঁই, ডিম্বেশ্বৰ নেওগ আৰু হোমেন বৰগোহাঞি প্ৰমুখ্যে কেইজনমান অগ্ৰজ অসমীয়া সমালোচকসকলৰ সমালোচনা পদ্ধতিলৈ চকু দিওঁ তেন্তে দেখা পাম যে, তেওঁলোকৰ সমালোচনা সিমান নিষ্ঠুৰ প্ৰকৃতিৰ নাছিল যদিও সমালোচনাত কিছু পৰিমাণে কঠোৰতা বৰ্ষিত হৈছিল আৰু সাহিত্যকৰ্মৰ ত্ৰুটিবোৰ আঙুলিয়াই দিয়াৰ লগতে সাহিত্যিকৰ সীমাবদ্ধতাকো চৰ্চালৈ আনিছিল। ড੦ কাকতিয়ে জ্যোতিপ্ৰসাদৰ নাটকৰ সমালোচনাত নাট্যকাৰৰ সমকালৰ কিছু সাহিত্যিক সম্পৰ্কে ‘শোণিত কুঁৱৰীʼ নামৰ ৰচনাখনত কৈছিল, “আমাৰ বৰ্তমান সাহিত্যৰ কেতবোৰ নামজ্বলা মানুহৰ ভিতৰত উৰুঙা প্ৰশংসা পত্রৰে ফাকুৱা খেলা ৰীতিৰ চলতি হʼব ধৰিছে।” তেওঁ জ্যোতিপ্ৰসাদৰ নাটকখনৰ কেইবাটাও ত্ৰুটি, অসংগতি আৰু শিথিলতালৈ আঙুলিয়াই দি “উষা-অনিৰুদ্ধৰ প্ৰেমলীলা উপলব্ধি কৰোতে কুমলীয়া গ্ৰন্থকাৰ ভাগৰি পৰিছে” বুলি মন্তব্য কৰি, ততালিকে সাহিত্যৰথী হʼবলৈ আকাংক্ষা নকৰি নিৰলসভাৱে সাহিত্যসেৱাত মন দিবলৈ উপদেশ দিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ড੦ কাকতিয়ে মন্তব্য কৰিছিল যে, ক্যব্য হিচাপে পুথিখন বৰ উপাদেয়। সমালোচক ডিম্বেশ্বৰ নেওগে যতীন্দ্ৰনাথ দুৱৰাই কৰা ফিটজাৰেলৰ অনুবাদক আদখনীয়া কৰিলে বুলি অভিযোগ কৰিছিল। হোমেন বৰগোহাঞিয়ে অসমীয়া সাহিত্যৰ উচিত সমালোচনাৰ স্বার্থত কবি বন্ধু নৱকান্ত বৰুৱাকো ৰেহাই নিদি “আত্মকেন্দ্রিক ধুঁৱলী কুঁৱলী ভাব-বিলাস আৰু অসুস্থ জীৱনবোধৰ মোহ অতিক্রম কৰিব নোৱাৰিলে বিশ্ব সাহিত্যৰ বহুতো ক্ষণস্থায়ী ‘প্রতিভা’ৰ দৰে” ইতিহাসৰ ডাষ্টবিনত পৰি থাকিব লাগিব বুলি সমালোচনা কৰিছিল আৰু কৈছিল, “আধুনিক যুগৰ প্ৰায়বোৰ কবিৰ দৰে নৱকান্তও নেতিবাদী” আৰু “নৱকান্তৰ প্ৰায়বোৰ কবিতাতে morbidity-ৰ গন্ধ আছে।” অৱশ্যে বৰগোহাঞিয়ে নৱকান্ত বৰুৱাক অসমীয়া ভাষাৰ দহজন শ্ৰেষ্ঠ কবিৰ এজন বুলিও কৈছে। এসময়ত এফ. আৰ. লীবিছৰ ৰচনাৱলীৰ মাজত প্ৰত্যক্ষ কৰা উদ্বুদ্ধ আৰু বুদ্ধিদীপ্ত নৈতিক চেতনাৰ দ্বাৰা প্ৰভাৱিত হোৱা আৰু পিছলৈ সাহিত্যৰ বিশ্লেষণত মাৰ্ক্সবাদী দৃষ্টিকোণ গ্ৰহণ কৰা ড੦ হীৰেন গোহাঁয়ে আগবঢ়োৱা কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ সমালোচনাই এহাতে পাঠকক সমৃদ্ধ কৰিছিল আৰু আনহাতে তেওঁৰ কবিতাৰ সম্পৰ্কত কৈছিল, “একনিষ্ঠ আন্তৰিকতা আৰু ব্যক্তিগত আৱেগৰ সততাই কবি জীৱনৰ স্থায়ী আশ্ৰয় হʼব নোৱাৰে৷” আৰু কৈছিল, “কবি বুৰ্জোৱা আত্মকেন্দ্ৰিকতাৰ পৰা আঁতৰি আহিলেও তাৰ বাধোন সম্পূৰ্ণ ছিঙিব পৰা নাই, আত্মচেতানাই কবিক সংকীৰ্ণ গণ্ডীৰ মাজত বন্দী কৰিছে, আত্মচেতনা কবিৰ পাথেয় হʼলে Keats-এ কৈ যোৱা negative capability-ৰ স্তৰত কবি উপনীত হʼব নোৱাৰিব।” (মোৰ দেশ মোৰ প্ৰেমৰ কবিতাৰ প্ৰস্তাৱনা)৷ ড੦ গোহাঁইৰ চৈয়দ আব্দুল মালিকৰ উপন্যাস সুৰূযমুখীৰ স্বপ্নৰ সমালোচনাও অতি কঠোৰ আছিল। অনুভৱ তুলসীৰ কাব্যচৰ্চা প্ৰসংগত সাতসৰীৰ এপ্ৰিল, ২০২২ৰ সংখ্যাত প্ৰকাশিত এটা প্ৰবন্ধত ড੦ গোহাঁয়ে প্ৰশ্ন কৰিছিল, “লাখ লাখ, কোটি কোটি মানুহৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা একচেটীয়া পুঁজি আৰু ফেচিবাদী দানবীয় সংহাৰলীলা আৰু তাৰ বিৰুদ্ধে যুঁজ দিয়া শ্ৰমিক, কৃষক, বুদ্ধিজীৱীৰ নিৰন্তৰ সংগ্ৰামৰ মানৱীয় তাৎপৰ্য আৰু মূল্য তেওঁ আওকাণ কৰিছে নেকি?” উত্তৰ আধুনিকতাবাদী দৃষ্টিভংগীৰ প্ৰতি সততে সন্ধিহান ড੦ গোহাঁইয়ে বুৰ্জোৱা জগতত প্ৰতিপত্তি লাভ কৰা এই ধাৰাটোক সমাজৰ ৰূপান্তৰ নিবিচৰা বুৰ্জোৱা শ্ৰেণীৰ ভাববিলাস বুলি অভিহিত কৰিছে। তেওঁ ‘সমালোচনাৰ সংকটʼ শীৰ্ষক এটা প্ৰবন্ধত লিখিছে যে, সমালোচনাৰ বৰ্তমান পৰ্যায়ে পাশ্চাত্য সভ্যতাৰ এটা সংকটহে প্ৰকাশ কৰিছে।পাশ্চাত্য সভ্যতাৰ মৌলিক সংকটৰ স্বৰূপ অৱধান নকৰি মানসিক লীলাবাদৰ জৰিয়তে তাৰ বুদ্ধিজীৱীমহলে সংকটৰ হেঁচা এৰাই চলিছে আৰু কৈছে, এলিয়টৰ ৰচনাত প্ৰকাশ পোৱা নৈৰাশ্য বুৰ্জোৱা আত্ম-দ্বন্দ্বৰ মীমাংসাহীন তীব্ৰতাৰ প্ৰতিফলন। তেওঁৰ মতে “সাহিত্যকৰ্মৰ প্ৰকৃত বিশ্লেষণ বা মূল্যায়ন অৰ্থৰ নৈৰাজ্য নহয় – অৰ্থৰ প্ৰাসংগিকতাহে।” ড੦ গোহাঁয়ে কবি সমালোচক এম. কামালুদ্দিন আহমেদ, অনুভৱ তুলসী আৰু অন্য এক লিখাত ড੦ বৰমুদৈকে আদি কৰি কিছু সহিত্যিকে উত্তৰ আধুনিকতাবাদক উদগনি দিয়া বুলি সমালোচনাও কৰিছে।
