কবিতাৰ মাধ্যমেৰে সমাজৰ ন্যায়-অন্যায়ৰ কথা কওক

বিপুল ৰেগন

Bipul Regon
বিপুল ৰেগন
এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?
কবিতাৰ সৈতে সম্পৰ্ক মোৰ জ্ঞানেন্দ্ৰিয়ই আস্বাদন কৰালৈকে। কবিতা মোৰ মন-মগজুত কেনেকৈ ভুমুকি মাৰিলে গম নাপাওঁ, ঘৰত অধ্যয়নৰ পৰিবেশ নাছিল। তথাপি পাঠ্যপুথিৰ কবিতাকেইটা পঢ়ি এক সুখ অনুভৱ কৰিছিলোঁ। লাহে-লাহে হিন্দী সাহিত্যৰ দোহাৱলী, কবিতা আস্বাদন কৰিবৈল ধৰিলোঁ, শেহতীয়াকৈ মালায়লাম কাব্য সাহিত্যত বিচৰণ কৰিছোঁ। 

আপুনি কবিতা কিয় পঢ়ে?
সাহিত্য পঢ়োঁ মানসিক উৎকৰ্ষ সাধন কৰিবলৈ। সাহিত্যৰ বিভিন্ন জলতৰংগেদি আমি সাঁতুৰি-নাদুৰি থাকো। সাহিত্যৰ মাধ্যমেদি আমি সমাজ ব্যৱস্থাৰ প্ৰতিফলন দেখা পাওঁ। কবিতা কিয় কেনেকৈ পঢ়াৰ আগ্ৰহ বাঢ়িল নাজানো। ন-পুৰণি কবিতাক কৰ্ষণ কৰোঁ। জ্যেষ্ঠজনৰ কবিতাই কেতিয়াবা আমুৱাই। তথাপি ন-পুৰণি কবিতাৰ সমুদ্ৰত বিচৰণ কৰোঁ, জেলিফিশ্ববোৰ আতঁৰাই কবিতাৰ ৰস, গোন্ধ মন্থন কৰোঁ। 

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?
সকলো ধৰণৰ কবিতাই তৃপ্তি দিয়ে। একে উশাহত কবিতা পঢ়ি পেলাওঁ, তাৰপাছত চালনিৰে চালি যাওঁ। যি কবিতা নতুনত্বৰ আবৰণত স্বাদিষ্ট হৈ উঠে—সেই কবিতা ন কবিৰেই হওক পুৰণি কবিৰেই হওক, যি কবিতাত সমাজৰ চিত্ৰকল্পই ভুমুকি মাৰে, যি কবিতাই আন্ধাৰ নেওচি পোহৰ বিলাব পাৰে, যি কবিতাই প্ৰেমৰ নতুনত্বৰ সন্ধান দিয়ে। 

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?
সাম্প্ৰতিক অসমীয়া কবিতাত বিভিন্ন ধৰণৰ সম্পৰীক্ষা কৰি আছে ন-পুৰণি কবিয়ে। সাম্প্ৰতিক অসমীয়া কবিতাৰ প্ৰতি মই আশাবাদী। সাম্প্ৰতিক কবিতাখিনি মই দুই ধৰণে পঢ়োঁ। ১. সৰ্বসাধাৰণে বুজি পোৱা ভাব-ভাষাৰ আঁচল টানি লিখা কবিতা। ২. বৌদ্ধিক সমাজে বুজি পোৱা কবিতা। সাম্প্ৰতিক অসমীয়া কবিতাৰ পৰাগ ৰেণুবোৰ দেশে-বিদেশে বিয়পি পৰিছে। 

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?
কবিসকলক আহ্বান কৰিব পৰা অধিকাৰ মোৰ নাই, কাৰণ কাব্য সমুদ্ৰত সাঁতুৰিবলৈ শিকিছোঁহে। ন শিকাৰু হিচাপে এটা কথাই ক'ম, কবিতাৰ মাধ্যমেৰে সমাজৰ ন্যায়-অন্যায়ৰ কথা কওক, একঘেয়ামী কথোপকথনৰ পৰা ওলাই আহক, সকলো কবিৰ কবিতাক সম্মান কৰিবলৈ শিকক, অন্য ৰাজ্যৰ কবিতাবোৰ পঢ়ক, অনুবাদ সাহিত্য পঢ়ক, কবিতাৰ মাধ্যমেদি ৰীতি-নীতি, সমাজ-ব্যৱস্থাৰ কথা প্ৰতিফলিত কৰক।

বিপুল ৰেগন এগৰাকী কবি আৰু অনুবাদক। তেওঁ অসমীয়া ভাষাৰ লগতে মালায়লাম ভাষাতো কাব্য-চৰ্চা কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *