ফৰিদা আহমেদৰ ‘উভতি যাবৰ মন’

নগেন শইকীয়া

কাব্য-সংকলনটিৰ নামটো অত্যন্ত অৰ্থব্যঞ্জক৷ আমি অকলে থাকিলে সৰহখিনি সময় অতীতৰ স্মৃতিৰ মাজত নাইবা ভৱিষ্যতৰ সম্ভাবনাৰ মাজত কটাওঁ৷ এৰি অহা সুখ আৰু দুখৰ সোঁৱৰণিও এককাৰ হৈ পৰে—একাকাৰ হৈ পৰে হেৰাই যোৱা অতীত বৰ্তমানৰ লগত আহি মিলি যাব খোজে৷ বৰ্তমানত থাকিও এৰি অহা দিনৰ সোঁৱৰণিৰ মাজতে কটাই আমি আত্মমগ্ন হওঁ৷ ড ফৰিদা আহমেদক বিশ্ববিদ্যালয়ৰ অধ্যাপনা কৰাৰ সময়তে দেখিছিলোঁ আৰু বিষয় বেলেগ হ’লেও সতীৰ্থ হিচাপে পাইছিলোঁ৷ তেতিয়া অৱশ্যে জনা নাছিলোঁ যে তেখেতে কাব্যচৰ্চাও কৰে৷ ড আহমেদৰ কবিতাত দুটা নতুনত্ব লক্ষ্য কৰিছোঁ—এটা স্বাভাৱিকভাৱেই এৰি অহা অতীত আৰু আনটো হ’ল কাব্যগাঁথনিৰ ৰীতিটো৷ সংকোচবিহীনভাৱে ব্যৱহাৰ কৰা কথা বা আলাপৰ ৰীতি কবিয়ে যেন নিজকে কওঁতা আৰু শুনোতা দুয়ো ৰূপক একেলগে বহুৱাই কৈছে—“সময়ৰ সৈতে ৰজিতা খুৱাই/জীৱন আগবাঢ়ে/শেষ হয় শৈশৱ, কৈশোৰ, যৌৱন৷/ ভাব হৈছিল ময়েই আছিলোঁ মধ্যমণি/খেলাৰ লগৰী, প্ৰেমিকা,/পত্নী, মাতৃৰূপে সদা ব্যস্ত,/মই নহ’লে যেন সকলো স্তব্ধ৷” অতিশয় সংক্ষেপে জীৱনৰ ছবি এখন—ব্যস্ততাৰ ছবি এখন সফলতাৰে দাঙি ধৰিছে প্ৰথম কবিতাটোতে৷ আন এটি কবিতাত ক’লে যে “মৌনতা মানে স্তব্ধতা নহয়/মৌনতাই কথা কয় নীৰৱে/মৌনতাৰো আছে ভাষা/আছে আশা/কিজানিবা ব্যক্ত হয়/অকথিত ভাবধাৰা৷” ‘সংগোপনে’ শীৰ্ষক কবিতাটিত কৈছে, “অশ্ৰুসিক্ত মোৰ দুচকু/শুনা নাই মোৰ উচুপনি/মই নিজে জ্বলিছোঁ, পুৰিছোঁ/দেখা নাই মোৰ বুকুত/একুৰা জুই৷” এনেভাৱে মই প্ৰতিটো কবিতাৰ স্বাদ ল’লোঁ আৰু কবিক মনে মনে অভিবাদন জনালোঁ৷

কবিতাৰ দৰাচলতে কোনো সংজ্ঞা নাই৷ কোনো সংজ্ঞাই হৃদয়ৰ অকৃত্ৰিম ভাবানুভৱক বান্ধি ৰাখিব নোৱাৰে৷ একো ৰসঃ কৰুণ এৱ৷ কৰুণ ৰসেই একমাত্ৰ ৰস৷ ধেমালি আমি পাহৰি যাওঁ, কিন্তু তাৰ লগত জড়িত বিচ্ছেদৰ চকুপানী চিৰদিনলৈ বৈ যায়৷ অথচ প্ৰত্যেক সংবেদনশীল মানুহৰ অতীতেই ঘৰ৷

কাব্য-সংকলনটিৰ ‘আগকথা’ লিখিছে সুপ্ৰতিষ্ঠিত সাহিত্য-সমালোচক ড আনন্দ বৰমুদৈয়ে৷ বৰমুদৈয়ে প্ৰথম কবিতাটিৰ বিষয়ে কৈছে, “আহৰণ কৰা নতুন পৰিচয়ে যদি মানুহৰ কাৰণে সংকট সৃষ্টি কৰে আৰু সেই পৰিচয় ভাল নলগা হয়, তেওঁ পূৰ্বৰ পৰিচয়লৈ ঘূৰি যাব বিচাৰে৷” অৱশ্যে এনে প্ৰত্যাৱৰ্তন মানসিকভাৱেই ঘটে৷ কাব্যগাঁথনিৰ ক্ষেত্ৰত তেখেতৰ অভিমত হ’ল যে “কবিগৰাকীয়ে শ্ৰেষ্ঠ শব্দক শ্ৰেষ্ঠ ক্ৰম এটাত সজাবলৈ চেষ্টা কৰিছে৷” ইংৰাজীত এগৰাকী সমালোচকে কবিতাক Best words in the best order বুলি কৈছে৷

মই ড ফৰিদা আহমেদৰ মাজত এগৰাকী নতুন কবিক আৱিষ্কাৰ কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ৷ হয়তো তেখেতে পূৰ্বৰেপৰা কাব্যচৰ্চা কৰি আহিব পাৰে৷ তথাপি এইখনি গ্ৰন্থই তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ৷ ড ফৰিদা আহমেদৰ হাতৰ কাপ সক্ৰিয় হৈ থাকক এই বাঞ্ছাৰে মোৰ অভিনন্দন জনালোঁ৷