Issue: Vol. V, No. 3, November-January, 2026-27
এম. কামালুদ্দিন আহমেদ
সময়ে সময়ে মোৰ প্ৰিয় কবিতাৰ তালিকাখন সলনি হৈ থাকে, যিদৰে সলনি হৈ থাকে মোৰ প্ৰিয় গ্ৰন্থৰ নাম । PWF-ৰ সম্পাদনা সমিতিয়ে এই বিষয়ে লিখিবলৈ কোৱাত কিছু সময় তভক খাই ৰ’ব লগাত পৰিল। যিমানেই দিন বাগৰিল সিমানেই চিন্তাৰ বুদবুদবোৰ গোট খালে আৰু এটা সময়ত তাৰ এটা আকাৰ সদ্যহতে যেন লাভ কৰিলোঁ এনে লাগিল।
কুৰি মান বছৰ বয়সত বোধতকৈ অনুভূতিময় কবিতাইহে মোৰ সংবেদনতন্ত্ৰী ঝংকাৰিত কৰি তুলিছে। হীৰেন ভট্টাচাৰ্যৰ প্ৰেম আৰু বিদ্ৰোহৰ কবিতাবোৰে সেই সময়ত মন টানি নিছিল। এতিয়া ভাবিলে নিজৰেই আচৰিত লাগে যে গজলবোৰতে মন ডুব গৈ আছিল। আজি আৰু হীৰুদাৰ কবিতা আৰু গজলে মনটো আকৰ্ষণ নকৰে। স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে কেছেটত ৰবীন্দ্ৰ সংগীতৰ শ্ৰেষ্ঠ গায়কসকলৰ গীত কেইবা বছৰো নিয়মিতভাৱে শুনাৰ সমান্তৰালভাৱে ৰবীন্দ্ৰনাথৰ কবিতা ভাল পাবলৈ ধৰিলোঁ।

আধুনিক কবিতাৰ বিষয়ে ডক্টৰেটৰ বাবে ১৯৯৮ চনত আনুষ্ঠানিকভাবে নাম ভৰ্তি কৰাৰ আগেয়ে বাংলা কবি জীবনানন্দ দাস, শামসুৰ ৰাহমান, শংখ ঘোষ, প্ৰেমেন্দ্ৰ মিত্ৰ, শক্তি চট্টোপাধ্যায় আৰু জয় গোস্বামী —এইসকলৰ কবিতা খৰচি মাৰি পঢ়িছিলোঁ। ১৯৯৮ চনলৈ মই লিখা কবিতাবোৰত এইসকল বাংলা কবিৰ অনিৰ্দিষ্ট প্ৰভাৱ মোৰ কবিতাত আছিল। নৱকান্ত বৰুৱা, নীলমণি ফুকন, অজিৎ বৰুৱা, হৰেকৃষ্ণ ডেকা আৰু সমীৰ তাঁতীৰ ভালেমান কবিতাই মোৰ অন্তৰত ৰেখাপাত কৰিছিল।
১৯৯৮-২০০৪ — পিএইছ.ডি গৱেষণাৰ বাবে পৃথিৱীৰ কবিতাৰ বিস্তৃত অধ্যয়ন কৰিব লগা হৈছিল। জাপানী, চীনা, ফৰাচী কবিতা তো আছিলেই। ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ কবিসকলৰ কবিতা মই যিমান পাৰি যত্ন সহকাৰে পঢ়িবলৈ লৈছিলোঁ। টি. এছ. এলিয়ট বুলিয়েই নহয়, তেওঁৰ পৰৱৰ্তী প্ৰখ্যাত ইংৰাজ কবিসকলৰ কবিতাও মই পঢ়িছিলোঁ। বিদ্যায়তনিক এটি হেঁচা সেই সময়ত থকা কাৰণেই চাগৈ খুব কম সংখ্যক কবিতাইহে মোৰ মনত স্থায়ীভাৱে সাঁচ পেলাবলৈ সক্ষম হৈছিল। তাৰ মাজতে টি. এছ. এলিয়টৰ The Waste Land আজিও মোৰ প্ৰিয় কাব্যগ্ৰন্থ হৈ আছে। আধুনিক মানুহৰ স্বৰূপ এনে মননশীলতাৰে অথচ অত্যন্ত মৰ্মস্পৰ্শীভাবে পৃথিৱীৰ খুব কম কবিয়েহে ৰূপায়িত কৰিব পাৰিছে বুলি মোৰ বিশ্বাস ক্ৰমে ঘনীভূত হৈ আহিছে। স্নাতকোত্তৰ পাঠ্যক্ৰমত Early Eliot ৰ ‘Preludes’ৰ দৰে কবিতাহে সন্নিৱিষ্ট আছিল। য়েটছৰ ‘The Second Coming’ পঢ়ি আলোড়িত হৈছিলোঁ — এতিয়াও হওঁ। আজি য়েটছৰ কেলটিকধৰ্মী ৰচনাসমূহ পঢ়ি বিশেষ আনন্দ লাভ কৰোঁ। পাছলৈ এলিয়টৰ ফৌৰ কোৱাৰ্টেটছ, ‘Ash Wednesday’, Ariel Poems পঢ়ি গভীৰ আনন্দ পাইছোঁ। ‘Marine’ আদি কবিতা ভাঙিও উলিয়াইছোঁ।
সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজতে আন্তৰিক বন্ধন কবিতাই সম্ভৱপৰ কৰি তুলিব পাৰে বুলি মোৰ একান্ত বিশ্বাস। মোৰ কবিতায়ো সেই ধাৰণাৰ পৰাই পুষ্টি আহৰণ কৰে বুলি মোৰ ধাৰণা ওপজিছে। সেয়ে ইহুদী কবি আমিখাই মোৰ এগৰাকী প্ৰিয় কবি। শতিকাৰ পিছত শতিকা জুৰি কবিসকলে এই আন্তৰিকতাকে উজ্জীৱিত কৰি ৰাখে:
To sit on a hotel balcony in Jerusalem
And to write: “Sweetly pass the days
From desert to sea.’ And to write: “Tears
Dry quickly here. This blot is a tear that
Made the ink run.’’ That’s how they used to write
in the last century. “I have drawn
a little circle around it.’’
ছিলভিয়া প্লাথ(১৯৩২-১৯৬৩) ৰ প্ৰতি মোৰ ভাল পোৱা ব্যক্তিগত, লগতে নৈৰ্ব্যক্তিক। সাম্প্ৰতিক সময়ত ছিলভিয়া প্লাথে মোৰ হৃদয়ৰ একোণত বাহ বান্ধি লৈছে। কবিৰ বিচ্ছুৰিত প্ৰতিভাই চমৎকৃত কৰি তোলে। প্লাথৰ ‘Zookeeper’s Wife’ মোৰ প্ৰিয়। ই জটিল মানসিকতাৰ কবিতা। আপেক্ষিকভাবে সৰল ‘Mirror’ কবিতাটোও মোৰ খুবেই প্ৰিয়। কাৰণ আয়নাৰ নৈৰ্ব্যক্তিকতা অত্যন্ত আকৰ্ষণীয়ভাবে প্লাথে ফুটাই তুলিছে। যৌৱনক ধৰি ৰখাৰ প্ৰচেষ্টা সময়ৰ বুকুত কেনে ভয়াবহ হৈ পৰে:
Each morning it is her face that replaces the darkness
In me she has drowned a young girl, and in me an old women
Rises towards her day after day, like a terrible fish. (Mirror)
প্লাথৰ Collected Poemsখন মাজে মাজে লিৰিকি-বিদাৰি চাওঁ। দুই এটা কবিতা পঢ়োঁ। ভাষাৰ প্ৰতি থকা মোৰ Obsession-ৰ বাবে সমসাময়িক কবিৰ কবিতাত ভাষাৰ ব্যৱহাৰৰ কথাটো মোৰ কৌতুহলৰ বিষয়। কথিত ভাষাও কিদৰে ৰূপকাশ্ৰয়ী হ’ব পাৰে Louise Gluck-ৰ কবিতা পঢ়িলে সেয়া স্পষ্ট হৈ পৰে। দেখাত সৰল কিন্তু ৰূপকৰ অনাবিল সৌন্দৰ্য গ্লুকৰ কবিতাৰ সম্পদ। সেই ৰূপকীয় অৰ্থৰ পৰা মই নিস্তাৰ নাপাওঁ কাহানিও:
As for what you’re actually
Hearing this mornings: think twice
Before you tell anyone what was said in this field
And by whom (Daises)
Wild iris, The Garden, White Rose, Silver Lily, Gold Lily, White Lilies আদি ফুলেৰে মানৱীয় সম্পৰ্ককে কবিয়ে মানৱীয় তুলি ধৰিছে আৰু মানৱীয় উষ্ণতা সঞ্চাৰিত কৰিবলৈ সক্ষম হৈছে।
পল চেলানৰ কবিতা মোৰ প্ৰিয়। তেওঁৰ কবিতাৰ বিষাদ মাধুৰ্যই হয়তো এই ভালপোৱাৰ কাৰণ। তেনেদৰে তেওঁৰ ভাষাতো এটা শক্তিমত্তা অনুভৱ কৰোঁ। দৈনন্দিন বাস্তৱতাৰ খুতি-নাতিৰে তেওঁ এয়া সম্ভৱপৰ কৰি তোলে:
With a variable key
You unlock the house in which
Drifts the snow of that left unspoken.
Always what key you choose
Depends on the blood that spurts
From your eye or your mouth or your ear. (WITH A VARIABLE KEY)
হিউগো উইলিয়ামছ(জ.১৯৪২) ৰ কবিতাৰ হাঁহিৰ লগত মিহলি হৈ থকা বিষাদ আৰু আন্তৰিক সৌন্দৰ্যময়তা মোৰ বাবে আকৰ্ষণৰ বস্তু:
মই এনেদৰে কোৱাটো তুমি যদি বেয়া নোপোৱা
এনে লাগে তুমি সকলোবোৰ চোৱা
পুৰুষৰ দৃষ্টিৰে
একেবাৰে মোৰ গিৰিহঁতৰ দৰে।
যোৱা দুহাজাৰ বছৰত
নাৰীৰ কবিতাৰ কি হ’ল?
চাফোৰ ক্ষেত্ৰত?
Sharon Old ৰ একা? (সৃজনীমূলক লেখা)
তেওঁৰ সাতটা কবিতা মই অসমীয়াত ভাঙি উলিয়াইছোঁ। হেৰল্ড পিণ্টাৰৰ কবিতাৰ নাটকীয়তা আাৰু পোনপটীয়া ভাষা অন্তৰত লালন কৰি আহিছোঁ। পিণ্টাৰৰ কিছুমান কবিতা ভাল লাগে। জৰ্জ লুই বৰ্হেছৰ উপন্যাস, চুটি গল্পৰ দৰেই কবিতাও মোৰ বৰ প্ৰিয়। অপাৰ ব্যঞ্জনাই তেওঁৰ কবিতা পৃথিৱীৰ অন্য কবিৰ পৰা পৃথক কৰিছে। প্ৰায় প্ৰতিদিনেই তেওঁৰ কবিতা মই পঢ়িবলৈ প্ৰণোদিত হওঁ, কিন্তু মোৰ কবিতাত সেয়া প্ৰত্যক্ষভাৱে সোমাই পৰাৰ আশংকাত একান্ত ইচ্ছাক প্ৰতিহত কৰোঁ।

দৈনন্দিন বিষয়তো অভিনৱত্বৰ সূচনা কৰে কবি ফিলিপ লাৰকিনে। চাৰ্কাছৰ এগৰাকী নৃত্য পটিয়সীৰ নাচোনৰ মুহূৰ্ত কবিয়ে ধৰি ৰাখিছে, ভাষাৰ অপূৰ্ব ব্যৱহাৰ তেওঁ কৰিছে। জোনৰ দৰে পৰিচিত অনুষংগক নতুন ধৰণে তেওঁ ব্যৱোহাৰ কৰিছে:
Butterfly
Or falling leaf,
Which ought I to imitate
In my dancing? (The Dancer)
তাই যদি মানি ল’ব লগা হয় যে তাইৰ ভৰিৰে বয়ন হোৱা পৃথিৱীখন পত্ৰহীন, অসম্পূৰ্ণ? যদি তাই সৰি পৰা পাতৰ গতি অনুসৰণ নকৰে তেতিয়া তাই দৰ্শক হেৰুৱাব নেকি? তেতিয়া জোন বিভ্ৰান্ত হৈ পৃথিৱীক বিপৰ্যয়-চুমা যাচিব নেকি?
ৰুক্ষ বাস্তৱতাক তুলি ধৰিছে ছিমাছ হিনীয়ে তেওঁৰ ‘A Drink of Water’ কবিতাত। কিন্তু অপৰাধজনিত ঘটনাৰ বাবে সমাজৰ শাস্তিৰ সন্মুখীন হোৱা ছোৱালী এজনীৰ কথা ৰূপায়ণৰ বাবে যি বৰ্ণনা কবিয়ে কৰিছে সি মোক প্ৰায়েই খেদি ফুৰে (Strange Fruit)।
পেট্ৰিক কাভানা (১৯০৪-১৯৬৭) ক য়েটছৰ লগত তুলনা কৰা হৈছিল জীৱনৰ শেষ বয়সত। কিন্তু ব্যক্তি আৰু কবিতাৰ ক্ষেত্ৰত দুয়োৰে মাজত মিলতকৈ অমিলেই বেছি। প্ৰথম পৰ্যায়ত খেতিৰেই জীৱন নিৰ্বাহ কৰা কাভানাৰ কবিতাত প্ৰায়েই খেতিয়ক এজনৰ উপস্থিতিয়ে কবি গৰাকীৰ প্ৰতি ঔৎসুক্যৰ সৃষ্টি কৰে। কবি এগৰাকীৰ থাকিব লগা একনিষ্ঠতা সুন্দৰ উপমাৰ জৰিয়তে উদ্ভাসিত কৰিছে, মোৰেই এয়া অসমীয়া অনুবাদ:
শীতে মোক ঘেৰি ৰাখে
মই পৰিবেষ্টিত
পোহৰ, হাঁহি, নাচৰ
বিপৰীতে।
মই এজন কেৱলীয়া ভকতৰ দৰে
এটা ধূসৰ কুঠৰীত
মোৰ আত্মাৰ
আচহুৱা বিস্ময়ৰ
নকলত মগ্ন (কবি)
ভাৰতীয় কবিসকলৰ ভিতৰত হিন্দী ভাষাৰ কবি অশোক বাজপেয়ী মোৰ অত্যন্ত প্ৰিয় কবি। ভাৰতীয় ইংৰাজী ভাষাৰ কবিসকলৰ ভিতৰত কে. সচ্চিদানন্দন, জয়ন্ত মহাপাত্ৰৰ কবিতা মোৰ খুবেই প্ৰিয়। কে. সচ্চিদানন্দনক Not Only the Oceans New Poem (2015-18)ৰ ছিমলা কবিতামালা বাৰে-বাৰে পঢ়িবলৈ মন যায়— সেইখিনি মই অসমীয়ালৈয়ো অনুবাদ কৰিছোঁ। জয়ন্ত মহাপাত্ৰৰ Collected Poem মোৰ পঢ়া মেজতে থাকে। ‘Still Lip’, ‘The Sunset’, ‘Letter’, ‘Sky’, ‘A Rain’ আদি কবিতাই মনটো আনন্দিত কৰে:
I seem to relive the moments when the sky made
My strength, straightening up like a star
Among humble clouds, but now I wonder
Whether such moments did really exist,
Truly did such a sky pace
The consciousness of that day. (Sky)
