ড০ পৰী হিলৈদাৰী
কবিতা এটা কেৱল ৰোমাণ্টিক হ'ব পাৰে, আধুনিক হ'ব নোৱাৰে, আধুনিক বুলি ছিল-মোহৰ মাৰি দিয়া কবিতা এটা উত্তৰাধুনিক হ'ব নোৱাৰে; উত্তৰাধুনিকতাৰ লক্ষণ আত্মস্থ কৰা কবিতা এটাত কোনো সমাজ-বাস্তৱ নাথাকে, ইতিহাস, ৰাজনীতি একো নাথাকে—কথাবোৰ বাৰু এনেকুৱা নেকি? আচলতে কবিতা এটাক যেতিয়া ৰোমাণ্টিক, আধুনিক, উত্তৰাধুনিক, উত্তৰ ঔপনিবেশিক ইত্যাদি একক অভিধাৰে সংজ্ঞায়িত কৰা হয়, বহুমাত্ৰিক অৰ্থৰ তৰপবোৰ সন্ধান কৰি লাভ কৰিব পৰা পঠন অভিজ্ঞতাৰ আনন্দৰ পৰা পঢ়ুৱৈক বঞ্চিত কৰা হয়। পল ডি ম্যেনে (Paul de Man) ‘Resistance to Theory' নামৰ ৰচনাখনত তত্ত্বক অমান্য কৰি সাহিত্য-পাঠৰ আনন্দ লাভ কৰাৰ কথা কৈছে। তত্ত্বক অমান্য কৰিব হয়তো নোৱাৰি, কিন্তু একেটা সাহিত্য-পাঠকে ভিন ভিন দৃষ্টিকোণেৰে ব্যাখ্যা কৰি নিশ্চয় চাব পাৰি। কবি বিপুলজ্যোতি শইকীয়াৰ ‘মোৰ নোপজা ছোৱালীজনী' নামৰ এটি চুটি কবিতা আছে (কবিতাটো অজিত ভৰালী সম্পাদিত এশ বছৰৰ নিৰ্বাচিত অসমীয়া কবিতাত সন্নিৱিষ্ট হৈছে; প্ৰকাশ কাল ২০১৮)। কবিতাটোৰ প্ৰথম শাৰীটোৱে এটা নঘটা বা নোহোৱা কথাৰ স্মৃতি ৰোমন্থনৰ পাতনি মেলিছে এনেদৰে-- মোৰ নোপজা ছোৱালীজনী নোপজাৰ কাহিনী এটা আছিল নোপজা ছোৱালীজনী নোপজাৰ কাহিনীয়ে আমাক এটা বিৰোধাভাসৰ সৈতে মুখামুখি কৰোৱাইছে—সেয়া হৈছে, প্ৰথাগত ধাৰণা মতে ঘটনাৰ পৰা কাহিনীৰ জন্ম হয়, কিন্তু ইয়াত নঘটা কথা এটাৰ পৰাও কাহিনীয়ে শিপা মেলিব পাৰে বুলি কোৱা হৈছে। পাছৰ স্তৱককেইটাত দেখা গৈছে যে ঘটনাটো যে ঘটাই নাছিল সেই কথা সূচাবৰ বাবে ‘নাছিল' শব্দটো কেইবাবাৰো উল্লেখ কৰা হৈছে-- মাকে কাহিনীটো লৈ ছুৱেটাৰ গুঁঠা নাছিল। আনকি ফ্ৰক এটাও চিলোৱা নাছিল, বুটাম লগোৱা দূৰৈৰে কথা, উপন্যাস হ'লে কাহিনীটোক উলিয়াই দিবলৈ সাচি ৰখা নাছিল মাকৰ মাকৰ মাকৰ দিনৰ মিনাকৰা জোনবিৰি উপৰি উক্ত স্তৱকটোৱে কিন্তু নোপজা ছোৱালীজনী নোপজাৰ কাহিনীটো আঁতৰলৈ ঠেলি পঢ়ুৱৈৰ সমুখত থিয় কৰোৱাইছে, এটা নোপজা কাহিনীৰ কথা। অৰ্থাৎ আমি নোপজা কাহিনীৰ সৈতে মুখামুখি হৈছোঁ। আমি ধৰি ল'ব পাৰোঁ যে এই নোপজা কাহিনীটোৱেই নোপজা ছোৱালীজনী। কবিৰ চেতনাৰ গৰ্ভত কাহিনীটোৰ ভ্ৰূণটোৱে হয়তো থিতাপি লৈছিল, কিন্তু, কাহিনীটোৱে পৃথিৱীৰ পোহৰ দেখাৰ মুহূৰ্তটোৰ কাৰণে কবিৰ কোনো আয়োজন নাছিল। আনহাতে কবিতাটোৰ তৃতীয় স্তৱকত দেখা গৈছে যে পঢ়ুৱৈৰ সন্মুখত অন্য এক বিৰোধাভাসে আহি জঁটৰ সৃষ্টি কৰিছে– অকণমানি হাইকু এটাৰ পৰা কাহিনীটো এদিন ছনেট হ'ল ছনেটৰ পৰা গল্প হৈ নাটক আদিৰ মাজেদি এদিন কাহিনীটো দীপলিপ ৰূপকথা এটি হ'ল সাত সাগৰৰ দেশ-বিদেশৰ তেৰ নদীৰ পাৰৰ জোনাকে আহি ওপচাই পেলালেই আমাৰ ঘৰখন নোপজা কাহিনীটো উপজিল আৰু কাহিনীটোৱে অন্য এক মাত্ৰা আৰু গতি লাভ কৰিলে। অকণমানি হাইকু এটাই ছনেট, গল্প, নাটক ইত্যাদিৰ ৰূপ গ্ৰহণ কৰা কথাটোত কাহিনীয়ে বিস্তাৰ লাভ কৰাৰ ইংগিত দিয়াৰ লগতে পূব আৰু পশ্চিমৰ, দেশীয় আৰু বিদেশী সাহিত্যৰ মাজত ঘটা সংশ্লেষণৰ প্ৰসংগৰো অৱতাৰণা কৰা হৈছে। ‘দিপলীপ ৰূপকথা' বাক্যাংশটোত অনুভূত হোৱা এজনী মৰমলগা ছোৱালীৰ ছবিখনত আমাৰ পূৰ্বৰ ধাৰণাটোকে শুদ্ধ বুলি ভবাৰ অন্য এক যুক্তি বিচাৰি পোৱা যেন লাগে– ধাৰণাটো আছিল যে কবিতাটোৰ নোপজা ছোৱালীজনীয়ে নোপজা কাহিনীক বুজাইছে। তৃতীয় স্তৱকৰ শেহৰ তিনিটা শাৰীয়ে সাংস্কৃতিক সংশ্লেষণৰ পৰা উদ্ভূত সৃষ্টিৰ দ্যোতিয়ে ‘আমাৰ ঘৰখন' পোহৰাই তোলাৰ কথা কৈছে। ‘আমাৰ ঘৰখন' বাক্যাংশটোত বাজি উঠা আপোন ভাবটিয়ে দেশীয় বা থলুৱা সংস্কৃতি-সাহিত্যৰ ৰূপকীয় অনুষংগ হিচাপে ঘৰখনৰ ছবিখন প্ৰক্ষেপ কৰা বুলি ভাবিবলৈ সুৰুঙা উলিয়াই দিছে। গোটেই স্তৱকটোৱে সাহিত্য-সংস্কৃতিৰ বিকাশ-বিৱৰ্তনৰ ধাৰাটোৱে বিভিন্নতাক সামৰি লোৱা ঐতিহাসিক সত্যটোক খুব পৰিমিত শব্দৰে দাঙি ধৰিছে। পূব আৰু পশ্চিমৰ সংযুতিত পোখা মেলা অপৰূপ ৰূপকথাটিৰ অস্তিত্ব