Issue: Vol. V, No. 3, November-January, 2026-27
অনিৰ্বাণ দত্ত
কবিতা, বিশেষকৈ চুটি কবিতাৰ জগতত লিমাৰিক (Limerick) এক অনন্য কাব্য ৰূপ। কবি, সমালোচক ড° মহেন্দ্ৰ বৰাই লিমাৰিক সন্দৰ্ভত কৈছে— “ছনেটৰ লেখীয়া— এটা ভাষাৰ পৰা আন এটা ভাষালৈ ভাঙিব নোৱাৰি৷ ভাঙিলেও যেন আধাখিনি সুৰভি পাহিতে থাকি আহিব খোজে৷ সেই লিমাৰিক, কবিতাৰ সাজ পিন্ধা যিবিধ ৰঙীয়াল মনৰ ৰচনাই যিকোনো ৰসিক পাঠকৰে মগজুৰ ভিতৰখন ভাকুটকুটাই যায়! সেই লিমাৰিক, যিবিধ কবিতাৰ একেটি মাথোন স্তৱকেই এটা গোট কবিতা! নিয়মৰ কটকটীয়া বান্ধোনে ছনেটকো চেৰাই যায়…৷” সি যি নহওক, সৰু পৰিসৰতে থাকি বৃহৎ প্ৰভাৱ সৃষ্টি কৰিব পৰা কবিতাৰ অন্যতম আকৰ্ষণীয় ৰূপটোৱেই হ’ল লিমাৰিক। ই সংক্ষিপ্ত আৰু ছন্দোময় শৈলীৰে তথা ভাষাৰ খেলৰ মাজেৰে এক সম্পূৰ্ণ হাস্যকৰ বা চমকপ্ৰদ পৰিস্থিতি গঢ়ি তুলিব পাৰে৷ ইংৰাজী কাব্যৰ ইতিহাসত কবিতাৰ এই সৰু ৰূপটোৱে এক স্বকীয় কাব্য পৰম্পৰা গঢ়ি তুলিলে আৰু এডৱাৰ্ড লিয়েৰৰ ন ন সৃষ্টিৰ জৰিয়তে বিশ্বব্যাপী ই জনপ্ৰিয় হৈ উঠিল৷ লিমাৰিকৰ তাৎপৰ্য কেৱল ইয়াৰ সৰু আকাৰ বা মনোৰঞ্জনধৰ্মিতাতে সীমাবদ্ধ নহয়; ছন্দৰ চাতুৰ্য, অন্ত্যমিল, ধ্বনি, শব্দ সৃষ্টি, শব্দৰ খেল আৰু শেষ মুহূৰ্তৰ চমক— এই সকলোবোৰৰ সৃজনশীল সমন্বয়ত ইয়াৰ কাব্যিক শক্তি উদ্ভাসিত হয়৷ সেয়ে পাঁচ চৰণৰ আপাততঃ ধেমেলীয়া এই পদ্য ৰূপটো, তাৰ সূক্ষ্ম ভাষিক কৌশল আৰু কাৰিকৰী দিশৰ বিচাৰেৰে এক স্বতন্ত্ৰ কাব্যশৈলী হিচাপে পৰিগণিত হৈ পৰিল৷

লিমাৰিকৰ গঠন, ছন্দ আৰু হাস্যৰসাত্মক বৈশিষ্ট্যক ফটফটীয়াকৈ দেখুৱাব পৰা কেইটামান সংজ্ঞা তলত উল্লেখ কৰা হ’ল—
ক) আমেৰিকাৰ প্ৰসিদ্ধ সাহিত্যিক প্ৰতিষ্ঠান Poetry Foundation-ৰ ৱেবছাইটত থকা কাব্যিক পৰিভাষা কোষ(Glossary of Poetic Terms)ত লিমাৰিকৰ সংজ্ঞা এইদৰে দিছে— “A fixed light-verse form of five generally anapestic lines rhyming AABBA.” অৰ্থাৎ, “লিমাৰিক হৈছে পাঁচটা চৰণেৰে গঠিত এক নিৰ্দিষ্ট (fixed) লঘু কাব্য ৰূপ; এই চৰণসমূহৰ ছন্দ সাধাৰণতে Anapestic আৰু অন্ত্যমিলৰ বিন্যাস ক-ক-খ-খ-ক (AABBA) ।”
ইংৰাজী কবিতাৰ Anapestic ছন্দত সাধাৰণতে দুটা লঘু syllable-ৰ পিছত এটা গুৰু syllable আহে, (◡ ◡ —) বা লঘু–লঘু–গুৰু। এই ছন্দৰ বিন্যাসে লিমাৰিকক এক দ্ৰুত গতি, কণ্ঠৰ দোলন আৰু হাস্যৰসাত্মক ধ্বনি প্ৰদান কৰে। অৱশ্যে সকলো লিমাৰিকেই কঠোৰভাৱে একে ছন্দ-বিন্যাস (metrical pattern) অনুসৰণ নকৰে।
খ) Merriam-Webster Dictionary-এ লিমাৰিকক “a light or humorous verse form” বুলি কৈ পাঁচটা প্ৰধান anapestic চৰণৰ কথা উল্লেখ কৰিছে। ইয়াত প্ৰথম, দ্বিতীয় আৰু পঞ্চম চৰণত সাধাৰণতে তিনিটাকৈ পৰ্ব (metrical feet) আৰু তৃতীয়-চতুৰ্থ চৰণত দুটাকৈ পৰ্ব থাকে। অন্ত্যমিলৰ বিন্যাস ক-ক-খ-খ-ক।
গ) Academy of American Poets-ৰ Glossary of Poetic Terms-তো লিমাৰিকক সাধাৰণতে উদ্ভট (nonsensical) কল্পনা আৰু হাস্যৰসেৰে পৰিপূৰ্ণ পাঁচ-চৰণীয়া কবিতা বুলি উল্লেখ কৰিছে৷ ইয়াত প্ৰথম দুটা আৰু পঞ্চম চৰণটোৰ পৰস্পৰ মিল থাকে, তৃতীয় আৰু চতুৰ্থ চৰণ দুটাও ইটো সিটোৰ লগত মিলে; লগতে ইয়াৰ জঁপিয়াই যোৱা লয় (bouncy rhythm) আৰু anapestic লয়ৰ কথাও উল্লেখ কৰিছে।
ঘ) আনহাতে, University of Toronto-ৰ Representative Poetry Online(RPO)-ৰ শব্দকোষত লিমাৰিকক “a fixed verse form” বুলি অভিহিত কৰিছে। RPO-এ ঊনবিংশ শতিকাৰ আগৰ লিমাৰিকবোৰত প্ৰথম আৰু পঞ্চম চৰণত একে শব্দৰে অন্ত হোৱাৰ পৰম্পৰা এটা আছিল বুলিও উল্লেখ কৰিছে, যি পৰম্পৰা পিছৰ কালত পৰিত্যক্ত হৈছিল।
সি যি নহওক, আমি বিষয়টোৰ সামৰণি এইদৰে মাৰিব পাৰোঁ যে— লিমাৰিক হৈছে পাঁচটা চৰণেৰে গঠিত এক নিৰ্দিষ্ট ছন্দৰ লঘু আৰু হাস্যৰসাত্মক পদ্য ৰূপ। ইয়াৰ সাধাৰণ অন্ত্যমিলৰ বিন্যাস ক-ক-খ-খ-ক; অৰ্থাৎ প্ৰথম, দ্বিতীয় আৰু পঞ্চম চৰণে পৰস্পৰৰ সৈতে আৰু তৃতীয় আৰু চতুৰ্থ চৰণে পৰস্পৰৰ সৈতে ছন্দৰ মিল ৰক্ষা কৰে৷ সাধাৰণতে তৃতীয় আৰু চতুৰ্থ চৰণ প্ৰথম, দ্বিতীয় আৰু পঞ্চম চৰণতকৈ চুটি আৰু ইয়াৰ ছন্দত anapestic লয় থাকে। শেষ চৰণত ব্যংগ কথাৰ এক অপ্ৰত্যাশিত মোচৰ প্ৰকাশ পায়, য’ত ৰসৰ পাগ উঠে আৰু পাঠকৰ হাঁহিৰ হাঁচতিখন একেবাৰে মেল খাই যায়।
লিমাৰিক আৰু আপদীয়া পদ্য (Nonsense verse)ৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে, কিন্তু দুয়োটা একেটা বস্তু নহয়। লিমাৰিক হৈছে এটা নিৰ্দিষ্ট কাব্যিক ৰূপ, আনহাতে আপদীয়া পদ্য হৈছে এটা কাব্যিক ধাৰা/শৈলী৷ লিমাৰিকত থকাৰ দৰে আপদীয়া পদ্যত শাৰীৰ কোনো নিৰ্দিষ্ট সংখ্যা বা অন্ত্যমিলৰ বিন্যাস নাই। আপদীয়া পদ্যত কবিয়ে—
— অৰ্থহীন বা উদ্ভট শব্দ সৃষ্টি কৰিব পাৰে,
— যুক্তিবিৰোধী ঘটনা ঘটাব পাৰে,
— বাস্তৱ আৰু অবাস্তৱ দুয়োটা মিহলাই দিব পাৰে,
