পৰিপাৰ্শ্ব-ৰহস্যবাদৰ আলোকত ৰবীন্দ্ৰ-চিন্তাৰ প্ৰাসংগিকতা বিচাৰ

পল্লৱী ডেকা বুজৰবৰুৱা

ৰবীন্দ্ৰনাথ ঠাকুৰ

পৰিপাৰ্শ্ব অধ্যয়ন (Ecology) হ’ল জীৱকূলৰ শাৰীৰিক আৰু জীৱন সম্পৰ্কীয় নিৰ্দিষ্ট আভ্যন্তৰীণ সম্পৰ্ক আৰু আন্তঃসম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰাৰ বিজ্ঞান ।[1] ৰহস্যবাদ (Mysticism) য়ে অন্তৰ্মনৰ সৈতে ঈশ্বৰৰ সম্পৰ্ক আৰু শান্তি স্থাপন কৰে ।  ঈশ্বৰ সম্পৰ্কীয় ব্যক্ত-অব্যক্ত অভিজ্ঞতা আৰু অনুভৱৰ মাজতে থাকে ৰহস্যৰ ছায়া । এই ধাৰণাৰ পৰা বিকশিত হোৱা পৰিপাৰ্শ্ব-ৰহস্যবাদ (Ecomysticism) য়ে আধ্যাত্মিক পৰিপাৰ্শ্ববাদ (Spiritual ecology)ৰো ইংগিত বহন কৰে ।  এই চিন্তাত এহাতে ধৰ্মীয় বিশ্বাস আৰু আস্থাৰে নিৰ্মিত ধৰ্ম, আনহাতে পৰিপাৰ্শ্ব অধ্যয়নৰ দৃষ্টিভংগীও  নিহিত হৈ আছে । আধ্যাত্মিক পৰিপাৰ্শ্ববাদে কিন্তু কোনো নিৰ্দিষ্ট ধৰ্মৰ কথা নকয়, তাৰ পৰিৱৰ্তে সকলো ধৰ্মৰ স্বতন্ত্ৰ বিশ্বাস, আস্থা আৰু মূল্যবোধক প্ৰকৃতিৰ সৈতে সংযোগ কৰাৰহে পোষকতা কৰে । ৰহস্যবাদৰ আলোচনাত পৰিপাৰ্শ্ব ব্যৱস্থা আৰু সামাজিক পৰিৱৰ্তনৰ দিশও গুৰুত্বপূৰ্ণ । মানুহে সেয়ে নিজৰ পৰিপাৰ্শ্ব ব্যৱস্থাক স্থায়িত্ব আৰু বৰ্তনযোগ্যতাৰ লগত পৰস্পৰ সংযুক্ত ৰূপতহে গ্ৰহণ কৰে ।[2]আনহাতে আধ্যাত্মিকতাবোধৰ লগত ঘটা চৰম সংযোগৰ মাজেদি পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ স্থায়িত্ব আশা কৰিব পাৰি বুলি ভাৰতীয় অধ্যাত্ম চিন্তাই বিশ্বাস কৰে । পৰিপাৰ্শ্ব-ৰহস্যবাদে প্ৰকৃতিৰ অন্তৰ্নিহিত ৰহস্যময় শক্তিৰ অস্তিত্বৰ ইংগিত বহন কৰে আৰু ব্যক্তিমনতো নিজকে সেই ৰহস্যময় প্ৰকৃতিৰ অংগ বুলি বোধ জগায় । এই অন্তিম সত্যৰ উপলব্ধিয়েই ব্যক্তিক ৰহস্যময় শক্তিৰ অনুভৱৰ লগত একাত্ম হৈ পৰিৱেশগত সজাগতাৰে সৈতে জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে । অৰ্থাৎ আধ্যাত্মিক পৰিপাৰ্শ্ববাদৰ অধ্যয়নৰ ধাৰণাত সমস্ত ভূমাই স্বৰ্গীয় ঐশ্বৰিক শক্তিৰ প্ৰতিফলক বুলি স্বীকৃত হ’ল । এই চিন্তাৰ প্ৰেৰণাতেবিশ্ব-ব্ৰহ্মাণ্ডক ঈশ্বৰৰে সংস্কৰণ অথবা ঈশ্বৰৰ অৱতাৰ হিচাপেও ভাৰতীয় চিন্তাই গ্ৰহণ কৰে । সেয়ে ভাৰতীয় দৰ্শনে সকলো বস্তুতে ৰসময় ঈশ্বৰৰ উপস্থিতিয়েই সৌন্দৰ্য বুলি গণ্য কৰে আৰু কোনো ব্যক্তিয়েই সৃষ্টিৰ এই ৰহস্যৰ পৰা বাহিৰত নহয় ।[3]