বিপন্ন হৈ পৰা এক ভয়াৰ্ত পৰিৱেশৰ কথা কোৱা হৈছে কবিতাটোৰ পাছৰ দুটা স্তৱকত– মোৰ নোপজা ছোৱালীজনী নোপজাৰ কাহিনীটোক কোনোবাই ৰ'দত তপতালে কোনোবাই আখৰবোৰত বাটৰ ধূলি ঘঁহিলে কোনোবাই ঢালিলে এচিড কোনোবাই কাহিনীটো লৈ গ'ল অজানমুলুকলৈ কোনোবাই চিন-মোকাম নোহোৱা কৰি শেষলৈকে সেইটো ফালি পেলালে ৰ'দ, ধূলি আৰু এচিডৰ প্ৰতীকী অনুষংগই নিজৰ দেশৰ মাটিতে থলুৱা সাহিত্য-সংস্কৃতি, থলুৱা কাহিনীয়ে সংকটৰ মুখামুখি হোৱাৰ সংকটকালীন সন্ধিক্ষণৰ সংকেত দিয়াৰ বিপীৰতে শেষৰ তিনিটা শাৰীত প্ৰতিধ্বনিত হৈছে দেশীয় সাহিত্য-সংস্কৃতিক ধ্বংস কৰি পেলোৱা অন্য দুটা আধিপত্যশীল শক্তিৰ প্ৰসংগ। তাৰ প্ৰথমটো হৈছে সাংস্কৃতিক সাম্ৰাজ্যবাদৰ গাত ভেঁজা দি গঢ়ি উঠা বিশ্বায়ন সংস্কৃতি, দ্বিতীয়টো হৈছে – ইতিহাসৰ পৃষ্ঠাৰ পৰা জাতীয়, থলুৱা সংস্কৃতিক মোহাৰি পেলাবলৈ আধিপত্যশীল শ্ৰেণীটোৱে পোহপাল দি অহা পক্ষপাতদুষ্ট ইতিহাস-চৰ্চাৰ কৌশলী প্ৰসাৰ। ‘অজান মুলুক' বজাৰ-কেন্দ্ৰিক পণ্য-সংস্কৃতিক কিনা-বেচা কৰা গোলকীয় বজাৰখন য'ত দেশীয় সংস্কৃতিয়ে তিষ্ঠি থাকিব নোৱাৰে। কবিতাটোৰ পাছৰ অংশত নেতিবাচক শব্দৰ পৌনঃপুনিক ব্যৱহাৰে এক বুজাব নোৱৰা ধৰণৰ কাৰুণ্যৰ গধুৰ পৰিৱেশ ৰচনা কৰিছে– নোটোকা চকুপানী টুকি তাইৰ নোহোৱা মাকজনী বাউলী হ'ল নোহোৱা বাপেকটো হৈ মই মোৰ নোপজা ছোৱালীজনীৰ অমৃত দেহাটো সাবটি তাইৰ নথকা কপালখনত চুমা এটা খাই ক'লোঁ আই, নোপজোঁ দে ময়ো, তোৰ মাৰো নোপজক, নোপজক আকাশ, নোপজক বতাহ, নোপজক বিৰিখ আৰু নৈ, নোপজক এই পৃথিৱী। কবিতাটোৰ শেষৰ স্তৱকত পূৰ্বৰ ভাবটো মৰাসুঁতি হৈ তাৰ ঠাইত অস্তিত্ববাদী চিন্তাৰ সুঁতি এটাইহে ভুমুকি মাৰিছে যেন লাগে। জীৱনৰ অৰ্থসাৰশূন্যতাৰ মুখামুখি হৈ ‘নোহোৱা বাপেকটোৰ' কণ্ঠত এতিয়া নিনাদিত হৈছে, কোনো সম্পৰ্কই জন্ম নহ'বলৈ কৰা আৱাহন। অকল সম্পৰ্কই নহয়, সম্পৰ্কক ধাৰণ কৰা পৃথিৱীখনো জন্ম নহ'বলৈ কৰা