— ব্যাকৰণগতভাৱে শুদ্ধ যেন লাগিলেও অৰ্থহীন বাক্য লিখিব পাৰে,
— শব্দৰ ধ্বনি আৰু লয়ক অৰ্থতকৈ অধিক গুৰুত্ব দিব পাৰে।
ঐতিহাসিকভাৱে আপদীয়া পদ্যৰ সাহিত্যিক পৰম্পৰা লিমাৰিকৰ আধুনিক জনপ্ৰিয় ৰূপতকৈ পুৰণি; ইয়াৰ শিপা প্ৰাচীন আৰু মধ্যযুগৰ য়ুৰোপীয় সাহিত্যৰ বিভিন্ন উদ্ভট, ব্যংগাত্মক আৰু শব্দখেলমূলক কাব্য-পৰম্পৰাত প্ৰোথিত। আনহাতে, লিমাৰিকৰ পাঁচশৰীয়া ৰূপটোৰ লিখিত নিদৰ্শন ঊনবিংশ শতিকাৰ প্ৰথম ভাগতেই পোৱা যায়। এডৱাৰ্ড লিয়েৰে এই ৰূপটোক তেওঁৰ আপদীয়া পদ্যৰ সৈতে সংযুক্ত কৰি অধিক সু-সংহত ৰূপ দিয়ে৷ ১৮৪৬ চনত প্ৰকাশিত তেওঁৰ A Book of Nonsense-ৰ জৰিয়তে লিমাৰিকে ব্যাপক জনপ্ৰিয়তা লাভ কৰে।
এডৱাৰ্ড লিয়েৰৰ লিমাৰিকসমূহক প্ৰায়েই ‘nonsense limericks’ বুলি কোৱা হয়। কাৰণ তেওঁৰ লিমাৰিক পদ্যত লিমাৰিকৰ গঠন আৰু আপদীয়া পদ্যৰ বৈশিষ্ট্য দুয়োটাই আছে। মুঠতে, এডৱাৰ্ড লিয়েৰেই আপদীয়া পদ্য আৰু লিমাৰিকৰ মাজৰ সংযোগ সেতু।
চমুকৈ লিমাৰিকৰ বৈশিষ্ট্য সমূহ তলত আগবঢ়ালোঁ:
ক) পাঁচশৰীয়া গঠন: লিমাৰিক মূলতঃ পাঁচটা শাৰীৰে গঠিত এক চুটি কবিতা।
খ) ছন্দ আৰু অন্ত্যমিল: লিমাৰিকৰ গাঁথনিগত সৌন্দৰ্যৰ অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ ছন্দ বা লয় আৰু অন্ত্যমিল। সাধাৰণতে ক-ক-খ-খ-ক অন্ত্যমিলৰ বিন্যাস ইয়াৰ প্ৰধান বৈশিষ্ট্য।
গ) শাৰীকেইটাৰ দৈৰ্ঘ্যৰ পাৰ্থক্য: সাধাৰণতে প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰী তুলনামূলকভাৱে দীঘল হয়।
ঘ) তৃতীয়–চতুৰ্থ শাৰীৰ চুটি গঠন: তৃতীয় আৰু চতুৰ্থ শাৰী তুলনামূলকভাৱে চুটি হয় আৰু ইয়াত সাধাৰণতে এটা নতুন গতি বা ছন্দৰ সৃষ্টি হয়।
ঙ) অসংগত আৰু উদ্ভট: অৰ্থহীন বা যুক্তিহীন কল্পনা আৰু অসংগত বা উদ্ভট পৰিস্থিতি (absurdity) একোটা বৰ্ণনা কৰাৰ বাবে লিমাৰিকবোৰে এক বিশেষ হাস্যৰসৰ সৃষ্টি কৰে।
চ) পুনৰাবৃত্তি: কোনো শব্দ, বাক্যাংশ বা ভাবৰ পুনৰাবৃত্তিয়ে লিমাৰিকৰ ধ্বনিগত মাধুৰ্য, ছন্দ আৰু হাস্যৰস বৃদ্ধি কৰে।
ছ) অতিশয়োক্তি, ধেমালি আৰু ব্যংগ: লিমাৰিকত থকা অতিশয়োক্তি (exaggeration), ধেমালি, পৰিহাস আৰু ব্যংগ হাস্যৰস সৃষ্টিৰ গুৰুত্বপূৰ্ণ উপাদান।
জ) শব্দৰ খেল আৰু দ্ব্যৰ্থকতা: শব্দৰ খেল (wordplay), দ্ব্যৰ্থকতা আৰু কেতিয়াবা ইচ্ছাকৃত শব্দ বিকৃতিয়ে লিমাৰিকৰ ভাষাক অধিক চঞ্চল, কৌতুকপূৰ্ণ আৰু আমোদজনক কৰি তোলে।
ঝ) চমকপ্ৰদ সমাপ্তি: লিমাৰিকৰ পঞ্চম শাৰীত প্ৰায়ে অপ্ৰত্যাশিত বা চমকপ্ৰদ পৰিণতি এটা থাকে, যিয়ে লিমাৰিকটোক পাগত উঠাই পাঠকক অনাবিল হাস্যৰস দান কৰে৷
ঞ) ব্যক্তি, স্থান আৰু ঘটনাৰ উদ্ভট উপস্থাপন: লিমাৰিকত প্ৰায়ে কোনো ব্যক্তি, ঠাই বা ঘটনাক ৰহণ সানি উপস্থাপন কৰা হয়৷ ই তীব্ৰ হাস্যৰস সৃষ্টি কৰে৷
ট) আনন্দৰ লগতে ইতিবাচক বাৰ্তা: লিমাৰিকৰ প্ৰত্যক্ষ উদ্দেশ্য সাধাৰণতে হাঁহি আৰু নিৰ্দোষ আনন্দ সৃষ্টি কৰা; কিন্তু বহু লিমাৰিকে হাস্যৰস আৰু ব্যংগৰ মাজেৰে পৰোক্ষভাৱে সমাজলৈ একোটা ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰে।
লিমাৰিকৰ উৎপত্তি সম্পৰ্কে সাহিত্যৰ ইতিহাসত কোনো স্থিৰ সিদ্ধান্ত নাই। ইয়াৰ কোনো একক স্ৰষ্টাৰ নামো পোৱা নাযায়৷ সম্ভৱতঃ ইংৰাজী ভাষাৰ লোক প্ৰচলিত ছন্দযুক্ত হাস্য ৰসাত্মক পদ্য আৰু মৌখিক পদ্য পৰম্পৰাৰ পৰাই কালক্ৰমত লিমাৰিকৰ সৃষ্টি হৈছে৷ ক’বলৈ গ’লে ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে ইয়াৰ লিখিত ইতিহাসৰ নিশ্চিত নিদৰ্শন দেখা পোৱা যায়। ইংলেণ্ডৰ De Montfort University (DMU)ৰ Hockliffe Project-ৰ মতে, ১৮২০ চনৰ আগলৈকে এই বিশেষ পাঁচ শৰীয়া পদ্য ৰূপটো মুদ্ৰিত ৰূপত পোৱা হোৱা নাছিল৷ সেই কাৰণেই লিমাৰিকৰ প্ৰাচীন ৰূপটো মূলতঃ মৌখিক পৰম্পৰাৰ ৰূপত সমাজত প্ৰচলিত হৈ আছিল বুলি ধৰা হয়। (Hockliffe Project— শিশু-সাহিত্যৰ পুৰণি মুদ্ৰিত গ্ৰন্থ সংৰক্ষণ, ডিজিটাইজ আৰু গৱেষণাৰ বাবে গঢ়ি তোলা এটা অনলাইন সাহিত্য-আৰ্কাইভ/গৱেষণা প্ৰকল্প।)

১৮২০ চনত লণ্ডনৰ জন হেৰিছ আৰু ছন (John Harris and Son)-এ প্ৰকাশ কৰা The History of Sixteen Wonderful Old Women নামৰ পুস্তিকা খনেই লিমাৰিকৰ প্ৰথম ঐতিহাসিক মুদ্ৰিত নিদৰ্শন৷ অজ্ঞাত লেখকৰ এই ক্ষুদ্ৰ পুস্তিকা খনত ষোল গৰাকী অদ্ভুত বৃদ্ধাৰ হাস্য ৰসাত্মক কাহিনী পাঁচশৰীয়া পদ্যত উপস্থাপন কৰা হৈছিল। Hockliffe Project-এ ইয়াক “the first ever collection of limericks” বুলি উল্লেখ কৰিছে। এই পুস্তিকাৰ এটা বিশেষ বৈশিষ্ট্য আছিল— প্ৰায় প্ৰতিটো পদ্যৰ প্ৰথম শাৰীৰ অন্তিম শব্দ বা বাক্যাংশ পঞ্চম শাৰীত পুনৰাবৃত্তি কৰা হৈছিল। সি যি নহওক, ইয়াৰ পিছত অতি কম সময়ৰ ভিতৰতে এই পদ্য ৰূপটোৰ অনুকৰণত আন কেইবাখনো পুস্তিকা প্ৰকাশ পায়। ১৮২১ চনত জন মাৰ্শ্বেল (John Marshall) এ Anecdotes and Adventures of Fifteen Gentlemen প্ৰকাশ কৰে। ইয়াৰ লেখক হিচাপে ইংৰাজ কবি তথা শিশু-সাহিত্যিক ৰিছাৰ্ছ স্কাৰ্ফটন শ্বাৰ্প (Richard Scrafton Sharpe)-ৰ নাম অনুমান কৰা হয়৷ ইয়াৰ পিছত ১৮২২ চনত Anecdotes and Adventures of Fifteen Young Ladies প্ৰকাশ পায়। এই পুস্তিকাসমূহে আগৰ পাঁচশৰীয়া পদ্য ৰূপটোক কিছু পৰিমাণে সালসলনি কৰে। বিশেষকৈ Sixteen Wonderful Old Women-ৰ প্ৰথম আৰু পঞ্চম শাৰীত একে শব্দ পুনৰাবৃত্তি কৰাৰ ৰীতিটো সলনি কৰি দুয়োটা শাৰীৰ অন্তিম স্থানত পৃথক শব্দ ব্যৱহাৰ কৰা আৰম্ভ কৰে৷ ডাঙৰ কথা, এই প্ৰাথমিক স্তৰৰ পুস্তিকাবোৰৰ লগত এডৱাৰ্ড লিয়েৰৰ লিমাৰিক চৰ্চাৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ আছিল বুলি কোৱা হয়। Anecdotes and Adventures of Fifteen Gentlemen গ্ৰন্থখনেই লিয়েৰক তেওঁৰ বিখ্যাত A Book of Nonsense ৰচনাৰ বাবে প্ৰেৰণা যোগাইছিল বুলি Hockliffe Project-ৰ তথ্যত উল্লেখ আছে৷
১৮৪৬ চনত এডৱাৰ্ড লিয়েৰৰ A Book of Nonsense পুথিখন প্ৰকাশ পোৱাৰ লগে লগে লিমাৰিক সদৃশ আপদীয়া পদ্যই এক অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। কোনো কোনোৱে কোৱাৰ দৰে এডৱাৰ্ড লিয়েৰ আচলতে লিমাৰিকৰ জন্মদাতা নাছিল৷ লিমাৰিক কবিতাক জনপ্ৰিয় কৰি তোলাতহে তেওঁৰ অৱদান আছিল মুখ্য৷ আনহাতে, লিয়েৰে নিজেও তেওঁৰ কবিতাবোৰক লিমাৰিক বুলি অভিহিত কৰা নাছিল। পিছৰ কালতহে তেওঁৰ কবিতাসমূহক লিমাৰিক নামাংকন কৰা হৈছিল৷ লিমাৰিকৰ উৎপত্তিৰ স্থিৰ সিদ্ধান্ত নথকাৰ দৰেই, লিমাৰিক কবিতাৰ নাম ‘Limerick’ কিয় হ’ল, তাৰো নিশ্চিত সিদ্ধান্ত অদ্যাপি নাই (স্থানান্তৰত এই বিষয়ে আলোচনা কৰা হৈছে)৷ সি যি নহওক, লিমাৰিকৰ জনপ্ৰিয়তা বৃদ্ধিত বহুমূলীয়া অৱদান আগবঢ়োৱা লিয়েৰৰ কবিতাত পাঁচশৰীয়া গঠন, AABBA অন্ত্যমিল, চুটি তৃতীয়-চতুৰ্থ শাৰী, উদ্ভট কল্পনা, অস্বাভাৱিক চৰিত্ৰ, শব্দৰ খেল আৰু চমকপ্ৰদ হাস্যৰসৰ অভিনৱ সমন্বয় সদায় আছিল৷ তেওঁ A Book of Nonsense-ৰ জৰিয়তে শিশু সকলৰ মন জয় কৰাৰ লগতে ইংৰাজী ভাষী জনসাধাৰণৰ মাজতো লিমাৰিক সদৃশ পদ্য ৰূপৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল৷
ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা লিমাৰিকে প্ৰাপ্ত বয়স্ক পাঠকৰ মাজতো বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ লয়৷ ইয়াৰ বিষয়বস্তু ক্ৰমে ধৰ্ম, ৰাজনীতি, সাহিত্য, বাণিজ্য, সামাজিক ঘটনা, ক্ৰীড়া আৰু সমসাময়িক বিষয়লৈকে বিস্তৃত হৈ পৰে। কাজেই, লিমাৰিক কেৱল বেবেৰিবাং পদ্য হৈ নাথাকিল; বিংশ শতিকাৰ আৰম্ভণিতে হাস্যৰস, পৰিহাস, ব্যংগ, শব্দৰ খেল আৰু সমাজ পৰ্যবেক্ষণৰো ই এক জনপ্ৰিয় মাধ্যম হৈ পৰিল। এই সন্দৰ্ভত জনপ্ৰিয় কবি আৰু লিমাৰিক-গৱেষক লেংফৰ্ড ৰীডৰ The Complete Limerick Book (১৯২৪) নামৰ গ্ৰন্থখনৰ কথা উল্লেখ কৰিব পাৰি৷ ইয়াত ৰীডে লিমাৰিকৰ উৎপত্তি, শ্ৰীবৃদ্ধিৰ ক্ৰমাগত বৰ্ণনা আগবঢ়োৱাৰ লগতে বিভিন্ন কালত প্ৰচলিত লিমাৰিকৰ এটা সংগ্ৰহ, তাৰ শ্ৰেণী বিভাজন আৰু ঐতিহাসিক বক্তব্য সংযোগ কৰি লিমাৰিক কবিতাৰ ক্ৰমবিকাশ লিখিছে৷ ইয়াত তেওঁ এডৱাৰ্ড লিয়েৰৰ পৰা আৰম্ভ কৰি লিমাৰিকৰ বিষয়-বৈচিত্ৰ্যৰ কথাও সুন্দৰকৈ উল্লেখ কৰিছে৷ তেওঁ লিমাৰিকৰ বিভিন্ন ৰূপ— যেনে Clerical Limerick (ধৰ্মযাজক/পাদ্ৰীক কেন্দ্ৰ কৰি লিখা লিমাৰিক), Religious Limerick (ধৰ্মীয় বিষয়, বিশ্বাস বা ধৰ্মক লৈ হাস্যৰসাত্মক লিমাৰিক), Stock Exchange Limerick (শ্বেয়াৰ বজাৰ, ব্যৱসায়-বাণিজ্যক লৈ লিমাৰিক), Literary Limerick (সাহিত্য, সাহিত্যিক বা সাহিত্য জগতক লৈ লিমাৰিক), Tongue-twisting Limerick (উচ্চাৰণত জিভা পাক খোৱা ধৰণৰ শব্দ-কৌশলযুক্ত লিমাৰিক), Topical Limerick (সমসাময়িক ঘটনা, ৰাজনীতি, সমাজ বা চলিত বিষয়ক লৈ লিমাৰিক), Sporting Limerick (খেল-ধেমালি/ক্ৰীড়াক বিষয় কৰি লিখা লিমাৰিক) আদিৰ বিষয়ে উদাহৰণসহ আলোচনা কৰিছে৷ সি যি নহওক, লিমাৰিক গৱেষক লেংফৰ্ড ৰীডৰ ব্যাখ্যাত লিমাৰিকৰ ইতিহাস মূলতঃ এনেকুৱা— লোকপ্ৰচলিত/মৌখিক হাস্যৰসাত্মক ছন্দ ——> প্ৰাথমিক মুদ্ৰিত উদাহৰণ ——> এডৱাৰ্ড লিয়েৰ ——> ব্যাপক জনপ্ৰিয়তা——> বিভিন্ন সামাজিক আৰু সাহিত্য ক্ষেত্ৰলৈ লিমাৰিকৰ বিস্তাৰ৷
লিমাৰিক গৱেষণাত আটাইতকৈ প্ৰাৰম্ভিক আৰু গুৰুত্বপূৰ্ণ মুদ্ৰিত নথি হিচাপে গণ্য কৰা The History of Sixteen Wonderful Old Women নামৰ গ্ৰন্থখনৰ দৰে কিছুমান প্ৰাথমিক উৎসৰ পৰা নিদৰ্শন উপস্থাপন কৰি লেংফৰ্ড ৰীডে প্ৰমাণ কৰিছিল যে, এডৱাৰ্ড লিয়েৰে ১৮৪৬ চনত প্ৰকাশ কৰা A Book of Nonsense-ৰ আগতেই লিমাৰিক-সদৃশ কবিতা সমাজত চলিত আছিল। উদাহৰণস্বৰূপে —
“There was an Old Woman named Towl,
Who went out to Sea with her Owl;
But the Owl was Sea-sick,
And scream’d for Physic:
Which sadly annoy’d Mistress Towl.”
(The History of Sixteen Wonderful Old Women, c. 1820–21).
