প্ৰতিবাদৰ অন্য নাম দলিত কবিতা

অভিজিৎ দত্ত

সৌ সিদিনালৈ পদপথৰ গেলা আৱৰ্জনা তথা মানুহৰ বিষ্ঠা পৰ্যন্ত চাফ কৰা লোকসকলক অস্পৃশ্য বুলিয়েই গণ্য কৰা হৈছিল। এইসকল লোকৰ সামাজিকভাবে নাছিল কোনো মৰ্যাদা, নাছিল সামাজিক তথা অৰ্থনৈতিক নিৰাপত্তা। মহাত্মা গান্ধীয়ে এইসকল লোকক হৰিজন বুলি অভিহিত কৰিলে৷ সমাজৰ অন্যান্য লোকসকলৰ সৈতে তেওঁলোকো যে সমপৰ্যায়ৰ, সেয়া ভাবিবলৈ সংবিধান প্ৰণেতা ড ভীমৰাও ৰামজী আম্বেদকাৰে ভাৰতবাসীক শিকালে। পিছপৰা এইসকল লোকৰো পিছে ক’বলৈ বহু কথা বাকী থাকিল। যদিও মহাত্মা গান্ধী অথবা ভীমৰাও ৰামজী আম্বেদকাৰে এইসকল লোকক সম-মৰ্যাদা দিবলৈ অহোপুৰুষাৰ্থ কৰিলে, তথাপি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ওপৰত মানসিক উৎপীড়ন তথা শাৰীৰিক নিগ্ৰহৰ ঘটনাও ছেগা-চোৰোকাকৈ চলি থাকিল।

উচ্চবৰ্ণ, নিম্নবৰ্ণ অথবা আন আন লোকসকলৰ সমষ্টিত গঢ় লৈ উঠা সমাজখনত এইসকল লোকে নিজৰ এটি ব্যাখ্যান (discourse) সৃষ্টি কৰিবলৈ উন্মুখ হৈ পৰিল। এইসকল লোকৰ স্বকীয়তা, আত্মাভিমান আৰু আত্মসন্মানবোধ প্ৰকাশ কৰিবলৈ তেওঁলোকে সাহিত্যৰ এক বিশেষ ভাগ সৃষ্টি কৰিলে। নিম্নবৰ্গ বা দলিত শ্ৰেণী বুলি অভিহিত কৰা এই শ্ৰেণীৰ অন্তৰ্গত এইসকল লোকে সৃষ্টি কৰিলে দলিত সাহিত্য অথবা দলিত লোকসকলৰ সাহিত্য।

ভীমৰাও ৰামজী আম্বেদকাৰ

মহাত্মা গান্ধী তথা ভীমৰাও ৰামজী আম্বেদকাৰে দলিতসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে চেষ্টা কৰাৰ বহু আগেয়ে আৰম্ভ হৈছিল দলিত সাহিত্যৰ এক বিশেষ ধাৰা। যদিও দলিত সাহিত্য বুলি দলিতসকলৰ সৃষ্টিক বিংশ শতিকাতহে নামকৰণ কৰা হৈছিল, সাহিত্যৰ এই বিশেষ ধাৰাটিৰ বীজ সিঁচিছিল এঘাৰশ শতিকাৰ কবি মাডাৰা চেন্নাইয়াহ, দোহাৰা কাক্কায়াহ আদি কবিসকলে। চেন্নাইয়াহ আৰু কাক্কায়াহৰ দৰেই ভক্তি আন্দোলনৰ অন‌্যতম পুৰোধা কবি গোৰা, সাধু কৰ্মমেলা আদিয়েও দলিত সাহিত্যৰ ভেটি স্থাপন কৰাত আগভাগ লৈছিল। তেওঁলোকৰ দৰেই কেৰেলাত এক বৰ্ণহীন সমাজ নিৰ্মাণ কৰি সামাজিক ন্যায় আৰু আধ্যাত্মিক উৎকৰ্ষতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা শ্ৰীনাৰায়ণা গুৰুৰ দৰ্শনেও দলিত সাহিত্য সৃষ্টিত অৰিহণা যোগাইছিল।

দলিত লোকসকলৰ প্ৰতিষ্ঠাৰ হকে আত্মোৎসৰ্গ কৰা ভীমৰাও ৰামজী আম্বেদকাৰক দলিত সাহিত্যৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। দলিতসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে তেওঁ প্ৰদান কৰা বক্তব্য, লেখা ইত্যাদিয়ে তেওঁক দলিত সাহিত্যৰ এগৰাকী স্ৰষ্টা হিচাপে প্ৰতিষ্ঠা কৰিলে। অৱশ্যে ড আম্বেদকাৰৰ জন্মৰ বহু আগেয়েই মহাৰাষ্ট্ৰৰ জ্যোতিৰাও গোবিন্দৰাও ফুলেই দলিত সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ালে। ১৮২৭ চনৰ ১১ এপ্ৰিলত মহাৰাষ্ট্ৰৰ পুনা চহৰত জন্ম লাভ কৰা ফুলে আছিল মালি সম্প্ৰদায়ৰ সন্তান। হিন্দুসকলৰ চাৰিবৰ্ণৰ ভাগ অনুসৰি শূদ্ৰবৰ্ণৰ অন্তৰ্ভুক্ত ফুলে অস্পৃশ্যতা তথা জাতিভেদ প্ৰথাৰ বিপক্ষে সমাজত সচেতনতা সৃষ্টি কৰিবলৈ সক্ষম হয়। ১৮৭৩ চনত প্ৰকাশ পোৱা তেওঁৰ বহুল পঠিত উপন্যাস গুলামগিৰি(দাসত্ব)ক দলিত সাহিত্যৰ এক বিশেষ সৃষ্টি বুলি স্বীকৃতি দিয়া হ’ল।‌ ফুলেৰ দৰেই আন বহুকেইগৰাকী লেখক যেনে শৰণ কুমাৰ লিম্বালে, নামদেও লক্ষ্মণ ঢাচাল, বাবুৰাও ৰামজী বাগুল, ওমপ্ৰকাশ বাল্মিকী, পি শিৱকামী, ৱিজিলা চ্চিৰাপ্পাদ, দেৱ কুমাৰ, মীনা কান্দাস্বামী আদিয়েও নিজ সৃষ্টিৰে দলিত সাহিত্যৰ ভেটি সুদৃঢ় কৰি তুলিলে। ভাৰতবৰ্ষৰ বিভিন্ন স্থান যেনে মহাৰাষ্ট্ৰ, পশ্চিমবংগ, পাঞ্জাব, উত্তৰ প্ৰদেশ, তামিলনাডু, ওডিষ্যা আদিত বিভিন্নজন কবি, লেখক, প্ৰবন্ধকাৰ তথা নাট্যকাৰে দলিত সাহিত্যক ভাৰতীয় সাহিত্যৰ এক বিশেষ ধাৰা হিচাবে গঢ় দি তুলিলে। মধ্য ভাৰত, উত্তৰ-পূৱ ভাৰত, দক্ষিণ ভাৰত ইত্যাদি বিভিন্ন স্থানত দলিত সাহিত্যৰ বিকাশত বিভিন্নজন কবি, প্ৰবন্ধকাৰ তথা লেখকে দলিত সাহিত্যৰ ধাৰাটিক স্বকীয় লেখাৰে উদ্ভাসিত কৰি তুলিলে।

দলিত সাহিত্যৰ এক বিশেষ ভাগ দলিত কবিতায়ো এই সাহিত্যৰ উন্মেষত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। বিভিন্নজন কবি যেনে শৰণ কুমাৰ লিমবালে, নামদেও লক্ষ্মণ ঢাচাল, বাবুৰাও ৰামজী বাগুল, ওমপ্ৰকাশ বাল্মিকী, জুপাকা সুভদ্ৰা, অৰুণা গোগুলামাণ্ডা, ৱিজিলা চিৰাপ্পাদ আদিৰ কবিতাত দলিতসকলৰ মুক্তি আৰু স্বাধীনতাৰ কথাই গুৰুত্ব লাভ কৰিলে। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বাস কৰা এইসকল কবিৰ কবিতা সম্পৰ্কে লেখাটিৰ এই অংশত আলোচনা কৰা হ’ল।

মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাত ১৯৫৬ চনৰ ১ জুন তাৰিখে শৰণ কুমাৰ লিম্বালেৰ জন্ম হয়। মাৰাঠী ভাষাত লিখা তেওঁৰ লেখাসমূহৰ ভিতৰত তেওঁৰ আত্মজীৱনী আখাৰমাসীক সৰ্বোৎকৃষ্ট লেখা বুলি গণ্য কৰা হয়। লিম্বালেৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থত তেওঁ দলিতসকলৰ সমস্যা তথা তেওঁলোকৰ জীৱন সম্পৰ্কে আলোকপাত কৰিছে। তেওঁৰ কবিতা-সংকলন দলিত প্ৰেমকবিতাত দলিতসকলৰ প্ৰেম সম্পৰ্ক তেওঁ উল্লেখ কৰিছে। লিম্বালেৰ আন এক বহুল পঠিত কবিতা-সংকলন হ’ল হোৱাইট পেপাৰ। এই কবিতা-সংকলনত অন্তৰ্ভুক্ত ‘হোৱাইট পেপাৰ’ নামৰ কবিতাটিত কবিয়ে দলিতসকলৰ মানসিক যন্ত্ৰণা সম্পৰ্কে উল্লেখ কৰিছে। যদিও হিন্দু সমাজত দলিতসকলক বাহিৰৰ লোক বুলি গণ্য কৰা নহয়, তথাপি দলিতসকলক সমাজৰ বহু সংখ্যক লোকে ঘৃণা আৰু বিদ্বেষৰ দৃষ্টিৰে চোৱা দেখা যায়। সাধাৰণ লোকৰ এনেধৰণৰ দৃষ্টিভংগী আৰু এই দৃষ্টিভংগীৰ ফলত দলিতসকল কেনেদৰে মানসিকভাবে আহত হয়, সেই সম্পৰ্কে লিম্বালে আলোচনা কৰিছে এই কবিতাটিত। কবিতাটিৰ প্ৰথম অংশত কবিয়ে প্ৰথমতেই অস্বীকাৰ কৰিছে দৈহিক, পাৰ্থিৱ, ধৰ্মীয় তথা ইন্দ্ৰিয় সুখ। উচ্চবৰ্ণৰ লোকসকলে ভোগ কৰি থকা এইসমূহ সুখৰ পৰিৱৰ্তে কবিয়ে বিচাৰিছে জীৱন ধাৰণ কৰিবলৈ অত্যাৱশ্যকীয় মানুহৰ বুনিয়াদী অধিকাৰসমূহ। কবিতা-সংকলনটিৰ আন কবিতাসমূহৰ জৰিয়তে কবিয়ে পাঠকলৈ বুলি আগবঢ়াইছে দলিতসকলৰ প্ৰতিক্ৰিয়া আৰু বিৰোধৰ এক পূৰ্ণাংগ পাঠ। উল্লেখযোগ্য যে প্ৰতীক আৰু ৰূপকৰ ব্যৱহাৰে এই কবিতা-সংকলনটিক প্ৰদান কৰিছে এক মহাকাব্যিক ৰূপ। লেখাটিৰ এই অংশত ‘হোৱাইট পেপাৰ’ নামৰ কবিতাটোৰ প্ৰথম স্তৱকৰ অসমীয়া অনুবাদ পাঠকলৈ বুলি আগবঢ়োৱা হ’ল:

"মই বিচৰা নাই
তোমালোকৰ আকাশৰ সূৰ্য আৰু জোনবাই
তোমাৰ পাম, তোমাৰ মাটি,
তোমাৰ আটকধুনীয়া ঘৰ অথবা হাউলী,
বিচৰা নাই ঈশ্বৰ অথবা ধৰ্মীয় ৰীতি,
জাত অথবা খেল
বিচৰা নাই তোমালোকৰ মাতৃ, ভগ্নী
অথবা পুত্ৰী।

মই বিচাৰিছোঁ
মানুহ হিচাবে মোৰ অধিকাৰ।”

দলিত সাহিত্যৰ এগৰাকী প্ৰতিভাশালী কবি নামদেও লক্ষ্মণ ঢাচালে ১৯৪৯ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰৰ পুনা চহৰৰ খেড টালুকাৰ পুৰ গাঁৱত জন্মগ্ৰহণ কৰে। শৈশৱৰ পৰাই কাৰ্ল মাৰ্ক্স, লেনিন আদিৰ আদৰ্শেৰে অনুপ্ৰাণিত হোৱা ঢাচালে আমেৰিকাৰ ব্লেক পান্থাৰ বিপ্লৱক অনুসৰণ কৰি ১৯৭২ চনত মহাৰাষ্ট্ৰৰ কেতবোৰ অঞ্চলত ‘দলিত পান্থাৰ বিপ্লৱ’ৰ জন্ম দিয়ে। এই বিপ্লৱক পূৰ্ণ ৰূপ দিবলৈ তেওঁ জ্যোতিৰাও গোবিন্দৰাও ফুলে, ভীমৰাও ৰামজী আম্বেদকাৰ আদি মনীষীসকলে পোষণ কৰা নীতি আৰু আদৰ্শক অনুসৰণ কৰি মহাৰাষ্ট্ৰৰ দলিত শ্ৰেণীৰ লোকসকলৰ সামাজিক গাঁঠনিৰ উন্নতি সাধনত গুৰুত্ব আৰোপ কৰে।

ওমপ্ৰকাশ বাল্মিকী, শৰণ কুমাৰ লিম্বালে, নামদেও লক্ষ্মণ ঢাচাল,ৱিজিলা চ্চিৰাপ্পাড, মীনা কন্দাস্বামী

দলিতসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে যথাসাধ্য কৰা নামদেও লক্ষ্মণ ঢাচালে দলিত বিপ্লৱৰ এগৰাকী সক্ৰিয় কৰ্মীৰূপে নিজ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। সমান্তৰালভাৱে তেওঁ নিজ লেখাৰ দ্বাৰাও দলিতসকলৰ উন্নতিৰ বাবে চেষ্টা চলায়। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা-সংকলন গল্পিঠা প্ৰকাশ পায়। উল্লেখযোগ্য যে গল্পিঠাত ঢাচালে দলিতসকলে ব্যৱহাৰ কৰা ভাষা আৰু শব্দ প্ৰয়োগ কৰি পাঠকসকলৰ দৃষ্টি আকৰ্ষণ কৰে। মূলসুঁতিৰ পৰা নিলগত অৱস্থিত দলিতসকলৰ উদ্বিগ্নতা তথা তেওঁলোকে সততে অনুভৱ কৰা নিৰাপত্তাহীনতাকো কবিয়ে এই কবিতা-সংকলনত যথাৰ্থ ৰূপত উপস্থাপন কৰে। দলিতসকলে আত্ম-প্ৰতিষ্ঠাৰ হকে ব্ৰতী হোৱা সংগ্ৰামৰ প্ৰকৃত ৰূপ সম্পৰ্কে ঢাচালে গল্পিঠাৰ যোগেৰে প্ৰকাশ কৰে।

নামদেও লক্ষ্মণ ঢাচালৰ বিভিন্ন কবিতা দলিতসকলৰ বাস্তৱ জীৱন আৰু প্ৰাত্যহিক সংঘাতক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে আৰু এইসমূহ কবিতাই দলিতসকলে সততে সন্মুখীন হোৱা সমস্যাসমূহ সম্পৰ্কে আলোকপাত কৰিছে। কবি ঢাচালে দলিতসকলক এইসমূহ কবিতাত ‘সৰ্বহাৰা’ অথচ ‘বিপ্লৱী’ বুলি গণ্য কৰিছে। মাৰাঠী ভাষাত ৰচিত তেওঁৰ বিখ্যাত কবিতা ‘গাণ্ডু বাগিচা’ (লেতেৰা বাগিচা), ‘খেল’ আদিত দলিতসকলে সন্মুখীন হোৱা সমস্যাসমূহ সম্পৰ্কে তেওঁ আলোচনা কৰিছে। ইংৰাজ কবি লেংষ্টন হিউজৰ দৰেই ঢাচালৰ কবিতাও যেন বিপ্লৱৰ এক জলন্ত জুমুঠিহে। বিপ্লৱৰ ফিৰিঙতি প্ৰজ্বলন কৰা নামদেও লক্ষ্মণ ঢাচালৰ কবিতাসমূহে দলিতসকলৰ উপেক্ষিত সমাজখনকো পাঠকৰ ওচৰলৈ অনাত সক্ষম হৈছে। দলিতসকলৰ অনুভৱক কবিতাৰ মাজেৰে মূৰ্তমান কৰি তোলা তেওঁৰ এটি বিখ্যাত কবিতা ‘Man you should explode’ৰ এটি পংক্তিৰ অসমীয়া অনুবাদ লেখাটিৰ এই অংশত সন্নিৱিষ্ট কৰা হ’ল:

"হে মানৱ, তুমি নিজেই বিস্ফোৰিত হোৱা উচিত

ঢোলৰ হিংস্ৰ ছন্দত নাচিবলৈ, 
পোৰা মাংস হ'বলৈ,
পোৰা গাঞ্জা হ'বলৈ।"

কবিতাৰ মাজেৰে দলিত সমাজৰ ক্ষোভ, বেদনা আৰু মুকুতিৰ পথৰ সন্ধান কৰা ঢাচালৰ কবিতাৰ দৰেই তেওঁৰ জনপ্ৰিয় গদ্যয়ো দলিত সাহিত্যৰ প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰা দেখা যায়। দলিত সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি হিচাবে প্ৰতিষ্ঠা লাভ কৰা নামদেও লক্ষ্মণ ঢাচালে ২০১৪ চনৰ ১৫ জানুৱাৰী তাৰিখে মৃত্যুবৰণ কৰে।

দলিত সাহিত্যৰ আন এগৰাকী প্ৰতিভাশালী লেখক বাবুৰাও ৰামজী বাগুলৰ মহাৰাষ্ট্ৰৰ নাচিকত  ১৯৩০ চনৰ ১৭ জুলাই তাৰিখে জন্ম হয়। তেওঁৰ বিখ্যাত গ্ৰন্থসমূহ হল মৰণ স্বস্ত আহে (মৃত্যু সুলভ হৈ পৰিছে), জেভা মে জাত চ্চোৰলি তি (যেতিয়া মই জাত গোপন কৰিছিলোঁ), আম্বেদকাৰ ভাৰত আদি। তেওঁৰ কবিতা-সংকলন আকাৰ প্ৰকাশ পায় ১৯৬৭ চনত। এই কবিতা-সংকলনৰ কবিতাসমূহত কবি বাবুৰাও ৰামজী বাগুলে দলিতসকলৰ আশা-প্ৰত্যাশা তথা সমসাময়িক সমাজখনত তেওঁলোকে সততে সন্মুখীন হোৱা সমস্যাসমূহ সম্পৰ্কে আলোকপাত কৰে।

দলিত সাহিত্যৰ আন এগৰাকী প্ৰসিদ্ধ লেখক আৰু কবি ওমপ্ৰকাশ বাল্মিকীৰ জন্ম হয় ১৯৫০ চনৰ ৩০ জুন তাৰিখে। মহাৰাষ্ট্ৰৰ মাৰাঠী কবি শৰণ কুমাৰ লিম্বালে আৰু নামদেও লক্ষ্মণ ঢাচালৰ দৰেই উত্তৰপ্ৰদেশত দলিত সাহিত্যৰ বিকাশত অৰিহণা যোগোৱা ওমপ্ৰকাশ বাল্মিকীৰ কবিতা আৰু গদ্যই বহুল প্ৰচাৰ লাভ কৰে। উত্তৰপ্ৰদেশৰ মুজ্জাফৰনগৰ জিলাৰ অন্তৰ্গত বৰতা গাৱঁত জন্ম লাভ কৰা বাল্মিকীৰ আত্মজীৱনী জুথান প্ৰকাশ পায় ১৯৯৭ চনত। তেওঁৰ আত্মজীৱনী জুথান আৰু কবিতা-সংকলন চডিঅকা সন্তাপ (চিৰকালৰ দুখ), বচ! বহুত চুকা (হ’ল, বহুত হ’ল) আৰু অৱ অওৰ নেহি(এতিয়া আৰু নহয়)য়ে তেওঁক এগৰাকী সুলেখক হিচাবে প্ৰতিষ্ঠা কৰে। দলিত সাহিত্যৰ অন্যান্য কবিসকলৰ দৰেই বাল্মিকীৰ কবিতাতো দলিত শ্ৰেণীৰ লোকসকলৰ দুখ-দুৰ্দশা প্ৰকাশ পাইছে আৰু এই দুখ-দুৰ্দশাৰ অন্ত পেলাবলৈ তেওঁ পোষকতা কৰিছে প্ৰতিবাদৰ ভাষা। তেওঁৰ এটি বিশেষ কবিতা ‘তব তুম ক্যা কৰোগে’(তেতিয়া তুমি কি কৰিবা)ৰ দুটামান শাৰী লেখাটিৰ এই অংশত উল্লেখ কৰা হ’ল:

"যদি তোমাক,
ঢকা মাৰি গাৱঁৰ পৰা উলিয়াই দিয়া হয়
পানী ল’বলৈ দিয়া নহয় কুৱাৰ পৰা
গালি শপনি দিয়া হয় প্ৰখৰ ৰ'দৰ দুপৰীয়া 
কোৱা হয় শিল ভাঙিবলৈ
কামৰ বাবদ 
খাবলৈ দিয়া হয় এৰেহা
তেতিয়া তুমি কি কৰিবা?

যদি তোমাক
মৰা জানোৱাৰ টানি নিবলৈ কোৱা হয়
আৰু 
কোৱা হয় ধুবলৈ পৰিয়ালটিৰ ময়লা 
পিন্ধিবলৈ দিয়া হয় পিন্ধিবলৈ এৰা কাপোৰ
তেতিয়া তুমি কি কৰিবা?"

দলিত সাহিত্যৰ প্ৰতিষ্ঠিত লেখক ওমপ্ৰকাশ বাল্মিকীয়ে ২০১৩ চনৰ ১৭ নৱেম্বৰ তাৰিখে দেৰাডুনত ইহলীলা সম্বৰণ কৰে।

মধ্য ভাৰতৰ দৰেই দক্ষিণ ভাৰততো দলিত সাহিত্য এই শতিকাত জনপ্ৰিয় হৈ পৰে। পি শিৱকামী, বামা ফউষ্টিনা সুসাইৰাজ, মীনা কন্দাস্বামী আদি বিভিন্নজন লেখকে কবিতা, গল্প ইত্যাদি প্ৰকাশ কৰি দলিত সাহিত্যৰ বিকাশত অৰিহণা যোগায়। তেওঁলোকৰ মাজৰেই লেখক মীনা কন্দাস্বামীৰ কবিতা, গল্প ইত্যাদিয়ে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰা দেখা যায়। ১৯৮৪ চনৰ ১২ অক্টোবৰ তাৰিখে জন্মগ্ৰহণ কৰা মীনাৰ টৰ্চ আৰু মিছ মিলিটেন্সী হ’ল দুখন প্ৰসিদ্ধ কবিতা-সংকলন। দলিতসকলৰ কথা কোৱা মীনা কন্দাস্বামীৰ কবিতাসমূহত নাৰীবাদী ধাৰণাও মূৰ্ত হৈ উঠা দেখা যায়। যিসকল দলিত শ্ৰেণীৰ লোকক অৱদমিত কৰি ৰখা হৈছে, তেওঁলোকৰ সমস্যাসমূহ সম্পৰ্কে তেওঁ তেওঁৰ কবিতাৰ যোগেৰে প্ৰকাশ কৰিবলৈ অহৰহ প্ৰয়াস কৰিছে। ভাৰতবৰ্ষত প্ৰচলিত হৈ থকা জাতি-বৈষম্য সম্পৰ্কে তেওঁৰ কবিতাত বিদ্ৰোহী অভিব্যক্তি প্ৰকাশ পাইছে। মীনা কন্দাস্বামীৰ কেতবোৰ কবিতা যেনে ‘ফায়াৰ’, ‘বিকামিং আ ব্ৰাহ্মিণ’, ‘ফ্ৰেনজিড লাইট’, ‘এপলজিছ ফ’ৰ লিভিং অন’ আদিত দলিতসকল তথা তেওঁলোকৰ সমাজৰ নাৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে আলোকপাত কৰা দেখা যায়। অৱশ্যে এইসমূহ সমস্যা সম্পৰ্কে আলোকপাত কৰিয়েই যে কবি ক্ষান্ত হৈছে তেনে নহয়, দলিতসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ পৰা মুক্তি পোৱাৰ বাট এটাও কবিয়ে তেওঁৰ কবিতাসমূহত উল্লেখ কৰিছে। দলিত নাৰীসকলৰো যে আৱেগ-অনুভূতি আদি থাকিব পাৰে, সেয়া কবিয়ে তেওঁৰ কবিতাসমূহত উল্লেখ কৰিছে। মীনা কন্দাস্বামীৰ কবিতা ‘ফ্ৰেনজিড লাইট’ৰ অনুবাদৰ যোগেৰে তেওঁৰ কাব্যিক বৈশিষ্টতা তথা নাৰীবাদৰ ধাৰণা দাঙি ধৰিবলৈ লেখাটিৰ এই অংশত প্ৰয়াস কৰা হ’ল:

"তুমি যেতিয়া কৈছিলা
তোমাৰ জীৱনটো আলোকিত কৰিবলৈ
মই অস্বীকাৰ কৰা নাছিলোঁ।
পিছে ময়ে কিবাকিবি তোমাৰ পৰা বিচাৰোঁ।

হে প্ৰেম, মই মমবাতি হ'ব নোৱাৰোঁ
কাৰণ মই জানো এয়া প্ৰাচীন মিথ্যা।
মমবাতি এডাল গহীন-গম্ভীৰসকলৰ বাবে,
আৰু সেইসকলৰ বাবে যিয়ে প্ৰেম ধীৰ-স্থিৰ
কোমল পৰশ বিচাৰে।"

দলিত সাহিত্যৰ আন এগৰাকী প্ৰখ্যাত কবি ৱিজিলা চ্চিৰাপ্পাডৰ কবিতাসমূহে দলিত সাহিত্যৰ বিভিন্ন চৰিত্ৰ বহন কৰিছে। কেৰেলাৰ কোজহিকোডত জন্মলাভ কৰা ৱিজিলা চ্চিৰাপ্পাডৰ কবিতাসমূহত কবিয়ে এগৰাকী দলিত মহিলা হিচাবে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা কাহিনী ব্যক্ত কৰিছে। মালায়ালাম ভাষাত লিখা তেওঁৰ কবিতাসমূহে প্ৰকাশ কৰিছে দলিত মহিলাৰ বেদনা তথা অভিজ্ঞতা। কেৰেলাৰ দলিত শ্ৰেণীৰ মহিলাসকলে জাত-পাত তথা লিংগ-বৈষম্যৰ বলি হোৱা বিভিন্ন কাহিনী তেওঁৰ কবিতাই বৰ্ণনা কৰিছে। ৱিজিলা চ্চিৰাপ্পাডৰ উল্লেখযোগ্য কবিতা-সংকলনসমূহ হ’ল আডুকালাইলাথাৱিদু(পাকঘৰ নথকা ঘৰ), আম্মাওৰুকাল্পনিকাকবিঠাআল্লা (আই আমাৰ কল্পনাৰ কাব্যিক চিত্ৰ নহয়) আৰু পাকাৰ্ঠিএজহুঠু (প্ৰতিলিপি টোকা)। ৱিজিলা চ্চিৰাপ্পাডৰ বহুল পঠিত কবিতা এটিৰ অনুবাদ লেখাটিৰ এই অংশত সন্নিৱিষ্ট কৰা হ’ল:

