“পঢ়িব পাৰিলে মই বেছিকৈ লিখিব পাৰোঁ”

প্ৰয়াগ শইকীয়াৰ সৈতে কথোপকথন

সাক্ষাৎগ্ৰহণ বিবেকানন্দ চৌধুৰীৰ

পেশাগত ভাৱে চিকিৎসক, প্ৰয়াগ শইকীয়াৰ বাৰখন কবিতাৰ পুথি, এখন গল্প-সংকলন, তিনিখন উপন্যাস, এখন কাব্যোপন্যাস আৰু এখন গানৰ পুথি আছে। তেওঁ বিশ্ববিখ্যাত কিছু ছবিৰ প্ৰেক্ষাপটত ৰচিত সবাক ছবি নিৰ্বাক কবিতা  নামৰ পদ্য-সংকলনখনৰ বাবে অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক। তেওঁৰ কবিতা উজবেক, ফৰাচী, স্পেনিছ আদি বিদেশী ভাষালৈ অনূদিত হোৱাৰ উপৰি বeঙালী, কানাড়া, সংস্কৃত আৰু ইংৰাজীলৈ অনূদিত হৈছে। তেওঁৰ কবিতাৰ ই্ংৰাজী সংস্কৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি.চি.স্থিত লাইব্ৰেৰী অব কংগ্ৰেছ আৰু ছোভিয়েট ৰাছিয়াৰ মস্কোস্থিত ষ্টেট লাইব্ৰেৰীত  সংৰক্ষিত হৈছে। তেওঁ আকাশবাণীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰো। তেওঁৰ স্বৰচিত ইংৰাজী কবিতাই সাহিত্য অকাডেমীৰ দুমহীয়া মুখপত্ৰৰ প্ৰথম পৰ্বৰ শ্ৰেষ্ঠ সংকলন বেষ্ট অফ ইণ্ডিয়ান লিটাৰেচাৰত স্থান পাইছে। সাম্প্ৰতিক কথোপকথনটিত কবিগৰাকীৰ সৃষ্টিশীল জীৱনটোৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।

প্ৰয়াগ শইকীয়া

আপোনাক কোনকেইজন সাহিত্যিকে অধিক প্ৰভাৱিত কৰিছে বা অনুপ্ৰাণিত কৰিছে? আপুনি এই ক্ষেত্ৰত অসমীয়া সাহিত্য, ভাৰতীয় সাহিত্য আৰু বিশ্ব সাহিত্য তিনিওবিধকে সাঙুৰি ক’ব।

মোৰ কবিতাৰ পঢ়াশালি আৰম্ভ হৈছিল নৱকান্ত বৰুৱাৰ মোৰ আৰু পৃথিৱীৰ, হীৰেন ভট্টাচাৰ্যৰ মোৰ দেশ মোৰ প্ৰেমৰ কবিতা‘ আৰু সুকান্ত ভট্টাচাৰ্যৰ ছাড়পত্ৰ আৰ ঘুমনেইৰে। লাহে লাহে দিগন্ত প্ৰসাৰিত হ’ল গৃহৰ সমীপৰ কবি দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছাৰ প্ৰেমত পৰিলো, তাৱৈদেউ ৰঙাজিঁয়াৰ কবি মহিম বৰাৰ কাষ চাপি আহিলোঁ। মোৰ দাদা প্ৰাঞ্জল শইকীয়া, দদাইদেউ নন্দ শইকীয়া, কটন কলেজৰ পৰা ওলোৱা মাহেকীয়া কবিতাৰ এজন অন্যতম সম্পাদক দাদাৰ বন্ধু ৰঞ্জিত নাথ গাইডৰ দৰে থিয় হ’ল! ১৯৭২ চনত আৰম্ভ হোৱা এটা যাত্ৰা চলি থাকিল, প্ৰেৰণা হ’ল বিভিন্নজন, প্ৰেৰণা হ’ল সাংগ্ৰীলাক ভালপোৱা মোৰ মা, বুদ্ধক ভালপোৱা মোৰ গুৰু সুৱাগমণি শইকীয়া, বিবেকানন্দক ভাল পোৱা মোৰ পত্নী ৰাস্না হিলৈদাৰী, আবেলিৰ ৰঙেৰে নিৰ্বাক কবিতা লিখা শিল্পী প্ৰণৱ বৰুৱা আৰু বহুজন।ক’লৰিজে কয় তেওঁৱে বোলে কবি যি আনক কবি কৰি তোলে! মোৰ প্ৰেৰণাৰ কাৰক হৈ উঠা এই ব্যক্তিসকলক মই এই গুণে কবিৰ স্থানত ৰাখোঁ! অৱশ্যে ইয়াত গুৰুস্থানত দুজন ব্যক্তিক মই বিশেষ ভাবে ৰাখোঁ। ইয়াৰ এজন চিলথিয়া আখৰেৰে কাব্যজগতত খোজ থোৱা কবি নৱকান্ত  বৰুৱা, আনজন তুলিকাৰ কবিতাৰে উদয় হোৱা শিল্পী প্ৰণৱ বৰুৱা। এই দুজনৰ প্ৰভাব মোৰ জীৱনত সবাতোকৈ বেছি। অসম এৰি জম্বুদ্বীপৰ কথা আহিলে বুদ্ধদেৱ বসুৰ কথা ল’ম। বুদ্ধদেৱ বসুৰ প্ৰথম পাৰ্থৰ দৰে লেখাবোৰ হয়তো আছিল মোৰ সূৰ্যকথাৰ দৰে সৃষ্টিৰ দিক দৰ্শক। দেশ এৰি বিশ্ব সাহিত্যৰ কথা আহিলে লিও টলষ্টয় আৰু হাৰ্মেন হেছৰ কথা আহিব।এই দুজনৰ পোহৰেৰে মই ঋদ্ধ! টলষ্টয়ৰ ভাৱনাৰে হৈ উঠিছে মোৰ মিচিক‘। হাৰ্মেন হেছৰ সিদ্ধাৰ্থই মোক আঙুলিত ধৰি আজিও যেন লৈ গৈ আছে!

ওপৰৰ প্ৰশ্নটোৰ সৈতে জেৰ টানি সুধিছোঁ, আপোনাৰ প্ৰিয় সাহিত্যিক কেইজনৰ কথা কওক। প্ৰভাবিত কৰা অনুপ্ৰাণিত কৰাজন প্ৰিয় নহ’বও পাৰে কিন্তু।

প্ৰিয় সাহিত্যিক মোৰ বহুজন।ভাবোদ্দীপক লেখাবোৰ বেছি ভাল লাগে!

ঠিক কোনটো পৰ্যায়ত আপোনাৰ সাহিত্য যাত্ৰা আৰম্ভ হোৱা বুলি ক’ব খোজে?

মোৰ জীৱনৰ প্ৰথম কবিতাটো আজিও মনত আছে। চন ১৯৭২, মাধ্যম আন্দোলনৰ বছৰ। মই ভাবোঁ সেই দিনটো মই কবিতাৰ পঢ়াশালিত নাম লিখাৰ প্ৰস্তুতিত, ইয়াৰ কেইসপ্তাহমানৰ পিছত দাদাই উপহাৰ দিয়া চাৰিখন কিতাপেৰে কবিতাৰ পঢ়াশালিত মোৰ নাম লিখা আৰু এটা অবিৰত যাত্ৰা ।

আৰম্ভণিৰ পৰ্যায়ত আপুনি কোনকেইজন সম্পাদক বা বিশিষ্ট ব্যক্তিৰ পৰা উদগণি পাইছিল?

স্কুলীয়া দিনৰ পৰা লিটল মেগাজিনত মোৰ কবিতা ওলাইছিল। প্ৰথম মেগাজিন আছিল খালেকুজ জামান সম্পাদিত নৱজ্যোতিত। কবিতাৰ পৃষ্ঠাত প্ৰথমতে কেইটামান লিমাৰিক আছিল নৱকান্ত বৰুৱাৰ, শেষত দুটা কবিতা আছিল মোৰ। সেয়া ১৯৭৪, মই নবমমানত। একে সময়তে ৰবীন্দ্ৰ বৰা, কবিতা দত্ত সম্পাদিত আমাৰ আলোচনী আৰু স্কুল মেগাজিন উদয়ত কবিতা ওলাইছিল। ১৯৮২ চনত মেডিকেল কলেজত থাকোতে ভৱেন্দ্ৰ নাথ শইকীয়া সম্পাদিত প্ৰান্তিকত কবিতা ওলাল। বহু সম্পাদকৰ আদৰ পালোঁ। কিন্ত লিখিবলৈ বিশেষ ভাবে উদগোৱাজন বান্ধৱৰ সম্পাদক বিনয় মোহন শইকীয়া। তেওঁৰ বাবেই মোৰ বহু বিদেশী কবিতা অসমীয়ালৈ অনুবাদ কৰা হ’ল। নৱকান্ত বৰুৱাই কৈছিল মোৰ কবিতা নাথাকিলে মই আনৰ কবিতা লিখোঁ! মানে অনুবাদ কৰোঁ। এনেদৰে মোৰো বহ আনৰ কবিতা লিখা হ’ল।