“There liv’d an Old Woman at Lynn,
Whose nose very near touch’d her chin;
You may easy suppose
She had plenty of Beaux;
This charming Old Woman of Lynn.”
(The History of Sixteen Wonderful Old Women, “Old Woman of Lynn”).
“There was a sick man of Tobago,
Liv’d long on rice-gruel and sago;
But at last, to his bliss,
The physician said this—
‘To a roast leg of mutton you may go’.”
(Anecdotes and Adventures of Fifteen Gentlemen, c. 1822)
সি যি নহওক, আধুনিক আপদীয়া পদ্য বা Nonsense verse-ৰ পথিকৃৎ এডৱাৰ্ড লিয়েৰে নিজেই পিছত কৈছিল যে “Old Man of Tobago”-ৰে আৰম্ভ হোৱা এই ধৰণৰ পদ্যই তেওঁক লিমাৰিক লিখাৰ বাবে অফুৰন্ত প্ৰেৰণা যোগাইছিল।
এই কবিতা-ৰূপটোক বুজাবলৈ ‘Limerick’ নামটো কেনেকৈ সংযুক্ত হ’ল, এইটোও ইতিহাসৰ এটা আকৰ্ষণীয় বিষয়। বহুতে ক’ব বিচাৰে পাঁচ শাৰীৰ বিশেষ বৈশিষ্ট্য যুক্ত এই কবিতা শৈলীৰ নাম হিচাপে ‘লিমাৰিক’ নামটো আয়াৰলেণ্ডৰ চহৰ Limerickৰ পৰা লোৱা হৈছে৷ এই ধাৰণাটোক লেণ্ডফৰ্ড ৰীডেও সমৰ্থন কৰি পাছৰ কালৰ এখন ৰচনাত কথাখিনি কিছু বহলকৈ উল্লেখ কৰি গৈছে৷ সি যি নহওক, আন এটা ধাৰণা মতে আয়াৰলেণ্ডত প্ৰচলিত এটা পুৰণি গীতৰ কথা(Lyrics)ত ‘লিমাৰিক’ নামটোৰ গুৰি নিহিত হৈ আছে৷ উল্লেখযোগ্য যে, ১৮৯৮ চনত এখন বিখ্যাত ইংৰাজী পত্ৰিকা Notes & Queries-ত প্ৰকাশ পোৱা J. H. Murray-ৰ মন্তব্যত পোৱা যায়। জে. এইচ. মাৰী (J. H. Murray) নামৰ এডিনবাৰ্গৰ এজন ব্যক্তিয়ে লিখিছিল যে আয়াৰলেণ্ডত প্ৰচলিত এটা পুৰণি গীতৰ কথা (Lyrics) আৰু তাৰ ছন্দৰ গঠন এডৱাৰ্ড লিয়েৰৰ লিমাৰিকৰ সৈতে একে। তেওঁ লগতে আয়াৰলেণ্ডৰ প্ৰচলিত আড্ডাস্থলী (convivial party) বোৰত এজন এজনকৈ থাওকতে পদ ৰচনা কৰা আৰু মাজে মাজে “Will you come up to Limerick?”— এই ঘোষা (refrain) ফাকি গোৱাৰ প্ৰথাৰ কথাও উল্লেখ কৰিছিল। এই ঘোষাটোত থকা Limerick শব্দটোক কেন্দ্ৰ কৰিয়ে লিমাৰিক কবিতা নামটোৰ উৎপত্তি বুলি এচামে দাবী কৰে৷ আমাৰ বৰগীতৰ ‘ধ্ৰুং’ সদৃশ এই refrain-টো মাজে মাজে গাই তাৰ গইনাতে আয়াৰলেণ্ডৰ লোকগীত বা আড্ডাৰ হাস্যৰসাত্মক পংক্তিবোৰ পৰিৱেশন কৰাৰ জনপ্ৰিয় ৰীতি আছিল৷ আড্ডাবোৰত এজন মানুহে নিজে তৎক্ষণাত সজোৱা ৰসাল পদ(verse) টো গাইছিল; পদটো শেষ হোৱাৰ পিছত সকলোৱে মিলি ঘোষাটো অৰ্থাৎ ‘Will you come up to Limerick?’ বুলি গাইছিল; তাৰ পিছত আনজনে নতুন এটা পদ, মুখতে সৃষ্টি কৰিছিল৷ একেটা পদ (verse) পুনৰাবৃত্তি কৰাৰ অনুমতি নাছিল৷ অৱশ্যে এওঁলোকৰ এই ধাৰণাটোও সকলো পক্ষই নিৰ্বিবাদে মানি লোৱা নাই৷ গতিকে, আজিও লিমাৰিক নামটোৰ ব্যুৎপত্তিক লৈ ‘নানা ঋষিৰ নানা মত’ চলি আছে৷
এতিয়া আহো Limerick শব্দটোৰ মুদ্ৰিত ৰূপটোৰ প্ৰসংগলৈ৷ Oxford English Dictionary-ৰ তেতিয়াৰ তথ্য অনুসৰি ‘limerick’ শব্দটো লিখিত ৰূপত ১৮৯৬ আৰু মুদ্ৰিত ৰূপত ১৮৯৮ চনত প্ৰকাশ হৈছিল৷ কিন্তু ইংৰাজ কবি, গল্পকাৰ আৰু ঔপন্যাসিক ৰাড্য়াৰ্ড কিপ্লিং (Rudyard Kipling, ১৮৬৫-১৯৩৬)-এ প্ৰকাশক ৱিলিয়াম হাইনেমেনলৈ ২০ জানুৱাৰী ১৮৯৫ ত লিখা এখন চিঠিত ‘Limericks’ শব্দটো নিজেই লিখিছিল৷ তেওঁ লিখিছিল যে তেওঁ Limericks ৰচনা কৰি আছে আৰু সেইবোৰ লৈ ‘experimentalize’ কৰিব। অৰ্থাৎ ১৮৯৫ চনতেই কিপ্লিঙে ‘Limerick’ শব্দটো পাঁচ শাৰীৰ কবিতাৰ অৰ্থত ব্যৱহাৰ কৰিছিল। তাৰমানে Oxford English Dictionary-এ তেতিয়া উল্লেখ কৰা সময়তকৈও পূৰ্বেই৷
১৮১২ চনৰ ১২ মে’ তাৰিখে লণ্ডন চহৰত জন্ম গ্ৰহণ কৰা এডৱাৰ্ড লিয়েৰ আছিল এগৰাকী চিত্ৰকৰ, ভ্ৰমণকাৰী, লেখক আৰু কবি। তেওঁ বিশেষকৈ আধুনিক আপদীয়া পদ্য বা Nonsense verse-ৰ অন্যতম পথিকৃৎ৷ তেওঁৰ জনপ্ৰিয় গ্ৰন্থসমূহৰ ভিতৰত A Book of Nonsense উল্লেখযোগ্য— যিয়ে কেইবাটাও প্ৰজন্মৰ শিশু আৰু প্ৰাপ্তবয়স্ক পাঠকক নিৰ্ভেজাল আনন্দ দান কৰি আহিছে। Academy of American Poets-ৰ কাব্যিক পৰিভাষাৰ শব্দকোষ(Glossary of Poetic Terms)ত এই Book of Nonsense-ক লিমাৰিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে। এজন দক্ষ zoological draughtsman অৰ্থাৎ প্ৰাণীবিজ্ঞান সম্পৰ্কীয় জীৱ-জন্তু বা চৰাই-চিৰিকটিৰ বৈজ্ঞানিক চিত্ৰ অংকন কৰা ব্যক্তি হিচাপে তেতিয়া লিয়েৰে খ্যাতি অৰ্জন কৰিছিল৷ ইংৰাজ পক্ষীবিজ্ঞানী জন গ’ল্ডৰ বিখ্যাত চৰাই বিষয়ক গ্ৰন্থখনৰ বহু চিত্ৰ তেৱেঁই অংকন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰাকৃতিক চিত্ৰ(Landscape painting)ৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হয় আৰু য়ুৰোপ, মধ্য প্ৰাচ্য, ভাৰত, শ্ৰীলঙ্কা আদি দূৰ-দূৰণিৰ বহু দেশ ভ্ৰমণ কৰি অসংখ্য স্কেচ্ছ আঁকিছিল। তেওঁৰ ভ্ৰমণৰ অভিজ্ঞতাবোৰ জাৰ্নেলছ অৱ লেণ্ডস্কেপ পেইণ্টাৰ নামৰ গ্ৰন্থত চিত্ৰ আৰু বৰ্ণনাৰ মাধ্যমেৰে প্ৰকাশ পাইছে। তেওঁৰ আন এখন গুৰুত্বপূৰ্ণ ভ্ৰমণ কাহিনী আৰু চিত্ৰ-সম্বলিত গ্ৰন্থ ইলাষ্ট্ৰেটেড এক্সকাৰ্ছন ইন ইটালীৰ শিল্পকৰ্ম দেখি গ্ৰেট ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়া মুগ্ধ হৈছিল আৰু ১৮৪৬ চনত লিয়েৰক নিজৰ চিত্ৰাংকন আৰু পানীৰঙৰ ছবিৰ শিক্ষক হিচাপে বিচাৰি আমন্ত্ৰণ জনাইছিল৷
১৮৮৬ চনত তদানীন্তন বিখ্যাত সাহিত্যিকসকলক “List of the Best Hundred Authors” ত অন্তৰ্ভুক্ত কৰিবলৈ ১৯শ শতিকাৰ এখন বিখ্যাত ব্ৰিটিছ সান্ধ্য দৈনিক Pall Mall Gazette-এ জন ৰাস্কিন সহ কেইবাজনো পণ্ডিতৰ মতামত বিচাৰিছিল৷ ভিক্টোৰিয়ান যুগৰ অন্যতম প্ৰভাৱশালী সাহিত্য সমালোচক ৰাস্কিনে সেই তালিকাত এডৱাৰ্ড লিয়েৰক একেবাৰে ১ নম্বৰত ৰাখিছিল। নিজৰ জীৱন কালতে এইধৰণৰ বিৰল স্বীকৃতি লাভ কৰি লিয়েৰ ধন্য হৈছিল৷ সি যি নহওক, নিৰ্দোষ ধেমালিৰে আনক আনন্দ দিব জনা লিয়েৰৰ Nonsense (ড° মহেন্দ্ৰ বৰাৰ মতে ‘বেবেৰিবাং’) কবিতাবোৰে জীৱন কালতে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল৷ ‘The Owl and the Pussy-cat’, ‘The Jumblies’, ‘The Dong with a Luminous Nose’ আদি তেওঁৰ অমৰ সৃষ্টি৷ এইবোৰে ইংৰাজী শিশু সাহিত্য আৰু আপদীয়া পদ্যক নতুন মাত্ৰা প্ৰদান কৰিছিল। সন্মুখৰ সকলো বিষয়বস্তুকে ভিত্তি কৰি তৎক্ষণাত আমোদজনক লিমাৰিক লিখিব জনা লীয়েৰে আনকি তেওঁ নিজৰ শ্ৰীহীন চেহেৰা, স্বভাৱ আৰু জীৱনক লৈও হাস্যৰস আৰু আত্ম-বিদ্ৰূপ কৰি লিমাৰিক লিখিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তলত লিয়েৰৰ দুটামান লিমাৰিক উদাহৰণ হিচাপ উল্লেখ কৰা হ’ল—
ক)
“There was an Old Man of the Wrekin,
Whose shoes made a horrible creaking;
But they said, “Tell us whether
Your shoes are of leather,
Or of what, you Old Man of the Wrekin?”
Wrekinৰ এজন বৃদ্ধৰ জোতাই বৰকৈ কৰ্কৰাই শব্দ কৰিছিল। সেয়ে মানুহে তেওঁৰ জোতা চামৰাৰ নে আন কিহৰ, সেই বিষয়ে কৌতুকেৰে সুধিছিল।
খ)
“There was an Old Man of Peru,
Who never knew what he should do;
So he tore off his hair,
And behaved like a bear,
That intrinsic Old Man of Peru.”
পেৰুৰ এজন বৃদ্ধই কি কৰিব লাগে একো ঠিক কৰিব নোৱাৰি হতাশ হৈ নিজৰ চুলি ছিঙি পেলালে আৰু ভালুকৰ দৰে আচৰণ কৰিবলৈ ধৰিলে।
গ)
“There was a Young Lady of Ryde,
Whose shoe-strings were seldom untied;
She purchased some clogs,
And some small spotty dogs,
And frequently walked about Ryde.”
ৰাইডৰ এগৰাকী যুৱতীৰ জোতাৰ ফিতা সাধাৰণতে খোলা নাছিল। তেওঁ কাঠৰ জোতা আৰু কিছুমান সৰু ফুটফুটীয়া কুকুৰ কিনি ৰাইডত প্ৰায়ে খোজ কাঢ়িছিল।
ঘ)
“There was an Old Person of Ewell,
Who chiefly subsisted on gruel;
But to make it more nice,
He inserted some mice,
Which refreshed that Old Person of Ewell.”
ইৱেলৰ এজন বৃদ্ধৰ প্ৰধান খাদ্য আছিল পাতল খিচিৰিৰ দৰে গ্ৰুৱেল। তাক অধিক সুস্বাদু কৰিবলৈ তেওঁ তাত কিছুমান নিগনি ভৰাই দিলে!
শৈশৱত তীব্ৰ আৰ্থিক সংকটত ভুগিও নিজৰ প্ৰতিভাৰ বলেৰে জীৱনকালতে জগতবিখ্যাত হোৱা সহজ সৰল শিল্পীজনে কোটি কোটি অনুৰাগীক কন্দুৱাই ইটালীৰ ছেন ৰেম’ (San Remo) চহৰত ১৮৮৮ চনৰ ২৯ জানুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে৷ কিন্তু, তেওঁৰ সৃষ্টিশীল কল্পনা, মনোমোহা ছন্দ আৰু হাস্যৰসেৰে পূৰ্ণ নিৰ্মল আপদীয়া পদ্যবোৰ আজিও বিশ্বসাহিত্যৰ অক্ষয় সম্পদ হৈ আছে৷
এডৱাৰ্ড লিয়েৰৰ A Book of Nonsense প্ৰকাশৰ পিছত পাঁচশৰীয়া এই হাস্যৰসাত্মক পদ্যবিধে ইংৰাজী ভাষাৰ সাহিত্য-সংস্কৃতিত এক ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত বিভিন্ন আলোচনী, সংবাদপত্ৰ আৰু হাস্য-ব্যংগধৰ্মী সাময়িকীৰ জৰিয়তে লিমাৰিকৰ জনপ্ৰিয়তা বিস্তাৰ হৈ পৰে। বিশেষকৈ হাস্য-ব্যংগ আৰু কাৰ্টুনৰ প্ৰখ্যাত আলোচনী Punch (প্ৰতিষ্ঠা ১৭ জুলাই ১৮৪১, লণ্ডন)ত নিয়মীয়াকৈ লিমাৰিক প্ৰকাশ পোৱাৰ লগে লগে এই পদ্যবিধে নতুন পাঠক সমাজ লাভ কৰে৷ এই সময়ছোৱাতে লিমাৰিকৰ বিষয়গত পৰিসৰো বহল হ’বলৈ ধৰে। লিয়েৰৰ ৰচনাত আছিল উদ্ভট কল্পনা, অস্বাভাৱিক চৰিত্ৰ আৰু nonsense-ধৰ্মী হাস্যৰস৷ পিছৰ লিমাৰিকবোৰত পোৱা যায় মানুহৰ সামাজিক আচৰণ, ৰাজনীতি, ধৰ্ম, সাহিত্য, বাণিজ্য, ক্ৰীড়া আৰু সমসাময়িক ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি কৰা পৰিহাস আৰু ব্যংগ। ১৯১১ চনৰ Encyclopaedia Britannica-য়ো উল্লেখ কৰিছে যে লিমাৰিকৰ সুশৃংখল আৰু সংক্ষিপ্ত ৰূপটোৱে ইয়াক ৰাজনৈতিক, সামাজিক আৰু ব্যংগাত্মক উদ্দেশ্যত ব্যাপকভাৱে ব্যৱহাৰৰ উপযোগী কৰি তুলিলে।
লিমাৰিকৰ এই বিস্তাৰৰ লগে লগে ইয়াৰ দুটা প্ৰধান ধাৰা (trend) ক্ৰমে স্পষ্ট হৈ উঠে—
ক) শিশু আৰু পৰিয়ালৰ উপযোগী নিৰ্দোষ হাস্যৰস,
খ) প্ৰাপ্তবয়স্ক পাঠকৰ মাজত প্ৰচলিত অধিক সাহসী, ব্যংগাত্মক আৰু যৌন-ইংগিতপূৰ্ণ লিমাৰিক।
ঊনবিংশ শতিকাৰ শেষভাগলৈ দ্বিতীয়টো ধাৰা শক্তিশালী হৈ উঠে আৰু বিংশ শতিকাৰ আৰম্ভণিতে লিমাৰিকৰ উল্লেখযোগ্য অংশটো প্ৰাপ্তবয়স্ক হাস্যৰসৰ সৈতে সংযুক্ত হৈ পৰে। এই সময়খিনিতে লিমাৰিকৰ বিষয়বস্তুৰ ক্ষেত্ৰখনেও বিস্তৃতি লাভ কৰে৷ লেংফ’ৰ্ড ৰীডৰ The Complete Limerick Book-ৰ অধ্যায় বিন্যাসতেই এই বিস্তাৰৰ এখন স্পষ্ট ছবি দাঙি ধৰে৷ পৰৱৰ্তী সময়ত লিমাৰিকে ইংৰাজী ভাষাৰ গণ্ডী অতিক্ৰম কৰি বিশ্বৰ বিভিন্ন ভাষা আৰু সাহিত্য-সংস্কৃতিতো প্ৰৱেশ কৰে। বিংশ শতিকাত Ogden Nash আৰু Spike Milligan-ৰ দৰে হাস্যৰসাত্মক লেখকে কৰা সৃষ্টিৰ জৰিয়তে লিমাৰিকে নতুন ৰূপ পৰিগ্ৰহ কৰে আৰু নতুন নতুন পাঠক লাভ কৰে। ফলত লিমাৰিক কেৱল লীয়েৰৰ nonsense verse হিচাপে সীমাবদ্ধ নাথাকি চুটি হাস্যৰস, ব্যংগ, শব্দৰ খেল, সামাজিক পৰ্যবেক্ষণ আৰু সমসাময়িক মন্তব্য প্ৰকাশৰ এক বিশ্বজোৰা কাব্য ৰূপলৈ উন্নীত হয়৷ তদুপৰি, Alfred Lord Tennyson, Dante Gabriel Rossetti, Rudyard Kipling আৰু W. S. Gilbert আদি কবিৰ হাতত Limerick-এ অধিক বিস্তৃতি লাভ কৰে।