প্ৰাৰ্থনাই কবিতাটোক আত্ম-বেথাৰ কাৰুণ্যৰে উপচাই পেলাইছে। কিন্তু এই মৰ্মস্পৰ্শী সুৰটোৱেই কবিতাটোৰ একমাত্ৰ ভাব নহয়, একমাত্ৰিক কণ্ঠও নহয়। শেষৰ এই স্তৱক দুটাৰ অন্তৰ্নিহিত পাঠে আমাৰ আৱেগকে কেৱল ৱহয়, মগজুকো জোঁকাৰি দিছে এনেদৰে– পৃথিৱী থাকে মানে কাহিনী থাকিব। কাহিনীকাৰে সেই দায়িত্ব পালন কৰক বা নকৰক, পৃথিৱীৰ বুকুত কাহিনীৰ জন্ম হ'ব, কিন্তু কাহিনীৰ মৃত্যু নঘটে। কবিতাৰ ‘নোপজা বাপেক'টোৰ ভাষাৰেই ক'ব পাৰি– “মোৰ নোপজা ছোৱালীজনীৰ অমৃত দেহাটো সাবটি তাইৰ নথকা কপালখনত চুমা এটা খাই ক'লোঁ...”। মন কৰিবলগীয়া কথা যে ‘নোপজা', ‘নোহোৱা' ইত্যাদি বিশেষণাত্মক শব্দবোৰৰ বিপৰীতে নোহোৱা বাপেকটোৰ অৰ্থাৎ কৰ্তাৰ সক্ৰিয় ক্ৰিয়াত্মক ভূমিকাইহে আমাৰ মনত আঁচোৰ মাৰিব পাৰিছে। তৃতীয় আৰু চতুৰ্থ স্তৱকত কাহিনীৰ জন্ম-বিকাশ আৰু অপচয়ৰ ভেদ পোৱা পঢ়ুৱৈয়ে ধৰি ল'ব পাৰে যে, কবিতাটোৰ শেষৰ স্তৱক দুটাৰ ‘নোহোৱা বাপেক'জন পিতৃত্বৰ সমুদায় স্মৃতিৰ গৰাকী, যিয়ে এটা কাহিনীৰ জন্ম নোহোৱাৰ বেদনাত সেই স্মৃতিৰ সমৃদ্ধিকে অস্বীকাৰ কৰিব বিচাৰিছে। এটা বিশেষ কাহিনীৰ জন্ম নোহোৱাৰ কাৰণে নহয়, বৰং কাহিনীক ধাৰণ কৰা, লালন কৰা আকাশ, বতাহ, নৈ আৰু পৃথিৱীৰ জন্মক বাৰণ কৰাৰ ইচ্ছা অথবা অস্তিত্বহীনতাৰ কামনাইহে কবিতাটোক কৰুণ কৰি তুলিছে। আৰু এই কাৰুণ্যক তল পেলাই মুখৰ হৈ উঠিছে অন্য এক সুৰ–এই সুৰত নিনাদিত হৈছে আত্মকেন্দ্ৰিকতাই জন্ম দিয়া ধ্বংসাত্মক ভাবৰ বুৰবুৰণি। ‘মই'ৰ আধিপত্যইহে কবিতাটোত মূল কথা হিচাপে শেষলৈকে বিস্তাৰিত হৈ আছে। বিপুলজ্যোতি শইকীয়াৰ ‘মোৰ নোপজা ছোৱালীজনী' কবিতাটোক আধুনিক বুলি ক'ম নে ৰোমাণ্টিক বুলি ক'ম? নে উত্তৰাধুনিক? উত্তৰ ঔপনিবেশিক বুলিও ক'ব পাৰি নেকি? এইখিনিতে জে. হিলিছ মিলাৰে (J. Hillis Miller) কোৱা কথা এষাৰ উল্লেখ নকৰি নোৱাৰিলোঁ। সমালোচকজনৰ মতে এটা কবিতাৰ নিজা এক অভিনৱত্ব থাকে আৰু তাত্ত্বিক পূৰ্ব ধাৰণাবোৰে জন্ম দিয়া অতি সৰলীকৃত ব্যাখ্যাবোৰক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে; ইয়াৰ ফলত কবিতা পঠনৰ আচল প্ৰক্ৰিয়াটোক তাত্ত্বিক জ্ঞানে বিশেষ একো সহায় কৰিব নোৱাৰে। বিপুলজ্যোতিৰ কবিতাটোৰ শিৰোনামটোৱে সঁচাকৈয়ে আমাক এজনী নোপজা ছোৱালীৰ কথা ক'বলৈ গৈছে নে? আচলতে শিৰোনামটোৰ পৰা কবিতাটোৱে আমাক কি ক'বলৈ গৈছে সেই সম্পৰ্কে বিশেষ একো অনুমান কৰি ল'ব নোৱাৰি। কবিতাটো পাঠ কৰাৰ পাছত পঢ়ুৱৈয়ে উপলব্ধি কৰে যে কবিতাটো একক চিন্তাসূত্ৰৰ বৃত্ত এটাত বান্ধ খাই থকা নাই। প্ৰথম আৰু শেষৰ অংশত আত্মপুতৌৰ ভাবটোৱে প্ৰাধান্য বিস্তাৰ কৰি কবিতাটোক ৰোমাণ্টিক মাত্ৰা এটা দিয়া যেন লাগিলেও সেয়া কবিতাটোৰ ওপৰুৱা তৰপহে। মাজৰ অংশত হাইকু-ছনেটৰ সংশ্লেষণৰ প্ৰসংগই প্ৰাচ্য-পাশ্চাত্যৰ সাংস্কৃতিক সংযুতিৰ উত্তৰ ঔপনিবেশিক সম্ভাৱনাৰ কথাকে কেৱল কোৱা নাই, এই ধাৰাটোৱে মুখামুখি হোৱা সংকট, ইয়াৰ অস্তিত্বৰ প্ৰতি আভ্যন্তৰীণ আৰু বাহ্যিক শক্তিবোৰে গঢ়ি তোলা ভাবুকি আৰু অৱশেষত এই ধাৰাটোৱেই নিশ্চিহ্ন হৈ যোৱাৰ আশংকা অন্য এক বাস্তৱ হিচাপে কবিতাটোৰ মাজৰ ভাগটোত মুখৰ হৈ উঠিছে। তেনেহ'লে সাংস্কৃতিক সংশ্লেষণ আজিৰ বিশ্বত কেৱল এটা ৰাজনৈতিক ভুৱা কাহিনীহে (myth) নেকি? কবিতাটোৱে এই প্ৰশ্নটোও উত্থাপন কৰিছে। কিন্তু ‘মোৰ নোপজা ছোৱালীজনী' কেৱল এটা ৰাজনৈতিক কবিতাও নহয়। কবিতাটোত ‘নাই' বা ‘নহয়' বুজোৱা কথাবোৰৰ অৱস্থান কেন্দ্ৰত; হয় বা আছে বুজোৱা কথাবোৰৰ অৱস্থান প্ৰান্তত, অথবা সেইবোৰ অনুপস্থিত। হোৱা আৰু নোহোৱা, ওপজা আৰু নোপজাৰ মাজৰ বৈপৰিত্যৰো নিৰ্গঠন হৈছে, যিহেতু নোহোৱা কথাবোৰেহে কাহিনীৰ জন্ম দিছে, অথবা নোহোৱা কথাবোৰেই কাহিনী হৈ পৰিছে। গোটেই কবিতাটোতে আমি এজন লেখকে সৃষ্টিৰ অক্ষমতাত অনুভৱ কৰা বিড়ম্বনাৰ সুৰ এটাও শুনিবলৈ পাওঁ। লেখকৰ সৃষ্টিৰ তাড়না পৃথিৱী-প্ৰকৃতিৰপৰা উদ্ভূত; সেই