"আমাৰ ঘৰত
টেলিভিছন নাই
নাই ফ্ৰিজ
মিক্সাৰ বা গ্ৰাইন্দাৰো নাই
এল পি জি গেছো নাই
আনকি ইস্ত্ৰি-বাকচ এটাও নাই
তথাপি আইয়ে জানে
কেনেদৰে এইবোৰ ব্যৱহাৰ কৰে
মই জনাৰ বহু আগেয়ে।
কাৰণ মাধৱিকুট্টিৰ সাধুৰ দৰে
আৰু এম টিৰ উপন্যাসৰ দৰে
তেওঁ এগৰাকী 'জানু'
অৰ্থাৎ ভৃত্য।"

ওপৰত উল্লেখ কৰা কবিসমূহৰ উপৰি দলিত সাহিত্যৰ আন বহুকেইগৰাকী কবি যেনে অৰবিন্দ মালাগাট্টী, যতীন বালা, মনোহৰ মৌলি বিশ্বাস, দেৱী ৰয়, কল্যাণী ঠাকুৰ চৰল, নিৰভ পেটেল, জুপাকা সুভদ্ৰা ইত্যাদি বহুজনে তেওঁলোকৰ কবিতাৰ জৰিয়তে দলিত সাহিত্যলৈ অৰিহণা যোগাইছে। বিশেষকৈ দলিত লোকসকলে সততে ভোগ কৰা সমস্যাসমূহ তথা সামাজিক বৈষম্য সম্পৰ্কে এইসমূহ কবিতাত উল্লেখ কৰা হৈছে। জাত-পাত, লিংগ-বৈষম্য, উচ্চ শ্ৰেণীৰ দ্বাৰা দলিত শ্ৰেণীৰ লোকসকলক কৰা অত্যাচাৰ, নিস্পেষণ আদিকো প্ৰকাশ কৰা হৈছে দলিত সাহিত্যৰ এক অপৰূপ সৃষ্টি দলিত কবিতাত। জ্যোতিৰাও গোবিন্দৰাও ফুলে, ভীমৰাও ৰামজী আম্বেদকাৰ আদি মনীষীসকলে আৰম্ভ কৰা নীতি আৰু আদৰ্শক অনুসৰণ কৰি এইসকল কবিয়ে কবিতা ৰচনা কৰাৰ উপৰি প্ৰাত্যহিক পৃথিৱীত দলিতসকলে সততে সন্মুখীন হোৱা সমস্যাসমূহ সম্পৰ্কেও কবিতাৰ যোগেৰে প্ৰকাশ কৰিছে। মন কৰিবলগীয়া বিষয়টো হ’ল যে অধিকাংশ কবিয়েই দলিত শ্ৰেণীৰ লোক হোৱা হেতুকে তেওঁলোকে বাস্তৱ পৃথিৱীত দেখা ঘটনা আৰু পৰিঘটনাসমূহক তেওঁলোকৰ দৃষ্টিকোণৰ পৰা কবিতাসমূহত ব্যক্ত কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ ঘটনাৰ বাস্তৱ চয়নে এনেদৰেই দলিত সাহিত্যৰ কবিতাসমূহক আকৰ্ষণীয় কৰি তুলিছে। বাস্তৱৰ চিত্ৰায়ণে এই কবিতাসমূহক সুক্ষ্ম ৰূপত অধ্যয়ন কৰিবলৈ পাঠকসকলকো আগ্ৰহী কৰি তোলা পৰিলক্ষিত হৈছে।

গ্ৰন্থপঞ্জী:
১) Sharankumar Limbale: Towards an Aesthetic of Dalit Literature. Trns. Alok Mukharjee, 2010.
২) Girish Kuber: Dalit Fury: Blame it on Leaders.
৩) Indian Literature, University of Delhi, 2011
৪) Snajeev Gumpenapalli: 5 Dalit Women Poets who Remind us That Caste and Patriarchy are not Exclusive in Feminism India, 2019

অন্তৰ্জাল সূত্ৰ :
১) www.gurdian.com
২) www.newsminute.com

অভিজিৎ দত্ত এগৰাকী লেখক, অনুবাদক আৰু গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ সহকাৰী অধ্যাপক৷