লেংফৰ্ড ৰীডে তেওঁৰ আলোচনাত লিমাৰিকৰ স্বকীয় ৰূপটোৰ বিষয়ে আলোচনা কৰিছে। সাধাৰণতে এটা লিমাৰিক কেৱল পাঁচটা চৰণ বা শাৰীৰেই সম্পূৰ্ণ হয়। প্ৰথম, দ্বিতীয় আৰু পঞ্চম চৰণৰ শেষত একে অন্ত্যমিল (rhyme) থাকে; তৃতীয় আৰু চতুৰ্থ চৰণৰ মাজত আন এটা অন্ত্যমিল থাকে। অৰ্থাৎ লিমাৰিকৰ প্ৰচলিত অন্ত্যমিলৰ বিন্যাস হ’ল— ক-ক-খ-খ-ক (AABBA)৷ কিন্তু কেৱল ক-ক-খ-খ-ক (AABBA) অন্ত্যমিল গাঁথনিত পাঁচটা চৰণ সজাই দিলেই এটা সফল লিমাৰিক হৈ নুঠে। লিমাৰিকৰ স্বকীয়তা গঢ়ি উঠে ইয়াৰ ছন্দ, ধ্বনিৰ গতি, চৰণৰ দৈৰ্ঘ্য, শব্দৰ খেল, হাস্যৰস আৰু বিষয়বস্তুৰ আকস্মিক মোচৰৰ সমন্বয়ত। সাধাৰণতে প্ৰথম দুটা দীঘল চৰণে এটা পৰিস্থিতি বা কাহিনীৰ সূচনা কৰে; তৃতীয় আৰু চতুৰ্থ তুলনামূলকভাৱে চুটি চৰণ দুটাই ঘটনাটোক নতুন দিশলৈ লৈ যায়; আৰু পঞ্চম চৰণত সেই পৰিস্থিতিৰ এক আকস্মিক, চতুৰ বা হাস্যকৰ পৰিণতি প্ৰকাশ কৰে৷ এই শেষ চৰণটোৱেই লিমাৰিকৰ খোঁচ (punch) বা চোকা মন্তব্য হিচাপে বিশেষ তাৎপৰ্য বহন কৰে।
চমুকৈ গঠনটো এনেদৰে দেখুৱাব পাৰি—
১ম চৰণ — দীঘল — A
২য় চৰণ — দীঘল — A
৩য় চৰণ — চুটি — B
৪ৰ্থ চৰণ — চুটি — B
৫ম চৰণ — দীঘল — A
সেয়েহে লিমাৰিকৰ গঠন কেৱল অন্ত্যমিলৰ এটা নিৰ্দিষ্ট আঁচনি নহয়; বৰং পাঁচটা চৰণ, ক-ক-খ-খ-ক অন্ত্যমিল, ছন্দময় গতি, ধ্বনিৰ সংগতি, হাস্যৰস আৰু শেষ চৰণৰ চমকপ্ৰদ পৰিণতি— এই কেউটা উপাদানৰ সমন্বিত ৰূপটোতহে লিমাৰিকৰ স্বকীয় গঠন পৰিস্ফুট৷ ৰীডৰ সংগ্ৰহত এনে বৈশিষ্ট্যৰ অসংখ্য লিমাৰিক একেলগে পোৱা যায়। উদাহৰণ স্বৰূপে এটা তলত উল্লেখ কৰা হ’ল—
A flea and a fly in a flue
Were imprisoned, so what could they do?
Said the fly, “let us flee!”
“Let us fly!” said the flea.
So they flew through a flaw in the flue.
(“এটা মাখি (fly) আৰু এটা সৰু পোক (flea)— দুয়োটা ধোঁৱা ওলোৱা নলী (flue)- এডালৰ ভিতৰত বন্দী হৈ পৰিছিল। ওলাই যাবলৈ কি কৰিব সেই লৈ সিহঁতে আলচ কৰিলে। মাখিটোৱে ক’লে—“আমি পলাই যাওঁ (flee)!” পোকাটোৱে ক’লে—“আমি উৰি যাওঁ (fly)!” অৱশেষত নলীটোৰ এটা ফাট (flaw) বিচাৰি পাই তাৰ মাজেৰে দুয়োটা ওলাই গ’ল।”)
উল্লিখিত লিমাৰিকটোৰ প্ৰথম, দ্বিতীয় আৰু পঞ্চম চৰণৰ শেষৰ flue–do–flue-ত ‘ক’ অন্ত্যমিল আৰু তৃতীয়-চতুৰ্থ চৰণৰ flee–fly-ত ‘খ’ অন্ত্যমিল সৃষ্টি হৈছে। সেয়ে অন্ত্যমিলৰ বিন্যাস ক-ক-খ-খ-ক। প্ৰথম দুটা চৰণে পৰিস্থিতিৰ পৰিচয় দিয়ে; তৃতীয় আৰু চতুৰ্থ চৰণে কথোপকথনৰ জৰিয়তে গতি আনে; আৰু পঞ্চম চৰণত ‘flaw in the flue’ৰ মাজেৰে তেওঁলোকৰ পলাই যোৱাৰ হাস্যকৰ পৰিণতি প্ৰকাশ পায়। অৰ্থাৎ ইয়াত কেৱল ক-ক-খ-খ-ক অন্ত্যমিলেই নহয়, ছন্দময় গতি, শব্দৰ ধ্বনিগত খেল, সংক্ষিপ্ত কাহিনী আৰু শেষ চৰণৰ চমকপ্ৰদ পৰিণতি— এই সকলোবোৰ মিলি লিমাৰিকৰ স্বকীয় ৰূপটো প্ৰকাশিত হৈছে৷ এই লিমাৰিকটোৰ হাস্যৰসটো মূলতঃ “flea–flee” আৰু “fly–fly” শব্দৰ ধ্বনি-তৰংগত আৰু শেষৰ flue–flawৰ শব্দ-খেলখনত আছে।
এটা অসমীয়া লিমাৰিক পৰ্যবেক্ষণ কৰা হওক—
“ডাঙৰ ডাঙৰ মেলা নিচাৰো হিচাপ নাই
চিলিম-মিঠৈ-ঘোঁটা ভকতে নোজোৰে ঠাই
পূজাৰীয়ে ভাং খাই
পৰি থাকে লাং খাই
দক্ষিণা খীনাই গ’লে হঠাৎ উঠে দাং খাই৷’ (ড° প্ৰবীণ শইকীয়া)
ইয়াতো ক-ক-খ-খ-ক ছন্দৰ গঠন, শক্তিশালী অন্ত্যমিল (নাই—ঠাই—খাই—খাই—দাং খাই), ভৰপূৰ হাস্যৰস, স্বৰ-সাদৃশ্য/ ধ্বনি-খেল, শেষৰ পাকটো বা comic twist-টো— “দক্ষিণা খীনাই গ’লে হঠাৎ উঠে দাং খাই” বিশেষ লক্ষ্যণীয় দিশ৷ ধৰ্মীয় অনুষ্ঠানবোৰ পতাৰ প্ৰকৃত লক্ষ্য উদ্দেশ্য কি এই লৈ সমাজলৈ এটি ইতিবাচক বাৰ্তাও লিমাৰিকটোত লুকাই আছে৷
লিমাৰিকৰ বিষয়বস্তুৰ কোনো নিৰ্দিষ্ট সীমা নাই। দৈনন্দিন জীৱনৰ তুচ্ছ ঘটনা, মানুহৰ বিচিত্ৰ আচৰণ, সামাজিক অসংগতি, প্ৰেম-বিবাহ, খাদ্য-ভোজন, ৰাজনীতি, জীৱ-জন্তু, শিশু, অদ্ভুত চৰিত্ৰ, কল্পনাপ্ৰসূত ঘটনা আদি যিকোনো বিষয়েই লিমাৰিকৰ বিষয়বস্তু হ’ব পাৰে। কিন্তু লিমাৰিকৰ বিশেষত্ব বিষয়টোৰ গুৰুত্বত বা আকাৰত নহয়; সাধাৰণ বিষয় এটাকো অস্বাভাৱিক, অতিৰঞ্জিত অথবা চমকপ্ৰদ পৰিস্থিতিৰ মাজেৰে হাস্যৰসলৈ ৰূপান্তৰ কৰি নিৰ্দিষ্ট কাঠামোত বান্ধি থ’ব পৰা দক্ষতাতহে। তলত লিমাৰিকৰ হাস্যৰসৰ কিছুমান ভিত্তি উল্লেখ কৰা হ’ল—
ক) বিসংগতি আৰু অপ্রত্যাশিত পৰিণতি (Incongruity): লিমাৰিকৰ হাস্যৰস বহু সময়ত বিসংগতি (incongruity)ৰ পৰা জন্মে। পাঠকে যি পৰিণতি আশা কৰে, কবিয়ে তাৰ বিপৰীত বা সম্পূৰ্ণ অপ্রত্যাশিত পৰিণতি এটা আগবঢ়ায়।
খ) মানৱ–চৰিত্ৰ আৰু সামাজিক ব্যংগ (Character & Social Satire): মানুহৰ লোভ, অহংকাৰ, কৃপণালি, অজ্ঞানতা, ভণ্ডামি, আত্মগৌৰৱ, অসাৱধানতা, অকৰামী বা অদ্ভুত আচৰণ লিমাৰিকৰ হাস্যৰসৰ গুৰুত্বপূৰ্ণ বিষয়। কবিয়ে পোনপটীয়াকৈ উপদেশ বা সমালোচনা নকৰি এই বিকৃতিবোৰক ব্যংগাত্মকভাৱে উপস্থাপন কৰে।
