অসমীয়া কবিতাত কেতবোৰ প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা সন্দৰ্ভত এক ইস্তাহাৰ

জ্যোতিপ্ৰসাদে কোৱা জনতাৰ প্ৰাণৰো প্ৰাণত লুকাই থকা শিল্পীজনক জগাই তোলাটোহে কবিতাৰ কাম বুলি ভাবোঁ। তাৰ বাবে আমি পাঠকৰ কবিতা (Reader’s Poems) লিখিব লাগিব। পাঠক কবিতাৰ ওচৰলৈ নিজে নিজে আহিব বুলি বহি থাকিলে নহ’ব। কবিতাক কিতাপৰ পাতৰ মাজৰপৰা উলিয়াই আনিব লাগিব। কবিতাক পাঠকৰ ওচৰলৈ লৈ যাব লাগিব।

সাহিত্য ভালপোৱা যিকোনো মানুহে নিশ্চয় মন কৰিছে যে বৰ্তমান অসমীয়া সাহিত্যত কবিতাৰ জয়জয়-ময়ময় অৱস্থা। কবিৰ সংখ্যা হাজাৰৰ ওচৰা-উচৰি হ’ব। কবিতাৰ কাৰণে বৰ্তমান সময় এফালৰপৰা আটাইতকৈ ভাল আৰু আন এফালৰপৰা আটাইতকৈ বেয়া সময়। ভাল এইকাৰণেই যে বহুত নতুন কবিয়ে ভাল কবিতা লিখি আছে আৰু বেয়া এই বাবেই যে বহুতে কবিতাক দুৰ্বোধ্য কৰিছে। দুৰ্বোধ্য হ’লেই কবিতাক একে আষাৰে বেয়া বুলিও ক’ব নোৱাৰি, কিন্তু দুৰ্বোধ্য কবিতা পাঠকে নপঢ়ে। পাঠকে নপঢ়িলে কবিৰে লোকচান। আধুনিকতাবাদী অসমীয়া কবিতা এসময়ত দুৰ্বোধ্য হৈছিল আৰু পাঠকতকৈ কবিৰ সংখ্যা বৃদ্ধি পাইছিল। সেই দুৰ্বোধ্যতাৰ অন্যতম কাৰণ আছিল ফৰাচী প্ৰতীকবাদ আৰু এলিয়ট আদি কবিৰ প্ৰভাব।

প্ৰতীকৰ ব্যৱহাৰ আমি সকলোৱে কৰোঁ। দৈনন্দিন কথা-বতৰাতো প্ৰতীকৰ ব্যৱহাৰ হয়, কিন্তু সিয়েই প্ৰতীকবাদ নহয়। শব্দৰ যুক্তিবাদী ক্ৰমটোৱে যিখিনিৰপৰা অৰ্থ প্ৰকাশ কৰিব নোৱাৰে সেইখিনিৰপৰাই প্ৰতীকে দায়িত্ব লয়। বগা ৰং পবিত্ৰতাৰ, অথবা ৰঙা ৰং বিপদৰ, গোলাপ ফুল প্ৰেমৰ প্ৰতীক হ’ব পাৰে। প্ৰতীকবাদীৰ প্ৰতীক সুকীয়া। কবিয়ে অনুভূতি প্ৰকাশ কৰিবলৈ মাধ্যম বিচাৰে। ফৰাচী কবি মালাৰ্মেই প্ৰতীকবাদৰ সংজ্ঞা দিবলৈ গৈ কৈছিল যে কবিয়ে মনৰ অৱস্থা ব্যক্ত কৰিবলৈ বস্তু এটাক পোনপটীয়াকৈ উল্লেখ নকৰি অকণ-অকণকৈ আহ্বান কৰি আনুভূতিক অৱস্থাটোৰ সৃষ্টি কৰিব লাগিব। তেওঁৰ মতে বস্তু এটাক পোনপটীয়াকৈ উল্লেখ কৰা মানেই আনন্দ লাভৰ সিংহভাগক বিসৰ্জন দিয়া (to state is to destroy)। বিষয়বস্তুৰ কেৱল ইংগিতহে দিব লাগে আৰু এই ৰহস্যময় প্ৰক্ৰিয়াই প্ৰতীকবাদৰ ঘাই কথা। এলিয়টেও অনুভূতি প্ৰকাশৰ মাধ্যম হিচাপে এলানি বস্তু, এটা পৰিস্থিতি আৰু ঘটনাক নিৰ্বাচন কৰাৰ কথা কৈছিল। এই ধাৰণা তেওঁৰ নৈৰ্ব্যক্তিকতা তত্ত্বৰ ভিতৰুৱা। অনুভূতিক কবিয়ে পাৰ ভাঙি বৈ যাবলৈ বাট কাটি নিদিয়ে, কবিতা অনুভূতিৰপৰা পৰিত্ৰাণ। কবিতা কবিৰ ব্যক্তিত্বৰ প্ৰকাশ নহয়, ব্যক্তিত্বৰপৰা পৰিত্ৰাণ। অৱশ্যে অনুভূতি আৰু ব্যক্তিত্ব থকা জনেহে পৰিত্ৰাণ কাৰ পৰা বিচাৰিব লাগে বুজি পায়।

প্ৰতীকবাদ মূৰ্ত আৰু বিমূৰ্তৰ মাজত এক ধৰণৰ তুলনা। তুলনা বস্তুৰ কোনোবা এটাক কেৱল ইংগিতেৰে বুজোৱা হয়। মালাৰ্মেৰ এগৰাকী শিষ্য হেনৰি দা ৰেগনিয়াৰে দেখুৱাইছিল যে প্ৰতীকবাদত প্ৰতীকটো প্ৰায়েই অকলশৰীয়া হৈ পৰে আৰু ই কি বুজাইছে তাৰো একো ইংগিত পাঠকক দিয়া নহয়। এই বাবেই প্ৰতীকবাদী কবিতাত এক আভ্যন্তৰীণ দুৰ্বোধ্যতা নিহিত থাকে। তুলনা কৰোঁতে প্ৰতীকবাদী কবিয়ে সাধাৰণতে ‘নিচিনা’, ‘যেন’ আদি শব্দ ব্যৱহাৰ নকৰে।

কবিতা এটাৰ আৰম্ভণী চিত্ৰকল্পই পৰৱৰ্তী চিত্ৰকল্পক অৰ্থ দানত সহায় নকৰিলেও কবিতা দুৰ্বোধ্য হ’ব পাৰে। কোনো-কোনো প্ৰতীকবাদী কবিতাত প্ৰতীক একোটাক সমূলি ব্যাখ্যা নকৰাকৈ এৰি দিয়া হয়। দুৰ্বোধ্যতাৰ সেইটোও এটা কাৰণ হ’ব পাৰে। প্ৰতীকবাদীয়ে কবিতাত কল্পলোকৰ সৃষ্টি কৰে। বাস্তৱ জগতৰ সিপাৰে থকা আদৰ্শ কল্পলোকৰ ধাৰণাটো ভাৰতীয় মানুহৰ বাবে আচহুৱা নহয়। পশ্চিমীয়া সাহিত্যতো প্লেটোৰ দিনৰপৰাই আদৰ্শ কল্পলোকৰ চিন্তা-চৰ্চা হৈ আহিছে। কিন্তু ঊনবিংশ শতিকাৰ ফৰাচী প্ৰতীকবাদী কবিৰ ধাৰণাটো কিছু পৃথক। খ্ৰিষ্টান ধৰ্মৰ ওপৰত মানুহৰ আস্থা হেৰাবলৈ ধৰাৰ পৰত কবিয়ে যিখন কল্পলোকৰ কথা ক’লে সেইখন ধৰ্ম অথবা ৰহস্যবাদৰ আধাৰত উপলব্ধি কৰিব পৰা জগত নহয়। সেইখন জগত কবিতাৰ মাধ্যমেৰে উপলব্ধি কৰা জগত। বাস্তৱ জগতখনৰ পৰিচিত ৰূপটোৰ কিছু সালসলনি ঘটাই আদৰ্শ কল্পলোক সৃষ্টি কৰাটো প্ৰতীকবাদী কবিৰ অন্যতম লক্ষ্যও আছিল। মালাৰ্মেই নিজে দাবী কৰা মতে তেওঁ কবিতাত এপাহ বিশেষ ফুল সৃষ্টি কৰাতকৈ ফুলৰ সত্তাহে সৃষ্টি কৰিছে আৰু সেই সত্তাক বাস্তৱৰ কোনো ফুলৰ মাজত বিচাৰি পোৱা নাযায়। বাস্তৱৰপৰা চিত্ৰকল্পৰ সহায়ত কবিতাৰ কথা আঁতৰাই নিয়া বাবে তেওঁলোকৰ কবিতা দুৰ্বোধ্য হয়। তেওঁলোকৰ বিশ্বাস যে তেওঁলোকে নিজে ব্যৱহাৰ কৰা প্ৰতীকসমূহেও আদৰ্শ কল্পলোকখনক অসম্পূৰ্ণ ৰূপতহে প্ৰতিনিধিত্ব কৰে।

প্ৰতীকবাদী কবিয়ে কবিতাক সংগীতৰ কাষ চপাবলৈ কৰা চেষ্টাৰ ফলতো কবিতা দুৰ্বোধ্য হৈছিল। ইংগিতধৰ্মিতাৰ সকলো গুণ সংগীতত আছে আৰু এই ইংগিতধৰ্মিতাৰ লগতে প্ৰতীকবাদী কবিয়ে কবিতাৰ সমীকৰণ কৰিছিল। সংগীতে শব্দৰ আভিধানিক অৰ্থ তল পেলোৱাৰ দৰে প্ৰতীকবাদী কবিয়ে শব্দৰ অৰ্থক গৌণ কৰিবলৈ বিচাৰে। প্ৰতীকবাদীয়ে সংগীতৰ সম্পদক কবিতালৈ আনিবলৈ বিচাৰিছিল। সেইবাবে তেওঁলোকে কবিতাৰ পৰম্পৰাগত ছন্দ আৰু আংগিকৰ ক্ষেত্ৰতো পৰিৱৰ্তন আনিছিল। তেওঁলোকে মুক্ত ছন্দ আৰু গদ্য কবিতাৰ প্ৰয়োগ কৰিছিল। নিৰ্মাণ-ৰীতি সলনি হোৱাৰ বাবেও কবিতাৰ দুৰ্বোধ্যতা বঢ়িছিলি।

নৱকান্ত বৰুৱাৰ কবিতা এটাৰ প্ৰসংগৰে ফৰাচী প্ৰতীকবাদীৰ প্ৰভাবৰ দিশ এটালৈ মন কৰিব পাৰি। ভাৰ্লেইনৰ কবিতাটোৰ ইংৰাজী অনুবাদৰ একাংশ এনেধৰণৰ– ‘‘The false good old days have shone all day, my poor soul/And now they ring out in the copper coloured sunset./ Beating down the harvest in the hills, laying flat/The harvest in the valley and sweeping away/ The blue sky that summons you.” (মিছা পুৰণি দিনবোৰ গোটেই দিনটো জিলিকি থাকিল, মোৰ নিছলা আত্মা/আৰু সিহঁতে এতিয়া সূৰ্যাস্তৰ তামৰঙী আকাশত খলকনি তুলিছে/বিজুলী, গাজনি আৰু শিলাবৃষ্টিৰ শৰেৰে পাহাৰত গোটোৱা শস্য খহাই পেলালে/উপত্যকাত চপোৱা শস্যক চেপেটা কৰিলে/আৰু নীলা আকাশখন মচি লৈ গ’ল, গান গাই মাতি থকা আকাশখন।” নৱকান্ত বৰুৱাৰ ‘ইয়াত নদী আছিল’ কবিতাত এটা স্তৱক এনেধৰণৰ– ‘‘কিন্তু মৰুভূমি আহে/লাহে লাহে মাহে মাহে বছৰে বছৰে/আঁহতৰ খোৰোঙত এপাহি কপৌফুল সোনকালে সৰে/গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে/প্ৰাণৰ যিমান ৰং সেউজী সোণালী/আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু/ফুটছাই বৰণৰ এখন পৃথিৱী।” ভাৰ্লেইনৰ কবিতাত তামৰঙী আকাশখন প্ৰলোভনৰ প্ৰতীক। বৰুৱাৰ কবিতাত ৰোগগ্ৰস্ত আৰু জীৱন্ত মৃত্যুৰ প্ৰতীক হৈছে। দুয়োজন কবিৰ কবিতাত আকাশৰ ৰং মচি নিয়া হৈছে। নৱকান্ত বৰুৱাৰ কবিতাটোত মৰুভূমি, সৰি পৰা কপৌফুল, গোপন ব্যাধি, তামৰঙী আকাশ, ফুটছাঁই বৰণৰ পৃথিৱী আদিয়ে আধুনিক জীৱনৰ ৰোগগ্ৰস্ততাৰ ধাৰণাটো সম্প্ৰসাৰিত কৰিছে।

নীলমণি ফুকনে ‘মোৰ কবিতাঃ নেপথ্যৰ কথা’ত কোৱা এষাৰ কথা কবিতাৰ দুৰ্বোধ্যতাৰ প্ৰসংগত উল্লেখ কৰিব পাৰিঃ ‘‘কবিতা ৰসবস্তু। পোনতেই অৰ্থ অৰ্থ কৰিলে নিৰুপায় হওঁ। জোনলৈ আঙুলিয়াই দিবহে পাৰি। আধা পোহৰ আধা আন্ধাৰৰ মাজেৰে উদ্যোগী ৰসিকজনে আপোন অভিজ্ঞতাত বুৰ গৈ সন্ধান কৰে সেই কবিতাৰ ভাব সুষমাৰ মৰ্ম, তাৰ অন্তৰ্নিহিত অনাবিল সংগীতৰ লহৰ।” কবিতাক সংগীতৰ লহৰৰ দৰে কৰিবলৈ গ’লে কবিতা সাধাৰণ পাঠকৰ কাৰণে টান আৰু দুৰ্বোধ্যও হ’বগৈ পাৰে।

এলিয়টে তেওঁৰ বিখ্যাত ‘Tradition and the Individual Talent’ ৰচনাত যিবোৰ বিৰোধৰ মীমাংসা বিচাৰিছিল সেইবোৰ আছিল– চিৰন্তন আৰু সময়-সাপেক্ষ; অতীত আৰু বৰ্তমান; স্থায়িত্ব আৰু পৰিৱৰ্তন; জ্ঞান আৰু অভিজ্ঞতা; আদৰ্শ আৰু বাস্তৱ। ১৯২২ চনত The Waste Land প্ৰকাশ পোৱালৈকে এলিয়টক solipsism অৰ্থাৎ কেৱল আত্মাকহে জানিব পাৰি বুলি কোৱা তত্ত্বই প্ৰভাৱিত কৰিছিল। অতীত এলিয়টৰ বাবে এনেকুৱা কালানুক্ৰম নহয় যাৰ লগত আমি অবিৰাম বৰ্তমানক যোগ দি গৈ আছোঁ আৰু শেষত আমি নিজকো যোগ দিছোঁ। আমাৰ বৰ্তমানৰ দৃষ্টিকোণৰপৰা অতীত অবিৰাম পৰিৱৰ্তনীয়। আমি অতীতৰ ওপৰত যিমান নিৰ্ভৰ কৰোঁ অতীতেও আমাৰ ওপৰত সিমান নিৰ্ভৰ কৰে। এলিয়টৰ পৰম্পৰাৰ ধাৰণাই এই দুয়োটা দৃষ্টিকোণক একত্ৰিত কৰিব বিচাৰিছিল। নৈৰ্ব্যক্তিকতাই বিষয়ীগত স্থিতিক নাকচ নকৰে। এই প্ৰসংগত মড এলমানে (Maud Ellmann) The Poetics of Impersonality: T. S. Eliot and Ezra Pound (১৯৮৭) গ্ৰন্থত কৈছে যে শিল্পীয়ে ব্যক্তিত্বক বিনাশ কৰাৰ পৰত আচলতে তেওঁ ব্যক্তিত্বৰ বিশ্বায়নহে সাধন কৰে। নৈৰ্ব্যক্তিকতাৰ তত্ত্বই সেই ফালৰপৰা লেখকক নিজৰ স্থানত স্থাপন কৰি কবিতাটোক কবিৰ নাৰ্ছিছিজম অৰ্থাৎ আত্মপ্ৰীতি হোৱাৰপৰা ৰক্ষা কৰে।