অৱশ্যে ৰহস্য আৰু পৰিপাৰ্শ্ববিদ্যা দুয়োটাই ভিন্ন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰে । ৰহস্যবাদ আধ্যাত্মিকতাবাদৰ সৈতে সংযুক্তই নহয়, একেসময়তে ধৰ্মীয় ঐতিহ্য আৰু দাৰ্শনিক অৰ্থৰ অনুসন্ধানৰ সৈতেও সংযুক্ত। আনহাতে পৰিপাৰ্শ্ববিদ্যা হ’ল পৰিৱেশৰ সুৰক্ষা আৰু নিৰাপত্তা দিয়াৰ এক প্ৰকাৰ বিজ্ঞানসন্মত শৃংখলা। অতি সম্প্ৰতি স্পষ্টতঃ কিছুমান ফলপ্ৰসু বৌদ্ধিক বিনিময় আৰু বিভিন্ন যোগাত্মক সামাজিক অনুশীলনৰ জৰিয়তে পৰিপাৰ্শ্ববিদ্যা আৰু ৰহস্যবাদক ওচৰ চপাই অনা হৈছে । এই নৱ্য ধাৰণাই মানৱজাতিক পৃথিৱীক ৰক্ষা কৰিবলৈ বিশ্বজনীন মানৱীয় প্ৰয়াসৰ নতুন সূত্ৰ দিয়ে । বিশ্বত নিজৰ স্থান যথাৰ্থ ৰূপত পূৰণ কৰি বৰ্তি থাকিবলৈ হ’লে মানুহে প্ৰকৃতিক বুজিবলৈ চেষ্টা কৰা উচিত আৰু প্ৰকৃতিৰ নিয়ম মানি চলিবলৈ প্ৰয়াস কৰা উচিত। প্ৰকৃততে মানুহৰ বৌদ্ধিক সহযোগিতাৰে কৰা এনে কাৰ্যইহে প্ৰকৃতিক পুনৰুজ্জীৱিত কৰে। কিন্তু যদি মানুহে প্ৰকৃতিৰ লগত সহযোগিতা নকৰে, মানুহ আৰু প্ৰকৃতি উভয়ৰে স্বাভাৱিক বিকাশ নহয়, তেন্তে পৰিপাৰ্শ্ব অস্বাস্থ্যকৰ হয় আৰু উৎপাদনো জৰাগ্ৰস্ত আৰু অপৰিপক্ব হয় ।[4] পৰিপাৰ্শ্ববিদ্যাই মানুহৰ চৌপাশে থকা জীৱ-নিৰ্জীৱ সকলো প্ৰাণী আৰু বস্তুৰে সৈতে নিৰ্মাণ হোৱা ব্ৰহ্মাণ্ড গৃহ (Cosmic Home) অৰ্থাৎ পৃথিৱীৰ পৰিৱেশৰ সম্পূৰ্ণতাক অধ্যয়ন কৰে । আনহাতে ৰহস্যবাদে মহাবিশ্বক ঈশ্বৰৰ স্বতন্ত্ৰ প্ৰকাশ স্বৰূপে গ্ৰহণ কৰি গুৰুত্ব প্ৰদান কৰে। পৰিপাৰ্শ্ব ৰহস্যবাদে অন্তৰালৰ এই সমস্ত সত্যক বিশ্বাস কৰে আৰু গ্ৰহণ কৰে। এই বিশ্বাস হ’ল, সমগ্ৰ পৰিপাৰ্শ্বই হ’ল চৰম সত্যৰ সৃষ্টি আৰু প্ৰকাশ। সেয়ে এই বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীৰে বিশ্ব পৰিৱেশৰ মাজত জীয়াই থকাৰ সম অধিকাৰ আছে। এই প্ৰবন্ধত পৰিপাৰ্শ্ব সমালোচনাৰ এই বিশিষ্ট দৃষ্টিভংগীৰে ৰবীন্দ্ৰ চিন্তাৰ আলোচনা কৰা হৈছে। প্ৰসংগত পাশ্চাত্য কবিৰ কবিতাৰ সংগতিৰো দুই-এটি আলোচনা আহিছে ।

বেদান্ত দৰ্শনৰ ব্যাখ্যাতো পৰিপাৰ্শ্ব-ৰহস্যবাদৰ চিন্তা পৰিলক্ষিত হয়। ঋকবেদত কোৱা হৈছে প্ৰাকৃতিক পৰিৱেশে মানুহক সঠিকভাৱে জীৱন যাপনৰ আশীৰ্বাদ প্ৰদান কৰে । নদীয়ে পৱিত্ৰ পানীৰে, বনস্পতিয়ে ঔষধি উপাদানেৰে স্বাস্থ্য আৰু সূৰ্যই শান্তি আৰু সুখৰ জীৱন প্ৰদান কৰে। এই ভূমিৰ প্ৰাণী গাই গৰুৱে স্বাস্থ্যবৰ্ধক গাখীৰ প্ৰদান কৰে।[5] যৰ্জুবেদত পৃথিৱীক মানৱজাতিৰ কাৰণে মুক্তহস্ত প্ৰতিপালক শক্তি স্বৰূপে প্ৰতিষ্ঠা কৰা হৈছে। যৰ্জুবেদত কোৱা হৈছে যে বিশ্ব-ব্ৰহ্মাণ্ডত পদাৰ্থৰ নিৰ্মাণ প্ৰক্ৰিয়া বিজ্ঞানসন্মত ‘য়ত’ অৰ্থাৎ ‘গতিমান’ আৰু ‘জুঃ’ অৰ্থাৎ ‘স্থিৰ আকাশ’ৰ সংযোগত পঞ্চভূতৰ প্ৰকৰণৰ এই বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। সেইদৰে অথৰ্ব বেদতো কোৱা হৈছে, প্ৰকৃতিৰ ঋতুকেন্দ্ৰিক পৰিৱৰ্তনৰ লগত সৃষ্টি প্ৰক্ৰিয়াৰ নিয়মৰ অবিচ্ছেদ্য সম্পৰ্ক আছে।[6] এনেদৰে প্ৰাচীন ভাৰতীয় চিন্তাত প্ৰকৃতিৰ লগত মানৱ জীৱনৰ অভিন্ন সম্পৰ্কক সদায় অগ্ৰাধিকাৰ দিয়াৰ অনেক তথ্য আছে ।