গ) অতিৰঞ্জন (Exaggeration): সাধাৰণ ঘটনা, মানুহৰ আচৰণ বা কোনো বৈশিষ্ট্যক ইচ্ছাকৃত ভাৱে ৰহণ সানি উপস্থাপন কৰাটো লিমাৰিকৰ হাস্যসৃষ্টিৰ এক শক্তিশালী কৌশল।
ঘ) বেবেৰিবাং (Nonsense) কথা আৰু অযৌক্তিকতা (Absurdity): যুক্তিসংগত কথা, চিন্তা-কৰ্মৰ পৰিৱৰ্তে অৰ্থহীন, অযৌক্তিক, উদ্ভট ব্যাখ্যাৰে হাস্যকৰ পৰিস্থিতি এটা সৃষ্টি কৰাটো লিমাৰিকৰ বৈশিষ্ট্য৷
ঙ) শব্দৰ খেল আৰু ধ্বনি–কৌশল (Wordplay & Sound Play): শব্দৰ খেল, ধ্বনিৰ সাদৃশ্য, পুনৰাবৃত্তি, দ্ব্যৰ্থকতা, অস্বাভাৱিক শব্দ-সংযোজন, নতুন শব্দ সৃষ্টি আদি কৌশলে লিমাৰিকৰ ভাষাক খেলিমেলি, চঞ্চল আৰু হাস্যকৰ কৰি তোলে। শব্দৰ আক্ষৰিক আৰু প্ৰসংগগত অৰ্থৰ মাজত সৃষ্টি হোৱা পাৰ্থক্যও কেতিয়াবা হাস্যৰসৰ কাৰণ হৈ পৰে৷
চ) মানৱীকৰণ আৰু কল্পনাৰ মুক্ত ব্যৱহাৰ (Personification & Imagination): জীৱ-জন্তু, জড়বস্তু বা বিমূৰ্ত ধাৰণাক মানুহৰ দৰে কথা কোৱা, চিন্তা কৰা বা আচৰণ কৰা ৰূপত উপস্থাপন কৰি এক হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰা হয়। একেদৰে মনৰ কল্পনাৰে যি মন যায় তাকে কৰি বাস্তৱ আৰু অবাস্তৱ পৃথিৱীখনৰ সীমাৰেখাডাল মচি দি চৰম হাস্যকৰ পৰিস্থিতি তৈয়াৰ কৰা হয়৷
লিমাৰিকৰ ভাষা–কৌশল
লিমাৰিকৰ কাব্যিক আকৰ্ষণৰ অন্তৰালত থকা কিছুমান বিশেষ ভাষিক কৌশল এইধৰণৰ—
ক) অনুপ্ৰাস (Alliteration): একাধিক সংলগ্ন বা একেধৰণৰ শব্দৰ সাদৃশ্যপূৰ্ণ ব্যঞ্জনধ্বনিৰ পুনৰাবৃত্তি। লিমাৰিকত ইয়াৰ ব্যৱহাৰে ধ্বনিগত মাধুৰ্য, গতি আৰু কৌতুকৰ প্ৰভাৱ বৃদ্ধি কৰে। যেনে—
“জমিছিল দিনবোৰ কৰিছিলোঁ হাল্লা
হ’ম বুলি স্বাৱলম্বী ল’লোঁ দগা-পাল্লা
একাৱন্নত দৃঢ়তাৰে গঢ়ি ল’লোঁ কিল্লা
বিৰোধীক লপা থপা আৰু গালি গাল্লা
কিনো হ’ল দৰদাম মস্ত এটা গোল্লা৷” — (কনপাই গাংগুলী)
ইয়াত— হাল্লা, পাল্লা, কিল্লা, গাল্লা, গোল্লা — ‘ল’ ধ্বনিৰ পুনৰাবৃত্তি অতি স্পষ্ট। লগতে ‘গ’ ধ্বনিও “গালি–গাল্লা–গোল্লা”ত পুনৰাবৃত্তি হৈছে।
খ) স্বৰ-সাদৃশ্য (Assonance): ওচৰ-চুবুৰীয়া শব্দবোৰত সাদৃশ্যপূৰ্ণ স্বৰধ্বনিৰ পুনৰাবৃত্তি। ই কবিতাৰ অন্তৰ্লীন ধ্বনি-সংগতি বৃদ্ধি কৰাৰ লগতে ছন্দক অধিক শ্ৰুতি মধুৰ কৰি তোলে। যেনে—
An epicure, dining at Crewe,
Found quite a large mouse in his stew,
Said the waiter, “Don’t shout,
And wave it about,
Or the rest will be wanting one, too!” — (Anonymous)
—ইয়াত অন্ত্যমিলৰ লগতে স্বৰ-সাদৃশ্যও লক্ষ্য কৰা যায়। যেনে, “Crewe–stew” আৰু “shout–about” স্বৰধ্বনিৰ পুনৰাবৃত্তিয়ে লিমাৰিকটোৰ ধ্বনি-মাধুৰ্য বৃদ্ধি কৰিছে।
গ) অন্তঃমিল (Internal rhyme): শাৰীৰ শেষ শব্দৰ বাহিৰেও একেটা শাৰীৰ ভিতৰত থকা দুই বা ততোধিক শব্দৰ মাজত অন্ত্যমিল বা ধ্বনিগত সাদৃশ্য সৃষ্টি কৰে। এই কৌশলে পৰম্পৰাগত অন্ত্যমিলৰ সৈতে অতিৰিক্ত ধ্বনি-খেল যোগ কৰি কবিতাটোক অধিক সংগীতধৰ্মী আৰু চঞ্চল কৰি তোলে। যেনে— “…. মন উড়ু উড়ু, চোখ ঢুলু ঢুলু, ম্লান মুখখানি কাঁদুনিক”— (ৰবীন্দ্ৰনাথ ঠাকুৰ)
ঘ) পুনৰাবৃত্তি (Repetition): কোনো শব্দ, বাক্যাংশ, ধ্বনি বা ভাবৰ সচেতন পুনৰ ব্যৱহাৰ। লিমাৰিকত পুনৰাবৃত্তিয়ে কেৱল ছন্দৰ গতি বজাই নাৰাখে; কৌতুকৰ পৰিস্থিতি গঢ়ি তোলে আৰু শেষৰ punch-line-ৰ প্ৰভাৱ বৃদ্ধি কৰাতো ই সহায় কৰে। ধ্বনিৰ পুনৰ ব্যৱহাৰৰ উদাহৰণ—
“ভুল কৰি কাশীধাম নামি দেখে নৈনী
হাওৰাত থাকি গ’ল সৰুজনী ঘৈণী
মচি উঠি জ্বৰ ঘাম
ল’লে তেওঁ ৰাম নাম
মুটিয়াই সুধিলেহি লাগে নেকি খৈণী।” — (ড° মহেন্দ্ৰ বৰা)
ইয়াত ‘নৈনী–ঘৈণী–খৈণী’ৰ মাজত ধ্বনিগত পুনৰাবৃত্তি আৰু অন্ত্যমিল দুয়োটাই আছে।
ঙ) ধ্বন্যাত্মক শব্দ (Onomatopoeia): যি শব্দৰ উচ্চাৰণতেই কোনো স্বাভাৱিক শব্দ বা ক্ৰিয়াৰ ধ্বনিৰ অনুকৰণ ঘটে, যেনে buzz, bang, splash, tick-tock আদি। এনে শব্দৰ ব্যৱহাৰে লিমাৰিকৰ দৃশ্য আৰু পৰিস্থিতিক অধিক জীৱন্ত, শ্ৰুতিগ্ৰাহ্য আৰু হাস্য ৰসাত্মক কৰি তোলে। যেনে—
“A combustible woman from Thang
Exploded one day with a bang
The maid then rushed in
And said with a grin
Pardon me, madam – you rang?”— (Spike Milligan)