এলিয়টে কৈছিল যে অতীতে যিমান দূৰ বৰ্তমানৰ গতি নিৰ্দেশ কৰে সিমান দূৰ বৰ্তমানেও অতীতক সলনি কৰে। এই উক্তিয়ে এটা কথা ইংগিত কৰে যে পাঠ (Text) এটাক অবিৰাম নতুন নতুন ধৰণেৰে ব্যাখ্যা কৰিব পাৰি। এই দৃষ্টিকোণৰপৰাই পাঠক-সঁহাৰি তত্ত্ব আৰু গ্ৰহণে (Reader response and reception theory) নিজা তত্ত্বক সম্প্ৰসাৰিত কৰিছে। গাডামাৰে (Hans-Georg Gadamer) ব্যাখ্যাত্মক সমালোচনাক এটা কাহানিও শেষ নোহোৱা প্ৰক্ৰিয়া বুলিছে। ৰামান ছেলডেন(Raman Selden)ৰ প্ৰসংগ টানি তেওঁ যুক্তি দিছে যে পাঠ এটাৰ অৰ্থ লেখকৰ ইচ্ছা আৰু উদ্দেশ্যৰ অধীন নহয়। পাঠৰ প্ৰতিটো পৰৱৰ্তী অধ্যয়নে তাৰ ব্যাখ্যাৰ সম্প্ৰসাৰণ ঘটাব। আমি অধ্যয়ন কৰা বিষয়ক আমাৰ বিষয়ীগত স্থিতিৰপৰা কেতিয়াও পৃথক কৰিব নোৱাৰি। ৰিচাৰ্ড শাষ্টাৰমেনে (Richard Shusterman) T. S. Eliot and the Philosophy of Criticism (১৯৮৯) গ্ৰন্থত ক’লে যে এলিয়ট আৰু গাডামাৰে ব্যাখ্যাক সীমাহীন হিচাপে দেখা পাইছিল।