ড੦ আনন্দ বৰমুদৈয়ে এটা প্ৰবন্ধত কৈছে, “যোৱা পঞ্চাশ বছৰৰ অসমীয়া সাহিত্যৰ সমালোচনাৰ ফালে চকু দিলে ড੦ বাণীকান্ত কাকতি আৰু ড੦ হীৰেন গোহাঁইৰ দৰে দুগৰাকীমানহে সমালোচকক দেখা পোৱা যায় যি সাহিত্যৰ তত্ত্বভিত্তিক অসমীয়া সমালোচনা সাহিত্যক প্ৰণালীবদ্ধ কৰাৰ প্ৰতি মনোযোগ দিছে।” সাহিত্যৰ এই প্ৰণালীবদ্ধ ৰূপটোৰ পৰা সমালোচক ড੦ বৰমুদৈও নিশ্চয় উপকৃত হৈছে। কিন্তু তেওঁ কবিতাৰ সমালোচনা পৰ্যালোচনা কৰিলে প্ৰথমেই আমাৰ দৃষ্টিগোচৰ হʼব যে, ড੦ বৰমুদৈয়ে তৰুণ কবিসকলৰ কবিতাৰ ক্ষেত্রত পূৰ্বজ সমালোচকসকলৰ সমালোচনামূলক ধাৰাৰ বিপৰীতে উদগনিমূলক স্থিতিহে গ্ৰহণ কৰিছে। তেওঁ কোনো কবিৰ কবিতাৰ প্ৰতি কঠোৰ সামালোচকৰ ভূমিকাত অৱতীৰ্ণ হোৱা নাই। তাৰ কাৰণ তেওঁ ‘কেইগৰাকীমান তৰুণ কবিৰ কবিতাʼৰ আলোচনা প্ৰসংগত কোৱা কথাষাৰো হʼব পাৰে, “মৌলিক চিন্তা কৰিব পৰা লেখক-লেখিকাই এটা যুগৰ ৰীতি-নীতি আৰু অভ্যাসক অনুসৰণ নকৰে।” অৱশ্যে এই কথাও ঠিক যে এটা সময়ত সকলো সমালোচনা তত্ত্ব আৰু পদ্ধতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যিহেতুকে কোনো সমালোচকৰ সিদ্ধান্তই কোনো প্ৰশ্নৰ যুগান্তৰকাৰী উত্তৰ দিব পৰা নাই, গতিকে কোনো নিৰ্দিষ্ট সমালোচনা তত্ত্ব বা পদ্ধতিক শেষ কথা বুলি সমালোচকে গ্ৰহণ নকৰাই স্বাভাৱিক।তদুপৰি আছে সমালোচকৰ নিজা দৃষ্টিভঙ্গীৰ কথা। আনহাতে অসমীয়া সাহিত্যৰ ইতিহাসখনত তেওঁ এঠাইত কৈছে, “অসমীয়া সাহিত্যৰ যৰ্থাথ সমালোচনা নোহোৱাৰ এটা আন কাৰণ এচাম লেখক-লেখিকা সমালোচনাৰ প্ৰতি অতি সংবেদনশীল।সমালোচনা প্ৰশংসাৰ বাহিৰে আন কিবা হʼলেই তেওঁলোক জাঙুৰ খাই উঠে।” ড੦ বৰমুদৈয়ে এনে প্ৰতিকূল পৰিৱেশতো সাহিত্য সমালোচনাৰ দায়িত্ব লৈ অসমীয়া সাহিত্যৰ সেৱা কৰি যোৱা কাৰ্মই তেওঁৰ অভিনন্দন গ্ৰন্থৰ উন্মোচনত ড੦ নগেন শইকীয়াদেৱে কোৱাৰ দৰে “জাতীয় জীৱনক সমৃদ্ধ কৰিব।”

গ্ৰীক সভ্যতাৰ দিনৰ পৰাই সাহিত্যকৃতিক কলাত্মক, সামাজিক আৰু আদৰ্শগত দিশৰ পৰা আলোচনা চলি আহিছে। কলাৰ বাবে কলা তত্ত্ব কেতিয়াবাই প্ৰত্যাখ্যান কৰা হৈছে। বিশেষকৈ সাহিত্যক সামাজিক দিশৰ পৰাই আজিও আলোচনা কৰা হৈছে। ড੦ বৰমুদৈৰ সাহিত্যৰ প্ৰমূল্য নিৰ্ধাৰণত আৰু সমালোচনাত সমাজ-জীৱনৰ সত্যৰ সন্ধানী সামাজিক দিশ এটাই