নগেন শইকীয়া
যিসকল কবিয়ে নিজে অন্তৰত অনুভৱ কৰা বা ভবা কোনো কথা ঢাকি ৰাখিবলৈ দুৰূহ, দূৰণিবটীয়া উপমা বা চিত্ৰকল্প ব্যৱহাৰ কৰে তেনে কবিতা স্বাভাৱিকতেই কেৱল দুৰূহ হৈয়েই নাথাকে ‘দুৰ্বোধ্য’ও হৈ উঠিব পাৰে।
সমগ্ৰ বিশ্বত এতিয়া বিভিন্ন সৰু-বৰ বিষয়ৰ প্ৰকাশৰ মাধ্যম হৈ উঠিছে বৈদ্যুতিন সঁজুলি। অনেক ক্ষেত্ৰত কাগজ-কলমৰ ব্যৱহাৰ কিছু পৰিমাণে হ’লেও নকমাকৈ থকা নাই। বৈদ্যুতিন সঁজুলিয়ে মুহূৰ্ততে কোনোবা এটা বিষয় বিশ্বৰ যিকোনো মানুহৰ ওচৰলৈ লৈ যাব পাৰে। এতিয়া সাহিত্যৰ প্ৰকাশৰ ক্ষেত্ৰতো এখন মুদ্ৰিত গ্ৰন্থ নাইবা এখন আলোচনীৰ সহায় নোলোৱাকৈ বৈদ্যুতিন মাধ্যমেৰে সৃষ্টিশীল নাইবা চিন্তাশীল গ্ৰন্থ একোখন পঢ়ুৱৈৰ ওচৰ চপাই দিব পৰা হৈছে। মই যদিও বিশ্বাস কৰি আহিছোঁ যে বৈদ্যুতিন মাধ্যমৰ যোগাযোগৰ ক্ষিপ্ৰতা আৰু একে সময়তে বিভিন্নজনৰ ওচৰ চপাই দিয়াৰ দ্ৰুততা এই দুয়োটা গুণ আৰু ইয়াৰ বৰ্ধিত জনপ্ৰিয়তা অস্বীকাৰ নকৰিলেও মুদ্ৰণ মাধ্যম মানুহৰ সভ্যতা-সংস্কৃতিৰ পৰা চিৰদিনৰ বাবে নাইকিয়া হৈ নাযায়। এনেকৈ ভবাৰ এটা কাৰণ বৈদ্যুতিন মাধ্যমৰ লগত মোৰ পৰিচয়ৰ সীমাবদ্ধতাও হ’ব পাৰে। কিন্তু আনটো কাৰণ হ’ল মুদ্ৰণ মাধ্যমৰ লগত শৈশৱৰে পৰা গঢ় লৈ উঠা গভীৰ সম্পৰ্ক। আন এটা তৃতীয় কাৰণো মোৰ মনৰ মাজত আছে। সেইটো হ’ল অদৃশ্য এই মাধ্যম আকস্মিকভাৱে বিপদগ্ৰস্ত বা বিচ্ছিন্ন হ’লে ইয়াৰ মাজত থকা সম্পদসমূহ নষ্ট হোৱাৰ শংকা। অৱশ্যে ইয়াৰ স্থায়িত্ব সম্পৰ্কে নানাজনে বিভিন্ন তথ্য আৰু যুক্তিৰে দাঙি ধৰা বক্তব্যৰ পিছতো মোৰ কেতিয়াবা ভাব হয় যে গুগোল কিবা কাৰণত আমি নভবাকৈয়ে বা ভাবিব নোৱৰাকৈয়ে বিপৰ্যস্ত হ’লে ইয়াত থকা আমাৰ জ্ঞান, চিন্তা-চৰ্চা, ভাবানুভৱ এইবোৰ বিপৰ্যস্ত নহ’বনে?
