অনুবাদ আৰু অনুবাদকৰ অনুভৱ

বিবেকানন্দ চৌধুৰী

নুবাদ হ’ল দুটা ভাষাৰ মাজৰ, দুই সংস্কৃতিৰ মাজৰ এক সেতু। কেতিয়াবা এই সেতু কোনো তৃতীয়, আনকি চতুৰ্থ (অৰ্থাৎ আন দুটা ভাষা) এটা ভাষাৰ জৰিয়তেও হ’ব পাৰে। যেনে ধৰক, গ্ৰীক মহাকাব্য ওডিছি আৰু ইলিয়াদৰ কথাকে। ইয়াৰ মূল ভাষা গ্ৰীক। যদি কোনো এজন ফৰাচী বা জাৰ্মান অনুবাদকে ইয়াক সেই ভাষালৈ তৰ্জমা কৰিলে, তাৰ পাছত আন এজনে ইংৰাজীলৈ নিলে, আৰু শেষত ইংৰাজীৰপৰা অসমীয়া হ’ল— তেনে ক্ষেত্ৰত চাৰিটা ভাষা সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হৈ পৰিল।

আকৌ সংস্কৃতিৰ কথা আহোঁতে কওঁ যে প্ৰত্যেক জাতি-উপজাতিৰে কিছুমান নিজা বৈশিষ্ট্য থাকে— সেইবোৰে নিৰ্দিষ্ট সংকেত বহন কৰে— কিছুমান কাৰ্য, কিছুমান পৰম্পৰা নিতান্তই স্বকীয় পৰিস্থিতিৰ চিত্ৰণ। কেইটামান উদাহৰণ দিছোঁ—

এক, খ্ৰীষ্টানসকলৰ বিয়াৰ কইনাৰ সাজযোৰ বগা। ভাৰতীয় পৰম্পৰাত মহিলাৰ বগা সাজ বৈধব্যৰ প্ৰতীক। এনে আঙ্গিকবোৰে বিশেষকৈ কবিতাত বৰ আহুকাল কৰে।

দুই, হিন্দীত উল্লু (ফেঁচা) অজ্ঞানতাৰ প্ৰতীক; ‛উচকো উল্লু বনায়া’— মানে তাক ৰামঠগন দিলোঁ। আকৌ ইংৰাজীত ফেঁচা  জ্ঞানৰ প্ৰতীক; As wise as an owl বুলি এফাকি আপ্তবাক্য আছে। এনে কথাবোৰৰ ক্ষেত্ৰত অনুবাদকজনৰ ভিন্ন ভাষা-সংস্কৃতিৰ পৰিমণ্ডলসমূহৰ বিষয়ে সম্যক ধাৰণা নাথাকিলে গোটেইখন পয়মাল লগাটোৱেই স্বাভাৱিক।

তিনি, আমাৰ অসমীয়া সমাজত প্ৰচলিত কিছুমান কথা, ৰীতি-নীতি, আন সমাজত একেবাৰে অপ্ৰচলিত-অচিনাকি। তামোলখন, গামোচাখন, কাথিৰ তুলসীজোপা, চোতালৰ দূবৰিডৰা, শৰতৰ ফুলি জকমকাই থকা শেৱালিজোপা, পুৱা পদূলিত-চোতালত তল সৰি ভৰি থকা নিয়ৰসিক্ত শেৱালিবোৰ, গ্ৰাম্য জীৱনৰ পাকঘৰৰ ভিতৰখন, ঢেঁকীশালখন, গোহালিটো, তামোলগছৰ খুঁটাৰে সজা নঙলাডাল, আমাৰ প্ৰতিঘৰ মানুহৰে ঘৰে ঘৰে থকা থাপনাখন আদি যিবোৰ আঙ্গিক আমাৰ অসমীয়া কবিতাবোৰৰ প্ৰাণস্পন্দনস্বৰূপ, যিয়ে অসমীয়া কবিতা এটাৰ পঠন-পাঠনত আমাক নিজা (অসমীয়াত্বৰ) আৱেগেৰে শিহৰিত কৰে, আমাৰ প্ৰাণৰ প্ৰতিধ্বনিলৈ পৰ্যবসিত কৰে, আমাৰ চকুৰ আগত বিশেষ (নিৰ্দিষ্ট) ছবি একোখন দাঙি ধৰে, আমাক সেই একোটা বিশেষ পৰিৱেশলৈ লৈ যায়— এই আটাইবোৰ বস্তু, বিশেষকৈ ইংৰাজী বা আন অভাৰতীয় ভাষাত সেই আৱেগখিনি লৈ যাবলৈ অপাৰগ হয়— কাৰণ তেওঁলোকৰ সংস্কৃতিত-পৰিৱেশত-জলবায়ুত এই উপাদানবোৰ নাই। তদুপৰি নলীয়া কটাৰীখন, কাকিনী তামোলজোপা, ফুটুকানি, কচুৱনি, উলুৱনি, জাৰণি, গেৰেকানি, চুৱাপাতনি, নলনি, দলনি, চুৰিয়া, তিয়নি, গামোচা এইধৰণৰ বস্তুৰ ধাৰণা ইংৰাজী বাদ, আন ভাৰতীয় ভাষাতো বিচাৰি পাবলৈ টান। থুৰীয়া তামোলখনৰ কথা কি বুলি বুজালে বাৰু আনে বুজি পাব? নতুনচাম ল’ৰা-ছোৱালীৰ বুজন সংখ্যকেই নাজানে।

আপেক্ষিকভাৱে কিছু কিছু ক্ষেত্ৰত সমগ্ৰ ভাৰতৰে জীৱনশৈলী-কৃষ্টি-সংস্কৃতি একেডাল সূতাৰে বন্ধা। কিন্তু ইউৰোপীয়, আমেৰিকান বা আন পাশ্চাত্য সংস্কৃতিৰ সৈতে বহুযোজন দূৰৈৰ। ফলত কবিতাৰ সূক্ষ্ম মননশিল্পৰ অতি কম পৰিসৰত প্ৰকাশ কৰা কিছুমান কথাৰ ৰস, সেই অংশৰ মাহাত্ম্য উপলব্ধি কৰাত বাধাৰ সৃষ্টি হোৱাৰ আশংকাই অধিক। অৱশ্যে আমাৰ সংস্কৃতি আনে নজনাটো আমাৰেই দুৰ্বলতাৰ পৰিচায়ক। ইংৰাজে আমাক শতাধিক বছৰ শাসন কৰি গ’ল— গতিকে তেওঁলোকৰ বহু কথাই আমাৰ জ্ঞাত— আমি যিহেতু ইংৰাজী ভাষাটো সৰুৰেপৰা শিকিবলৈ বাধ্য— আমি তেওঁলোকৰ গল্প, উপন্যাস, কবিতা আমাৰ পাঠত পাওঁ, ইংৰাজী তথা আন পশ্চিমীয়া জগতৰ চলচ্চিত্ৰ চাওঁ— আমি সাধাৰণভাৱেই তেওঁলোকৰ সংস্কৃতি-সমাজ-জীৱন সম্পৰ্কে বহু জ্ঞান আহৰণ কৰোঁ— ফলত তেওঁলোকৰ সাহিত্যৰ তথা আন সাংস্কৃতিক উপাদানসমূহ বুজা বা উপলব্ধিৰ ক্ষেত্ৰত বিশেষ আহুকাল অনুভৱ নকৰোঁ— আৰু যিখিনি নুবুজা অংশ থাকে অতি সহজেই তাৰ বিষয়ে জানিবলগীয়া অজস্ৰ সমল পাওঁ— এতিয়া ইণ্টাৰনেটৰ কৃপাততো সেয়া এক মিনিটো নলগা যেন হৈছে। কিন্তু অসমীয়া সমাজজীৱনৰ এই উপাদানবোৰৰ বিষয়ে এতিয়াও এনেবোৰ উৎসত বহু কথা সুমুৱাবলৈ বাকী—আমাৰ সমাজজীৱনৰ বিষয়ে উৎকৃষ্ট প্ৰবন্ধ বিশ্বৰ বিভিন্ন ভাষাত প্ৰকাশ হোৱা নাই—আমাৰ চলচ্চিত্ৰবোৰ এতিয়াও বিশ্বত জনপ্ৰিয় হ’বলৈ বহুদূৰ বাট যাব লগা আছে— যিবোৰৰ জৰিয়তে আমাৰ সমাজজীৱনৰ প্ৰতিচ্ছবিৰ সৈতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে চিনাকি হোৱাৰ সুযোগ পাব পাৰে— যাৰ জৰিয়তে এজন বাহিৰৰ পাঠকে অসমীয়া সাহিত্যৰ কোনো সৃষ্টিৰ, বিশেষকৈ কবিতাৰ সোৱাদ সম্পূৰ্ণকৈ লোৱাত ব্যৰ্থ হয়৷ কাৰণ কবিতাত ভাবৰ গভীৰতা অধিক৷ খুব কম শব্দত কবিতাত এটা পৰিৱেশ ৰচনা কৰা হয় বা প্ৰয়াস কৰা হয়। সেয়ে কোনো ভাষাৰ অতি শ্ৰেষ্ঠ কবিতা এটা যেতিয়া আন এটা ভাষালৈ অনুবাদ কৰা হয় তেতিয়া সেই অনূদিত কবিতাটো লক্ষ্য ভাষালৈ নিয়াৰ পাছত পাঠকজনৰ মনত মূল ভাষাত পঢ়াজনৰ সমান আৱেগ সৃষ্টি কৰিবলৈ সমৰ্থ নোহোৱাৰ শংকাই অধিক। সেইখিনিতেই অনুবাদ কৰ্ম বা প্ৰক্ৰিয়াটোৰ বিফলতা বা সীমাবদ্ধতা মন কৰিবলগীয়া।

ইয়াৰ কিবা সমাধান আছে জানো? অনুবাদ কাৰ্যত ব্ৰতী এজন লোক হিচাপে নিজৰ অভিজ্ঞতাৰপৰা কেইটামান কথাই তাৎক্ষণিকভাৱে ভুমুকি মাৰিছে—এনে বিশেষ পৰিস্থিতি-পৰিৱেশবোৰৰ (মই ইতিমধ্যে কিছু উদাহৰণ দিছোঁ)এটা টোকা কবিতাটোৰ সৈতে সন্নিৱিষ্ট কৰিব পাৰি—য’ত মূল ভাষাৰ সৈতে জড়িত সংস্কৃতিত সেই আঙ্গিকটোৰ তাৎপৰ্য ব্যাখ্যা কৰা থাকিব লগতে প্ৰয়োজনবোধে ছবিও সন্নিৱিষ্ট থাকিব। বাঁহৰ নঙলা থকা দীঘল পদূলি এটা—দুফালে দুশাৰী তামোল, এই দৃশ্যটো বিদেশী লোক দূৰৰ কথা, নেদেখিলে আমাৰেই যিসকলে চহৰীয়া পৰিৱেশত ডাঙৰ হৈছে কল্পনা কৰি ছবিখন আনিব নোৱাৰে । কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু ফুলা যিয়ে দেখা নাই, সঁজাল ধৰা কঠীয়াডৰা যিয়ে দেখা নাই, তেওঁ তাৰ মনোমুগ্ধকৰ সৌন্দৰ্য হৃদয়ঙ্গম কৰিব নোৱাৰে। তেনেক্ষেত্ৰত এখন ছবিয়ে বহুখিনি পৰিপূৰকৰ কাম কৰে। আৰু সামাজিক অনুস্থান-আচাৰ আদিৰ ক্ষেত্ৰত সেই প্ৰক্ৰিয়াটোৰ বা নিৰ্দিষ্ট বস্তুটোৰ স্থিতিয়ে (গামোচাখনৰ, তামোলখনৰ, শৰাই-বঁটাটোৰ, তিৰোতা এগৰাকীৰ শিৰৰ সেন্দূৰকণৰ) গোটেই কবিতাটোৰেই আধাৰ হৈ থাকে ।

আৰু কিছুমান ক্ষেত্ৰত লক্ষ্য ভাষাৰ একে তাৎপৰ্য বহন কৰা বস্তুৰেও আমি সফল অনুবাদ কৰিব পাৰোঁ। আমি এই ক্ষেত্ৰত অজান দেশত এলিচ; গ্ৰীমৰ সাধু, এণ্ডাৰছনৰ সাধু আদিলৈ আঙুলিয়াব পাৰোঁ। এই কেইখন অনুবাদ পুথি আমি নিজে পঢ়াশালিৰ নিম্ন শ্ৰেণীত থাকোঁতেই কোনো খোকোজা নলগাকৈ পঢ়ি শেষ কৰিছিলোঁ; আকৌ পাছত যেতিয়া মূল ৰচনাখিনি পঢ়াৰ সৌভাগ্য ঘটিছিল, অনুবাদকৰ প্ৰতি আমাৰ মনত কোনো অভিযোগ নাছিল—বৰঞ্চ কৃতজ্ঞতাহে আছিল।