পৰিলক্ষিত হয়। আনহাতে তেওঁ পাশ্চাত্য সাহিত্য আৰু সমালোচনাৰ তত্ত্ববোৰ বিস্তৃত আলোচনা কৰি বিংশ শতাব্দীৰ য়ুৰোপীয় সমালোচনাৰ সৈতে সকলোকে পৰিচয় কৰাই দিলেও তেওঁ কিন্তু কোনো ভাবাদৰ্শৰ প্ৰতি বিশেষ প্ৰৱণতা দেখুৱা নাই আৰু সমালোচনাৰ ক্ষেত্রতো ইংৰাজী বা মাৰ্কিন সাহিত্য সমালোচনাৰ কোনো সূত্রক আধাৰ কৰি লোৱা নাই। সমালোচক হিচাপে তেওঁৰ স্থিতি বস্তুনিষ্ঠ আৰু নিৰাৱেগ কিন্তু ভিত্তিহীন নহয়। তেওঁ মানুহৰ সামাজিক-সাংস্কৃতিক অৱস্থানৰ পৰাই সাহিত্যৰ বিচাৰ আৰু সমালোচনাক অনুধাৱন কৰিছে।
ড੦ বৰমুদৈৰ সাহিত্য সমালোচনাৰ ভিত্তি আৰু কাব্য-ভাৱনাৰ কিছু নিদৰ্শন অনুমান কৰি লʼব পাৰি তেওঁ আলোচনাৰ বাবে নিৰ্বাচিত কৰি লোৱা পশ্চিমীয়া সাহিত্যিকৰ কিছু সাহিত্য বিচাৰ সম্পৰ্কে লিখা ৰচনাবোৰৰপৰা। তেওঁৰ এখন গুৰুত্বপূৰ্ণ ৰচনা হʼল অসমীয়া কবিতাৰ সমালোচনা শীৰ্ষক গ্ৰন্থখনত সন্নিৱিষ্ট ‘লিৰিকেল বেলাডজৰ পাতনি : ৱৰ্ডছৱৰ্থৰ কাব্যচিন্তাʼ নামৰ ৰচনাখন। তেওঁৰ মতে “লিৰিকেল বেলাডজৰ পাতনিত থকা কাব্যচিন্তা সৰ্বকালৰ বাবে আলোচনাযোগ্য।” আৰু তেওঁ কৈছে, “কবিতাত চিন্তা-অনুভূতিৰ সংযুতি কোনো ব্যক্তিত্বৰ প্ৰকাশ আদি যিবোৰ কথা ৱৰ্ডছৱৰ্থে দুশ বছৰ আগতেই আলোচনা কৰিছিল, আজিও সিবোৰ বিষয়ে মানুহৰ মনোযোগ আকৰ্ষণ কৰি আছে।” আমাৰ অনুমানত ড੦ বৰমুদৈৰ কাব্য-ভাবনাক প্ৰভাৱিত কৰা আন এখন ৰচনা হʼল ‘মিডলটন মাৰে আৰু বিশুদ্ধ কবিতাʼ। মিডলটন মাৰেৰ মেকবেথ নাটকৰ জীৱনৰ সাৰশূন্যতাৰ কথা কোৱা মূৰ্খৰ বিখ্যাত উক্তিত প্ৰকাশ পোৱা কবিতাৰ উচ্চ চিন্তা আৰু ক্ষমতাৰ সম্পৰ্কত কৈছে যে, “চূড়ান্ত হতাশাৰ মাজতো অকল্পনীয় সৌন্দৰ্য।” মাৰেৰ মতে যীশুৰ কবিতাৰ যাদুৰ সহায়তে খ্ৰীষ্টধৰ্ম জীয়াই আছে। এই উদাহৰণৰ পৰা আমিও কʼব পাৰোঁ যে নৱকান্ত বৰুৱাৰ কবিতাতো যাদু আছে, যিদৰে যাদু আছে জীৱনানন্দৰ কবিতাত। এই কাৰণতেই পাঠকৰ মাজত নৱকান্ত বৰুৱা অথবা জীৱনানন্দৰ দৰে কবিৰ কবিতাৰ আবেদন আজিও অক্ষয়। কবিতাৰ সম্পৰ্কত মাৰেৰ গভীৰ অন্তৰ্দৃষ্টিসম্পন্ন ‘বিশুদ্ধ কবিতাʼৰ ব্যাখ্যা ড੦ বৰমুদৈয়ে উদ্দেশ্যপূৰ্ণভাৱে পাঠকলৈ আগবঢ়াই দিছে যেন লাগে। তেনে ধৰণৰ আন এখন ৰচনা হʼল ‘গাৰড আৰু কবিতাৰ উপজীৱ্যʼ যʼত আনৰ্ল্ডে “poetry is a criticism of life” বুলি কোৱাৰ বিপৰীতে গাৰডে হৈছে, “কবিতা জীৱনৰ সমালোচনা নহয়, কবিতাই জীৱন।” প্ৰবন্ধটোৰ শেষৰ শাৰীটো হৈছে, “এজন মহৎ সাহিত্যিকৰ উদ্ধৃতি দি কবিতাৰ অধ্যাপক আৰু সমালোচক গেৰডে কৈছে যে, পৃথিৱীয়ে সদাই ইয়াৰ কবিৰ কাৰণে অপেক্ষা কৰি থাকে। এই অপেক্ষা প্ৰাপ্তিৰ বাবে শ্ৰমযোগ্য।” মোৰ ধাৰণা ড੦ বৰমুদৈয়েও ভাল অসমীয়া কবিতাৰ বাবে অপেক্ষা কৰি আছে আৰু সেই আশাতেই সকলো তৰুণ কবিৰ কবিতা পঢ়ে আৰু আলোচনা কৰে। কবিৰ মাজত কবিজনক উদ্ধাৰ কৰাতকৈ কবিতাৰ মাজত কাব্যৰ সন্ধানতেই ড੦ বৰমুদৈয়ে গুৰুত্ব দিছে অধিক। সেয়ে তৰুণ আধুনিক কবিসকলৰ কবিতাৰ সমালোচনাতো তেওঁ পূৰ্বজ সমালোচকসকলৰ দৰে তীক্ষ্ণ সমালোচনা আগবঢ়োৱা নাই। তেওঁলোকক কোনো বিষয়ত সকীয়নি বা সাৱধানবাণীও শুনোৱা নাই, কেৱল দুই-এজন কবিৰ ক্ষেত্রতহে দুই-এক বিশেষ মন্তব্য দিছে, যেনে– বিমল ডেকাৰ মেঘফুল নামৰ কবিতাপুথিখনৰ ʼফোনকলʼ শীৰ্ষক কবিতাটোৰ আলোচনাত কৈছে, “টেলিফোনৰ গৰাকীৰ দ্বিধাক বিভিন্ন ধৰণেৰে ব্যাখ্যা কৰাৰ সম্ভাৱনাক কিন্তু কবিয়ে দীঘলীয়া বৰ্ণনাৰে নিজেই সীমিত কৰিছে।” হৰেন গগৈৰ কবিতাৰ বিষয়ে কৈছে যে, তেওঁৰ কবিতাত যুগৰ সূক্ষ্মতম চেতনা নাই। ৰাজীৱ ভট্টাচাৰ্যৰ কবিতাৰ বিষয়ে কৈছে, তেওঁ অসমীয়া কবিতাৰ আধুনিকতাবাদী প্ৰৱণতাবোৰ সম্প্ৰসাৰিত কৰা নাই, সিবোৰ কিছু পৰিমাণে প্ৰতিৰোধহে কৰিছে।
যদিও হোমেন বৰগোহাঞিয়ে নৱকান্ত বৰুৱাৰ কবিতাত morbidity-ৰ গন্ধ থকাৰ দৰে মন্তব্য কৰিছে, কিন্তু তেওঁৰ দ্বাৰা সম্পাদিত বাতৰিকাকত আৰু আলোচনীত প্ৰকাশ পোৱা তৰুণ কবিৰ নিম্ন মানৰ নিকৃষ্ট শ্ৰেণীৰ কবিতাৰ সমালোচনাৰ উত্তৰত তেওঁ কৈছে যে, কিছুমান ডেকা-গাভৰুৱে মাদক দ্ৰব্য, পৰ্নগ্ৰাফি আৰু বিচিত্র জীৱন-বিনাশী বিলাস-ব্যসনত যৌৱনৰ সৰ্বোত্তম সময়খিনি অপচয় কৰিছে, তাৰ বিপৰীতে তেওঁলোকৰে কিছুমানে শব্দৰ লগত খেলা কৰি জীৱন আৰু প্ৰকৃতিৰ ৰূপ ধ্যান কৰি নিৰলে কিছুসময় কটাব খোজে, সেয়ে তেওঁ প্ৰশ্ন কৰিছিল যে তেওঁলোকৰ “বেয়া কবিতা”বোৰ প্ৰকাশ কৰি তেওঁলোকক উৎসাহ দিয়াটো নিন্দনীয় অপৰাধ নেকি? তেওঁৰ মতে “বেয়া কবিতা”ই সমাজৰ অহিত সাধন কৰা কোনো উদাহৰণ পৃথিৱীত পাবলৈ নাই। এদিন এটা ব্যক্তিগত আলোচনাত ড੦ বৰমুদৈয়েও কৈছিল, তৰুণ আধুনিক কবিসকলৰ প্ৰতি কঠোৰ হʼবলৈ তেওঁলোকে বন্দুক লৈ কাকো মাৰিবলৈ যোৱা নাই, তেওঁলোকে কবিতাহে লিখিছে। তেওঁ বিশ্বাস কৰে যে এই কবিসকলৰ কবিতাই অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে আৰু তেওঁলোকেও অসমীয়া সাহিত্যৰ ইতিহাসত ঠাই পাব। ড੦ হীৰেন গোহাঁইয়েও ‘কবিতাৰ ভৱিষ্যত আৰু সমাজৰ ভৱিষ্যত’ শীৰ্ষক প্ৰবন্ধটোত কৈছে, “আমাৰ দেশত কবিতা আজিও ঠিক জনপ্ৰিয় কৃষ্টি নহʼলেও বহু সংখ্যক শিক্ষিত ডেকা-গাভৰুক আগ্ৰহ আৰু আকৰ্ষণ জন্মাব পৰা এবিধ সাংস্কৃতিক অনুশীলন।”
শিল্পী বা কবিৰ সৃষ্টিৰ অন্তৰালত তেওঁৰ মনৰ ভিতৰত কি ক্ৰিয়া-কলাপ চলি থাকে তাক জনাটো সম্ভৱ নহয়, কিন্তু শিল্প বস্তুটো তৈয়াৰ কৰোতে তেওঁ কেনে ধৰণৰ স্কেফল্ডিং (scaffolding) ব্যৱহাৰ কৰিছে তাক অনুমান কৰিব পাৰি। মোৰ ধাৰণা ড੦ বৰমুদৈয়ে তৰুণ কবিসকলৰ অসমীয়া আধুনিক কবিতা যি ধৰণে ব্যাখ্যা কৰি জটিল কবিতাবোৰত প্ৰৱেশ কৰা পথৰ সন্ধান দি পাঠকক উপকৃত কৰিছে৷ তাৰ পৰা অনুমান হয় তেওঁ এনে এক ক্ষমতা আৰু সূক্ষ্ম দৃষ্টিৰ অধিকাৰী যে, তেওঁ কবিতাবোৰত চকু ফুৰালেই যি স্কেফল্ডিঙত কবিতাটো নিৰ্মাণ কৰা হৈছে সেইটো তেওঁৰ চকুত সহজেই ধৰা দিয়ে। অৱশ্যে ড੦ বৰমুদৈয়ে যে নবীন কবিসকলৰ কাব্য-চৰ্চাৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিছে এনে নহয়, এই সম্পৰ্কত তেওঁ ‘কেইগৰাকীমান সাম্প্ৰতিক কবিʼ নামৰ প্ৰবন্ধটোত কৈছে, “সকলো কবি অথবা কবিতা-কৰ্মী কবিতাৰ ইতিহাস, পৰম্পৰা, নিৰ্মাণ-কৌশল, শ্ৰেণী-বিভাগ, গীতিধৰ্মী কবিতাৰ পৰিসৰ আৰু বৈচিত্ৰ্য সম্পৰ্কে সমানে সজাগ নহয়।” নতুন কবি আৰু কবিতাৰ গতি-প্ৰকৃতি সম্পৰ্কত লিখা এটা প্ৰবন্ধত কোনো কবিৰ নাম উল্লেখ নকৰাকৈ ড੦ বৰমুদৈয়ে কৈছে যে, “অনেকেই কবিতাৰ ইতিহাস আৰু ৰীতি-নীতিৰ সৈতে পৰিচয় নোহোৱাকৈ কবিতা লিখি আছে বাবেই কবিতা ভাল হোৱা নাই, বহুতে আকৌ নিজেই কবিতা লিখাটো গুৰুত্বসহকাৰে লোৱা নাই, চখতে লিখিছে। কবিৰ চেতনাক এটা যুগৰ সূক্ষ্মতম চেতনা বুলি ভবা হয়। এটা যুগক বুজিবলৈ ইতিহাস-পৰম্পৰাৰ কথাও টানিব লাগিব।