জীৱন বৈভৱ
গতিয়েই গোত্ৰ সলায়
খণ্ডিত কৰিব নোৱাৰাকৈ
ই এক চিৰন্তন বিধি।
জীৱন নদীৰ দুয়ো পাৰে লিখা থাকে জীৱন বৈভৱৰ পুৰাতন পাণ্ডুলিপি।
আশাৰ ঊৰ্ধ্বমুখী ফাগুনত
নীলাৰ সিপাৰে উচ্চাকাংক্ষী ঘৰ।
দুবাহুত গজি উঠা
দুৰন্ত তেজাল শকতি
ঘূৰি চোৱাৰ সময়ে তেতিয়া
ৰিঙিয়াই নামাতে।
জীৱন বৈভৱৰ অমোঘ অস্ত্ৰ
যেন সৃষ্টিৰ ৰহধলা বীজৰ থলী।
ধাৰাশায়ী জীৱনৰ খোজৰ চাপতে
লুকাই থাকে
বৰ্ণিল জীৱনৰ কথকতা।
জীৱনৰ তেজাল শকতিৰ প্ৰখৰতা
প্ৰৱাহিত হয় সদায়ে
তোমাৰ এটি ৰৌদ্ৰোজ্বল পুৱাৰ আমন্ত্ৰণতে।
এই সময় সেই সময়
আয়ে সাধু কয়
মই শুনো
আয়ে গীত গায়
মই শুনি শুনি টোপনি যাওঁ
মাজে মাজে আয়ে উচুপি উঠে।
মোৰ সাধাৰণ বুদ্ধিমত্তাতে ধৰা দিয়ে
আইৰ এটি নামহীন বিষাদৰ গোন্ধে।
এই সময় সেই সময়
আয়ে নোৱাৰে সহিব
বিদ্ৰোহৰ অগনিত
পালতৰা নাওখনৰ দিশ সলনি হয়।
জীৱনো সলনি হয়
শৈশৱ যৌৱন আৰু বৃদ্ধত্বত।
আয়ে আজিকালি বুজি পোৱা হৈছে নতুবা
বুজি পোৱাৰ ভাও লৈছে
জীৱনক জুখি চোৱাৰ কৌশল সলাইছে।
মাটি খান্দি প্ৰাচীন সভ্যতাৰ
ভেটি বিচৰাতকৈ
দুখৰ পাহাৰ খচকি
সুখৰ আকৰত
নিজৰ প্ৰতিবিম্ব দেখিছে। নিজা শৈলীৰে
আয়ে বুজি পোৱা হৈছে
উপলব্ধিৰ আওতাত
জীৱন আৰু সময়ৰ মূল্যায়ন
সদায়ে দীৰ্ঘস্থায়ী।
Click here for an English translation of the poems.