padmanath gohain barua

কবি

পদ্মনাথ গোহাঞিবৰুৱা

চোৱাঁ  সখি, আহে কবি নীৰলে নীৰৱে,
বননিৰ মাজবাটে নিমগন ভাৱে।
নীজম বীণাৰ সুৰ-- নিজৰে জুৰণি--
আপুনি ব্যাকুল শুনি। তাৰে প্ৰতিধ্বনি
বাজিছে নীৰৱে ৰই, প্ৰতি ফুল কাণে,
উলাহ সংগীত সুৰ ঢালি প্ৰতি প্ৰাণে।
প্ৰণয়ী আমাৰ কবি আহে আগুৱাই,
আটাইটি মজোঁ ফুল, আগমনী চাই।
আৰু সৌ বুঢ়া গছ, জঁটাধাৰী বৰ,
সিৰলি-পতীয়া কায়া শাল, এজাৰৰ,
আহত উদাস যোগী, নাহৰ কদম,
সবাৰো গুচিব হায়, দুখভৰা ভ্ৰম,--
সবাৱে পাঙিছোঁ আমি, মনমোহা ছবি,
ভাঙি কম মনোভাব, আহে সৌৱা কবি।

Click here for an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *