Monthly Archives: April 2023

নিজৰ কথাখিনি নিজৰ ধৰণেৰে ক’বলৈ মাতটো নিজৰ হোৱাটো প্ৰয়োজনীয়

হৰ্ষবৰ্দ্ধন

হৰ্ষবৰ্দ্ধন
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
আমাৰ মতে সাহিত্যত শিক্ষিত বা অশিক্ষিতৰ ধাৰণাটো বহু পৰিমাণে আপেক্ষিক। এইক্ষেত্ৰত আমি অসমীয়া সংস্কৃতিলৈকে আঙুলিয়াব পাৰোঁ। আমাৰ লোকগীত (বিহুনাম আদি) চহা নিৰক্ষৰ কৃষকৰে সৃষ্টি। তেওঁলোকে প্ৰতীক, চিত্ৰকল্প আদিৰ তাত্ত্বিক কথাবোৰ কোনোদিনে অধ্যয়ন কৰা নাছিল, কিন্তু লোককবিতাত তাক বৰ সুন্দৰকৈ ব্যৱহাৰ কৰিব জানিছিল। সেয়েহে কবিতাৰ ক্ষেত্ৰত শিক্ষাৰ দিশটো আপেক্ষিক বুলি কৈছোঁ।

অৱশ্যে কবিতাৰ সৈতে আমাৰ সম্পৰ্ক বেছ নিবিড়। সেয়েহে কবিতা পঢ়ি তাৰ বিষয়ে আলোচনা কৰিয়েই আমি আটাইতকৈ বেছি আনন্দ পাওঁ। সৰুৰে পৰা কবিতা পঢ়া আৰু আবৃত্তি কৰাৰ চখ এটাই লগ লৈছিল। তেনেকৈয়ে আৰম্ভণি। পপুলাৰ জনাৰ অৰ্থাৎ প্ৰেমৰ কবিতা পঢ়িয়েই পঠনৰ এই যাত্ৰাৰ আৰম্ভণি কৰিছিলোঁ। বোধহয় কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ বাবে আৰু আমাৰ স্কুলখন ইংৰাজী মাধ্যমৰ আছিল বাবে ইংৰাজী, হিন্দী আৰু উৰ্দু সাহিত্যৰ প্ৰতি খুব সোনকালেই টান অনুভৱ কৰিছিলোঁ। চুবুৰীয়া বৰদেউতা (যাক আমি বৰ্তা বুলি কওঁ) তেখেতে আগ্ৰহী কৰিছিল বাংলা কবিতা পঢ়িবলৈ। সুকান্ত, জীবনানন্দ, শঙ্খ ঘোষ এইবোৰ সৰুতেই আমাৰ বাবে বেছ চিনাকি নাম আছিল। কোনোবাই এওঁলোকৰ বিষয়ে খুব গভীৰ আলোচনা কৰিলে ভাগ ল'ব নোৱাৰিলেও তেওঁলোকৰ দুই-এটা কবিতাৰ পংক্তি তেতিয়াই ফুটাবলৈ সক্ষম হৈছিলোঁ। এনেকৈয়ে মোৰ কবিতা পঠনৰ আৰম্ভণি। সি এতিয়াও চলি আছে অবিৰতভাৱে। মাত্ৰ ৰুচিৰ কিছু সালসলনি ঘটিছে।


আপুনি কবিতা কিয় পঢ়ে?
সাধাৰণ অৰ্থত ক'বলৈ গ'লে কবিতা পঢ়াটো প্ৰথমতে এটা চখ বা অভ্যাস আছিল, এতিয়া সি নিচা হৈ পৰিছে। এইবিষয়ে দকৈ কেতিয়াও ভাবি চোৱা হোৱা নাই। তথাপি সাম্প্ৰতিক সময়ৰ কঠিন বাস্তৱক কবিতাই যিধৰণেৰে পাঠকৰ বুকুত সংস্থাপিত কৰিব পাৰে তেনেদৰে আন সাহিত্যই নোৱাৰে। কবিতা পঢ়িলে আন এটা লাভ হয় কি যে ভাষাটো কিধৰণে ক’লৈ গতি কৰিছে, ভাষা এটাৰ assimilation কিধৰণে হৈছে তাৰ গতি-গোত্ৰ ধৰিব পৰা যায়। আনহাতে কবিতাই বহুসময়ত আপোনাক বিষয়বোৰ পাগুলিবলৈ আৰু চিন্তা কৰিবলৈ শিকায়। সাম্প্ৰতিক আমি সমালোচনা সাহিত্যৰ এজন আগ্ৰহী ছাত্ৰ। সেয়েহে কবিতা পঢ়াটো আৱশ্যক হৈ পৰে। আমাৰ কবিতা পঠনৰ ইও কিজানি এটা প্ৰধান কাৰণ।


