গীতা হাঞ্ছেপী
Issue: Vol. V, No. 2, August-October, 2026

অসমৰ অন্যতম জনগোষ্ঠী কাৰবিসকলৰ ভাষা-সাহিত্য আপোন সৌন্দৰ্যৰে সমৃদ্ধ৷ সাহিত্য-চৰ্চাৰ দিশত তেওঁলোকে অসমীয়া আৰু ৰোমান দুয়োটা লিপিকে গ্ৰহণ কৰা দেখা গৈছে৷ এটা সময়ত কাৰবি ভাষাত সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত লিপি সমস্যাই প্ৰধান সমস্যা হিচাপে দেখা দিছিল৷ ১৯৫১ চন মানৰ পৰা সৃষ্টি হোৱা এনে সমস্যাৰ সমাধানৰ বাবে ১৯৮৫ চনৰ এপ্ৰিল মাহৰ ১৯ তাৰিখে ‘কাৰবি লামমেত আমেই’(কাৰবি সাহিত্য সভা)ৰ বাৰ্ষিক অধিৱেশনত ছামছিং হাঞ্চেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত লোৱা হ’ল যে কাৰবি ভাষাত ৰোমান লিপি ব্যৱহাৰ কৰা হ’ব৷ তেতিয়াৰে পৰা বৰ্তমানলৈকে কাৰবি লেখকৰ অধিকাংশই কাৰবি ভাষাত সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত ৰোমান লিপি ব্যৱহাৰ কৰি আহিছে৷ অৱশ্যে বহু সংখ্যকে অসমীয়া লিপিৰেও সাহিত্য-চৰ্চা কৰি আছে৷ কাৰবি ভাষাত সাহিত্য-চৰ্চা কৰাৰ সমান্তৰালকৈ বহুকেইগৰাকী কাৰবি লেখকে অসমীয়া আৰু ইংৰাজী ভাষাতো সাহিত্য-চৰ্চা কৰি আছে৷ উল্লেখ্য যে, কাৰবি আংলং জিলাত যথেষ্ট সংখ্যক অসমীয়া মাধ্যমৰ স্কুল থকাৰ বাবে কাৰবি ছাত্ৰ-ছাত্ৰীসকলে এই স্কুলসমূহত অসমীয়া ভাষাটোক আয়ত্ত কৰিবলৈ সুবিধা লাভ কৰিছে৷ ফলত এইসকলৰ মাজৰ পৰাই অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰা লেখকৰ আৱিৰ্ভাৱ ঘটিছে৷
অসমীয়া সাহিত্যৰ বিভিন্ন শাখাসমূহৰ লগতে কাৰবি কবিসকলে অসমীয়া ভাষাত কাব্য-চৰ্চা কৰি অসমীয়া কাব্য সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে৷ অসমীয়া ভাষাত কাব্য-চৰ্চা কৰা কাৰবি কবিসকলৰ ভিতৰত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা প্ৰথমখন কবিতাপুথি হ’ল ছয়ছয় তেৰাঙৰ প্ৰেমাঞ্জলি (১৯৪৭)৷ অসমৰ এগৰাকী মন্ত্ৰী হিচাপে পৰিচিত ছয়ছয় তেৰাঙৰ প্ৰেমাঞ্জলি একমাত্ৰ কবিতা-পুথি৷ কাৰবি পাহাৰৰ গভীৰ অৰণ্যৰ মাজেৰে বৈ অহা সুৰবোৰ প্ৰেমাঞ্জলিৰ পাতত আলফুলে সাঁচি ৰাখি ছয়ছয় তেৰাঙে বিলাই দিলে জনমানসৰ মাজত৷ প্ৰেমাঞ্জলিৰ অনুপ্ৰেৰণা লাভ কৰি কাৰবি কবিচামৰ কলম থমকি নৰ’ল৷ তেওঁলোকৰ কাপেৰে নিগৰা সৃষ্টিৰাজি লাহে লাহে সিঁচৰতি হৈ পৰিল বিভিন্ন আলোচনী, বাতৰিকাকত আদিৰ পাতত, আৰু এখন এখনকৈ প্ৰকাশ পালে কেইবাখনো কাব্য-সংকলনৰ পুথি৷
ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা ৰংবং তেৰাং সাহিত্য-জগতৰ এটা উজ্জ্বল নাম৷ নৱযুগৰ পাতত ‘প্ৰেতাত্মা’ নামৰ চুটিগল্পৰে আত্মপ্ৰকাশ কৰা ৰংবং তেৰাংদেৱে কাৰবি ভাষাৰ লগতে অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰি তেওঁৰ বহুমূলীয়া ৰচনাৰাজিৰে সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছে৷ অসম সাহিত্য সভাৰ সভাপতিৰ আসন দুবাৰকৈ অলংকৃত কৰা ৰংবং তেৰাংদেৱে অসমীয়া ভাষাত চৈধ্যখনৰো অধিক গ্ৰন্থ প্ৰণয়ন কৰিছে৷ বিভিন্ন আলোচনী, বাতৰিকাকত আদিৰ পাতত সিঁচৰিত হৈ থকা এইগৰাকী বৰেণ্য ব্যক্তিৰ কবিতাসমূহে পুথি আকাৰে প্ৰকাশ নাপালে৷ তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ‘সাহিত্য চ’ৰা’ৰ পৰা প্ৰকাশিত মেজ পত্ৰিকা সমস্বৰত (১৯৮৩)৷ কবিতাটোৰ শিৰোনাম আছিল ‘লুনাটিক’৷ ডিফুৰ পৰা প্ৰকাশিত ফেৰাংকে নামৰ বাতৰিকাকতত প্ৰকাশ পায় তেওঁৰ অন্যতম কবিতা ‘পূজাৰ কবিতা’৷ তেওঁৰ মাতৃৰ মৃত্যুবাৰ্ষিকী উপলক্ষে উছৰ্গিত ‘অৰণ্যকাণ্ড’ নামৰ কবিতাটি প্ৰকাশ পায় দৈনিক জনসাধাৰণ কাকতৰ বিশেষ সংখ্যাত৷ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ ছেলিমুদ্দিন মণ্ডলৰ আকস্মিক বিয়োগত শ্ৰদ্ধাঞ্জলি হিচাপে তেওঁ লিখিলে ‘তেৰাং দা, কেনে আছে?’ নামৰ এটি শোককবিতা৷

একেধাৰে কবি, গল্পকাৰ, অভিধানপ্ৰণেতা, কাৰবি ভাষা-সাহিত্য-সংস্কৃতিৰ সাধক তথা সাহিত্য অকাডেমিৰ ‘ভাষা-সন্মান’-প্ৰাপক বিদৰছিং ক্ৰ’দেৱে কাৰবি আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য-চৰ্চা কৰে৷ ২০১২ চনত প্ৰকাশিত তেওঁৰ ছেংৱে নামৰ কবিতাপুথিখনত সন্নিৱিষ্ট হৈছে ৩০টা অসমীয়া কবিতা আৰু ৬২টা কাৰবি কবিতা৷ গ্ৰন্থখনৰ পাতনিত ৰংবং তেৰাংদেৱে ‘ছেংৱে লৈ মোৰ অনুভৱ’ত লিখিছে—“ছেংৱেত থূপ খাই থকা প্ৰতিটো কবিতাই কবিৰ হৃদয়ৰ কথাকেই কৈ যাব৷ হৃদয়ৰ কথাবোৰক আনজনৰ হৃদয়েৰে বুজাই দিয়া সহজ নহয়৷ বিদৰছিং ক্ৰ’ৰ ‘কবিতাৰ আঁত বিচাৰি’, ‘কবিতাৰ ভঁৰালত মোৰ কলিজা’, ‘স্বপ্ন মৰুভূমিত মোৰ কবিতা’ আদি কবিতাই কবিৰ মনৰ পৰিচয় দাঙি ধৰিব৷”
কবি-লেখক তথা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লুঞ্চে তিমুং ডাঙৰীয়াই অসমীয়া ভাষাত সাহিত্য-চৰ্চা কৰাৰ উপৰি কাৰবি ভাষাতো কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছে। তেওঁৰ কাব্যগ্ৰন্থৰ নাম হ’ল নে হিৰজিৰ : মোৰ কবিতা (২০১২)৷
অসমীয়া কাব্য-জগতলৈ বিশেষ অৱদান আগবঢ়োৱা আন এগৰাকী কবি হৈছে ‘বালিমাহী কবি’ খ্যাত পদ্মশ্ৰী ধনেশ্বৰ ইংতি৷ কাৰবি আংলং স্বায়ত্ত পৰিষদৰ এজন কৰ্মব্যস্ত, দায়িত্বশীল বিষয়া ইংতিদেৱে অজস্ৰ কামৰ মাজতো অবিৰামভাৱে কাব্য-চৰ্চা কৰি অৱসৰৰ পিছতো বৰ্তমানলৈকে তেওঁ কাব্য চৰ্চাত মনোনিৱেশ কৰি আছে৷ তেওঁৰ কাব্যগ্ৰন্থকেইখন হ’ল— বালিমাহী(২০০৩), শিলভেটাৰ সিপাৰে কাঁচিজোনৰ বৰষুণ (২০০৪), স্বপ্নিল জোনাক(২০০৫) ইত্যাদি৷
অসম সাহিত্য সভা আৰু সদৌ অসম কবি সন্মিলনৰ সৈতে ওত-প্ৰোতভাৱে জড়িত অন্যতম কবি হৈছে পাৰি ৰংপি৷ সহজ-সৰল ভাষাৰে অৰ্থবহ আৰু চিত্তাকৰ্ষক ভালেমান কবিতা ৰচনা কৰি তেওঁ সাহিত্যৰ পথাৰলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল— জোৱাৰত মোৰ কবিতা (২০১০), হৃদয়ৰ বৰবুৰণি (২০২২)৷
কবি, নিবন্ধকাৰ তথা কাৰবি সাহিত্য-সংস্কৃতিৰ নিৰলস সাধক হিচাপে পৰিচিত তেজাল মিলিকৰ একমাত্ৰ কবিতাপুথি হ’ল— গন্ধহীন ফুলৰ কলি(২০১২)৷
ছাৰএৎ হাঞ্চে কাব্য-জগতৰ সকলোৰে পৰিচিত না৷ ‘কাব্য কমল বঁটা’ (২০১৮) প্ৰাপক হাঞ্চে ডাঙৰীয়াই কাৰবি আৰু অসমীয়া দুয়োটা ভাষাতে কাব্য-চৰ্চা কৰি কাব্য-জগতলৈ বিশেষ অৱদান আগবঢ়াইছে। বিভিন্ন কাকত, আলোচনী আদিত মননশীল কবিতাৰে পাঠক আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট কবি হাঞ্চে ডাঙৰীয়াৰ অসমীয়া ভাষাত লিখা অতি জনপ্ৰিয় কাব্যপুথিখনৰ নাম হ’ল— ঝুমিয়া গধূলিৰ এটা এলিজি (২০১৫)৷