এই বছৰৰ (২০২২) ৩০ এপ্ৰিল তাৰিখে অসমীয়া আৰু ইংৰাজীত দুটা ভাষাৰ এখন কবিতাৰ বৈদ্যুতিন মাধ্যমৰ আলোচনী মুকলি কৰাৰ সময়ত হোৱা মোৰ অস্ফুট অনুভৱ। এই আলোচনীখনৰ নাম দিয়া হৈছে ‘ভীতিগ্ৰস্ত নোহোৱাকৈ কবিতা’। ইংৰাজীত ইয়াৰ নাম হ’ল Poetry without Fear। কাৰ প্ৰতি ভীতিগ্ৰস্ত নোহোৱাকৈ কবিতা লিখাৰ কথা কোৱা হৈছে বা কবিতা পঢ়াৰ কথা কোৱা হৈছে—এই প্ৰশ্নটো আমাৰ মনলৈ আহিব পাৰে। কোনো মানুহ, কোনো সংগঠন নাইবা শাসকৰ মনত অসন্তুষ্টি, ক্ৰোধ নাইবা কবিৰ ওপৰত প্ৰতিশোধ লোৱাৰ শংকাৰ কাৰণৰ বাবে এনেভাৱে কবিতা লিখাৰ কথা কোৱা হোৱা নাই। কোৱা হৈছে অধিক ব্যক্তিনিষ্ঠ কবিতাই কঢ়িয়াই অনা দুৰূহতা আঁতৰাই যাতে কবিতাক সহজ বোধগম্য কৰিব পাৰি সেই লক্ষ্যৰেহে।
যেতিয়া কবিতাৰ লগত সমষ্টিৰ জীৱন জড়িত হৈ আছিল তেতিয়া লোককবিতাই হওক বা শিষ্ট কবিতাই হওক পঢ়ুৱৈৰ অন্তৰত দুৰূহতাৰ ভীতিগ্ৰস্ততা সৃষ্টি কৰা নাছিল। কিন্তু যেতিয়াই মানুহে ব্যক্তিনিষ্ঠ হৈ পৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই অনেকে নিজৰ অনুভৱ সংৰক্ষণ কৰি থ’বৰ বাবে ব্যৱহাৰ কৰা উপমা, চিত্ৰকল্পকে ধৰি বিভিন্ন প্ৰসংগ সকলোৰে বাবে সমানে বোধগম্য নোহোৱা হ’ল। মানুহৰ সভ্যতাৰ বিকাশে যিদৰে জীৱন যাপনৰ পদ্ধতি সলাই পেলাইছে, ঠিক তেনেদৰে মানুহক কৰি তুলিছে অধিক ব্যক্তিনিষ্ঠ, নিঃসংগ আৰু সমষ্টিগত জীৱনৰ প্ৰতি উদাসীন। এনে অন্তমুৰ্খিতাৰ অৰ্থ নাই বুলি ক’ব নোৱাৰি। কিন্তু তাৰ গূঢ়াৰ্থ বুজিব নোৱাৰিলে তেনে অন্তমুৰ্খিতাৰ প্ৰকাশভংগী সহজবোধ্য হৈ নাথাকে। হয়তো সময় বাগৰাৰ লগে লগে মানুহে তেনে অন্তমুৰ্খিতাকো বুজিব পৰা হ’ব বা বুজিব পৰা হৈ উঠে। কিন্তু যিসকল কবিয়ে নিজে অন্তৰত অনুভৱ কৰা বা ভবা কোনো কথা ঢাকি ৰাখিবলৈ দুৰূহ, দূৰণিবটীয়া উপমা বা চিত্ৰকল্প ব্যৱহাৰ কৰে তেনে কবিতা স্বাভাৱিকতেই কেৱল দুৰূহ হৈয়েই নাথাকে ‘দুৰ্বোধ্য’ও হৈ উঠিব পাৰে। এনে দুৰ্বোধ্যতাই কবিতাৰ প্ৰতি অনেক পঢ়ুৱৈৰ মনত বুজি নোপোৱাৰ ভীতিগ্ৰস্ততা এটাৰো সৃষ্টি কৰিব পাৰে। কেতিয়াবা কবিৰ ব্যক্তিগত অভিজ্ঞতাৰ অনুষংগ কঢ়িয়াই অনা শব্দয়ো দুৰূহতাৰ সৃষ্টি কৰিব পাৰে। আনকি প্ৰথম অৱস্থাত টি. এছ. এলিয়টৰ কবিতাৰ সম্পৰ্কত সমালোচকে তেওঁক ‘ফুটনোট’ অৰ্থাৎ তথ্যসূত্ৰ বা প্ৰসংগসূত্ৰৰ কবি বুলিও ক’ব