যতীন কোঁৱৰৰ কবিতা

Issue: Vol. V, No. 3, November-January, 2026-27

হাবিদেউ

তেজ গৈ গৈ শেঁতা পৰে হাবি;
চাব নেজানিলে চকুত নপৰে তেজৰ কৰাল!
জোনাকত এনেও বৰণ সলায় তেজে!

বছৰে বছৰে সৰু হৈ আহি আছে হাবিৰ ভূগোল;
কমি কমি আহি আছে হাবিৰ গাঁঠিৰ আটকীয়া ধন;
একে আছে মাথোঁ মন আৰু মহিমা!

হাবিদেৱে পাত-হেঙুলীয়া এজাৰ চুমে,
বন-অগৰুৰ সুৰভি শুঙে,

লতা-বিৰিখৰ জেঙা ভাঙে;
চকুৰ পানীৰে জীয়াই তোলে জুবিন গাৰ্গীয়ানাৰ এমা-ডিমা পুলিবোৰ।

হাবিদেৱে বিষাদ হুৰায়,
বনস্পতিৰ ঘাঁ শুকুৱায়,
জোনাকিৰ পোহৰত
বিচাৰি ফুৰে বন-কেতেকীৰ হেৰুৱা ঠিকনা!

জীৱাশ্মৰ খৰম পিন্ধি ভ্ৰমি ফুৰে হাবিদেউ—
বেত-আঁচোৰা বাঘৰ ছালৰ দৰে হাবি-তলীয়া দুপৰীয়া৷

দিন-ৰাতি দ্ৰুতবেগী বসুমতী;
জিৰণিৰ আহৰি নাই হাবিদেউৰ৷

মাতি আনে বৰষুণ;
কলিজাত থিয় হৈ উশাহ-ৰখীয়া
নিতৌ নিকা কৰে নিশাহ—
হাবিদেউ অম্লজানৰ আদিম খেতিয়ক!

বোধিবৃক্ষৰ প্ৰজ্ঞাৰ শিপাত কিম্বা
পত্ৰহৰিতৰ সত্তাত চিৰদিন সাৰে থাকে হাবিদেউ!