আপুনি কবি গল্পকাৰ আৰু ঔপন্যাসিক – এই তিনিটা পৰিচয়ৰ কোনটো পৰিচয় বেছি পছন্দ কৰে?

জীবনানন্দই কোৱা কোনো কবিৰ মাজত মই পৰোঁ নে নাই নাজানো, কিন্তু কবি বুলি ক’লে ভাল লাগে! মোৰ গল্প, উপন্যাস মোৰ কবিতাৰে সম্প্ৰসাৰিত ৰূপ বুলি মই ভাবোঁ!

বেষ্ট অব ইণ্ডিয়ান লিটাৰেচাৰত আপোনাৰ স্বলিখিত ইংৰাজী কবিতা কেইবাটায়ো স্থান পাইছে। য়াৰনিং ফৰ ড’ন আপোনাৰ নিজা ইংৰাজী কিতাপ- কিন্তু ইয়াৰ পাছত আপুনি ইংৰাজী কবিতা লিখা বাদ দিলে নেকি? কিয়?

ইংৰাজীত মোৰ দখল নাই। মই চেষ্টা কৰিও ভাষাটো অয়ত্তলৈ আনিবলৈ নোৱাৰিলোঁ। ব্যাকৰণত মোৰ দুৰ্বলতা অনুভৱ হয়। মই ইংৰাজীত লিখা আৰম্ভ কৰিছিলোঁ প্ৰণৱদাৰ উৎসাহত। ভয়ে ভয়ে দেখুৱাইছিলোঁ বন্ধু কৃষ্ণ দুলাল বৰুৱাক। কৃষ্ণ দুলালে ভাষা-গাঁথনি চাই সম্পাদকৰ ভূমিকা পালন কৰিছিল। কিতাপখন প্ৰকাশৰ পিছত এখন মিটিঙত ‘লিখক পাঠকৰ মুখামুখি’ত ক’লোঁ ইংৰাজীত আৰু নিলিখোঁ, শ্ৰম বেছি হয়, মাতৃভাষাত লিখিবলৈ সহজ! কথাখিনি শুনি উঠি সভাত উপস্থিত থকা মহিম বৰা ছাৰে কৈছিল- মই ভাবোঁ প্ৰয়াগে লিখিব লাগে আৰু মোৰ বিশ্বাস এদিন এই সংকলনটোৰ পৰা কেইটিমান কবিতা বিদেশী ভাষালৈ অনূদিত হব! ছাৰৰ কথাষাৰ প্ৰফেটিক হ’ল। Yearning for Dawnৰ কেইটিমান কবিতা উজবেক ভাষালৈ অনুবাদ হ’ল। ছাৰৰ কথাক সন্মান জনাই মই ‘Between the sleeping and the laughing Buddha’ বুলি এটি কবিতা লিখিলোঁ, যিটো প্ৰকাশ পালে The Statesmanৰ festival issueত, ধাৰাবাহিকতা অৱশ্যে ভালদৰে ৰক্ষা কৰিব পৰা নগ’ল। দুবছৰমান আগেয়ে এখন কিতাপ পঢ়িছিলোঁ, কিতাপখন আছিল Power of Subconscious Mind। কিতাপখনে মোক জগাই দিলে। আৰু ছয়টি কবিতা লিখিলোঁ, কবিতাকেইটি সদায় সপোন হৈ থকা বিদেশৰ এখন আলোচনীলৈ পঠিয়ালোঁ। সপোন সম্ফল নহ’ল। কবিতা কেইটি মই ‘Blue Brook’ নামেৰে নতুনকৈ সজোৱা Yearning for Dawnৰ সংবৰ্ধিত সংকলনখনত যোগ হ’ল। কিতাপখনত এতিয়া Amazon Kindle Bookত প্ৰাপ্ত। ভাল লাগে কিতাপখন ৱাশ্চিংটন ডিচিৰ লাইব্ৰেৰী অফ্ কংগ্ৰেছতো সংৰক্ষিত হৈছে ।

