মুকুল কুমাৰ শৰ্মাৰ কবিতা

Issue: Vol. V, No. 1, May-July, 2026

সেয়াই ভালপোৱা

সেয়াই ভালপোৱা—
যেতিয়া তুমি তেওঁৰ সৈতে অন্তৰেৰে কথা কোৱা
কেতিয়াবা হাঁহি উঠে,
কেতিয়াবা দুচকু ভৰি আহে…
মৰম মিহলি শান্তিৰ নীলিমত সাঁতুৰি-নাদুৰি
ইজেনে সিজনক সাৱটি
মুক্তিৰ বিষাল ৰামধেনুৰ আকাশত উৰি
অসীমলৈ গুচি যাবলৈ…


যাত্ৰাৰ সহচৰ

এখন পাল তৰা নাও
ব’ঠা বাই যাওঁ
বাই যাওঁ লুইতৰ
হেঙুলী সোঁতৰ স’তে
লাহে লাহে, আবেশেৰে…
লহৰত তিৰ-বিৰ সূৰুযৰ আভাত
উজলে চকুৰ মণি…
কাষত যাত্ৰাৰ সহচৰ—
ৰামধেনুৰ দলং
পাৰ হোৱাৰ লগৰী…


মন নাচিছে

নৈৰ কাষৰ কঁহুৱাই হালিছে জালিছে
শাৰদী ৰ’দত গা ধুই
যেন মতলীয়া হৈ পৰিছে দুৰ্গাৰ আগমনত…
মোৰো মনে চোন বাৰে বাৰে নাচি উঠিছে
লগ পাবলে’ লুইতপৰীয়া চেনাই ধনক…