কাৰবি আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য-চৰ্চা কৰি অসমীয়া সাহিত্য-জগতলৈ বিশেষ বৰঙনি আগবঢ়োৱা আন এগৰাকী লেখক হৈছে হাংমিজি হাঞ্চে৷ গভীৰ অধ্যয়নপুষ্ট হাঞ্চে ডাঙৰীয়াৰ কবিতাবোৰে কাব্যৰসিকক ৰস দান কৰি আহিছে৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল— চুপিলংথু ফুলাৰ ৰাতি (২০১৮), এনে এজাক বৰষুণ আহক(২০২০), লাংপি ধূলিয়ৰি বালি আৰু হাঙৰ হেমতাপ ইত্যাদি৷ অনুবাদক হিচাপেও জনপ্ৰিয়তা লাভ কৰা হাংমিজি হাঞ্চে ডাঙৰীয়াই ছাৰএৎ হাঞ্চেদেৱে কাৰবি ভাষাত লিখা নেপাই কেপাংৰেং আফাক আছ কাব্যগ্ৰন্থখনৰ অসমীয়া অনুবাদ মোৰ আইৰ গাহৰি পোৱালিটো (২০১২), পিপ্লি নেম্প্ৰু নামকৰণেৰে হীৰেন ভট্টাচাৰ্যৰ জনপ্ৰিয় কাব্যগ্ৰন্থ সুগন্ধি পখিলা কাৰবিলৈ অনুবাদ, ৰবীন্দ্ৰনাথৰ গীতাঞ্জলিৰ কাৰবিলৈ অনুবাদ আৰু মণিকা টেৰণপীৰ কাব্যগ্ৰন্থ আৰলেংৰ কাৰবিলৈ অনুবাদ কৰি তেওঁ অনুবাদ সাহিত্যলৈয়ো বহুমূলীয়া অৱদান আগবঢ়াইছে৷
নৈঃশব্দৰ শব্দত এদিন (২০০৪) আৰু তথাপিও দোমোজাৰ সেই পলবোৰ (২০১৪)—এই কাব্যগ্ৰন্থ দুখনৰ কবি হৈছে অৰুণ টেৰণ৷ তেওঁৰ তথাপিও দোমোজাৰ সেই পলবোৰ শীৰ্ষক কাব্যগ্ৰন্থৰ পাতনিত বিশিষ্ট কবি নীলিম কুমাৰে লিখিছে— “অৰুণ টেৰণৰ কাব্যজগত প্ৰেমৰ, সৌন্দৰ্যৰ৷ সেয়ে তেওঁৰ কবিতাসমূহত বাজি থাকে ৰিক্ততা, ব্যৰ্থতা, বেদনা আৰু আকুলতাৰ সুৰ৷ প্ৰেমৰ বাবেই কবি হৈ উঠে ব্যাথাতুৰ৷ প্ৰেমেই কবিক প্ৰকৃতিৰ সেউজীয়া জগতলৈ টানি লৈ যায় আৰু সেই মায়াময়তাত নিজকে হেৰুৱাই পেলাবলৈ উদ্বাউল কৰি তোলে৷ প্ৰেমেই তেওঁক টানি নিয়ে নিৰ্জনতাৰ সাগৰলৈ৷ প্ৰেমৰ প্ৰতি বিশ্বাসে তেওঁৰ কবিতাসমূহক মহিমামণ্ডিত কৰিছে, তেওঁৰ কবিতাসমূহত সানি দিছে শেৱালি ফুলৰ শুভ্ৰতাৰ দৰে আকুল নিবিড়৷ এনে ইচ্ছা আৰু আকাংক্ষাৰ চিত্ৰৰে বিস্তৃত হৈ আছে অৰুণ টেৰণৰ কবিতা৷”
বিশিষ্ট কবি জয়ছিং টকবি একেধাৰে নিবন্ধকাৰ, নাট্যকাৰ আৰু সাংবাদিক৷ টকবি ডাঙৰীয়াই অসমীয়া ভাষাত বহু সংখ্যক কবিতা আৰু প্ৰবন্ধ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ সাধাৰণতে তেওঁৰ কবিতাসমূহ কাৰবি জনজীৱনক আধাৰ কৰি লিখা৷
হাৰ্ভে কাথাৰৰ মোৰ দেশ মোৰ গান(১৯৮৩) কাব্যগ্ৰন্থখন অসমীয়া কাব্যজগতলৈ এক বিশেষ অৱদান৷ কুৰিটা কবিতাৰে সন্নিৱিষ্ট গ্ৰন্থখনৰ প্ৰায়বোৰ কবিতাতে প্ৰতিধ্বনিত হৈছে কবিৰ এক প্ৰতিবাদী কণ্ঠ।
