কবিসকল সমাজ-হিতৈষী হওক

সুৰেন্দ্ৰ মোহন দাস

সুৰেন্দ্ৰ মোহন দাস
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
কবিতা পঢ়ি ভাল পাওঁ৷ য’তেই কবিতা পাওঁ, পৰাপক্ষত পঢ়োঁ৷ আলোচনী এখন হাতত লৈয়েই প্ৰথমে কবিতাকেইটাহে পঢ়ি লওঁ৷ প্ৰথম লেখা আৰম্ভ কৰিছিলোঁ কবিতাৰেই৷ সেয়েহে এতিয়াও ছেগা-চোৰোকাকৈ হ”লেও কবিতাৰ লগত এটা সুসম্পৰ্ক বৰ্তি আছে৷ 


আপুনি কবিতা কিয় পঢ়ে?
কবিতাৰ মাধ্যমেৰে কম কথাৰেই বহুত কথা বুজাব পাৰি৷ কবিতাৰ শব্দমালাৰ লগত যেতিয়া ভাবৰ কৰ্ষণ হয়, তেতিয়াই কবিতাৰ ঘৰলৈ সোমোৱা দুৱাৰৰ তলা খোল খায়৷ তলা খুলিবলৈ কেতিয়াবা দুই-তিনিবাৰ চাবি পকোৱাৰ লেখীয়াকৈ কবিতাও দুই-তিনিবাৰ পঢ়িহে বুজিব পৰা যেন লাগে৷ বুজি উঠাৰ তেনে আনন্দ প্ৰাপ্তিৰ বাবেই কবিতা পঢ়োঁ৷


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
সাধাৰণতে মই নিজে শিশুসকলৰ বাবে ছন্দোবদ্ধ কবিতা লিখোঁ যদিও, আধুনিক কবিতাবোৰো পঢ়োঁ আৰু কেতিয়াবা কেতিয়াবা লিখোঁও৷ কবিতাবোৰ শব্দ কৰি পঢ়ি ভাল পাওঁ৷ জীৱনবোধৰ কবিতাবোৰ, যিবোৰ আবৃত্তিৰ বাবেও উপযুক্ত, তেনেকুৱা কবিতা পঢ়ি ভাল লাগে৷ অৱশ্যে পুৰণি কবিসকলৰ মিত্ৰাক্ষৰী ছন্দৰ কবিতাবোৰো ডাঙৰকৈ পঢ়ি তৃপ্ত হওঁ৷ 


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
পুৰণি কালৰপৰাই অসমীয়া কবিতাৰ চৰ্চা চলি আহিছে৷ গীত আৰু কবিতা অভিন্ন বুলি ক’ব পাৰি৷ মৌখিকভাৱে প্ৰচলিত হৈ অহা লোকগীতসমূহৰ কথাবোৰো কবিতাই৷ যেনেদৰে পুৰণি আৰু সাম্প্ৰতিক কালৰ গীতৰ কথাৰ তফাৎ আছে, ঠিক তেনেদৰে কবিতাৰ ক্ষেত্ৰতো একেই পাৰ্থক্য বিৰাজমান৷ আজি অসমীয়া কবিৰ কবিতাই জ্ঞানপীঠ বঁটা পোৱাৰ সময়ত সৰ্বভাৰতীয় স্তৰত অসমীয়া কবিতাৰ মান নিশ্চিতভাৱে উন্নীত হৈছে৷ ভালেমান কবিয়ে ন ন আংগিকেৰে কবিতাৰ সম্পৰীক্ষা চলাই আহিছে৷ সেয়া অসমীয়া কবিতাৰ বাবে শুভ লক্ষণ৷ কিন্তু ই-মাধ্যমত বিভিন্নজনৰ কিছুমান কবিতা পঢ়ি এনে ভাব হয়, তেওঁলোকৰ বহুতেই যেন ভাল কবিতা নপঢ়ে৷ 


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকলে নিজে কবিতা লিখাৰ লগতে আনৰ কবিতাও পঢ়ক আৰু গঠনমূলক আলোচনা কৰক৷ কবিসকল সমাজ-হিতৈষী হওক৷ প্ৰেমৰ কবিতাৰ লগতে প্ৰতিবাদী কবিতাও লিখক৷ অনুবাদৰ জৰিয়তে অসমীয়া কবিতা সমৃদ্ধ কৰক আৰু অসমীয়া কবিতা জগতসভালৈ লৈ যাওক৷ 

সুৰেন্দ্ৰ মোহন দাস এগৰাকী শিশু-সাহিত্যিক আৰু অৱসৰপ্ৰাপ্ত বেংক বিষয়া৷ গুৱাহাটী নিবাসী দাসে শিশু-কিশোৰৰ বাবে বিভিন্ন আলোচনীত শিশু-কবিতা আৰু সৰু সৰু লেখা ১৯৯৬ চনৰ পৰা লিখি আহিছে৷ বিভিন্ন কাকত-আলোচনীত তেওঁৰ শব্দ আৰু ভাষাৰ ব্যৱহাৰ সম্পৰ্কে ভালেমান লেখা, চিঠিপত্ৰ প্ৰকাশ পাইছে৷ পদ্যৰ সঁফুৰা আৰু তিনিকুৰি শব্দবিভ্ৰাট তেওঁৰ প্ৰকাশিত গ্ৰন্থ৷ পদ্যৰ সঁফুৰা গ্ৰন্থখনলৈ অকণিৰ সাহিত্য সভাই ‘২০২২ বৰ্ষৰ শ্ৰেষ্ঠ শিশু-গ্ৰন্থ বঁটা’ আগবঢ়াইছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *