Issue: Vol. V, No. 1, May-July, 2026
লাৰু
তুঁহে-পতানে-গোবৰে লাৰু
আঁঠুমূৰীয়া পানী-মেখেলা
থুই-থাই পানীমঙলি।
পুঠিমাছে খুঁটি খুঁটি লৰাই—
বুকু শালি থোৱা পানী-সৰলৰ ঠালি।
তোৰ চিঠিৰ কলমেও মোৰ কলিজাত খুঁটিয়াই –-
যেন সাপৰ বিষৰহে চিয়াঁহী!
ৰোৱা নহয় যেন জাক জাক কাম-চৰাইৰ পাখি!
ৰোৱাৰ মাজেদি খুপি খুপি যাওঁ;
পুঠিনৈৰ গৰায়েদি তই যাৱ যেনেকৈ… !
লাৰুৰ ওপৰত নেপেলাওঁ জুলুকিৰ ছাঁ—
হুৰ্ খাব পানী-তলীয়া হেঁপাহ।