আপোনাৰ সাহিত্যৰাজিত বিভিন্ন ধৰ্মীয় দৰ্শনৰ কথা পোৱা যায় – পাঠক সমৃদ্ধ হয়। এই ধৰ্মীয় দৰ্শনবোৰৰ প্ৰতি আপুনি প্ৰথম কেতিয়া আকৃষ্ট হৈছিল? ইয়াৰে কোনটো ধৰ্মীয় দৰ্শন আপোনাৰ নিজা দৰ্শনৰ সৈতে অধিক মিলে?

আমাৰ দেউতা অলপ ৰহস্যবাদী আছিল। অটবায়গ্ৰাফি অফ্ এ যোগী, টি এছ লবচাং ৰাম্পা আদিৰ সম্ভেদ দেউতাৰ কথাই দিছিল। গোসাঁইঘৰত পুথি পঢ়োতে দেউতাই কন্দা দেখি আচৰিত হৈছিলোঁ। মাধৱদেৱ পুৰুষৰ ‘মৎস্য কুৰ্ম্ম’ গাবলৈ শিকোৱা মাৰ বুকুত সোমাই আছিল জেমছ্ হিল্টনৰ লষ্ট হৰাইজন। মায়ে আঁকি দিছিল সাংগ্ৰী-লাৰ সপোন। নৱকান্তৰ কবিতাৰ বাটেৰে বুদ্ধৰ কাষ পালোঁ। মেডিকেল কলেজত গুৰ্বী সুৱাগমণি মায়ে নিচেৰিন ডাইচনিনৰ বৌদ্ধবাদৰ কাষলৈ লৈ গ’ল । টলষ্টয়ৰ সাধুৰ পয়েটিক জাষ্টিচ ‘গড চিজ দা ট্ৰুথ বাট ৱেইটচ্’, এৰিক ফv ডেনিকেনৰ দৃষ্টিৰে মেনকাইন্দ চাইল্ড অফ্ দ্য ষ্টাৰ আছিল গ্ৰন্থপ্ৰেমী দাদাৰ শ্ৰোতা হোৱাৰ লাভ। বিবেকানন্দক কাষ চপাই আনিলে ৰাস্নাই। জ্ঞানৰ বাবে প্ৰয়োজন হ’লে কেথেইলৈকো যাবা বুলি কোৱা হজৰত মহম্মদক দেৱদূত জিব্ৰাইলে কোৱা ইক্ৰা শব্দটো যে কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয় ই যে মানৱ মনক গৰিমাময় কৰি তোলাৰ বিশেষ সম্বল এনে অনুভৱ এটি উদয় হ’ল।

অসমীয়া সাহিত্যৰ আপোনাৰ আটাইতকৈ ভাললগা, কবিতা আৰু গল্প আৰু উপন্যাসখনৰ (বা কেইটামানৰ) কথা পাঠকক জনাব নেকি?

মোৰ প্ৰিয় কাব্য পুথি নৱকান্ত বৰুৱাৰ ‘মোৰ আৰু পৃথিৱীৰ’। আৰু চাৰিখন পাহৰিব নোৱৰা কিতাপ– দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা, নীলমণি ফুকনৰ ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, হীৰেন ভট্টাচাৰ্যৰ মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, মহিম বৰাৰ ৰঙাজিঁয়া । মোৰ প্ৰিয় গল্প-সংকলন– মহিম বৰাৰ কাঠনিবাৰী ঘাট, আৰু তিনিখন – সৌৰভ চলিহাৰ গোলাম, ভবেন্দ্ৰ নাথ শইকীয়াৰ সেন্দুৰ, বিপুল খাটনিয়াৰৰ খোজৰ শব্দ। অসমীয়া উপন্যাস প্ৰথমে ককাদেউতাৰ হাড়, আৰু তিনিখন- মেদিনী চৌধুৰীৰ অনন্য প্ৰান্তৰ, দেবেন্দ্ৰনাথ আচাৰ্যৰ কালপুৰুষ, হোমেন বৰগোহাঞিৰ পিতাপুত্ৰ। এই কিখন কিতাপেৰে মই আলোকিত হোৱা যেন লাগিছিল! আৰু কিতাপ আছে, ভাবি থাকিলে ওলায়েই থাকিব! অ’ মালিক ছাৰৰ ধন্য নৰতনু ভাল  কম ভাল কিতাপ নে! এসময়ত কুমাৰ কিশোৰৰ হিমানী হিল্লোল পঢ়িও মই বৰ ভাল পাইছিলোঁ!

আপোনাৰ নিজৰ সৃষ্টিৰ আটাইতকৈ ভাললগা কবিতা আৰু গল্প?

লিখি উঠি সকলো লিখাই ভাল লাগে কিন্ত লাহে লাহে দেখোন আকৰ্ষণ নাইকিয়া হৈ যায়। সূৰ্যকথাই হয়তো একমাত্ৰ লিখা যাৰ আকৰ্ষণ দীৰ্ঘদিন অটুট আছে!

আপোনাৰ সমগ্ৰ জীৱনৰ অদ্যাপি আটাইতকৈ সৃষ্টশীল সময় কোনছোৱা যেন লাগে– সংখ্যাৰ ফালৰ পৰা আৰু মানৰ ফালৰ পৰা?

১৯৭২ চনৰ পৰা অকনো বিৰতি নোহোৱাকৈ লিখিয়েই আছোঁ। সৃষ্টিশীলতাৰ সময় এটা দেখুৱাই দিবলৈ টান, কিন্তু এটা কথা সঁচা যে স্মাৰ্ট ফোনটো ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰা সামাজিক মাধ্যমৰ স’তে সংযোগ স্থাপন হোৱাৰ পৰা সৃষ্টিশীলতা বাঢ়িল… কৃতিত্ব জোকাৰবাৰ্কলৈ যায়! লিখাৰ মানৰ বিচাৰ তোমালোক আৰু অনাগত সময়ৰ হাতত!

ঠিক কেনেধৰণৰ পৰিৱেশত আপোনাৰ সৃষ্টিশীল মনটোৱে আটাইতকৈ বেছি সাৰপানী পায়?

পঢ়িব পাৰিলে মই বেছিকে লিখিব পাৰোঁ বুলি ভাবোঁ। ভাল চিন্তা, সৃষ্টিশীল মনৰ পুষ্টি। মোক বেছিকৈ গ্ৰন্থৰ যোগান ধৰোঁতা আছিল মোৰ দাদা, পিছলৈ সেই ভূমিকা পালন কৰিছে মোৰ পত্নী আৰু অগ্ৰজ বন্ধু মাণিক দাসে। গুণীজনৰ কাষত শ্ৰোতা হোৱাৰ সৌভাগ্য হ’লে সৃষ্টিশীল মনটো অধিক সক্ৰিয় হয়। ভাল আড্ডা এজন লেখকৰ বাবে বৰ প্ৰয়োজনীয়!আড্ডাবাজ মোৰ দাদা, দাদাৰ বন্ধু ৰঞ্জিত নাথ, গকুল বৰকটকীৰ স’তে বহু মূল্যবান মুহূৰ্ত আছে। এতিয়া সেই ভূমিকাত আছে ‘বুক নুক কেফে’ৰ প্ৰশান্ত বৰা আৰু দূৰে দূৰে ভ্ৰাম্যভাষত ৰাতুল শইকীয়া।

দিনটোৰ কোনখিনি সময়ত আপোনাৰ সৰহখিনি সাহিত্য সৃষ্টি হৈছে?

মোৰ লিখাৰ বিশেষ সময় বা স্থান নাই, মই য’তে-ত’তে লিখো। প্ৰতিকূল সময়কো অগ্ৰাহ্য কৰোঁ!

আপোনাৰ জীৱনৰ এতিয়ালৈকে আটাইতকৈ স্মৰণীয় ঘটনা?