…পৰম্পৰা ভালকৈ বুজি নোপোৱা নতুন কবিৰ অনেকেই নিজে পৰম্পৰাৰ পৰা আঁতৰি আহিছোঁ বুলি ভাবিছে যদিও আঁতৰি আহি নতুন একো সৃষ্টি কৰিব পৰা নাই।” নিজকে স্বভাৱসিদ্ধ কবি বুলি ভবাসকলৰ সন্দৰ্ভত তেওঁ কৈছে, “সাম্প্ৰতিক কালত অসমত সাহিত্যসেৱীৰ সৰহ সংখ্যকেই কবিতা লিখে।… নিজৰ কবিতাটো পঢ়ি উঠি ঘৰলৈ যায়৷ স্বতঃস্ফূৰ্ত বা স্বতঃসিদ্ধভাৱে তেওঁলোকে নিজকে কবি বুলি ভাবে। ৱৰ্ডছৱৰ্থে আজিৰ পৰা দুশ বছৰ আগতেই স্বতঃস্ফূৰ্ততাৰ কথা কওঁতে তেওঁলোকৰ বিশ্বাসৰ সমৰ্থনত কথা কোৱা নাছিল। তেওঁৰ মতে কবি গভীৰভাৱে ধ্যানৰত হ’ব লাগিব। আমাৰ মনলৈ অবিৰাম গতিত আহি থকা আবেগ-অনুভূতিৰ ঢৌবোৰক চিন্তাই সংশোধন কৰে। এই চিন্তা অতীত অনুভূতিৰ প্রতিনিধি।” (‘লিৰিকেল বেলাডজৰ পাতনি : ৱৰ্ডছৱৰ্থৰ কাব্যচিন্তা’)
‘উত্তৰ-ৰামধেনু যুগ আৰু সাম্প্ৰতিক কবিতাʼ শীৰ্ষক এক আলোচনাত তেওঁ কৈছে, “কবিতা সম্পৰ্কীয় পূৰ্বসিদ্ধান্ত ইমানেই সলনি হʼল যে, কবিতাৰ ব্যক্তিগত সংকলনত প্ৰকাশ কৰা অনেক কবিতাৰো কবিতা সম্পৰ্কীয় কোনো সিদ্ধান্ত নাই।” তেওঁৰ মতে, “আধুনিক অসমীয়া কবিসকলে একালত যিদৰে কবিতাৰ কলা-কৌশল প্ৰয়োগ কৰিছিল, সাম্প্ৰতিক কালৰ কবিসকলে উত্তৰ আধুনিক বুলিব পৰা কলা-কৌশল সচেতনভাৱে প্ৰয়োগ কৰা নাই। তেওঁলোকে কবিতা সমৃদ্ধ কৰিবলৈ বিভিন্ন উৎসৰ পৰা সমল আৰু কৌশল সংগ্ৰহ কৰিছে।” (আধুনিক অসমীয়া সাহিত্যৰ ইতাহাস, পৃ.১৩২) আধুনিক কবিতাৰ কবি আৰু পাঠকৰ সম্পৰ্কৰ বিষয়ে ড੦ বৰমুদৈৰ মন্তব্য হʼল, “গ্ৰন্থমেলাত কবিতা পাঠ অনুষ্ঠানত সন্মুখৰ চকীবোৰ শালীনতাহীনভাৱে খালি পৰি থকাৰ স্থিতিৰ মূলত কবিয়ে পাঠকৰ সৈতে যোগযোগ কৰিবলৈ নিবিচাৰে। কবিয়ে যেতিয়া পাঠকৰ প্ৰয়োজন আওকাণ কৰে, পাঠকেও কবিতা আওকাণ কৰিবই।” (‘সাম্প্ৰতিক অসমীয়া কবিতাৰ গতি-প্ৰকৃতি’)