লগতে পঢ়ক : গোৱিন্দ প্ৰসাদ ভূঞাৰ ‘কবিতাৰ অনুবাদ আৰু পৰ্যায়বাচী অন্বেষণৰ সমস্যা’

তদুপৰি প্ৰতি ভাষাতে এনে কিছু শব্দ আছে যিবোৰে একাধিক অৰ্থ বহন কৰে। গতিকে এইবোৰৰ অনুবাদ কৰোঁতে অনুবাদকজন অতি নিশ্চিত হ’ব লাগিব—সেই পৰিস্থিতিত সেই শব্দটোৱে কি অৰ্থ বহন কৰিছে—নহ’লে সেই অনুবাদ বিফল বা অপৈণত হ’ব। (উদাহৰণ: শব্দ মানে ইংৰাজীত sound আৰু word দুটা অৰ্থ হ’ব পাৰে। আকৌ তেনেকৈ ইংৰাজীৰ dear শব্দটোৱে মৰমৰ, মহঙা দুয়োটাই বুজাব পাৰে।)

আকৌ অনুবাদকৰ্মটোক কিছু পৰিমাণে অন্ধৰ হস্তী দৰ্শনৰ সৈতেও তুলনা কৰিব পাৰি। একেটা বাক্যকে, সেয়া গল্পতো হয়, কবিতাত আৰু বেছি সুস্পষ্ট—বেলেগ বেলেগ অনুবাদকৰ হাতত সম্পূৰ্ণ পৃথক শব্দ চয়নেৰে সম্পূৰ্ণ বেলেগ ৰূপ লয়—তাক যদি পুনৰ মূললৈ অনুবাদ কৰাৰ প্ৰয়াস কৰা যায়—সেয়া আঁতৰি কিবা বেলেগহে হ’বগৈ—পঢ়োঁতায়ো তাক একেটা কবিতাৰে অনুবাদ বুলি মানি ল’বলৈ টান পায়।

অসমত সাধাৰণভাৱে অনুবাদকৰ ভূমিকা এতিয়াও বুজি উঠা যেন আমাৰ অনুভৱ নহয়। অনুবাদকে মূল লেখকতকৈ অলপমানো কমকৈ বুজিলে অনুবাদ সম্ভৱ নহয়। আৰু এই কথাটোতে কামটোৰ মৰ্যাদা-গৰিমা সকলোখিনি লুকাই আছে। বিশেষকৈ বিদেশী ভাষা এটালৈ কৰা অনুবাদৰ ক্ষেত্ৰত অনুবাদকৰ নিজৰ অধ্যয়নৰ পৰিসৰ কিমান বিশাল হ’ব লাগিব সেয়া অতি মুষ্টিমেয় লোকেহে অনুধাৱন কৰিব পাৰে।

লগতে পঢ়ক একেজন লেখকৰ : “পঢ়িব পাৰিলে মই বেছিকৈ লিখিব পাৰোঁ” : প্ৰয়াগ শইকীয়াৰ সৈতে কথোপকথন

অনুবাদ নহ’লে আমি ওডিছি, ইলিয়াডৰ উপৰি মোপাছাঁ, টলষ্টয় আদিৰ মহান লেখকসকলৰ সৃষ্টিৰ সোৱাদ পোৱাৰপৰা বঞ্চিত হ’লোঁহেতেন। আনকি আমাৰ সংস্কৃতিৰ অংগস্বৰূপ হৈ পৰা ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ আদিও আমাৰ বাবে বহু দূৰৈৰ বস্তু হ’লহেঁতেন। তেনেকৈ ৰবীন্দ্ৰনাথেও ন’বেল বঁটা পোৱাৰ ক্ষেত্ৰত অনুবাদৰ এক সবল ভূমিকা আছে—অনুবাদকজন সমানেই কুশলী নোহোৱা হ’লে তেওঁ বিশ্বসাহিত্যৰ শ্ৰেষ্ঠ সন্মানটোৰ অধিকাৰী হোৱাটো হ’লহেঁতেন সুদূৰপৰাহত।

বিবেকানন্দ চৌধুৰী এগৰাকী অনুবাদক আৰু লেখক৷ বৃত্তিত এগৰাকী অভিযন্তা চৌধুৰীয়ে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে তেওঁ অনুবাদ কৰিছে৷