ঔপনিষদীয় ঐতিহ্য আৰু বেদান্ত দৰ্শনৰ আদৰ্শ অনুসৰণ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰেও মানৱজাতি আৰু বিশ্বজগতৰ মাজত এক সমন্বয় সূত্ৰ স্থাপন কৰিবলৈ প্ৰয়াস কৰিছিল  । শৈশৱৰ পৰা ঔপনিষদীয় দৰ্শনৰ অনুশীলনৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা ৰবীন্দ্ৰনাথৰ উদ্যম আছিল সৰ্বব্যাপী ব্ৰহ্মশক্তিক পৰম সত্য বুলি কৰা অনুভৱ । ৰবীন্দ্ৰনাথে প্ৰকৃতিৰ মাজত ব্ৰহ্মশক্তিৰ অখণ্ড ঐক্যক অনুভৱ কৰি প্ৰকৃতিক অফুৰন্ত ৰসৰ আধাৰ বুলি গ্ৰহণ কৰিছিল । উপনিষদৰ ব্ৰহ্মধাৰণাৰ আধাৰতেই বিশ্বৰ মাজত বিশ্বেশ্বৰ ব্ৰহ্মক উপলব্ধি কৰি বিশ্বপ্ৰকৃতিৰ লগত আনন্দৰ সম্পৰ্ক আৰু আত্মীয়তাৰ বন্ধন অনুভৱ কৰিছিল । সেয়ে ব্ৰহ্মস্বৰূপ প্ৰকৃতিক অফুৰন্ত সৌন্দৰ্যৰ আকৰ বুলিও অনুভৱ কৰিছিল । উপনিষদৰ ঋষিৰ দৰেই বিশ্বপ্ৰকৃতি আৰু মানৱৰ সম্পৰ্কৰ মাজত জীৱ আৰু আত্মাৰ সম্পৰ্ক বুলি অনুভৱ কৰিছিল ।

প্ৰেমে প্ৰাণে গানে গন্ধে আলোকে পুলকে 
প্লাবিত কৰিয়া নিখিল দ্যুলোক ভূলোক
তোমাৰ অমল অমৃত পড়িছে ঝৰিয়া ।
(৬ নং কবিতা, গীতাঞ্জলি)[7]

ঠিক একেদৰেই ৰোমান্তিক নৱজাগৰণৰ পটভূমিত বিকশিত হোৱা প্ৰকৃতিবাদ আৰু ৰহস্যবাদৰ মিশ্ৰিত উপলব্ধিৰে ইংৰাজ কবি উইলিয়াম ব্লেকেও বস্তুপৃথিৱীৰ প্ৰকৃতি জগতৰ মাজতে পৰম সত্যক অনুভৱ কৰিছিল—

To see a world in a grain of sand
And heaven in a wild flower
Hold infinity in the palm of your hand,
And eternity in an hour [8]

ৰবীন্দ্ৰনাথে প্ৰকৃতিৰ সৌন্দৰ্যৰ অন্তৰালত নিহিত থকা অনন্ত সত্তাৰ প্ৰচ্ছন্ন উপস্থিতিক অনুভৱ কৰে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত নিজৰে একাত্ম অস্তিত্বক অনুভৱ কৰি কবি আনন্দিত হয় । প্ৰকৃতিৰ ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ মাজত একময় হৈ কবিয়ে তাৰ ঐশ্বৰ্যক তিল্‌ তিল্‌কৈ অনুভৱ কৰে । ৰবীন্দ্ৰনাথে জল-আকাশ-বতাহ, পশু-পক্ষীৰ ক্ৰিয়া-কলাপৰ মাজতে অনুভৱ কৰে সেই একময় প্ৰচ্ছন্ন শক্তিক —

একই আনন্দে যেন গায় শতগান
বাতাসেৰ গান আৰ্ পাখিদেৰ গান
সাগৰেৰ জলৰব্
পাখিদেৰ কলৰব্
এসেছে কোমল হয়ে স্তব্ধতাৰ সংগীত সমান । (‘Shelly’, ‘বিদেশী ফুলেৰ গুচ্ছ’, কড়ি ও কোমল)

একেদৰে প্ৰকৃতিৰ একাগ্ৰ পূজাৰী ৱৰ্ডছৱৰ্থৰ  প্ৰকৃতি বিষয়ক দৰ্শনতো প্ৰকৃতিৰ অন্তৰ্নিহিত শক্তিৰ অনুসন্ধান পৰিলক্ষিত হয় । তেওঁৰ ৰচনাত বৃষ্টিস্নাত, ৰৌদ্ৰোজ্জ্বল, মেঘাবৃত প্ৰকৃতিৰ সকলো ৰূপৰ পৰ্যবেক্ষণ ফুল, পখিলা, চৰাই, তৰা, আকাশ, পৃথিৱীৰ বৰ্ণ-গন্ধ-শ্ৰৱণ অভিজ্ঞতাৰ মাজত সৌন্দৰ্যৰ নিবিড় অনুভৱ অনুভূত হয় । ৱৰ্ডছৱৰ্থৰ অনুভৱেও প্ৰকৃতিৰ মৰ্মস্থলত এক পৰমাত্মাৰ অস্তিত্ব আৱিষ্কাৰ কৰিছিল। সমগ্ৰ বিশ্বত এক অন্তৰ্লীন ঐক্যতান, এক অদৃশ্য যোগসূত্ৰৰ এনাজৰী অনুভৱ কৰিছিল—যি প্ৰকৃতি আৰু মানৱক একসূত্ৰৰে বান্ধি ৰাখিছে । ৱৰ্ডছৱৰ্থৰ এই উপলব্ধিৰ ৰবীন্দ্ৰনাথৰ অনুভৱৰ লগত মিল দেখা যায় । ৰবীন্দ্ৰনাথৰ কবিতাত প্ৰকাশিত প্ৰকৃতিৰ অন্তৰালৰ ঐশ্বৰিক পৰম শক্তিয়েইতো ৱৰ্ডছৱ’ৰ্থৰ অনুভৱত ধৰা দিয়া পৰমশক্তি—

I felt his presence in his own domain,
As of a Lord and master, or a power,
Or genius, under Nature, under God,
Presiding; and  severest solitude
Had more commanding looks when he was there [9]

ৱৰ্ডছৱৰ্থৰ এনে আত্মজীৱনীকৃত আধ্যাত্মিক অনুভূতিৰ প্ৰকাশত তেওঁ প্ৰকৃতিৰ দ্বাৰা যে অত্যন্ত অনুপ্ৰাণিত আছিল তাৰ প্ৰকাশ ঘটে । তেওঁৰ এই কবিতাসমূহে প্ৰকৃতিৰ লগত শক্তিশালী আৰু অবিচ্ছিন্ন সংযোগৰ অনুভৱ প্ৰকাশ কৰে । সৰল গ্ৰাম্যজীৱনক তেওঁ মানুহৰ জীৱনৰ অকপট প্ৰকাশ হিচাপে গ্ৰহণ কৰে। ক’তো তেওঁ পৰিপাৰ্শ্ব ৰহস্যবাদৰ কথা নোকোৱাকৈয়ে প্ৰকৃতিৰ অন্তৰালৰ প্ৰচ্ছন্ন শক্তিৰ ৰহস্য ব্যক্ত হয় অনৱদ্য সাৱলীল কলাত্মক অভিব্যক্তিৰ প্ৰকাশত। কবিগৰাকীৰ অনুভৱৰ স্পষ্ট আৰু সুসজ্জিত ব্যতিক্ৰম বিন্যাসত প্ৰকৃতিৰ ৰহস্য আৰু মানুহৰ নৈকট্যই ‘Lines Written a Few Miles Above Tintern Abbey’ত এনেদৰে অভিব্যক্তি লাভ কৰে—

In which the burthen of the mystery,
In which the heavy and weary weight
Of all this unintelligible world,
Is lightened; and that serene and blessed mood—
In which the affections gently led us on,—
Until, the breath of this corporal frame 
And even the motion of our human blood
Almost suspended, we are laid asleep
 In body, and became a living soul;
While with an eye made quiet by the power 
Of harmony, and deep power of joy,
We see into the life of things. (Lines 40-50)[10]

ৰবীন্দ্ৰনাথেও প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত একেই ঐশ্বৰিক প্ৰেমৰ অনুভূতিৰ স্পৰ্শ অনুভৱ কৰিছিল। প্ৰকৃতিৰ নিভাঁজ বন্য সতেজতাৰ সত্তাতাত্ত্বিক অস্তিত্ব মানুহৰ সৈতে অভিন্ন বুলি অনুভৱ কৰিছিল। ৰবীন্দ্ৰনাথৰ মতে পৃথিৱী পৰম শক্তি ব্ৰহ্মৰ সৈতে সংযুক্ত হৈ আছে। পৃথিৱীৰ সকলো জীৱ-জড় সত্তাই সেই শক্তিৰ দ্বাৰা পৰিব্যাপ্ত হৈ আছে। সেই উপলব্ধিৰেই ৰবীন্দ্ৰনাথে প্ৰচ্ছন্ন মহা শক্তিক গৰু ৰখীয়াৰ প্ৰতীকি ৰূপত কল্পনা কৰিছে।  মহাবিশ্বৰ গ্ৰহ-নক্ষত্ৰ আৰু পৃথিৱীৰ তৰু-তৃণ, জীৱ-জন্তু আদি সকলো প্ৰাণীকে গৰুৰ প্ৰতীকেৰে গ্ৰহণ কৰি প্ৰকৃতিৰ ক্ৰিয়া-কলাপ প্ৰত্যক্ষ কৰি নিজৰ অনুভৱ ব্যক্ত কৰিছে—

এইতো তোমাৰ আলোক ধেনু
সূৰ্য তাৰা দলে দলে ।
কোথায় বসে বাজাও বেণু
চৰাও মহা গগণতলে ।
তৃণেৰ সাৰি তুলেছে মাথা,
তৰুৰ শাখে শ্যামল পাতা,
আলোয় চৰা ধেনু এৰা
ভিড় কৰেছে ফুলে ফলে । (১০৩ নং কবিতা, গীতিমাল্য)

ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাৰাজিয়ে প্ৰকৃতি আৰু সাহিত্যৰ অতি নিকট সম্পৰ্কৰ সাক্ষ্য বহন কৰে । প্ৰকৃতিয়ে অপৰিহাৰ্য অংগ হিচাপে ৰবীন্দ্ৰৰচনাত কলাত্মক অভিব্যক্তি লাভ কৰিছে । ঔপনিষদীয় দৰ্শন[11]ৰ আলোকত ৰবীন্দ্ৰৰচনাত মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্কৰ মাজত পৰিপাৰ্শ্ব-নৈতিকতাৰ এক প্ৰকাৰ পৱিত্ৰ সংযোগ উপলব্ধ হয় । প্ৰকৃতি আৰু মানৱক ৰবীন্দ্ৰনাথে প্ৰকৃতি আৰু পুৰুষ দুটি সত্তাৰ ৰূপত গ্ৰহণ কৰিছে। সেই সত্তাক কেতিয়াও বিচ্ছিন্ন কৰিব নোৱাৰা পাৰস্পৰিক অৱলম্বন বুলিও গণ্য কৰিছে। সেয়ে প্ৰকৃতি আৰু মানৱজাতি পৰস্পৰ নিৰ্ভৰশীলতাৰ সূত্ৰৰে সংযুক্ত হৈহে আগবাঢ়ে। কবিতাত তাৰ উপলব্ধি ব্যক্ত কৰিছে এইদৰে—

যে ভাবে পৰম এক আনন্দে উৎসুক
আপনাৰে দুই কৰি লভিছেন সুখ,
দুয়েৰ মিলন ঘাতে বিচিত্ৰ বেদনা
নিত্য বৰ্ণ, গন্ধ, গীত কৰেছে ৰচনা ।। (২২নং কবিতা, স্মৰণ কাব্য)

ৰবীন্দ্ৰনাথ-নিৰ্মিত শান্তিনিকেতনৰ আদৰ্শত প্ৰতিফলিত হয় ৰবীন্দ্ৰনাথৰ প্ৰকৃতিৰ প্ৰতি স্বতন্ত্ৰ ৰাবীন্দ্ৰিক দৃষ্টিভংগী—য’ত চৌপাশৰ পৰিপাৰ্শ্বৰ লগত মানুহৰ নিবিড় বন্ধনক গভীৰভাৱে উপলব্ধি কৰাৰ পৰিচয় পোৱা যায়। শান্তিনিকেতনৰ থিম্‌ নীতিবাক্য ‘যত্ৰ বিশ্বম্‌ ভৱতি এক নাম’ৰ আদৰ্শসাম্প্ৰতিক সময়ত পৰিপাৰ্শ্ব সচেতন পৃথিৱীৰ বাবেই অনুকৰণীয় হৈ উঠিছে। অৰ্থাৎ সমগ্ৰ বিশ্বক এক আশ্ৰয় বা নীড় স্বৰূপে গণ্য কৰা হয়। ৰবীন্দ্ৰনাথৰ শিক্ষাৰ আঁচনিতো মানুহ আৰু প্ৰকৃতিৰ ঐক্যৰ ওপৰত গুৰুত্ব দিয়া হয়। প্ৰকৃতি আৰু বিশ্বৰ জীৱ-জড় সকলোৰে ঐক্যসূত্ৰৰ পৰা উদ্ভুত হোৱা উপলব্ধিয়েই ৰবীন্দ্ৰনাথৰ চিন্তা-চেতনাত শান্তিনিকেতন নিৰ্মাণৰ বীজ ৰোপন কৰিছিল। মানুহ আৰু মানুহৰ চৌপাশৰ জাগতিক বিশ্ব পৰিপাৰ্শ্বৰ পৰস্পৰনিৰ্ভৰশীলতাৰ সূত্ৰ বিশ্বৰ পৰা বিশ্বাতীতলৈ উন্নীত হৈছে। পৰিপাৰ্শ্ব চিন্তাৰে পৰিচালিত কবি হিচাপে ৰবীন্দ্ৰনাথে প্ৰকৃতিৰ ফুল, পাত, গছ-গছনি, বাগিচা, অৰণ্য, নদী, নিজৰা সকলোতে এক সৌম্য ঐক্যতান অনুভৱ কৰে । অংকুৰিত বীজ, কলিৰ পৰা ফুল হোৱা, পক ধৰা ফল-ফুল, সকলোতে আছে এক অবিচ্ছিন্ন ঐক্য যাত্ৰা।

মনে হ’ল এই পাখীৰ বাণী দিল আনি
শুধু পলকেৰ তৰে পুলকিত নিশ্চলেৰ অন্তৰে অন্তৰে
বেগেৰ আবেগ।
পৰ্বল চাহিল হতে বৈশাখেৰ নিৰুদ্দেশ মেঘ;
তৰুশ্ৰেণী চাহে, পাখামেলি
মাটিৰ বন্ধন ফেলি
ঐ শব্দৰেখা ধৰে চকিতে হইতে দিশেহাৰা,
আকাশেৰ খুঁজিতে কিনাৰা । (৩৬নং কবিতা, বলাকা)

ৰবীন্দ্ৰনাথে কেৱল সৌন্দৰ্যৰ কাৰণেই প্ৰকৃতিক অগ্ৰাধিকাৰ দিয়া নাই, জীৱনলৈ আধ্যাত্মিক সম্ভেদ বুলিও গ্ৰহণ কৰিছে। আকাশ আৰু পৃথিৱী মানৱমনৰ তন্ত্ৰীৰে একত্ৰ গ্ৰন্থিত হৈ আছে। সেয়েতো সূৰ্যই মানুহৰ মুখত নিজৰ প্ৰতিবিম্ব সন্ধান কৰিব বিচাৰে ।[12] প্ৰকৃতিৰ অনিঃশেষ উৎস মানুহৰ মাজতেই বৰ্তি থাকে বুলি স্বীকাৰ কৰিবলৈ ৰবীন্দ্ৰনাথ বাধ্য আছিল। এই সত্যৰ বোধ ঘটিবলৈ তেওঁক স্বৰ্গীয় আৰু ঐশ্বৰিক শক্তিক অনুভৱৰ ভাষাৰ প্ৰয়োজন হৈছিল, যি অনুভৱৰ ভাষাই সৌন্দৰ্যতত্ত্বৰ গভীৰ উপলব্ধিৰ সংযোগত নিৰ্দিষ্ট অভিব্যক্তি লাভ কৰিছিল; যি উপলব্ধিয়ে ৰবীন্দ্ৰনাথক পৰিপাৰ্শ্ব-ৰহস্যবাদৰ বিশালতা আৰু গভীৰতাক অনুভৱ কৰিবলৈকো শিকাইছিল । ৰবীন্দ্ৰ-অনুভৱত ব্যক্তিসত্তা বা আত্মাক বিশ্ব-ব্ৰহ্মাণ্ডৰ লগত এক কৰি বান্ধি ৰখা প্ৰকৃতিৰ মহাশক্তি ‘ব্ৰহ্ম’ ৰূপান্তৰৰো মাধ্যম । বিচিত্ৰ ৰূপ, বৰ্ণ আৰু ছন্দেৰে প্ৰকৃতিৰ অন্তৰালৰ মহাশক্তি ‘ব্ৰহ্ম’ই নিজকে বিভিন্ন ৰূপত প্ৰকাশ কৰে ।

একাধাৰে তুমিই আকাশ, তুমি নীড় 
হে সুন্দৰ নীড়ে তব প্ৰেম সুনিবিড় ।
প্ৰতি ক্ষণে নানা বৰ্ণে নানা গীতে
মুগ্ধপ্ৰাণ বেষ্টন কৰেছে চাৰিভিতে । (৮১ নং কবিতা, নৈবেদ্য)

ৰবীন্দ্ৰনাথৰ কবিতাত সূৰ্য, তৰা, চন্দ্ৰ, গ্ৰহ আদি নক্ষত্ৰৰ পৰা সাগৰ, নদী, পাহাৰ-পৰ্বত, গছ-লতা, চৰাই-চিৰিকতি, জীৱ-জন্তু সকলোৱেই যেন জীৱনৰ অৱধাৰিত ৰহস্যময় নিৰুদ্দেশ যাত্ৰাৰ প্ৰতি আকুল হোৱা দেখা যায়। বলাকা কাব্যত অঘৰী পখীৰ জাকে আকাশ পথেৰে উৰি গৈ থাকোঁতেই কবিক সোঁৱৰাই দি যায়– ৰহস্যময় এই প্ৰকৃতিজগতৰ সকলো অনিত্য, সকলোৱেই গতিশীল— দূৰ অসীম প্ৰচ্ছন্ন শক্তিৰ আকৰ্ষণত সকলোৱেই অদৃশ্য ক’ৰবালৈ গতি কৰিব খোজে । বিশ্ব প্ৰকৃতিৰ এই বিশাল ৰহস্যৰ গতিশীল স্বৰূপৰ অপূৰ্ব ছন্দ অনুভূত হয় বলাকা কাব্যত—

শুধু পলকেৰ তৰে পুলকিত নিশ্চলেৰ অন্তৰে অন্তৰে 
বেগেৰ আবেগ ।
পৰ্বত চাহিল হতে বৈশাখেৰ নিৰুদ্দেশ মেঘ;
তৰুশ্ৰেণী চাহে পাখা মেলি
মাটিৰ বন্ধন ফেলি
ওই শব্দৰেখা ধৰে চকিতে হইতে দিশেহাৰা, 
আকাশেৰ খুঁজিতে কিনাৰা । 

... ... ...

এই বাসাছাড়া পাখি ধায় আলো-অন্ধকাৰে
কোন পাৰ হতে কোন পাৰে ।
ধ্বনিয়া উঠিছে শূন্য নিখিলেৰ পাখাৰ এ গানে—
‘হেথা নয়, হেথা নয়, অন্য কোথা, অন্য কোনখানে ! (৩৬ নং কবিতা, বলাকা)

ৰবীন্দ্ৰনাথৰ মুক্তধাৰা নাটকত মানুহৰ অপৰিসীম লোভৰ পৰিণতিত প্ৰকৃতিৰ প্ৰতিশোধৰ কাহিনীয়েই যেন ৰূপায়িত কৰা হৈছে । মুক্তধাৰা অৰ্থাৎ বাধাহীন প্ৰৱাহিনী নদী নাম দি ৰচনা কৰা নাটকখনত প্ৰকাণ্ড মেচিনৰদ্বাৰা ৰজাই নিৰ্মাণ কৰিছে নদীৰ গতিৰোধক বান্ধ আৰু সেই কামত প্ৰজাক লগাইছে। একোটা বান্ধে যেনেকৈ বিৰাট নদী এখনৰ স্বাভাৱিক গতিক ৰোধ কৰে, তেনেকৈয়ে  নাটকখনত দেখুওৱা হৈছে কেনেকৈ এজন ৰজাই সৰ্বসাধাৰণ প্ৰজাৰ জীৱনৰ স্বাভাৱিক গতি ৰোধ কৰি বন্দী কৰিছে। ৰজাৰ কাৰ্যৰ বিৰুদ্ধে সাধাৰণ প্ৰজা বিদ্ৰোহী হৈ উঠিছে। তেতিয়াই আহ্বান আহিছে প্ৰেম আৰু প্ৰাণশক্তিৰে বন্দীত্বৰ পৰা মুক্ত হোৱাৰ প্ৰেৰণা ধ্বনি—

‘চলে এস চলে এস । তোমাদেৰ সকল শিকল ছিঁড়ে মুক্ত হয়ে মুক্ত জীবন প্ৰাচূৰ্যেৰ প্ৰেম ও আনন্দেৰ জগতে চলে এস।’ (মুক্তধাৰা, ৰবীন্দ্ৰনাথ ঠাকুৰ)

সৰ্বময় নিৰাকাৰ ব্ৰহ্ম অস্তিত্বৰ অতীন্দ্ৰিয় ৰহস্যবাদী চেতনাৰ প্ৰতীকি উপস্থাপনেৰেও ৰবীন্দ্ৰনাথে প্ৰকৃতি সচেতন চিন্তাৰ প্ৰকাশ ঘটাইছিল । ‘অহল্যাৰ প্ৰতি’ কবিতাত অহল্যাৰ এগৰাকী নাৰীৰ পৰা শিললৈ হোৱা আকৃতি পৰিৱৰ্তনৰ ঘটনাটোক স্বতন্ত্ৰ পৰিচিতি তথা আত্ম অস্তিত্বৰ সম্পূৰ্ণ বিলোপ ঘটা জীৱনৰ বিৱৰ্তনৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। এই প্ৰতীকৰ অন্তৰালত সামাজিক শোষণ-নিষ্পেষণে জুৰুলা কৰি পাষাণত পৰিণত কৰা মাতৃৰ সুপ্ত অভিব্যক্তিৰ ব্যঞ্জনা যেনেকৈ আছে, মানুহৰ অত্যাচাৰে স্তব্ধ কৰা প্ৰকৃতিৰ নীৰৱ যন্ত্ৰণাৰ অভিঘাতো আছে।