তাড়নাৰ পৰা মুক্তি বিচাৰি লেখকে পৃথিৱীৰ অস্তিত্বকে অস্বীকাৰ কৰিব বিচাৰিছে। ইয়াৰ মাজত আধুনিক লেখকৰ আত্মম্ভৰিতাও প্ৰকট হৈ উঠিছে। শেষৰ স্তৱকটোত লেখকে সৃষ্টিৰ কেন্দ্ৰত নিজক বিচাৰি নাপাইহে আত্মকেন্দ্ৰিক ভাৱে পৃথিৱীৰ অস্তিত্বহীনতা কামনা কৰিছে–এয়া আধুনিক লেখকৰ অৱস্থান। কিন্তু কবিতাটোক এটা আত্মপ্ৰতিবিম্বিত পাঠ বুলিও ক'ব পাৰি, কিয়নো গোটেই কবিতাটোৱে এটা কাহিনী লেখাৰ কাহিনী কৈছে। আৰম্ভণিতে নোপজাৰ কাহিনী, তাৰপিছত নোপজা কাহিনী ক'ব খোজা বক্তাজনে বা কাহিনীকাৰে কবিতাটোৰ মাজৰ অংশত সঁচাকৈয়ে এটা কাহিনী কৈছে। তাৰমানে কথাটো এনেকুৱা– কবিতাটোত বক্তাই শূন্য এটা লৈ পঢ়ুৱৈৰ সৈতে খেলা কৰিছে। আৰু নোপজা কাহিনীও যেতিয়া ক'ব পৰা যায়, ওপজা আৰু নোপজা কাহিনীৰ মাজৰ পাৰ্থক্যনো ক'ত? ‘নোপজক এই পৃথিৱী'– নোপজা, নোহোৱা কথাবোৰ লৈ ক্ষুণ্ণ হোৱাৰো তেন্তে আৱশ্যক নাই, বৰং এই শূন্যতা আৰু অনুপস্থিতিক সহজ ভাৱে উদযাপন কৰাটোহে বক্তাৰ/কাহিনীকাৰৰ উদ্দেশ্য, তেন্তে তোক আমি প'ষ্টমডাৰ্ন অৱস্থান বুলিও গ্ৰহণ কৰিব বোধকৰোঁ পাৰোঁ। প্ৰশ্ন হ'ল, বিপুলজ্যোতি শইকীয়াৰ ‘মোৰ নোপজা ছোৱালীজনী' নামৰ কবিতাটোৱে পঢ়ুৱৈক কোনো এটা বিশেষ দৃষ্টিকোণেৰে পাঠৰ অৰ্থ অন্বেষণ নকৰিবলৈ সতৰ্ক কৰি দিয়া যেনো লাগে। আমাৰ এই ব্যাখ্যাৰ জৰিয়তে বোধকৰো এটা কথা স্পষ্ট হৈ পৰিছে যে কবিতাটোত আধুনিক, উত্তৰাধুনিক আৰু উত্তৰ ঔপনিবেশিক ভাব-চিন্তাৰ সহাৱস্থান ঘটিছে– ইয়াৰ কোনোটোৱেই কবিতাটোৰ একক কণ্ঠ হৈ উঠা নাই।
ড০ পৰী হিলৈদাৰী সাম্প্ৰতিক সময়ৰ এগৰাকী বিশিষ্ট সমালোচক আৰু অনুবাদক। তেওঁৰ অনূদিত গ্ৰন্থই অলপতে সাহিত্য অকাদেমি অনুবাদ বঁটা লাভ কৰিছে। তেওঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজীৰ সহযোগী অধ্যাপক।
সুন্দৰ বিশ্লেষণ ।
ইমান সুক্ষ্ম বিশ্লেষণ ।পঢ়ি যাওঁতে কবিতাটোৰ মাজলৈ কুৰুকি কুৰুকি সোমাই যাবলৈ পাঠক বাধ্য ।