দ্বিতীয় মহাসমৰৰ পিছত উত্তৰ আমেৰিকাত আধুনিকতাবাদ আৰু নতুন সমালোচনাৰ লগত জড়িত প্ৰতীকী ধৰণৰ লেখাৰপৰা আঁতৰি যোৱাৰ এক প্ৰৱণতা দেখা পোৱা গ’ল। তথাকথিত স্বীকাৰোক্তিকাৰী কবিসকলৰ উদাহৰণ আমাৰ বাবে নিৰ্দেশক হ’ব পাৰে। ৰবাৰ্ট লৱেল (Robert Lowell) আৰু জন বেৰীমেনে (John Berryman) নতুন সমালোচনাৰ অনুকূলে কবিতা লিখা আৰম্ভ কৰিছিল আৰু দুয়োজন কবি এলিয়টৰ নৈৰ্ব্যক্তিকতা আৰু পাঠৰ স্বাতন্ত্ৰ্যৰ ধাৰণাৰপৰা আঁতৰি আহিছিল। বেৰীমেনৰ The Dream Songs(১৯৬৯)ৰ কবিতাসমূহ নৈৰ্ব্যক্তিকতাৰ প্ৰতি আকাংক্ষা, কবিতাৰ মাজতে অদৃশ্য হৈ যোৱাৰ ইচ্ছা আৰু প্ৰদৰ্শনপ্ৰৱণতা, স্বীকাৰোক্তি-ইচ্ছা আদিৰ মাজত নাটক হিচাপে পাঠ কৰিব পাৰি। ৰবাৰ্ট লৱেলৰ আদিকালৰ কবিতা আছিল প্ৰতীকেৰে সংগঠন কৰা আৰু ছন্দোবদ্ধ। কিন্তু পিছৰ Life Studies (১৯৫৯) সংকলনৰ কবিতা ছন্দৰপৰা মুক্ত; তাত ব্যক্তিগত আৰু লক্ষণাৰ্থৰ প্ৰয়োগ কৰা হৈছে। সিবিলাকে ৰোমন্থনত ৰত কবিৰ মনটোক ধৰি ৰাখিছে। প্ৰসংগক্ৰমে ৱিলিয়াম কাৰ্ল’ছ ৱিলিয়ামছে আত্মজীৱনীত কোৱা এষাৰ কথা উল্লেখ কৰিব পাৰি। ৰবাৰ্ট লৱেলে কবিতাৰ গতিপথ সলনি কৰাত ৱিলিয়ামছৰ মন্তব্যই ক্ৰিয়া কৰিছিল। ৱিলিয়ামছে এনে এক কাব্যতত্ত্ব প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল যাৰ ভিত্তি হ’ব স্থানীয়, সন্নিকট, বিশেষ আৰু ই এলিয়টৰ অধ্যয়নপুষ্ট, মনৰ বিমূৰ্ত সংস্কৃতিৰ বিৰোধিতা কৰিছিল। ৱিলিয়াম কাৰ্ল’ছ ৱিলিয়ামছৰ এই কাব্যতত্ত্বৰ পলমকৈ হ’লেও উত্তৰ আমেৰিকাৰ কবিৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছিল। যোৱা শতিকাৰ পঞ্চাছৰ দশকত চাৰ্লছ অলছনৰ নেতৃত্বত ব্লেক মাউণ্টেইন থূলৰ কবিসকল সেই নতুন কাব্যতত্ত্বৰ আধাৰত আগবাঢ়ি আহিছিল। অলছনৰ ১৯৫০ চনৰ ইস্তাহাৰে কাব্যতত্ত্বৰ এক মুক্ত ৰূপ প্ৰস্তাৱ কৰিছে। তেওঁ অভিক্ষিপ্ত কবিতাৰ (Projective Verse) প্ৰস্তাৱ কৰিছিল। কবিতাৰ শাৰী, স্তৱক, কবিতাৰ সামগ্ৰিক ৰূপ আদিক উত্তৰাধিকাৰ হিচাপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁ ঠাইতে ৰচনা কৰা মুক্ত ৰূপৰ (composition by field) প্ৰস্তাৱ কৰিছিল। নতুন সমালোচনাৰ স্বয়ংসম্পূৰ্ণ গাঁথনি(autonomous structure) আৰু বন্ধ ৰূপৰ (closed form) তেওঁ বিৰোধিতা কৰিছিল। এই নতুন কাব্যতত্ত্ব হ’ল উপস্থিতিৰ পৰিব্যাপ্ত কাব্যতত্ত্ব। ব্যক্তিৰ পৰিৱেশ সংজ্ঞায়িত কৰা মানে ব্যক্তিৰ সত্তাকো সংজ্ঞায়িত কৰা। এই কাব্যতত্ত্ব হাইডেগাৰৰ জ্ঞানতত্ত্বৰ (epistemology) কাষ চপা– পৃথিৱীত আছোঁ (Being-in-the-world)। এই কাব্যতত্ত্ব এলিয়টৰ ব্ৰেডলীয় জ্ঞানতত্ত্বৰ বিৰোধী যি ব্যক্তিক পৰিৱেশৰ বিৰোধত উপস্থাপন কৰে।

