এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে কবিতাৰ গুৰুত্ব সদায়েই আছে৷ কবিতাবোৰৰ মাজেৰে কবিসকলে এক চিৰসত্যৰ উমান দিয়ে৷ কবিসকল সঁচাকৈয়ে এক অসাধাৰণ শিল্পী, যি মন তথা হৃদয়ৰ দলিচাত নাচি-বাগি ফুৰা অনুভূতিবোৰ আখৰৰ ৰূপত সঠিকভাৱে সজাই পাঠকৰ মাজলৈ উলিয়াই দিয়ে৷ ব্যক্তিগভাৱে ক’বলৈ গ’লে কবিতা মোৰ অতিকৈ প্ৰিয়। এতিয়াৰ যুগত কবিতাবোৰ বিশেষ কোনো ভাষা বা অঞ্চলভিত্তিত সীমাবদ্ধ হৈ থকা নাই, কিয়নো অনুবাদৰ মাধ্যমেৰে বিদেশী ভাষাৰ ওপৰত জ্ঞান নথকাজনেও বহু বিখ্যাত মানৱদৰদী কবিৰ সৃষ্টিক হৃদয়ংগম কৰিব পাৰিছে৷ কবিতা আজি এক বিশ্বজনীন সম্পদ, যাৰ উপলব্ধি আমাৰ সকলোৰে হৃদয়ে হৃদয়ে বিৰাজমান৷
আপুনি কবিতা কিয় পঢ়ে?
সৰুতে মনৰ এক কৌতুহল (কবিতা মানেনো কি?) দমাবলৈ গৈ কবিতাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ আৰু আজিও কিবা এক সৃষ্টিৰ উমান বিচাৰি নজনা কথাক জনাৰ হেঁপাহ পুহি কবিতাৰ মাজত সোমাই পৰোঁ৷ কবিতাবোৰত শব্দৰ গাঁথনিবোৰ সঁচাকৈয়ে এপাহ এপাহ ফুলেৰে এক সুন্দৰ মালা গঁঠাৰ দৰে অসাধাৰণ সৃষ্টি, য'ত সুখ-আনন্দ-দুখ-বিষাদ সকলোবোৰ সোমাই অৰ্থবহুল কৰি তোলে৷ মন তথা হৃদয়ক এক নতুনত্ব দিয়াৰ প্ৰয়াসেৰে কবিতা পঁঢ়ো৷
কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
সাধাৰণতে যিবোৰ কবিতাত মানৱজাতিৰ জীৱন-দৰ্শন সোমাই থাকে, যিবোৰে মানুহৰ কলুষিত মন ধুই নিকা কৰিব পাৰে, যিবোৰে সমাজক সংস্কাৰমুখী কৰিব পাৰে, সৰ্বসাধাৰণক জীৱন-যুঁজত অগ্ৰসৰ হ'ব পৰাকৈ সমল যোগাব পাৰে, যিবোৰে এখন দেশ তথা সমাজৰ ইতিহাসৰ এক প্ৰতিচ্ছবি দাঙি ধৰিব পাৰে, সমাজৰ শোষিত শ্ৰেণীৰ দুখ-যন্ত্ৰণা সৰ্বসাধাৰণৰ দৃষ্টিগোচৰ কৰিব পাৰে, তেনেবোৰ কবিতা মোৰ প্ৰিয়৷
সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
অসমীয়া কবিতাৰ এক সুকীয়া বৈশিষ্ট্য আছে। সাম্প্ৰতিক সময়ত বহু ন-পুৰণি কবিয়ে এক স্বকীয় পৰম্পৰা ৰক্ষা কৰি অসমীয়া ভাষাত কাব্য সাহিত্যৰ এক ন-ৰূপ দিছে আৰু লগতে পাঠকসকলৰ হৃদয় চুই যাব পৰাকৈ মনৰ ভাব উপস্থাপন কৰিব পাৰিছে৷ সৃষ্টিশীল বহু লোকে সাম্প্ৰতিক সময়ত বহু অনূদিত কবিতাৰ জৰিয়তে বিদেশী কবিসকলৰ সৃষ্টিক অনুধাৱন কৰাৰো সুযোগ দিছে৷
কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
মোৰ সীমিত অভিজ্ঞতা তথা জ্ঞানৰ যোগেদি ন-পুৰণি কবিসকলৰ প্ৰতি বিশেষ পৰমাৰ্শ দিয়াৰ বা আহ্বান জনোৱাৰ ক্ষমতা নাই যদিও এটা কথা ঠিক যে কবিতাত শব্দ তথা ব্যাকৰণৰ সঠিক ৰূপত ব্যৱহাৰৰ ক্ষেত্ৰত আমি অধিক মনোযোগী হোৱাটো দৰকাৰ৷ কবি জন কিটছৰ কোৱাৰ দৰে ময়ো বিশ্বাস কৰোঁ— "Poetry should be great and unobtrusive, a thing which enters into one's soul, and does not startle it or, amaze it with itself, but with its subject."
At this very hour
The woods replenish me
At this very hour my body
Glitters as a mirror
As the land lily
The weather is changing its form
The sound of flutes
Has turned green
The bursting of silk-cotton
Needs no storm
Translated byKrishna Dulal Barua
Nirmalprabha Bordoloi (b.1933-d.2004) was an Indian poet, lyricist and folklorist of Assam.
Krishna Dulal Barua is a prominent translator and writer based in Nagaon, Assam. He received the Katha Award for translation in 2005.