আছিলে  বিলীন 
বৃহৎ পৃথ্বীৰ সাথে হয় একদেহ,—
তখন কি জেনেছিলে তাৰ মহাস্নেহ ।
ছিল কি পাষাণতলে অস্পষ্ট চেতনা ।
জীবধাত্ৰী জননীৰ বিপুল বেদনা,
মাতৃধৈৰ্যে মৌন মূক সুখদুঃখ যত
অনুভৱ কৰিছিলে স্বপনেৰ মতো
সুপ্ত আত্মা মাঝে? (অহল্যাৰ প্ৰতি, মানসী কাব্য)

এজন পৰিপাৰ্শ্ব সচেতন চিন্তাবিদ হিচাপেও ৰবীন্দ্ৰনাথৰ আছিল অতি শক্তিশালী সৌন্দৰ্য চেতনা। তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰধান এটি অংশ হিচাপেই প্ৰকৃতিৰ স্থান নিৰূপণ কৰিছিল। তেওঁৰ মতে মানুহ, প্ৰকৃতি আৰু বিশ্বব্ৰহ্মাণ্ডৰ আন সকলো পদাৰ্থৰ সুষম সম্পৰ্কৰেহে পৰিপাৰ্শ্ব নিৰ্মাণ হয়। পাৰিপাৰ্শ্বিক ভাৰসাম্যহীনতা মানুহৰ অৱজ্ঞা আৰু অসচেতন কাৰ্য-কলাপেহে সৃষ্টি কৰে।সাম্প্ৰতিক সময়ত মানুহৰ অহংকাৰ আৰু ঔদ্ধত্যই কৰা প্ৰকৃতিৰ ক্ষতি ৰোধ কৰিবলৈ চৰকাৰীভাৱে আইনসংগত কৰা সেউজ চিন্তা(Green Thinking)ৰ দ্বাৰা কৰা প্ৰকৃতি সুৰক্ষা আৰু সংৰক্ষণ নীতিৰ ‘প্ৰকৃতিক ৰক্ষা কৰা’(Save Nature)ত যেন প্ৰকৃতিৰ প্ৰতি প্ৰেম আৰু সহমৰ্মী অৱস্থান গ্ৰহণ কৰা হয়, ৰবীন্দ্ৰ নাটকৰ উপস্থাপনত সেই  একে প্ৰকৃতিপ্ৰেমী বিদ্ৰোহৰ অনুৰণন ঘটিছে। প্ৰকৃততে পৰিপাৰ্শ্ব-ৰহস্যবাদৰ চিন্তাত ভাৰতীয় দাৰ্শনিক চিন্তাৰ সংযোজন ঘটি এক নতুন মাত্ৰা লাভ কৰে। ভাৰতীয় দৰ্শনৰ ব্যক্তিসত্তা অৰ্থাৎ ‘আত্মা’ আৰু বিশ্বসত্তা অৰ্থাৎ ‘পৰমাত্মা’ অবিচ্ছিন্ন এক, এই একাত্মতাৰ সূত্ৰটোৱে সমগ্ৰ পৰিপাৰ্শ্ব চিন্তাকে যোগাত্মক সম্ভাৱনাৰে সমৃদ্ধ কৰে। সাম্প্ৰতিক পৃথিৱীৰ পৰিপাৰ্শ্ব ব্যৱস্থা আৰু মানৱসমাজৰ কল্যাণৰ বাবেও এই চিন্তাৰ সংযোগ পূৰ্ণ সম্ভাৱনাত্মক ফলদায়ক হ’ব পাৰে । এই ধাৰণাই মানৱ জাতিক বিশাল বিশ্ব-ব্ৰহ্মাণ্ডৰ লগতে নিজে বসবাস কৰা পৃথিৱীখনৰ লগত নিজকে অবিচ্ছিন্ন আৰু অনুবিদ্ধ অংগ বুলি অনুভৱ কৰাত সহায়  কৰে। এনে এক প্ৰকৃতি-চেতনাই ৰবীন্দ্ৰনাথৰ আধ্যাত্মিক অনুভৱক সমৃদ্ধ কৰাই নহয় তেওঁৰ আত্মবৃদ্ধিকো পৰিপুষ্ট কৰিছিল ।


Footnotes
[1] Robert P. Mcl NTOSH, ‘Ecology and Environment’, The Background of Ecology: Concept and Theory, Cambridge University Press, 1985, Reprinted 1988, pages:289-290
[2] Marten, Gerald G., Human ecology: basic concepts for sustainable development, London: Earthscan  Publications. , 2001   page: 136
[3]ৰসো বৈ সঃ।
     ৰসং হ্যৈবায়ং লব্ধানন্দী ভৱতি।
     কো হোবান্যাং কঃ প্ৰাণাৎ।
     যদেষ আকাশ আনন্দো ন স্যাৎ
      এষ হ্যেবানন্দয়তি ।। তৈত্তিৰীয়।।২।।৭।
[4]Besant, Annie Wood , A study in consciousness – a contribution to the study of psychology, Worcestershire: Read Books, 2016,  page:97
[5]Acharya K, Environment consciousness in ancient India, published in Tuck Magazine on; October 18, 2016.
[6]Dwivedi O P, The Essence of the Vedas, Visva Bharati Research Institute, Gyanpur, Varanasi. Jernes H (ed.), (1990), Encyclopedia of Religion and Ethics (Vol. II), New York: Charles Szcribmer Sons, 1958.
[7]সৰ্বং খলবিদং ব্ৰহ্ম তঞ্জলানিতি ।। ছান্দোগ্য।।৩।।১৪।।১।।
[8]Blake, William ‘Auguries of innocence’. Poetry and prose of William Blake, Ed. by Geoffrey Keynes. London: Nonesuch,   1967.
[9]William Wordsworth, “ Book VIII Retrospect —Love of Nature Leading to Love of Man”, The Prelude or, of a Poet’s Mind; an Autobiographical Poem, 1805, 1850, DjVu Edition, by Global Language Resources, Inc, 2001
[10]William Wordsworth,   ‘Lines Written a Few Miles Above Tintern Abbey’, Poems Old and New, edited by Forum for English Studies, Dibrugarh, Macmillan India Limited, 2001, page 44
[11]আত্মবৈদমগ্ৰ আসীৎ পুৰুষবিধঃ সোহনুবীক্ষ্য
        নান্যদাত্মানোহ পশ্যৎ ।। ১।।৪।।১।।
        স বৈ নৈব ৰেমে তস্মাদেকাকী ন ৰমতে স
        দ্বিতীয় মৈচ্ছৎ ।।১।।৪।।৩।।
[12]Tagore, Rabindranath The religion of man, London: Allen & Unwin, 1932 .
প্ৰসংগ সূত্ৰ
ঠাকুৰ ৰবীন্দ্ৰনাথ, মানসী (পুনৰ্মুদ্ৰণ, ১৩৫১ সাল), বিশ্বভাৰতী
			গীতাঞ্জলি (পুনৰ্মুদ্ৰণ, ১৩৫২ সাল), বিশ্বভাৰতী
			গীতিমাল্য (পুনৰ্মুদ্ৰণ, ১৩৫২ সাল), বিশ্বভাৰতী
			নৈবেদ্য (পুনৰ্মুদ্ৰণ, ১৩৫৪ সাল), বিশ্বভাৰতী
			স্মৰণ (পুনৰ্মুদ্ৰণ, ১৩৫৩ সাল), বিশ্বভাৰতী
			জীবনস্মৃতি, ১৯৬২, বিশ্বভাৰতী
			কড়ি ও কোমল, ১৯৬২, বিশ্বভাৰতী
			বলাকা (পুনৰ্মুদ্ৰণ, ১৩৫৪ সাল), বিশ্বভাৰতী
			মুক্তধাৰা (পুনৰ্মুদ্ৰণ, ১৩৫২ সাল), বিশ্বভাৰতী

ঘোষ, সন্তোষ কুমাৰ, ৰবীন্দ্ৰ-চিন্তা, হেমলতা প্ৰকাশনী, দে’ বুক ষ্টল, কলিকাতা
বন্দোপাধ্যায়, শ্ৰীকুমাৰ, ৰবীন্দ্ৰ-সৃষ্টি সমীক্ষা, ওৰিয়েণ্ট বুক কোঃ, কলিকাতা-১২, ১৯৬৯
বন্দোপাধ্যায়, হিৰন্ময়, ৰবীন্দ্ৰ-শিল্প-তত্ত্ব, ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়, কলোকাতা-৭,  ১৩৭৭ সাল
মজুমদাৰ, সত্যেন্দ্ৰনাৰায়ণ, ৰবীন্দ্ৰনাথ ও ভাৰতবিদ্যা, ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়, কলিকাতা, ১৯৬৯
ডেকা বুজৰবৰুৱা, পল্লৱী, ৰবীন্দ্ৰনাথৰ কাব্যাদৰ্শ আৰু অসমীয়া কবিতা, বনফুল প্ৰকাশন, হেমচন্দ্ৰ বৰুৱা পথ, পানবজাৰ,  গুৱাহাটী-১, ২০১১
প্ৰকাশক-দাস, ব্ৰীজমোহন, ঈশাদি-দশোপনিষদ, বাণিবিলাস সংস্কৃত পুস্তকালয়, (সময়ৰ উল্লেখ নাই)
ৰামানুজ, শ্ৰীমদ্ভগৱদ্, ব্ৰহ্মসূত্ৰ (অনুবাদ) যতীন্দ্ৰ ৰামানুচাৰ্য্য, পোঃ অঃ বলৰাম ধৰ্মসোপান, খড়গদহ, ২৪ পৰগণা, কলিকতা 
Robert P. McIntosh, The  Background of Ecology: Concept and Theory, Cambridge University Press, 1985, Reprinted 1988
Marten, Gerald G., Human ecology: basic concepts for sustainable development, London: Earthscan Publications. 2001
Besant, Annie Wood, A study in consciousness – a contribution to the study of psychology, Worcestershire: Read Books, 2016
Acharya K, Environment consciousness in ancient India, published in Tuck Magazine on; October 18, 2016
Dwivedi OP, The Essence of the Vedas,  Visva Bharati  Research Institute, Gyanpur, Varanasi. Jernes H (ed.), (1990)  
Charles  Szcribmer Sons, Encyclopedia of Religion and Ethics (Vol. II), New York: 1958.
Blake, William,	Poetry and Prose of William Blake. Ed. by Geoffrey Keynes. London: Nonesuch, 1967
William Wordsworth, The Prelude or, of a Poet’s Mind; an Autobiographical Poem, 1805, 1850, DjVu Edition, by Global Language Resources, Inc, 2001
William Wordsworth, Poems Old and New, edited by Forum for English Studies, Dibrugarh, Macmillan India Limited, 2001
Tagore, Rabindranath,	The Religion of Man. London: Allen & Unwin, 1932 .
http://www.cscsisters.org/justice/issues/climate/Churches/ecospirituality.pdf

পল্লৱী ডেকা বুজৰবৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু অসমৰ এগৰাকী বিশিষ্ট লেখক।

One thought on “পৰিপাৰ্শ্ব-ৰহস্যবাদৰ আলোকত ৰবীন্দ্ৰ-চিন্তাৰ প্ৰাসংগিকতা বিচাৰ

  1. Read your article on Rabindra poetry with wonder
    and high pleasure. Heartiest congratulations madam.

Leave a Reply

Your email address will not be published. Required fields are marked *