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
গভীৰ ৰাজনৈতিক কিম্বা সামাজিক বক্তব্য থকা, সাম্প্ৰতিক যুগটোৰ সমস্যাসমূহ (যেনে ধৰক আত্মকেন্দ্ৰিকতা, নৈতিক আদৰ্শ আৰু প্ৰমূল্যবোধৰ অৱক্ষয়, মহানগৰীয় জীৱনৰ সমস্যা) আদিক প্ৰতিফলিত কৰা, বাস্তৱিক জীৱনৰ সদৰ্থক বা নঞাৰ্থক দিশবোৰ মুকলিকৈ দেখুওৱা সৰলকৈ লিখা তৰলতা নথকা কবিতা পঢ়ি ভাল পাওঁ। সেইবোৰ কবিতা পঢ়ি ভাল পাওঁ যত উত্তৰ আধুনিকতা আৰু poetic licenseৰ দোহাই দি ফাগুনত ধান চপোৱা নহয় বা ব'হাগত শেৱালি ফুলোৱা নহয়। প্ৰতীক আৰু চিত্ৰকল্পৰ দোহাই দি প্ৰথম শাৰীৰ লগত দ্বিতীয় শাৰীৰ কোনো সম্পৰ্ক ৰক্ষা নকৰাকৈ এখন কাল্পনিক জগৎ আৰু ক্লীচ্ছেৰ সৃষ্টি কৰি পাঠকৰ সৈতে কাৰচাজী কৰা নহয়। মুঠতে যিবোৰ কবিতাৰ অৰ্থ বিচাৰি পাঠকে বেৰত মূৰ মাৰিবলগীয়া নহয় বা পাঠকে যিবোৰ কবিতাত একাত্ম বোধ কৰে, আমাৰ দৃষ্টিত সিয়েই ভাল কবিতা, আমি তেনে কবিতাৰেই আগ্ৰহী পাঠক।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
বৰ্তমান অসমীয়া কবিতাত নতুনত্ব আৰু অৰ্থতকৈ কবিতাৰ মাজত ক্লীচ্ছে আৰু কেৰিকেচাৰৰ সংখ্যাগৰিষ্ঠতা চকুত পৰে। আমাৰ সাহিত্যত বিশেষকৈ কবিতাত এতিয়াও চলি থকা কেইটামান বিষয় হ'ল ফুল, পাত, বসন্ত, নদী, ফাগুন, আঘোণ ইত্যাদি। বিষয় একেই হোৱাটো সমস্যা নাছিল যদি বক্তব্য নতুন হ'লহেঁতেন। এতিয়া সমস্যাটো হ'ল এইকেইটা বিষয়ক লৈ কিছুমান অনৰ্থক কেৰিকেচাৰ চলি আছে। যদি কবিতা এটা পঢ়িবলৈ লৈ সুৰ, স্বৰ, বা বক্তব্য চিনাকি যেন লাগে, ৰূপকল্পটো আগেয়ে দেখাৰ দৰে লাগে, তেন্তে তাৰ প্ৰতি টানটো নিজে নিজেই কমি যায়। উদাহৰণৰ বাবে যিকোনো এটা বিষয় ধৰি লওক যেনে নদী। প্ৰত্যেক মানুহৰ অৱচেতন মনত নদীক লৈ কিছুমান ধাৰণা থাকে। অৱশ্যে সি সকলোৰে বাবে পৃথক। তেওঁলোকৰ ভৌগোলিক অৱস্থানো ইয়াৰ এটা মূল কাৰণ। গুৱাহাটীৰ ল'ৰা এজনৰ মনত নদীক লৈ যি ধাৰণা থাকে সি বানৰ তাণ্ডব দেখা লখিমপুৰ বা মাজুলীৰ ল'ৰা এজনৰ ধাৰণাতকৈ সম্পূৰ্ণ পৃথক। গৰিষ্ঠসংখ্যক সৃষ্টিতে আমি নদীকেন্দ্ৰিক কিছুমান ৰমণ্যাসিক ইউটোপীয়ান ধাৰণাহে দেখিবলৈ পাওঁ। কিন্তু ইয়াৰ মাজতে কিছুমান প্ৰয়োজনীয় দিশ আমি চেৰাই গৈছোঁ। প্ৰত্যেক নৈয়েই কিছুমান কাহিনী গঢ়ে, কিছুমান কাহিনী ভাঙে। মূল প্ৰশ্নটো হ'ল আমাৰ সাহিত্যই এই কাহিনীবোৰ কিমান দূৰ সামৰি লৈছে। নদীক কেন্দ্ৰ কৰি গঢ় লোৱা সামাজিক পৰিৱেশতন্ত্ৰ বা নৈখনক সম্বল হিচাপে লৈ জীয়াই থকা সমাজৰ অৱহেলিত মিছিং, কৈবৰ্ত বা মিয়া জনগোষ্ঠীটোৰ দিন-প্ৰতিদিনৰ সংগ্ৰাম বা সমস্যাৰ ছবিখনৰ উপস্থাপন আমাৰ সাহিত্যত হৈছেনে? অৱশ্যে এনে কবিতা নোহোৱা নহয়। মন কৰক:
(১) "আকাশখন গলিলে
       বুকুখন বুৰে
        দুখৰ কামিজত নৈপৰীয়া মলঙে" (‘নৈপৰীয়া’, হিতেশ মেধি)

(২) "উশাহ চটা মাৰিলে মানুহ মৰে। তোৰচোন ডিঙিলৈকে বালি ।
       তই মৰিছ ভোগদৈ,
       মৰিছোঁ মই।" (‘ভোগদৈ’, সুশান্ত বৰা)

মন কৰক দুয়োটা কবিতাই নৈক লৈ লিখা হৈছে। এটাই যদি নৈখনে সকলো লৈ যোৱাৰ সেই ছবি, খং, অভিমান, হাহাকাৰ ফুটাই তুলিছে আনটোৱে আকৌ দেখুৱাব খুজিছে নৈখন নোহোৱা হোৱাৰ উপক্ৰম ঘটাত তাক সম্বল হিচাপে লৈ জীয়াই থকা মানুহবোৰৰ কষ্ট। দুয়োটা কবিতাৰ বিষয়বস্তু একেই, নদী। কিন্তু perspective পৃথক।

বৰ্তমান অসমীয়া কবিতাত মূল সমস্যাটো হ'ল কথনৰীতিত নতুনত্বহীন অনৰ্থক শব্দৰ কাৰচাজীবোৰ। আজিৰ বহুতো কবিৰ এটা neophobic tendency বা নতুন বস্তুৰ প্ৰতি ভীতিগস্ততা দেখা যায়। কবিসকল কোনোবাখিনিত নিশ্চয় পৰাধীন। সেই দুৰ্লংঘ্য বুলি ভবা ভ্ৰমৰ প্ৰাচীৰ অতিক্ৰম নকৰিলে পৰীক্ষা-নিৰীক্ষা কৰা সম্ভৱ নহয়। আগৰ কথাখিনিকে একে ধৰণেই পখালি থাকিলে পুখুৰীৰ পানী নৈলৈ কেনেকৈ ওলাই বব? নৈ কেতিয়াকৈ উজাই আহি ওখ পুখুৰীৰ পাৰ পাৰ হ'ব? 
"কমি আহে কমি আহে
শ্ৰম মেধা সততাৰ দাম দৰ কমি আহে
সৰ্বময়ী হৈ আহে বিকৃতিৰ ছায়া ছবি
জেউ ধৰা জুৱাৰীৰ যাদুকৰী তাচ্ছ।"

কিয় নাজানো কিন্ত সাম্প্ৰতিক সময়ৰ গৰিষ্ঠসংখ্যক কবিতা পঢ়িলে আজিকালি প্ৰায়েই মোক অধ্যাপক ড কবীন ফুকনৰ কবিতাৰ এই পংক্তিকেইটাই খুন্দিয়াই যায়। এনে লাগে যেন সময়ৰ লগে লগে এই পংক্তিকেইটা অধিক বাস্তৱ আৰু অৰ্থবহ হৈ উঠিছে। সাম্প্ৰতিক সময়ত অসমীয়া কবিতাত মই আটাইতকৈ অভাৱ অনুভৱ কৰা দিশটো হ'ল পলিটিকেল পয়েট্ৰী আৰু ছেটায়াৰ পয়েট্ৰী। অসমীয়া মানুহ সজাগ নহয় পলিটিকেল পয়েট্ৰী, ছেটায়াৰ পয়েট্ৰী আদিৰ প্ৰতি। System-ক কটাক্ষ কৰি লিখা কবিতা আমাৰ সাহিত্যত তেনেই নগণ্য। চৰকাৰ, ভ্ৰষ্টাচাৰ আদিৰ কথা কোৱা কবিতা আমাৰ সাহিত্যত কম, যদি কোনোবাই লিখিছেও তেন্তে সেয়া কাকত-আলোচনীত ছপা হোৱা নাই। আমাৰ পাঠকে এতিয়াও ছেটায়াৰ পয়েট্ৰী বুলি ক'লে খুব তৰল পৰ্যায়ৰ কিবা এটা বুলি ভাবে। অৱশ্যে সাম্প্ৰতিক মনোজ নেওগ, কোকিল শইকীয়া, ধন দাস, হিমাংগ দাস আদিৰ ৰাজনৈতিক কবিতাবোৰ মন কৰিবলগীয়া। কেঁচা বয়স এটাত আমি প্ৰণৱ বৰ্মন, জীৱন নৰহ আদিৰ কবিতাৰে কবিতাৰ যাত্ৰা আৰম্ভ্ কৰিছিলোঁ। বয়স বঢ়াৰ লগে লগে কবীন ফুকন, জ্ঞান পূজাৰী, সনন্ত তাঁতি, ৰাহত ইণ্ডোৰী আদিৰ কবিতাই আমাৰ সত্তাক জোঁকাৰি গ'ল (হয়তো সলনিও কৰি গ'ল)। তাৰ পাছত ছিৰিয়াছ পঢ়া-শুনা আৰম্ভ কৰোঁতে আমাৰ চকুত ধৰা দিলেহি অসমীয়া কবিতাৰ এটা "পনীয়া" ৰূপে। আজিকালি কবিতা একোটা বুজি নাপালে আৰ্চিবল্ড মেকেলিছৰ বিখ্যাত উক্তি "A poem should not mean/ but be"-ৰ প্ৰসংগ আনি নিজৰেই সীমাবদ্ধতাক দোষাৰোপ কৰোঁ যদিও আমিও জানো কবিতা এটা বুজি নোপোৱাটো কেতিয়াবা পাঠকৰ দূৰ্বলতা নহ'বও পাৰে। কবিতাৰে পাঠকক নিজৰ কথাখিনি ক'ব নোৱাৰাটো কবিৰো অক্ষমতা হ'ব পাৰে। সেয়েহে নিজৰ ভোটা মগজু, অধ্যয়নহীনতা, বেয়াক বেয়া বোলাৰ নঞাৰ্থক প্ৰৱণতাক দমাব নোৱাৰাৰ বাবে আৰু "কবিতা বেয়া হোৱা"ৰ দুখটোৰ পৰা হাত সাৰিবলৈ পলায়নবাদী মনোভাবেৰে আজিকালি দূৰত্ব বজাই ৰাখোঁ অসমীয়া কবিতাৰ পৰা। তথাপি জেঠ মহীয়া শীতল বতাহজাকৰ দৰে কবিতাৰ পট পৰিৱৰ্তন কৰিব পৰা তৰুণ কবিৰ কবিতা বা সংকলনৰ খবৰ যেতিয়া পাওঁ তেতিয়া তাক উদৰস্থ কৰাৰ ভোকটো সম্বৰণ কৰিব নোৱাৰোঁ। হয়তো বেয়াবোৰৰ মাজত ভালবোৰ বিচাৰিবলৈ আৰু অসমীয়া কবিতাৰ এক নতুন বাট আৰু স্বৰৰ সন্ধান কৰাৰ স্বাৰ্থত যি দুই-চাৰিটা তৰুণ সম্ভাৱনা দেখোঁ তেওঁলোকৰ বিষয়ে আলোচনা হৈ থকাটো প্ৰয়োজনীয় বুলি ভাবোঁ।

অসমীয়া কবিতাত বহুসময়ত বিশ্বজনীন আবেদনৰ অভাৱ অনুভৱ কৰোঁ। প্ৰায়েই দেখোঁ যে আমাৰ গৰিষ্ঠসংখ্যক অসমীয়া কবিয়ে (সেয়া লাগিলে নীলমণি ফুকনেই হওক বা সাম্প্ৰতিক সময়ৰ একাংশ কবিয়েই হওক) তেওঁলোকৰ কবিতাবোৰ অসমৰ চাৰিসীমাৰ মাজতে আবদ্ধ কৰি থয়। মেইনলেণ্ড বা বিশ্বৰ কথা বাদেই দিলোঁ বহুসময়ত নৰ্থইষ্ট অথবা মহানগৰীয় জীৱনটোকে সামৰি নলয়। তেওঁলোকৰ গৰিষ্ঠসংখ্যকৰ ক্ষেত্ৰতে অসমীয়া গঞা জীৱনটোৰ প্ৰতি এটা টান দেখোঁ। কিন্তু কেৱল জানো গাঁওখনৰ কথা গাঁৱলীয়া জীৱনৰ কথা কৈ থাকিলে সাহিত্যলৈ বিশ্বজনীন আবেদন আনিব পৰা যাব?


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান? 
নৱকান্ত বৰুৱাই হয়তো অসমীয়া কাব্য-জগতৰ আটাইতকৈ সৌভাগ্যৱান কবি। তেখেতে জীৱনকালত কেইবাটাও যুগ দেখিছে। নৱকান্তই অসমীয়া কবিতাৰ ৰোমাণ্টিক যুগটো দেখিছে, পাছৰ পৰ্যায়ত বাস্তৱবাদী কবিতাৰ যুগো দেখিছে, আধুনিক যুগটোও দেখিছে আৰু জীৱনৰ শেষ বয়সত তেখেতে প্ৰায় উত্তৰ আধুনিক যুগটোও দেখিছে। আৰু আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল প্ৰতিটো যুগৰ হিচাপত নৱকান্তই নিজকে গঢ়িছে, reform কৰিছে। প্ৰাসংগিক আৰু পাঠকৰ প্ৰিয়জন কবি হ'বলৈ সময়ৰ সৈতে সলনি হোৱাটো যে জৰুৰী এই কথাটো নৱকান্তই ভালকৈ জানিছিল। আৰু জানিছিল নিজকে ৰিফৰ্ম কৰাৰ যিটো আৰ্ট বা প্ৰক্ৰিয়া। আমাৰ বহু সাম্প্ৰতিক কবিয়ে বৰ্তমান যুগৰ সৈতে খাপ খোৱাৰ এই কলাটো আয়ত্ত কৰিব পৰা নাই যেন অনুভৱ হয়। শতিকাৰ আৰম্ভণিৰ দশকটোত ২০০৩-৪ত যিধৰণৰ কবিতা লিখিছিল এতিয়াও সেই ধৰণৰ কবিতাই লিখি আছে। 

শেষত তৰুণসকলক মাত্ৰ এষাৰ কথাই ক'ম, নিজৰ কথাখিনি নিজৰ ধৰণেৰে ক'বলৈ মাতটো নিজৰ হোৱাটো প্ৰয়োজনীয়। সেয়েহে আনৰ কণ্ঠটো নিজৰ কণ্ঠৰ পৰা আঁতৰ কৰিব পাৰিব লাগে। অগ্ৰজক অনুসৰণ কৰাটো প্ৰয়োজনীয় কিন্তু অনুকৰণ কৰাটো ভুলেই নহয় নিজৰ উত্তৰণৰ বাবে মাৰাত্মকো। আমাৰ কবিতা আৰু সাহিত্যৰ উত্তৰণৰ বাবে কবিসকলে এই বেওটো ভঙাটো অৱশ্যক। অন্যথা ৫০, ৬০, ৭০ আদি দশকৰ কবিসকলৰ আদৰ্শৰে যদি সাম্প্ৰতিক সাহিত্য আগবাঢ়িবলৈ হয় তেন্তে তেনেকৈ আমাৰ জাতীয় সাহিত্য আগবাঢ়ি নাযায় বৰঞ্চ পিছ পৰিহে ৰ'ব। আমাৰ কবিসকলে নিজকে সেই বেওটোৰ পৰা মুক্ত কৰাৰ কথা চিন্তা কৰিব লাগে। অজিৎ বৰুৱাৰ দৃষ্টিৰে যদি চাওঁ তেন্তে হয় সাহিত্য আত্ম আনন্দৰ বাবে চৰ্চা কৰা বিষয় কিন্তু জাতীয় সাহিত্য আগবাঢ়ি যোৱাটোও আৰু আগবঢ়াই নিয়াটোও প্ৰয়োজনীয়। যদি নতুনেই গুৰি নধৰে, এইক্ষেত্ৰত কোনো initiative  নলয় তেন্তে ল'ব কোনে? সাম্প্ৰতিক কবিতাক কিতাপৰ পৰা উলিয়াই আনি পাঠকৰ মাজলৈ লৈ অনাৰ প্ৰয়োজন আছে। আমি এটা কথা খুব ভালকৈ বুজিব লাগিব যে সাহিত্য কেৱল সমাজৰ তথাকথিত elite শ্ৰেণীটোৰ পৈত্ৰিক সম্পত্তি নহয়। হয়তো জ্যোতিপ্ৰসাদে কোৱা জনতাৰ প্ৰাণৰো প্ৰাণত লুকাই থকা শিল্পীজনক জগাই তোলাটোহে কবিতাৰ কাম বুলি ভাবোঁ। তাৰ বাবে আমি পাঠকৰ কবিতা (Reader’s Poems) লিখিব লাগিব। পাঠক কবিতাৰ ওচৰলৈ নিজে নিজে আহিব বুলি বহি থাকিলে নহ’ব। বাকী নৱকান্ত বৰুৱাই লিখিছিল:
"মৈথুন আৰু শস্যৰ প্ৰয়োজন থকালৈকে 
পৃথিৱীত থাকিব মানুহ আৰু
কবিতা থাকিব মানুহৰ ৰখীয়া হৈ।"

গতিকে কবিতা নিজেই নিজৰ ৰখীয়া। আকৌ তাক ৰক্ষা কৰিবলৈ আমি একোটা অনৰ্থক অভিভাৱকত্ব দেখুওৱাৰ প্ৰয়োজন শূন্য।

হৰ্ষবৰ্দ্ধন বৰ্তমান স্নাতক মহলাত নামভৰ্তি কৰিবলৈ ৰৈ থকা এজন ছাত্ৰ। নিজকে ছিৰিয়াছ পাঠক হিচাপে পৰিচয় দিয়া হৰ্ষৰ প্ৰিয় বিষয় সাহিত্য। তেওঁ Marxist Criticism-ৰ আগ্ৰহী ছাত্ৰ আৰু এজন occasional writer। সাহিত্য, ৰাজনীতি বিজ্ঞান আৰু ইতিহাস তেওঁৰ অধ্যয়নৰ মূল বিষয়।

সকলোতকৈ ভাল লাগে মনত হিল্লোল তুলিব পৰা কবিতা

গোপাল চন্দ্ৰ হাজৰিকা

গোপাল চন্দ্ৰ হাজৰিকা
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
সাহিত্যৰ আদিমতম ৰূপ হৈছে কবিতা। ভাৰতীয় সাহিত্যৰ মাজত সগৌৰৱে অৱস্থান কৰিছে অসমীয়া সাহিত্যই। সেই হিচাপে অসমীয়া সহিত্য হেজাৰ বছৰৰো অধিক পুৰণি। যিহেতু কবিতাই হৈছে প্ৰাচীনতম সাহিত্য সেয়ে নিশ্চয় অসমীয়া কবিতাৰ বয়সো হেজাৰ বছৰতকৈ বেছি। চৰ্যাপদৰ দিনৰপৰা এতিয়ালৈকে অসমীয়া কবিতাই নানা উত্থান-পতনৰ মাজেৰে আহি আহি বৰ্তমানৰ ৰূপ পাইছেহি। তাহানিৰ ৰহস্যময় ভাবৰপৰা আৰম্ভ হৈ ভগৱান বিষয়ক ধৰ্মীয় বিষয়বস্তু সামৰি প্ৰকৃতি, প্ৰেম, বাস্তৱতা, কাৰুণ্য, অতীন্দ্ৰীয়বাদ, সৌন্দৰ্য তৃষ্ণা, বেদনা, চিৰ সুন্দৰৰ আৰাধনা, আবুৰসনা কোমল প্ৰেমৰ ভাব প্ৰকাশৰ পৰা আৰম্ভ কৰি বৰ্তমান আবুৰহীন প্ৰেমৰ বৰ্ণনালৈকে অসংখ্য বিষয়বস্তুৱে কবিতাত স্থান পাইছে। অসমীয়া কবিতাত আধুনিকতাৰ বাটকটীয়া দেৱকান্ত বৰুৱা । হেম বৰুৱা, নৱকান্ত বৰুৱা আদিয়ে বাট ল’লে এক ৰুচিশীল বাটেদি। তাৰ পিছতেই এতিয়া অত্যন্ত ভিৰ সেই বাটত। নতুন নতুন ৰুচি-অভিৰুচিৰে অসমীয়া কবিতা এতিয়া ৰং-বিৰঙেৰে বিচিত্ৰ। ঈশ্বৰ আৰু প্ৰকৃতিক এফলীয়া কৰাৰ বিপৰীতে কিছু কবিয়ে প্ৰকৃতি আৰু ঈশ্বৰক নতুনকৈ মূল্যায়ন কৰিছে। নৱকান্ত বৰুৱায়ো প্ৰকৃতি আৰু ঈশ্বৰক কবিতাৰ পৰা বাদ দিয়াটো ভুল বুলি অনুসুচনাৰ সুৰত ক’ৰবাত কৈছে। 

মুঠতে কবিতাক ভাল পোৱা মানুহ হিচাপে এইবোৰকে প্ৰত্যক্ষ কৰোঁ, কৰি ৰস আস্বাদন কৰোঁ, কেতিয়াবা আনন্দ, কেতিয়াবা নিৰানন্দ আৰু বিভিন্নতা দেখি হতাশাৰ মাজতো আশাৰ সঞ্চাৰহে বেছি হয়।  


আপুনি কবিতা কিয় পঢ়ে?
কবি এজনে এটা যুগৰ সূক্ষ্মতম চেতনা ধাৰণ কৰে বুলি কোৱা হয়। এজন কবিয়ে আন মানুহতকৈ বহুত বেছি সূক্ষ্মভাৱে জীৱন আৰু জগতৰ প্ৰতি সচেতন হয় । কবিতা একোটা পৰম্পৰাও। সেই পৰম্পৰাত থাকি কবিয়ে পাঠকৰ লগত যোগাযোগ কৰে আৰু পাঠক সেই পৰম্পৰাৰে পৰিচিত হৈ কবিতাটোৰ অৰ্থোদ্ধাৰ কৰে। আনুভুতিক উপলব্ধিয়েই কবিতাৰ প্ৰাণশক্তি। বহিৰ্দৰ্শন, অন্তঃদৰ্শন এইবোৰ কোনে কেনেকৈ প্ৰকাশ কৰিছে, জীৱনক নতুনকৈ চাবলৈ  কেনেকৈ শিকাইছে, মূলতঃ এইবোৰ পাবৰ কাৰণেই কবিতা পঢ়োঁ। সেইবুলি অকল দাৰ্শনিক ভাব আৰু সূক্ষ্ম চেতনা বিচাৰিয়েই কবিতা নপঢ়োঁ, পঢ়োঁ আনন্দ ল’বলৈ, নতুন এখন জগত চিনিবলৈ, কবিতাৰ লগত আত্মীয়তা গঢ়িবলৈ। যত্ন কৰি চাওঁ কবিগৰাকীক জুমি চাবলৈও। 


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
ভগৱান আৰু প্ৰকৃতিৰ সুন্দৰ বৰ্ণনা, ৰহস্যময়তা, কাৰুণ্য, দুখ, শোক, বেদনাৰে ভৰা কবিতাই মোক বেছি আনন্দ দিয়ে। সেইবুলি হাস্য-ব্যঙ্গ থকা কবিতা বেয়া পাওঁ বুলি নধৰিব। প্ৰায়বোৰ বিষয়ৰ কবিতাকে মই ভাল পাওঁ। কিন্তু সকলোতকৈ ভাল লাগে মনত হিল্লোল তুলিব পৰা কবিতা, বহুত সময়লৈ বা বহুত দিনলৈ অনুৰণনৰ সৃষ্টি কৰিব পৰা কবিতা। তাৰ আৱেশ যেন মনত লাগিয়েই থাকক তেনে ধৰণৰ। প্ৰেমৰ সূক্ষ্ম অনুভূতি প্ৰকাশ কৰিব পৰা শব্দৰ মায়াজালেৰে পাঠকক বন্দী কৰি ৰাখিব পৰা কবিতা ভাল পাওঁ।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক কালৰ কবিতা সঁচাকৈ ক’বলৈ গ’লে পঢ়া হোৱা নাই। মনটো তাহানিৰ হৈ আছেই বাবেই নেকি নেজানো ওপৰে-ওপৰে চাই প্ৰথম বাৰতেই পঢ়ি ভাল লগা কবিতা তেনেকৈ নেপাওঁ। স্থূলতা আৰু খঁৰা খঁৰা শব্দৰ ব্যৱহাৰে কবিতাৰ গৰিমাকে হ্ৰাস কৰে। হয়তো বহুতৰ সংঘাতহীন জীৱন, সকলোতকৈ কবিতা লিখাটোৱেই আতাইতকৈ সহজ বুলি ভবা মনোভাব আৰু ভাব প্ৰকাশৰ সহজলভ্যতায়ো তেনে কৰিব পাৰে। তথাপি তাৰ মাজতে আশাৰ পোহৰ থকা কবিতাও বহুত আছে। পঢ়ি পুলকিত হওঁ। মুঠতে বেয়া ধাৰণা নাই।


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
আগৰ কবিসকলক কিবা কোৱাৰ ধৃষ্টতা নাই। নতুন সকলক কোৱাৰ সাহসো নাই। তথাপি উঠি অহা সকলক ক’ব বিচাৰোঁ যে কবিতাত স্থূলতাৰ প্ৰকাশ কিবা এটা ভাল নেলাগে। আবুৰ নোহোৱা হ’ব নেলাগে। শব্দৰ নান্দনিক সৌন্দৰ্য বৰ্তাই ৰাখিব লাগে। শব্দৰ ভঁড়াল চহকী হোৱা বাঞ্চনীয়। অধ্যয়ন অতি প্ৰয়োজনীয়। সমাজ, সমাজৰ সদস্য, পশু-পক্ষী, প্ৰকৃতি আদিৰ সূক্ষ্ম পৰ্যবেক্ষণ প্ৰয়োজন। অনুভূতিশীল কোমল এটা মনৰ প্ৰয়োজন। প্ৰকাশত কোমলতা থাকিব লাগে। বিদ্ৰোহ, খং, ক্ষোভ, প্ৰেম প্ৰকাশৰ কৌশলবোৰ আয়ত্ত কৰিব লাগে। পাঠকলৈ চিন্তাৰ খোৰাক দি অনুৰণন যোগাব পৰাৰ  কৌশল থাকিলে ভাল লাগে।

গোপাল চন্দ্ৰ হাজৰিকা এগৰাকী কবি, লেখক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক৷ তেওঁৰ দুশখনতকৈয়ো অধিক গৱেষণা প্ৰবন্ধ বিভিন্ন আন্তৰ্জাতিক আৰু ৰাষ্ট্ৰীয় গৱেষণা আলোচনীত প্ৰকাশ পাইেছ। তদুপৰি তেওঁৰ গণিত বিষয়ৰ স্নাতক পৰ্যায়ৰ বাৰখন গ্ৰ্ন্থ আৰু পাঁচখন  কবিতাৰ পুথি প্ৰকাশ পাইছে৷

কবিতাৰ মাধ্যমেৰে সমাজৰ ন্যায়-অন্যায়ৰ কথা কওক

বিপুল ৰেগন

Bipul Regon
বিপুল ৰেগন
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
কবিতাৰ সৈতে সম্পৰ্ক মোৰ জ্ঞানেন্দ্ৰিয়ই আস্বাদন কৰালৈকে। কবিতা মোৰ মন-মগজুত কেনেকৈ ভুমুকি মাৰিলে গম নাপাওঁ, ঘৰত অধ্যয়নৰ পৰিবেশ নাছিল। তথাপি পাঠ্যপুথিৰ কবিতাকেইটা পঢ়ি এক সুখ অনুভৱ কৰিছিলোঁ। লাহে-লাহে হিন্দী সাহিত্যৰ দোহাৱলী, কবিতা আস্বাদন কৰিবৈল ধৰিলোঁ, শেহতীয়াকৈ মালায়লাম কাব্য সাহিত্যত বিচৰণ কৰিছোঁ। 

আপুনি কবিতা কিয় পঢ়ে?
সাহিত্য পঢ়োঁ মানসিক উৎকৰ্ষ সাধন কৰিবলৈ। সাহিত্যৰ বিভিন্ন জলতৰংগেদি আমি সাঁতুৰি-নাদুৰি থাকো। সাহিত্যৰ মাধ্যমেদি আমি সমাজ ব্যৱস্থাৰ প্ৰতিফলন দেখা পাওঁ। কবিতা কিয় কেনেকৈ পঢ়াৰ আগ্ৰহ বাঢ়িল নাজানো। ন-পুৰণি কবিতাক কৰ্ষণ কৰোঁ। জ্যেষ্ঠজনৰ কবিতাই কেতিয়াবা আমুৱাই। তথাপি ন-পুৰণি কবিতাৰ সমুদ্ৰত বিচৰণ কৰোঁ, জেলিফিশ্ববোৰ আতঁৰাই কবিতাৰ ৰস, গোন্ধ মন্থন কৰোঁ। 

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
সকলো ধৰণৰ কবিতাই তৃপ্তি দিয়ে। একে উশাহত কবিতা পঢ়ি পেলাওঁ, তাৰপাছত চালনিৰে চালি যাওঁ। যি কবিতা নতুনত্বৰ আবৰণত স্বাদিষ্ট হৈ উঠে—সেই কবিতা ন কবিৰেই হওক পুৰণি কবিৰেই হওক, যি কবিতাত সমাজৰ চিত্ৰকল্পই ভুমুকি মাৰে, যি কবিতাই আন্ধাৰ নেওচি পোহৰ বিলাব পাৰে, যি কবিতাই প্ৰেমৰ নতুনত্বৰ সন্ধান দিয়ে। 

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক অসমীয়া কবিতাত বিভিন্ন ধৰণৰ সম্পৰীক্ষা কৰি আছে ন-পুৰণি কবিয়ে। সাম্প্ৰতিক অসমীয়া কবিতাৰ প্ৰতি মই আশাবাদী। সাম্প্ৰতিক কবিতাখিনি মই দুই ধৰণে পঢ়োঁ। ১. সৰ্বসাধাৰণে বুজি পোৱা ভাব-ভাষাৰ আঁচল টানি লিখা কবিতা। ২. বৌদ্ধিক সমাজে বুজি পোৱা কবিতা। সাম্প্ৰতিক অসমীয়া কবিতাৰ পৰাগ ৰেণুবোৰ দেশে-বিদেশে বিয়পি পৰিছে। 

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকলক আহ্বান কৰিব পৰা অধিকাৰ মোৰ নাই, কাৰণ কাব্য সমুদ্ৰত সাঁতুৰিবলৈ শিকিছোঁহে। ন শিকাৰু হিচাপে এটা কথাই ক'ম, কবিতাৰ মাধ্যমেৰে সমাজৰ ন্যায়-অন্যায়ৰ কথা কওক, একঘেয়ামী কথোপকথনৰ পৰা ওলাই আহক, সকলো কবিৰ কবিতাক সম্মান কৰিবলৈ শিকক, অন্য ৰাজ্যৰ কবিতাবোৰ পঢ়ক, অনুবাদ সাহিত্য পঢ়ক, কবিতাৰ মাধ্যমেদি ৰীতি-নীতি, সমাজ-ব্যৱস্থাৰ কথা প্ৰতিফলিত কৰক।

বিপুল ৰেগন এগৰাকী কবি আৰু অনুবাদক। তেওঁ অসমীয়া ভাষাৰ লগতে মালায়লাম ভাষাতো কাব্য-চৰ্চা কৰি আহিছে।

পাঠকে কবিতা পঢ়ে নিজৰ ভাবনাক অনুভৱ কৰিবলৈ

অভিজিত দত্ত

অভিজিত দত্ত
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
মোৰ মতে শিক্ষা আৰু কবিতাৰ বিশেষ সম্পৰ্ক  নাই। অৰ্থাৎ অশিক্ষিত অথচ অনুভৱ কৰিব পৰা মানুহ এজনেও কবিতা বুজে। সেইবাবে শিক্ষিত ব্যক্তি হিচাবে এই প্ৰশ্নসমূহৰ উত্তৰ দিয়াতকৈ কবিতা অনুভৱ কৰিবলৈ চেষ্টা কৰা মানুহ এজন হিচাবেহে মই প্ৰশ্নসমূহৰ উত্তৰ দি সুখী হ'ম। কবিতা মনটোৰ প্ৰতিফলন। কবিয়ে মনলৈ অহা বিভিন্ন ভাব অথবা অনুভৱ কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰে। মই সেয়েহে কবিতা ভাল পাওঁ। কিন্তু কবিতাই হওক, উপন্যাসেই হওক বা গল্পই হওক, তাত জীৱনৰ কথা থাকিব লাগে। আনহাতে কবিতাক কবিৰ সৈতে একাত্ম কৰিব নালাগে। কবিয়ে হয়তো কবিতা লিখে তেওঁৰ মনৰ কথা ভাবি। পাঠক এজনে আকৌ সেই কবিতাটো পঢ়ে নিজৰ ভাৱনাক অনুধাৱন কৰিবলৈ। কবিয়ে কি ভাবি কবিতা এটা লিখে, সেয়া পাঠকৰ বাবে গ্ৰহণযোগ্য নহ'বও পাৰে। পাঠকে কবিতা পঢ়ে নিজৰ ভাবনাক অনুভৱ কৰিবলৈহে।


