হেমপ্ৰভা মৰাণৰ কবিতা

Issue: Vol. V, No. 3, November-January, 2026-27

মই ক’ৰবাত হেৰাই গ’লোঁ

অস্তগামী সূৰুযৰ
স্তিমিত পোহৰত
মই নিজকে বিচাৰি ফুৰিছোঁ৷
কেতিয়া ক’ত কেনেকৈ
মই হেৰাই গ’লোঁ
গমকে নাপালোঁ।
এতিয়া দশোদিশ চলাথ কৰি
বিচাৰি ফুৰিছোঁ নিজকে।

শৈশৱ আৰু কৈশোৰৰ
নিভাঁজ মৰম আৰু অফুৰন্ত বিশ্বাসেৰে
ক্ষণিকতে সকলোকে আপোন কৰি ল’ব পৰা
মায়াভৰা মধুৰ দিনবোৰ
ক’ত বাৰু হেৰুৱাই পেলালোঁ?

যৌৱনৰ উত্তাল তৰংগত সাঁতুৰি-নাদুৰি
ভাগৰি নপৰা দিনবোৰ
প্ৰত্যয় ভৰা এবুকু আকাশী সপোন
ক’ত হেৰাল গমেই নাপালোঁ।
এতিয়া নিজকে বিচাৰি চলাথ কৰিছোঁ
দশোদিশ।
কোনোবাই বাতৰিকাকতত
বিজ্ঞাপন এটা দিয়া হ’লে
মোৰ নিৰুদ্দেশৰ৷



ইতিহাস

ইতিহাস ৰচনা হয় নে সৃষ্টি হয়
তুমি জানানে?
জানানে তুমি সূৰুযমুখীৰ সপোন
কেতিয়া ইতিহাস হয়?
পদযাত্ৰা কৰি কৰি ভাগৰি পৰে পথিক।
সৃষ্টিৰ দিনাৰে পৰা যুগ যুগ পাৰ হৈ অহা
দুভৰিৰ ক্লান্তিৰ খবৰ
ইতিহাসে জানো জানে?

কিমান মানুহৰ কলিজাৰ কেঁচা তেজে
ছবি আঁকি ভৰাই তোলে ইতিহাস৷
সময়ে জানো জানে?
ইতিহাস ৰচনা হয় নে সৃষ্টি হয়
তুমি জানানে?

নিজে নজনাকৈ মানুহে ইতিহাস লিখে
সময়ৰ।
যেনেকৈ অজন্তা ইলোৰাৰ গুহাত
কোনোবা চিত্ৰকৰে লিখি থৈ গ’ল
বুৰঞ্জীৰ একোটি পৃষ্ঠা।
নিজে নজনাকৈ।

An English translation of the poems.