মোৰ জীৱনৰ স্মৰণীয় ঘটনা হয়তো দৈনিক অসমত প্ৰথমবাৰলৈ ছপা আখৰত ওলোৱা মোৰ নামটোৰ বাৰ্তা। লিখিবলৈ আৰম্ভ কৰাৰ ছমাহৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা কবিতা প্ৰতিযোগিতাত মই প্ৰথম পুৰস্কাৰ পোৱাৰ খবৰ ওলাইছিল। মই পোৱা চাৰ্টিফিকেটখনৰ তলত আছিল প্ৰসন্ননাৰায়ণ চৌধুৰী, পুলকেশ বৰুৱা আৰু লুইত বৰাৰ চহী।

আপোনাৰ জীৱনৰ এতিয়ালৈ আটাইতকৈ ভাললগা ঘটনা?

ভাল লগা ঘটনাটো আছিল সেইদিনা, যিদিনা দদাইদেউ নন্দ শইকীয়াই মঙ্গলদৈৰ সাহিত্য সভাৰ পৰা আহি আনন্দত ক’ব নোৱাৰা হৈ মোৰ হাতখন খামুচি ধৰি কৈছিল মহেন্দ্ৰ বৰাই তোৰ কবিতা পঢ়ি বৰ ভাল পাইছে আৰু তই এদিন ডাঙৰ কবি হ’বি বুলি কৈছে! মহেন্দ্ৰ বৰাই ভাল পোৱা কবিতাটো খালেকুজ জামানৰ সম্পাদিত আলোচনী নৱজ্যোতিত ওলাইছিল, যিটো আছিল মোৰ প্ৰথম ছপা আখৰত ওলোৱা দুটি কবিতাৰ এটি। কবিতাটি হ’ল :

“মোৰ নগ্নতা 
দোঁ খাই পৰা এজুপি গছ
প্ৰতিহত কৰি এক বেদনাৰ ধল
দুপিয়াই চাওঁ
তোমাৰ মন”

আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শ্বক?

২০০২ চনৰ ভেলেন্টাইন ডেৰ পুৱা কবি জীৱন নৰহে মোক কৈছিল, প্ৰণৱদা আৰু নাই; শিল্পী প্ৰণৱ বৰুৱাৰ বিয়োগ সংবাদ আছিল এক ডাঙৰ শ্বক্!

কি খাই ভাল পায়?

মিঠা মোৰ আটাইতকৈ প্ৰিয়। কলেজীয়া দিনত, ডিব্ৰুগড়ত এজনী বান্ধৱীৰ ভনীয়েকৰ বিয়াত কুৰিৰ ওপৰৰ কাজুবৰ্ফি খাইছিলোঁ। বিয়াৰ পিছত ডিব্ৰুগড়তে এখন দোকানত দুটি ভাল মিঠাই খাই উঠি তৃতীয়টো মিঠাই খাওঁ বুলি ডাঙৰকৈ কাটি থোৱা পনীৰৰ টুকুৰা এটি দেখুৱাই দিয়াত পত্নীয়ে চকু পকাই ধৰিছিল আৰু কৈছিল, তোমাৰ সোনকালে দেখুৱাবলৈ হ’ল। সোনকালেই দেখুৱা হ’ল আৰু পালোঁ ফৰ প্লাছ! মিঠাইত ব্ৰেক লাগিল। টলষ্টয়ৰ এটা সাধু আছে ‘হাঁহ কণীৰ দৰে শস্য’ । সাধুটো বৰ ভাল লাগে আৰু কণীয়ে মনলৈ অনা ছবিখনো! ভাতৰ পাতত কণীটো দেখিলেই অন্তৰৰ হাঁহি এটা ওলাই আহে!

কেনে কথাত খং উঠে?

খং উঠে, বেছিকৈ খং উঠে পুৱাই উঠি বাতৰিকাকতত বেয়া খবৰবোৰ দেখিলে! সৌৰভ চলিহাৰ ‘ভাল খবৰ’ৰ কথাৰে নিৰ্মিত আলটাফ মজিদৰ চুটি ছবিখন প্ৰায়েই মনলৈ আহে। খঁকৰ কবলত পৰা কোঙা সমাজখন কেতিয়াবা সুস্থ হ’ব এনে এটা আশাৰে বাট চাই ৰওঁ– নৱকান্ত বৰুৱাৰ ‘বোধিদ্ৰুমৰ খৰি’ৰ বাটচৰাত থকা জি বি এছৰ শাৰীটি প্ৰায়ে আওৰাওঁ– As long as there are fools in the world there will be hope.

Click for an English translation of the Interview.