আপুনি কবিতা কিয় পঢ়ে?
প্ৰাত্যহিক জীৱনৰ দায়িত্বই মোৰ অনুভৱক কেতিয়াবা পিষ্ট কৰি তোলে। কবিতা এটা পঢ়িলে মই মোৰ অনুভৱৰ পৃথিৱীত বিচৰণ কৰিবলৈ সুবিধা পাওঁ। এটা গান শুনি গানত উল্লেখ কৰা বিষয়বস্তু মই কল্পনা কৰি ভাল পাওঁ। একেদৰে কবিতা এটা পঢ়ি মই মোৰ সুবিধা অনুসৰি মোৰ পৃথিৱী এখন সৃষ্টি কৰিবলৈ সক্ষম হওঁ। সেইবাবেই মই কবিতা পঢ়ি ভাল পাওঁ।


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
যিবোৰ কবিতাই মোক ভাবিবলৈ সুবিধা দিয়ে, যিবোৰ কবিতাই মোক ভিন্ন ধাৰণা সৃষ্টি কৰাত সহায় কৰে, যিবোৰ কবিতাই পৃথিৱীৰ বাস্তৱ চিত্ৰ আঁকিবলৈ সক্ষম হয়, তেনেধৰণৰ কবিতাই মোক তৃপ্তি দিয়ে। নীলমণি ফুকনৰ 'মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি', 'তুমি যে তিলফুল হৈ', হীৰেন ভট্টাচাৰ্যৰ 'তেজৰ আখৰেৰে', জীৱন নৰহৰ ' তুমি পকাধানৰ দৰে গোন্ধাইছা', নীলিম কুমাৰৰ 'চোৰ' আদি কবিতাবোৰ সেয়েহে মই ভাল পাওঁ।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
কবিতা এটা সাধনা। সকলোৱে কবিতা লিখিব নোৱাৰে। ময়ো নোৱাৰোঁ। বৰ্তমান সময়ত কবিতাবোৰ দুৰ্বোধ্য হৈছে। আনহাতে নতুন শৈলীৰ কবিতা লিখিবলৈ চেষ্টা এটা চলি আছে যদিও কবিতাৰ নামত অখাদ্যই পাঠকক বিতুষ্ট কৰি তুলিছে। সকলোৱে কবিতা লিখাতকৈ কবিতানো কি সেয়া ভালকৈ অধ্যয়ন কৰিলেহে অসমীয়া কবিতাৰ ক্ষেত্ৰখন বিকশিত হ'ব। আনহাতে কবিয়ে কি ভাবে অকল সেয়া নিলিখি কবিতাত এটি 'open end' সৃষ্টি কৰাটো উচিত।


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকল কাব্যিক হৈ পৰক। দেশ-বিদেশ আৰু অসমৰ কবিতাবোৰ বেছিকৈ অধ্যয়ন কৰক। কোনো এগৰাকী কবি এসময়ত প্ৰতিষ্ঠিত আছিল বাবেই কবিতা লিখিব লাগিব বুলি কথা নাই। নীলমণি ফুকন ছাৰে কোৱাৰ দৰে সৃষ্টিশীলতাত বন্ধ্যা সময় আৰম্ভ হৈছে নেকি সেয়া কবিসকলে নিজক সোধক। 

ড° অভিজিত দত্ত গুৱাহটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক আৰু এগৰাকী লেখক, অনুবাদক।

Effortless

Dinesh Goswami

Intense sunlight of day covered the bright palette of the sky
Sweat oozing out all over your body
On the morning grass in utter silence petals of night jasmine— as if dead.
And through my hands pass incessant languor
Nevertheless, sitting in the light of a resplendent dream
Like a drunkard in the intoxication of sunlight— I think
Deep faith unnoticed may have offered assurance
To life, to world: love is ingrained.
When the fog of remembrance wears off only a few things remain—
Names of a few flowers, one or two poems and a girl one loves
When there’s nothing one can claim one’s own!
Only emptiness remains. Suddenly when wonders of night
Descend down the banks of a golden river
Shadows of endless fatigue fall on the deserts of the world
The fragrance of the dream-thirsty heart spreads all over the universe.
I feel great courage pulsating like a life
The smell of the beloved woman’s body feels like
The yellow paddy fields waking up piercing the waves of soil.

Translated by Uttam Duorah

Dinesh Goswami was an Assamese poet and writer.

Uttam Duorah, the translator, retired as the HoD, English, Women’s College, Tinsukia and is based in Tinsukia, Assam.

Click for the Assamese text of the poem.

সম্পৰীক্ষাৰ নামত বহুৱালী কৰিব নালাগে

পূৰ্ণ চুতীয়া

পূৰ্ণ চুতীয়া
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
প্ৰাথমিক বিদ্যালয়ত 'অ ফুল অ ফুল নুফুলনো কিয়?', 'নিচিনো তোমাক ক'ত আছা প্ৰভু' আদি কবিতা পঢ়াৰে পৰা আজিলৈকে কবিতাৰ সৈতে সম্পৰ্ক ৰৈ গ'ল। আচলতে কবিতাসমূহ পঢ়ি ভাল পাইছিলোঁ। কবিতাসমূহে যেন আমাক বহু কথা কৈছিল। 'আমাৰ গাঁও' কবিতাত যেনেকৈ আমাৰ গাঁওসমূহৰ কথা ইমান সুন্দৰকৈ কৈছিল। সেইবাবে কবিতাৰ প্ৰতি এক টান মনত সোমাই পৰিল। এতিয়াও মন গ'লেই ভাল লগা কবিতাৰ পংক্তি আওৰাই থাকোঁ। কেতিয়াবা জোৰেৰে, কেতিয়াবা মনে-মনে। আকৌ স্কুল-কলেজত থাকোঁতে কবিতা আবৃত্তি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিলোঁ। কেতিয়াবা পুৰষ্কাৰো পাইছিলোঁ। এনেকৈ কবিতাৰ লগত আত্মীয়তা গঢ়ি উঠিল। বৰ্তমানলৈকে এই সম্পৰ্ক অটুত আছে।