বাংলা ভাষাৰ এতিয়াৰ কবিসকলৰ জয় গোস্বামীৰ অৱচেতন আৰু আধ্যাত্মিকতাৰ ৰেশ থকা কবিতা, সুবোধ সৰকাৰৰ অধিবাস্তৱবাদী কবিতা পঢ়ি ভাল লাগে।
অতি সাম্প্ৰতিকভাবে ইংৰাজী ভাষাত লিখা ভাৰতীয় কবি ভালেমানৰ কবিতা পঢ়ি আনন্দিত হৈছোঁ আৰু উপকৃতও হৈছোঁ। অৰুন্ধতী সুব্ৰহ্মণিয়মৰ When God is a Traveller-ৰ অন্তৰ্গত ‘Eight Poems to Shakuntala’ পঢ়ি ভাল লাগিছে। তেনেদৰে কথ্য ভাষাক কিদৰে গাঢ়তা দিব পাৰি তাক সাধনা কৰা Ranjit Hoskote-ৰ কবিতা মোৰ খুবেই ভাল লাগে।
জীৱনৰ কাৰুণ্য মূৰ্ত কৰা কবিতাসমূহে সদায়েই মোৰ মনযোগ আকৰ্ষণ কৰি আহিছে। সেই বাবেই মোৰ মাতৃভাষাৰ কবি নীলমণি ফুকনৰ ভালেমান কবিতা মোৰ প্ৰিয়, যদিওবা হৃদয়ৰ উষ্ণতা আৰু ভাষাৰ অত্যন্ত উদ্ভাৱনশীল ব্যৱহাৰ তেওঁৰ কবিতাৰ অপৰিহাৰ্য দিশ। নৱকান্ত বৰুৱাৰ মননশীলতাই সদায়েই টানি থাকে। ‘ৰত্নাকৰ’ কবিতাকে ধৰি তেওঁৰ এখন স্বচ্ছ মুখাৰেৰ কবিতাবোৰ বাৰে-বাৰে পঢ়োঁ। অজিৎ বৰুৱাৰ ‘ব্ৰহ্মপুত্ৰ’ কবিতা পঢ়ি কেতিয়াও আমনি নাপাওঁ। তেনেদৰে হৰেকৃষ্ণ ডেকাৰ সানমিহলি বৰ্ণমালা। ৫টা খণ্ডত বিভক্ত দীঘল কবিতাটিয়ে দৃষ্টি আকৰ্ষণ কৰি থাকে। সমীৰ তাঁতীৰ শোকাকুল উপত্যকাৰ কেইটামান কবিতা, কালি নৰকৰপৰাৰ কেইটামান কবিতা, অনুভৱ তুলসীৰ মই সম্পাদনা কৰা দোলায়িত প্ৰস্তৰৰ ‘কুকুৰ’, ‘জলমগ্ন দৃশ্যাৱলী’, ‘ইলিভেটৰ’ আদি কবিতা, নীলিম কুমাৰৰ আত্মগাথাৰ অন্তৰ্গত ‘শিয়াল’, ‘চোৰ’, ‘অন্তঃসত্ত্বা’, ‘বিবাহ-উৎসৱ’ আদি কবিতা আকৰ্ষণীয়।
সম্প্ৰতি মই পঢ়ি আছোঁ গুলজাৰৰ কবিতা ইংৰাজী অনুবাদত। Sarita Paul Kumar আৰু Vinita Agrawal সম্পাদিত Year Book (Indian Poetry in English 2024—25)। ভাষা আৰু বিষয়ৰ অভিনৱত্বৰ বাবে ইয়াৰ কেইবাটাও কবিতা মোৰ প্ৰিয়।