খুজিছিল। কিন্তু তেওঁ সদায় তেনে দুৰূহ উপমা বা চিত্ৰকল্পকে ব্যৱহাৰ কৰি থকা নাছিল। তদুপৰি পিছলৈ পঢ়ুৱৈয়েও তেওঁৰ ৰীতিৰ লগত পৰিচিত হৈ উঠাৰ বাবে তেওঁৰ কবিতা গ্ৰহণ কৰিব পৰা হ’ল। বাংলা কবি জীবনানন্দই ‘বনলতা সেন’ৰ চকুৰ আকৰ্ষণীয় ৰূপ বুজাবলৈ ব্যৱহাৰ কৰিছিল, সংস্কৃত আলংকাৰিকে কোৱাৰ দৰে পদুমৰ পাহি বা মাছৰ আৰ্হিৰ লগত নহয়, ‘চৰাইৰ বাহ’ৰ লগত। পঢ়ুৱৈৰ বাবে প্ৰথমে এই উপমা গ্ৰহণীয় হ’ব বুলি ভবাৰ কোনো অৱকাশ নাছিল। কিন্তু যেতিয়া লাহে লাহে এই কথা মানুহে বুজিবলৈ ধৰিলে যে চৰাইৰ বাহটো যিদৰে চৰাইৰ আশ্ৰয়ৰ স্থল, কবিয়ে যেন তেনেকৈয়ে বনলতা সেনৰ চকুৰ মাজত আশ্ৰয় অনুভৱ কৰিছিল। এনেভাৱে শিক্ষা আৰু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে এনেধৰণে ঘটিব পৰা দুৰূহতা সময়ত লাহে লাহে গলি নাইকিয়া হ’ল। কিন্তু যিসকল কবিয়ে নিজৰ অনুভৱ আনৰ পৰা ঢাকিবলৈ আৰু কেৱল নিজৰ বাবে সংৰক্ষণ কৰিবলৈ উপমা বা চিত্ৰকল্প ব্যৱহাৰ কৰে সেইসকলৰ কবিতা দুৰূহ হৈয়েই নাথাকি কেতিয়াবা দুৰ্বোধ্য যেনো লাগিব পাৰে।
কবিতাৰ প্ৰতি হোৱা এনে ভীতিগ্ৰস্ততা দূৰ কৰিবৰ বাবেই এই বৈদ্যুতিন আলোচনীখনৰ নিশ্চয় জন্ম হৈছে। কিন্তু এই কথা আমি পাহৰিব নালাগিব যে যিকোনো সাহিত্য-সংস্কৃতিৰ আন্দোলনৰ পিছফালে থাকে সংশ্লিষ্ট সামাজিক অৱস্থা আৰু সেই সময়ত প্ৰভাৱশীল হৈ থকা কোনো ভাবধাৰা বা জীৱন-দৃষ্টি। কিন্তু সাম্প্ৰতিক কালৰ মানৱ সমাজৰ তথা সভ্যতাৰ পৰিৱৰ্তন ইমান দ্ৰুতগতিত ঘটিছে যে আজিৰ দিনটো, পাৰ হৈ যোৱা কালিৰ দিনটোৰ লগত যেন তুলনা কৰিব নোৱৰা হৈছে। সেয়ে হ’লেও আমাৰ ভাৰতীয় আলংকাৰিকসকলে যি ন-টা সাৰ্বজনীন মানৱীয় ভাবানুভূতিৰ ব্যাখ্যা কৰিছে, সেইকেইটা ভাবানুভূতিৰ প্ৰকাশৰ ৰূপ সলনি হ’ব পাৰে, কিন্তু তাৰ সাৰবত্তা সদায় অপৰিৱৰ্তনীয় হৈ আহিছে। মানৱীয় চেতনাৰ প্ৰকাশৰ ভংগী মানুহ ভেদে, সামাজিক পৰিৱৰ্তন ভেদে পৃথক হ’লেও সেই চেতনাৰ মৌলিকত্ব সদায় আছে আৰু থাকিব। মানুহ আৰু বিশ্ব প্ৰকৃতিৰ লগত অন্তৰৰ ভিতৰত একাত্মীয়তা অনুভৱ কৰিব নোৱাৰিলে যথাৰ্থ সৃষ্টিশীল আৰু চিন্তাশীল কোনো কথাই অন্তৰত সৃষ্টি নহয় আৰু তেনে চিন্তাই প্ৰকাশো নিবিচাৰে। খ্যাতি বা অৰ্থ-সম্পদ লাভৰ বাবে কাপ হাতত তুলি লোৱাসকলৰ নিমিত্তে অৱশেষত তেওঁ মানুহৰ ওচৰ চাপিব বুলি আশা কৰিব নোৱাৰি। খলিল জীব্ৰানে তেওঁৰ এটা লেখাত কৈছিল, ‘‘মোৰ আত্মাই মোৰ উপদেশক আৰু ই মোক এনে কথা শুনিবলৈ শিক্ষা দিয়ে যি কথা কোনো জিভাই বা কণ্ঠই সৃষ্টি কৰা নাই।” আমি মনত ৰাখিব লাগিব যে কোনো তত্ত্ব শিকিবৰ বাবে আমি কবিতা নপঢ়োঁ। আমি মানুহৰ প্ৰতি আৰু প্ৰকৃতিৰ প্ৰতি এটা ব্যাখ্যাহীন ভালপোৱা লৈ কবিতা পঢ়োঁ। আমাৰ সেইবাবেই মানুহৰ দুখত চকুপানী ওলায় আৰু মানুহৰ সুখত আমাৰ আনন্দ হয়। এই নিষ্কলুষ চকুপানী আৰু আনন্দ লাভৰ বাবে কবিক আমি ভাল পাওঁ। কবি শব্দটোৱে একপ্ৰকাৰ সাৰ্বজনীন সৃষ্টি প্ৰতিভা থকা সকলোকে সামৰি ল’ব পাৰে। তেওঁবিলাকে অন্তৰ্দৃষ্টিৰে মানুহক আৰু প্ৰকৃতিক দেখা পায়, বুজি পায় আৰু গভীৰ আত্মীয়তা অনুভৱ কৰে। আমাৰ ভিতৰৰ এনে অনুভৱ গভীৰভাৱে প্ৰকাশ কৰিবলৈ যদি আমি যথাৰ্থ শব্দ বা শব্দ সমষ্টি, উপমা বা কল্পচিত্ৰ বিচাৰি পাওঁ তেনে কল্পচিত্ৰ বা উপমাই সহজে সংবেদনশীল মানুহৰ মন স্পৰ্শ কৰিব পাৰে। তেতিয়াই কবি হৈ উঠে মানৱীয় চেতনাৰে মানুহৰ নিচেই ওচৰৰ এটি সত্তা। কবিয়ে সেই পথ বিচাৰি ল’ব পৰাটোৰ ওপৰত তেওঁৰ কৃতিত্ব স্বাভাৱিকভাৱেই নিৰ্ভৰ কৰিব আৰু প্ৰকাশিত হ’ব। এতেকে এটি খোলা মন, এখন খোলা অন্তৰ, এটি সংবেদনশীল চেতনাৰে মানুহক আৰু প্ৰকৃতিক যিসকলে সঁচাকৈয়ে ভাল পাব পাৰে নিশ্চয় মানুহ আৰু প্ৰকৃতিৰ অন্তৰৰ সংবেদনশীলতা প্ৰকাশ কৰিব পৰাকৈ উপমাদি অলংকাৰ আৰু চিত্ৰকল্পৰ যোগানেৰে তেওঁক সমৃদ্ধি দান কৰিব। এতেকে কবিতাক দুৰূহ কৰা প্ৰয়োজন নোহোৱাকৈ মানৱীয় সংবেদনশীলতাৰ গভীৰতাৰে অন্তৰ পূৰ্ণ কৰি থ’ব পাৰিলেই বোধকৰোঁ ভীতিগ্ৰস্ত নোহোৱাকৈ কবিয়ে মনৰ কথা ক’ব পাৰিব। অনুভৱ কৰিছোঁ তেনে এটি পৰিৱেশ সৃষ্টিৰ শুভ আৰম্ভণি এই ‘Online’ আলোচনীখনিয়ে পূৰ্ণ কৰিব পাৰিব।
ড০ নগেন শইকীয়া অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক আৰু বুদ্ধিজীৱী। ৩০ এপ্ৰিল, ২০২২ তাৰিখে গুগল মীট মাধ্যমত Poetry without Fear উন্মোচন কৰি দিয়া ভাষণৰ লিখিত ৰূপ এই লেখাটি।
ঠিকেই ৷ দুৰূহতাৰ পৰা কবিতা কিছু মুক্ত হ’লে সাধাৰণ পাঠকে ভাল পাই ৷ কিন্তু, কবিতা কেতিয়াবা পাঠকৰ মাথাত টক্কৰ দিব পৰাগুণ বিশিষ্টও হ’ব লাগে ৷ বুদ্ধি দীপ্ত পাঠকৰ তেতিয়াহে কবিতাত নিচা লাগে ৷
সাম্প্ৰতিক সময়ৰ কবিতাৰ এই কথাখিনিৰ যথেষ্ঠ তাৎপৰ্য আছে। গুৰুত্বপূৰ্ণ ।