(১)
জোনাক নিগৰা মুকলি আকাশ
ধাননি ফুলৰ সৰগ সুবাস
নিজৰে নীৰৱে সুকোমল তান
মনৰ ফুলনিত মুখৰ নিনাদ
নিজানত নিগৰে
মনন ভাষা
বুকুত কোলাহল
সৰৱ হাহাকাৰ
সঘন গধুৰ উশাহৰ মালিতা
নিজতে সামৰি চকুলোৰ বাগিছা
জীৱনেও হেৰুৱাই বাটত ঠিকনা
হাৰিও নাহাৰে জিকাৰ বাসনা
জীয়াই থকাৰ আশাৰ কালিমা
মায়াত বিচাৰি সুখৰ মৰীচিকা
(২)
মৰম মায়াৰে হৃদয় কঁপালে
জোনাক নিশা নিজান শবদে
অনুৰাগে প্ৰাচীৰ ভাঙে
বৈ যায় নিজম ৰাতি
মৰম সুৰীয়া নৈ
মৰম যুগমীয়া হৈ
বিশদ ভাঙনি নাই প্ৰয়োজন
ভালপোৱাৰ অসীম আয়োজন
বুকু শিপাই আছা তুমি
বৈ আছা নিৰৱধি
আকাশ জিলিকি তৰাৰ ধেমালি
মিঠা ভাঁজত তোমাক সুমৰি
জীয়াই আছোঁ সুখৰ ৰাগি
হাজাৰ কামনা আশাৰ হাঁহি