আপুনি কবিতা কিয় পঢ়ে?
মন ভাল লাগিবলৈ কবিতা পঢ়োঁ। কিছুমান মানুহে যেনেকৈ গান শুনি সময় পাৰ কৰে মই তেনেকৈ ভাল লগা কবিতাৰ পংক্তি আওৰাই সময় পাৰ কৰোঁ। কেতিয়াবা মন বেয়া লাগিলেও বা অস্থিৰতা আঁতৰাবলৈয়ো ভাল লগা কবিতা পঢ়োঁ। নতুবা মনলৈ আনি চিঞৰি থাকোঁ তেনে কবিতাৰ পংক্তি।


কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
উৎকৃষ্টতম শব্দৰ বিন্যাসেৰে সৃষ্টি কৰা বাক্যৰ কবিতাই তৃপ্তি দিয়ে। যি কবিতাৰ শব্দই হৃদয় জোঁকাৰি যাবলৈ সক্ষম হয় তেনে কবিতাই মানসিক সন্তুষ্টি দিয়ে। কবিতাসমূহ লাগিলে প্ৰতিবাদী কবিতা নতুবা অন্যান্য বিষয়ক কবিতাই নহওক কিয়।


সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক কবিতা বুলিলে কবি ৰাম গগৈদেৱে কোৱা কথাষাৰ মনলৈ আহে, "অতি সম্প্ৰতি লিখা এটা কবিতা হ'লেও 'সাম্প্ৰতিক কবিতা' বুলি আমি গ্ৰহণ কৰিব নোৱাৰোঁ। যি অবৈজ্ঞানিক ইতিমধ্যে অপ্ৰচলিত হৈ পৰিছে। যি পশ্চাৎমুখী সি কেতিয়াও সাম্প্ৰতিক কালৰ গ্ৰহণযোগ্য নহয়।" গতিকে সাম্প্ৰতিক কবিসকলে এই কথাটো মন কৰা দৰকাৰ। বৰ্তমান সমস্যাজৰ্জৰ, ক্ষয়িঞ্চু সমাজৰ কথা কওক কবিসকলে। সাম্প্ৰতিক বহু কবিৰ কবিতাত এই চিত্ৰ দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কবিতাৰে এই সমস্যাসমূহৰ চিত্ৰ আঁকিছে। এনে বহু উৎকৃষ্ট কবিতা পঢ়িবলৈ পাইছোঁ বৰ্তমান। অসমীয়া কবিতা আৰু কবিক লৈ আশাবাদী সদায়। বহুকেইজন কবিয়ে সমসাময়িক ঘটনাপ্ৰৱাহ, সমাজজীৱন, সামাজিক সমস্যা আদিক কবিতাৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ কৰি পাঠকৰ সমাদৰ পাবলৈ সক্ষম হৈছে। কবিতাৰে সমাজলৈ একো একোটা বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।


কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকলে মনৰ ভাব প্ৰকাশ কৰক। চাব যাতে কবিতা বুলি যিকোনো লিখি পাঠকলৈ এৰি নিদিয়ে। কবিতাও সাহিত্যৰ এক অংগ। গতিকে তাত সাহিত্যিক গুণ থাকিব লাগিব। সম্পৰীক্ষা কৰক, কিন্তু সম্পৰীক্ষাৰ নামত বহুৱালী কৰিব নালাগে। কবিতাক কবিতাৰ গুণেৰে মহীয়ান কৰক। বিতৰ্কত থাকি সফল হ'বলৈ চেষ্টা নকৰিব। চেষ্টা কৰক শব্দৰে, বাক্যৰে পাঠকৰ মাজত ৰৈ যাবলৈ। কবিতা কেৱল নাৰীৰ অংগতে নিবিচাৰিব। কবিতাৰ সমল সমাজৰ অন্যান্য স্থানতো উপলব্ধ।

পূৰ্ণ চুতীয়া এগৰাকী সচেতন পাঠক। তেওঁ সম্প্ৰতি ভাৰতীয় ৰেল-বিভাগত কৰ্মৰত।

যোগাত্মক চিন্তাৰ কবিতাই  তৃপ্তি দিয়ে

হেমন্ত কুমাৰ শৰ্মা

হেমন্ত কুমাৰ শৰ্মা
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
এসময়ত কবিতা লিখাৰ অভ্যাস এটা আছিল । এতিয়া ছেগা-চোৰোকাকৈহে লিখা হয় । এজন সাহিত্যানুৰাগী হিচাপে কবিতাৰ লগত সম্পৰ্ক আছে।

আপুনি কবিতা কিয় পঢ়ে?
কবিতা পঢ়োঁ বুলি  নকওঁ। পিছে মিলিতান্ত ছন্দৰ কবিতা পালে পঢ়োঁ। কিন্তু আজিকালি মিলিতান্ত ছন্দৰ কবিতা খুব কম। বিশেষ উদ্দেশ্য নাই, ভাল লাগে বুলিয়ে পঢ়োঁ।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
যোগাত্মক চিন্তাৰ কবিতাই তৃপ্তি দিয়ে। 

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
কেতিয়াবা কিছুমান কবিতা পঢ়িলে এনেয়ে লিখা যেন লাগে। মনৰ ভাব ছন্দত (মিলিতান্ত নহ’লেও) প্ৰকাশ কৰাত ব্যৰ্থ হোৱা যেন পাওঁ।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
প্ৰজন্মক উদ্বুদ্ধ কৰিব পৰা কবিতা লিখিলে সমাজৰ কল্যাণ হ’ব ।

হেমন্ত কুমাৰ শৰ্মা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফাৰ্মাচিউটিকেল ছায়েন্স বিভাগৰ এগৰাকী অধ্যাপক। স্কুলীয়া জীৱনত তেওঁ কবিতা লিখিছিল আৰু বিভিন্ন কবিসন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে বাদ্যযন্ত্ৰ সংগীতৰ চৰ্চাও কৰিছিল। তেওঁ বাতৰিকাকতত বিজ্ঞান বিষয়ক প্ৰবন্ধ-পাতি লিখে।