আধুনিক কবিতাৰ পাঠক কমি যোৱাৰ প্ৰসংগত ড੦ বৰমুদৈৰ মন্তব্য হৈছে, কবি তত্ত্ববাগীশ হোৱাটো বা বুদ্ধি চৰ্চা কৰাটো প্ৰয়োজনীয়, কিন্তু আধুনিক কবিতা তত্ত্ব নিৰ্ভৰ হোৱাৰ কাৰণতে পাঠকৰ সংখ্যা কমি গৈছিল। আধুনিক কবিতা যুক্তিনিৰ্ভৰ হৈ পৰিছিল, আধুনিকতাবাদী অসমীয়া কবিতা জটিল, দুৰ্বোধ্য আৰু অপ্ৰিয় হোৱাৰ ইও এটা কাৰণ। কবিতাক পাঠকৰ কাষ চপাই নিয়াৰ উদ্দেশ্যে ড੦ বৰমুদৈয়ে সম্পাদনা কৰা পয়েট্ৰি উইডাউট ফিয়েৰ (PWF) নামৰ কবিতাৰ আলোচনীখনৰ প্ৰথম সংখ্যাৰ ইংৰাজী শাখাৰ সম্পাদকীয় শিতানত তেওঁ কৈছিল, “কবিতা হিংস্ৰ, উগ্ৰ, হিংসাত্মক, বন্য, ধ্বংসাত্মক, বনৰীয়া, অশান্তিপূৰ্ণ আৰু দুষ্ট বস্তু নহয় আৰু তথাপি ই পাঠকৰ মনত ভয়ৰ সৃষ্টিও কৰিব পাৰে যেতিয়া ইয়াক বুজিবলৈ অতি কঠিন আৰু পাঠকে কোনো অৰ্থ উলিয়াব নোৱাৰে৷… শিৰোনামত কোৱাৰ দৰে ‘পয়েট্ৰি উইডাউট ফিয়েৰেʼ পাঠকক আশ্বস্ত কৰিব বিচাৰিছে যে কবিতাই সাধাৰণ পাঠকৰ সৈতে যোগাযোগ কৰিব পাৰে।… কবিতাই যেতিয়া সাধাৰণ মানুহক উপেক্ষা কৰে, তেওঁলোকৰ সমস্যাবোৰ বুজিব পৰাকৈ সম্বোধন নকৰে তেতিয়া মানুহে কবিতাক ভালপোৱা বন্ধ কৰে৷… ভাষাৰ সৰলতাৰ অৰ্থ অগভীৰ, অৰ্ধসত্য বা সামান্য কথা নহয়। জীৱনৰ গভীৰ আৰু অমীমাংসিত সমস্যাবোৰো সহজ ভাষাত ব্যক্ত কৰিব পাৰি। কবিতাই সাধাৰণ মানুহক আওকাণ কৰা উচিত নহয় আৰু পাঠকৰ মনতো ভয়ৰ সৃষ্টি কৰা উচিত নহয়।”
অসমীয়া সাহিত্যৰ অধ্যয়ন আৰু সমালোচনাৰ কাৰ্যত ব্ৰতী হোৱাৰ প্ৰসংগত ড੦ বৰমুদৈয়ে এটা সাক্ষাৎকাৰত কৈছে, “নতুন লেখকসকলৰ লেখা মই যিমান পাৰিছোঁ পঢ়িছোঁ৷ কিবা এটা ভাল দেখিলেই মই সেই কথা উল্লেখ কৰিছোঁ৷ তেওঁলোকে আৰু বহুত দিনলৈ লিখি থাকিব৷ নিষ্ঠাৰে সাহিত্যচৰ্চা কৰি থাকিলে তেওঁলোকে নিশ্চয় নিজক অতিক্ৰম কৰি লিখি যাব পাৰিব৷ বিখ্যাত লেখকসকলৰ মোৰ দৃষ্টিত শ্ৰেষ্ঠ বিবেচিত কিতাপখনৰ কিছু বহলাই আলোচনা কৰিছোঁ, যাতে লেখকগৰাকীৰ বিশিষ্টতাৰ প্ৰতি পাঠকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰোঁ৷ সাহিত্যৰ গুণগত মানৰ ক্ষেত্ৰত মই পাঠক এজনৰ দৃষ্টিৰে চাইছোঁ৷ সাহিত্যিক এজনৰ নেতিবাচক কথাই সমাজক সহায় নকৰে বুলি মোৰ বিশ্বাস হ’লে সেই কথাবোৰ আলোচনালৈ অনা নাই৷” (পল্লৱপ্ৰাণ গোস্বামীৰ সাক্ষাৎকাৰ : নীলা চৰাই, ১৯ মে’, ২০২৩)
ৰমেন শইকীয়া এগৰাকী মননশীল লেখক। তেওঁৰ শেহতীয়া গ্ৰন্থ হেৰাই যোৱা মানুহৰ সন্ধানত সমাজ, সাহিত্য আৰু চলচ্চিত্ৰ বিষয়ক প্ৰবন্ধৰ সংকলন।