অসমীয়া কাব্যসাহিত্যলৈ বিশেষ অৱদান আগবঢ়োৱা কবিসকলৰ ভিতৰত সুৰেন ক্ৰামছা অন্যতম৷ পাহাৰী নিজৰা (২০০০), ধূলিয়ৰি ফাগুনৰ ৰিঙা ৰিঙা মনবোৰ (২০১০) ইত্যাদি তেওঁৰ লেখতল’বলগীয়া কাব্যগ্ৰন্থ৷
কাৰবি ভাষাৰ লগতে অসমীয়া ভাষাত কাব্য-চৰ্চা কৰি অসমীয়া সাহিত্যলৈ বিশেষভাৱে বৰঙণি আগবঢ়োৱা কবিসকলৰ কাব্যগ্ৰন্থসমূহ হ’ল— মোলান ইংতিৰ প্ৰেমৰ সেউজ শইচ ইত্যাদি (২০১০), মঞ্জু টেৰণপীৰ এচোতাল শেৱালি (২০১৫), বিদ্যাৰাম ছিংনাৰৰ হুনমিলি (২০২২), ছন্দ্ৰছিং তেৰাঙৰ এখন নদীৰ সিপাৰে (২০২৩), প্ৰভাতী পক্ষী (২০২৩), এজাং ৰাজ ৰাজৰ ধূলিয়ৰি বাটৰ খোজ (২০২৪), অৰণ্য (২০২৪), নিৰলা ইংহিপীৰ মালিন (২০১২), কাদমবীনী তেৰাংপীৰ লাংছুনপী (২০২২), তুমি অহাৰ বাটে এজাৰ সৰে (২০২৪), মণিকা টেৰণপীৰ আৰলেং (২০২২), বাপন ক্ৰ’ৰ সম্ভাৱনা নথকাকৈয়ে (২০২৩) ইত্যাদি।
এইকেইগৰাকী কবিৰ উপৰি অসমীয়া ভাষাত নিৰলসভাৱে কাব্যচৰ্চা কৰি থকা ভালেসংখ্যক কাৰবি কবিৰ কবিতা বাতৰিকাকত আৰু আলোচনীসমূহত প্ৰকাশ হোৱা দেখা যায়। সেইসকল কবিৰ ভিতৰত বৰছিং হাঞ্চে, ফুলমতী টেৰণপী, মনালিছা ৰংপিপী, বিউটি টকবিপী, গীতা হাঞ্ছেপী, ক্লেংদুন কাথাৰ আদি বিশেষভাৱে লেখতলবলগীয়া৷ গ্ৰন্থ আকাৰত প্ৰকাশ হ’লেও আমাৰ হাতত নপৰাৰ বাবে তেওঁলোকৰ গ্ৰন্থৰ নাম উল্লেখ কৰিব পৰা নগ’ল৷ তদুপৰি যিসকল কবি আৰু তেওঁলোকৰ সৃষ্টিৰাজি আমাৰ অগোচৰত ৰৈ গৈছে তেওঁলোকৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী৷
অসমীয়া ভাষা নিজৰ মাতৃভাষা নোহোৱা সত্ত্বেও অসমীয়া ভাষাটোক আপোন কৰি অসমীয়া ভাষাত কাব্য-চৰ্চা কৰি ভাল পোৱাটো সঁচাকৈয়ে অতি প্ৰশংসনীয়৷ কাৰবি সাহিত্যৰ উপৰি অসমীয়া সাহিত্যলৈ বিশেষ অৱদান আগবঢ়োৱা এইসকল কাৰবি কবি ইয়াৰ বাবে নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ। অসমীয়া সাহিত্য-জগতলৈ এনেবোৰ কথাই কঢ়িয়াই আনে এক শুভ বাৰ্তা৷
গীতা হাঞ্ছেপী এগৰাকী লেখক আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। তেওঁৰ দুখন সমালোচনামূলক গ্ৰন্থ প্ৰকাশ পাইছে।