2

সংগীতত স্বৰ ব্যৱহাৰ কৰাৰ দৰে কবিতাত শব্দ ব্যৱহাৰ কৰা হয়। শব্দবোৰক কেৱল চিহ্ন বা প্ৰতীক হিচাপে কবি এজনে ব্যৱহাৰ কৰিব নোৱাৰে। কাৰণ শব্দ একোটা ব্যৱহাৰৰ ফলত ইতিমধ্যে কোনো বস্তু, কাৰ্য, ধাৰণা, আবেগ, অনুভূতি আদিৰ প্ৰতীক হৈ থাকেই। শব্দ একোটাই বোকোচাত অৰ্থ কঢ়িয়াই লৈ আহে। শব্দই বাস্তৱ জগতখনক কিছু পৰিমাণে প্ৰতিনিধিত্ব কৰিবই। ই অনুকৰণ নীতিৰ (mimesis) কথা।

সাহিত্যিক প্ৰকাশৰ প্ৰাচীনতম প্ৰকাশ নিশ্চয় পদ্য। ই ধৰ্মীয় গীত-মাত, ধৰ্মীয় অনুষ্ঠানৰ অংশবিশেষ আছিল। পিছত ই কাম কৰোঁতে গোৱা গীত, প্ৰেমৰ গীত আৰু বীৰক প্ৰশংসা কৰি গোৱা গীতৰ ৰূপ লৈছিল। লোক-সংস্কৃতিৰ বিশিষ্টতাই হ’ল যে ইয়াক জনগণে নিজৰ কাৰণে সৃষ্টি কৰে আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰে। পুৰণি পদ্যৰো নিশ্চয় শ্ৰোতা আছিল আৰু ইয়াক পৰিৱেশন কৰা হৈছিল। শ্ৰোতা-দৰ্শকে আনন্দ পাইছিল। কীৰ্তন, নামঘোষা, ভাগৱত আদি গ্ৰন্থৰ পাঠ আৰু শ্ৰৱণ-কীৰ্তনৰ পৰম্পৰাই কবিতাক সমাজৰ আগত পৰিৱেশন কৰিব পাৰি বুলিয়েই সোঁৱৰাই দিয়ে। কিন্তু সাহিত্যত আধুনিক যুগ আৰম্ভ হোৱাৰপৰা আৰু ইংৰাজী সাহিত্য-সংস্কৃতিৰ প্ৰভাৱত চুটি গীতিধৰ্মী কবিতাই জনপ্ৰিয়তা লাভ কৰাৰ পিছতহে কবিতা শিক্ষিত মধ্যবিত্তৰ মাজতে আৱদ্ধ থাকি জনজীৱনৰপৰা আঁতৰি আহিছে। এতিয়া বহুতৰ কবিতা শিক্ষিত মধ্যবিত্তৰ সৰহভাগে বুজি নোপোৱা হৈছে। কবিৰ মাজতে কবিতা আৱদ্ধ হোৱাৰ অৱস্থা এটাও আহিব পাৰে। কবিতাক জনতাৰ কাষলৈ ঘূৰাই নিয়াৰ সময় হৈছে। জনতাৰপৰা বিচ্ছিন্ন সাহিত্য অপ্ৰাসংগিক হৈ যাব পাৰে।

অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, ‘‘সাহিত্য সঁচাকৈয়ে সৰ্বসাধাৰণৰ নিমিত্তেনে? সৰ্বসাধাৰণ শব্দটো ইংৰাজী ‘মব’ শব্দৰ অৰ্থবাহক ৰূপে ব্যৱহাৰ কৰিছোঁ।… এক প্ৰকাৰে সেইটোক অসাধ্য কামকে বুলিব লাগে। আজিলৈকে কোনো সভ্য দেশত তেনেকুৱা কিন্তু হোৱা নাই। সাহিত্যও দৰ্শন, বিজ্ঞান আৰু আৰ্টৰ নিচিনাকৈ সাধাৰণৰ অৰ্থাৎ ‘মব’ৰ ওপৰ খাপৰ বস্তু নহয় জানো? …জগতত সকলোবোৰ মহৎ বস্তুৱেই অসাধাৰণ। সাধাৰণে যিটো সহজে নেদেখে, অনুভৱ কৰিব নোৱাৰে, সেইটোৱেই মহৎ।” বেজবৰুৱাই ভাষণত ৱৰ্ডছৱৰ্থৰ উল্লেখ কৰিছে। কিন্তু ইংৰাজ কবিজনে বেজবৰুৱাৰ দৰে চিন্তা কৰা নাছিল। Lyrical Ballads(১৭৯৮)ৰ পাতনিত কবিতাৰ ভাষাক গদ্য ভাষাৰপৰা পৃথক নহয় বুলিছিল। কবিতাৰ ভাষা মানুহে মানুহৰ লগত কথা পতাৰ ভাষা হ’ব লাগে বুলি কৈছিল। তেওঁৰ মতে অনেক ভাল কবিতাৰ ভাল অংশ আচলতে ভালকৈ লিখা গদ্য। গদ্য আৰু কবিতাৰ ভাষাৰ মাজত কোনো অপৰিহাৰ্য পাৰ্থক্য নাই আৰু থাকিব নোৱাৰে। তেওঁৰ মতে কবি হ’ল মানুহৰ মাজৰে মানুহক সম্বোধি কথা কোৱা এজন মানুহ। বেজবৰুৱাই সাহিত্য সাধাৰণ মানুহৰ কাৰণে নহয় বুলি ভাবিলেও আমি জ্যোতিপ্ৰসাদে কোৱা জনতাৰ প্ৰাণৰো প্ৰাণত লুকাই থকা শিল্পীজনক জগাই তোলাটোহে কবিতাৰ কাম বুলি ভাবোঁ। তাৰ বাবে আমি পাঠকৰ কবিতা (Reader’s Poems) লিখিব লাগিব। পাঠক কবিতাৰ ওচৰলৈ নিজে নিজে আহিব বুলি বহি থাকিলে নহ’ব। কবিতাক কিতাপৰ পাতৰ মাজৰপৰা উলিয়াই আনিব লাগিব। কবিতাক পাঠকৰ ওচৰলৈ লৈ যাব লাগিব।

অসমীয়া কবিতাৰ এই পৰিপ্ৰেক্ষিতত আমি কিছুমান প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা কৰাৰ প্ৰয়োজনবোধ কৰিছোঁ। তেনে কেইটামান প্ৰসংগ হ’লঃ

১. কবিতাৰ ভাষাক যিমান পাৰি সিমান কথ্যভাষাৰ ওচৰলৈ নিয়া।
২. বিৱৰণ বা কাহিনীধৰ্মিতা গুণ কবিতালৈ ঘূৰাই অনা। কিন্তু শব্দৰ ব্যৱহাৰত বাহুল্য বৰ্জন কৰা।
৩. জনগণ আৰু সমাজৰ মৌলিক প্ৰশ্নবোৰক সচেতনভাৱে সম্বোধন কৰা।
৪. ছন্দ আৰু লয়ক আধুনিক বিষয়বস্তুৰ লগত খাপ খোৱাকৈ ব্যৱহাৰ কৰা।
৫. ব্যংগ আৰু পৰিহাস(irony)ৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ কাব্যকৌশল হিচাপে গ্ৰহণ কৰা।
৬. কবিতাক ৰাজহুৱা পাঠৰ বাবে উপযোগী কৰি তোলা।

কবিতা অধ্যয়ন গোট
ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ
ডিব্ৰুগড়, অসম

2020 চনৰ ১৪ মাৰ্চত কবিতা অধ্যয়ন গোটে প্ৰকাশ কৰা ইস্তাহাৰৰ পুনৰ্প্ৰকাশ।

5 thoughts on “অসমীয়া কবিতাত কেতবোৰ প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা সন্দৰ্ভত এক ইস্তাহাৰ

  1. পূৰ্বে পঢ়িছোঁ ৷ আকৌ পঢ়িছোঁ ৷ নতুন নতুন কথা বিচাৰি পাইছোঁ ৷

  2. সুন্দৰ ৷ বহু কথা বুজিলোঁ, শিকিলোঁ ৷

  3. I do agree with all the ideas you’ve offered for your
    post. They are really convincing and will definitely work.
    Still, the posts are too quick for starters. May you
    please lengthen them a little from subsequent time?
    Thanks for the post.

Leave a Reply

Your email address will not be published. Required fields are marked *