—ইয়াত ‘bang’ শব্দটোৱে বিস্ফোৰণৰ প্ৰচণ্ড শব্দৰ কথা কৈছে। সেয়ে ‘bang’-টো স্পষ্ট ধ্বন্যাত্মক শব্দ (onomatopoeia)। লগতে ‘exploded’ আৰু ‘you rang?’-ৰ মাজত থকা পৰিস্থিতিগত পাক(twist)টোৱে লিমাৰিকটোক হাস্য ৰসঘন কৰিছে।
চ) নৱশব্দ–সৃষ্টি (Neologism): প্ৰচলিত শব্দভাণ্ডাৰত নথকা নতুন শব্দ সৃষ্টি কৰা বা বিদ্যমান শব্দক নতুন ৰূপ আৰু অৰ্থত ব্যৱহাৰ কৰা। বিশেষকৈ nonsense tradition-ৰ সৈতে জড়িত লিমাৰিকত কবিয়ে কেতিয়াবা ইচ্ছাকৃতভাৱে অদ্ভুত শব্দ সৃষ্টি কৰে। এনে নৱশব্দই যুক্তিৰ পৰিৱৰ্তে ধ্বনি, কল্পনা আৰু কৌতুকক অগ্ৰাধিকাৰ দিয়ে। যেনে—
“She frowned on him and called him Mr.,
Because in fun he’d merely said Kr.,
And then in spite,
The following night,
This naughty Mr. Kr. Sr.” — (অজ্ঞাত লেখক)
—ইয়াত Mr./ Mister ৰ অনুকৰণত Kr.= kissed her. Sr.= sister সাঁজিছে৷
ছ) শব্দৰ খেল (Pun/Wordplay): একেটা শব্দৰ একাধিক অৰ্থ, একে বা সাদৃশ্যপূৰ্ণ উচ্চাৰণৰ ভিন্ন শব্দ, দ্ব্যৰ্থকতা বা শব্দৰ অস্বাভাৱিক সংযোজনৰ জৰিয়তে হাস্যৰস সৃষ্টি কৰা। লিমাৰিকৰ ভাষিক কৌতুকৰ ক্ষেত্ৰত ই অতি শক্তিশালী কৌশল। কেতিয়াবা এটা শব্দৰ আক্ষৰিক আৰু ৰূপক অৰ্থৰ মাজৰ পাৰ্থক্যই শেষ শাৰীৰ punch-line-ক অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে। যেনে—
“কিনাৰামে কিবা কৰি লিখিলে কিতাপ
ভাবিছিল এইবাৰ বাঢ়িব খিতাপ
কোনেও নিকিনা বাবে
কিনাৰামে কি যে ভাবে
দুখ কৰি ক’লে, “আমি লিখাটোৱে পাপ৷””— (সুৰেন্দ্ৰ মোহন দাস)
ইয়াত, কিতাপ–খিতাপ–পাপৰ ধ্বনিগত মিলৰ লগতে ‘কিনাৰাম’ নামটোৰ সৈতে কিতাপ/কিনা-ৰ ধ্বনিগত খেলো লক্ষ্যণীয়৷
জ) চমকপ্ৰদ খোঁচ (twist / punch-line): লিমাৰিকৰ শেষ শাৰীত হঠাৎ অহা পাক বা চমকপ্ৰদ খোঁচ (twist/punch-line)-টোৱে কবিতাটোৰ পূৰ্বৰ বক্তব্য বা পৰিস্থিতিক আন এক অদ্ভুত, হাস্যকৰ ‘অতি-অৰ্থ’ (অপত্যাশিত নতুন হাস্যকৰ অৰ্থ/ Hyper-meaning/ Unexpected New Meaning) প্ৰদান কৰে। সেয়ে শেষ শাৰীটো কেৱল অন্ত্যমিলৰ সমাপ্তি নহয়; ই সমগ্ৰ লিমাৰিকটোত হাস্য-ব্যংগৰ চূড়ান্ত আঘাত— যি লিমাৰিকটোক অদ্বিতীয় কৰি তোলাৰ লগতে পাঠকৰ হাঁহি আৰু চেতনাক জোকাৰি পেলায়৷ যেনে—
“যদুপতি উকীলৰ কফ পিত্ত বাত
মহৰীক চিঞৰিলে— কবিৰাজ মাত
এজনেই কবিৰাজ
ভৱানী ভৰদ্বাজ
তেওঁৰ আকৌ অথন্তৰ খৰ খহু গাত৷”— (ভাৰতী বৰুৱা)
—শেষ শাৰীত আশা-ভংগ বা আকস্মিক হাস্যকৰ পাকটো (comic reversal) মন কৰিবলগীয়া যি শক্তিশালী twist হিচাপে কাম কৰিছে৷
গতিকে, লিমাৰিকৰ ভাষা কেৱল বক্তব্য প্ৰকাশৰ মাধ্যম নহয়; ধ্বনি, শব্দ, অৰ্থ আৰু ছন্দ —এই চাৰিওটা স্তৰতে ই এক প্ৰকাৰৰ ভাষিক খেল। অনুপ্ৰাস আৰু স্বৰ-সাদৃশ্যই ধ্বনিৰ সৌন্দৰ্য বৃদ্ধি কৰে; অন্তঃমিল আৰু পুনৰাবৃত্তিয়ে ছন্দৰ গতি তীব্ৰ কৰে; ধ্বন্যাত্মক শব্দৰ ব্যৱহাৰে দৃশ্য আৰু ক্ৰিয়াক শ্ৰুতিগ্ৰাহ্য কৰি তোলে; নৱ-শব্দৰ সৃষ্টিয়ে কল্পনাৰ নতুন পৰিসৰ মুকলি কৰে; আৰু শব্দৰ খেলখনে অৰ্থৰ স্তৰত হাস্যৰস সৃষ্টি কৰে। আনহাতে, অস্বাভাৱিক নাম আৰু স্থানৰ ব্যৱহাৰে লিমাৰিকৰ কল্পনাপ্ৰৱণ আৰু বেবেৰিবাং (nonsense) জগতখনক অধিক সজীৱ কৰি তোলে। এই সকলো ভাষিক কৌশলৰ সমন্বয়তেই লিমাৰিকৰ চপলতা, শ্ৰুতিমাধুৰ্য, কৌতুক আৰু চমকপ্ৰদ খোঁচটো (punch-line) অধিক শক্তিশালী হৈ উঠে।
লিমাৰিকৰ শ্ৰেণীবিভাজন:
লিমাৰিকৰ কোনো একক, সৰ্বজনস্বীকৃত শ্ৰেণীবিভাজন নাই। তথাপি ইয়াৰ বিষয়বস্তু, হাস্যৰসৰ প্ৰকৃতি আৰু উদ্দেশ্য অনুসৰি লিমাৰিকক কেইটামান প্ৰধান ভাগত আলোচনা কৰিব পাৰি; যেনে—
(ক) বেবেৰিবাং/উদ্ভট লিমাৰিক (Nonsense Limerick): অযুক্তিকৰ ঘটনা, অসম্ভৱ কল্পনা, উদ্ভট চৰিত্ৰ, অদ্ভুত নাম-স্থান আৰু শব্দখেলৰ জৰিয়তে হাস্যৰস সৃষ্টি কৰা লিমাৰিক। এডৱাৰ্ড লীয়েৰৰ লিমাৰিক এই ধাৰাৰ আটাইতকৈ উল্লেখযোগ্য নিদৰ্শন।
(খ) হাস্যৰসাত্মক লিমাৰিক (Comic Limerick): যি লিমাৰিকৰ মূল উদ্দেশ্যটো যদি সাধাৰণ হাস্যৰস সৃষ্টি কৰাই হয়, তেনে লিমাৰিকক হাস্যৰসাত্মক শ্ৰেণীত ৰাখিব পাৰি। দৈনন্দিন জীৱনৰ সৰু ঘটনা, মানুহৰ খাপচৰা আচৰণ, ফোঁপযহী কথা, ভুল-বুজাবুজি বা হাস্যকৰ পৰিস্থিতি ইয়াৰ বিষয় হ’ব পাৰে।
(গ) বিদ্ৰূপাত্মক লিমাৰিক (Satirical Limerick): ব্যক্তি, সমাজ, প্ৰথা, কুসংস্কাৰ, ভণ্ডামি, ৰাজনীতি বা সামাজিক অসংগতিক হাস্যৰসৰ মাজেৰে বিদ্ৰূপ বা সমালোচনা কৰা লিমাৰিক।
(ঘ) ৰাজনৈতিক লিমাৰিক (Political Limerick): বিকৃত ৰাজনীতি, ভণ্ড ৰাজনীতিক, নিৰ্বাচন, ক্ষমতাৰ খেল, ভুল চৰকাৰী নীতি আদি বিষয়ক কেন্দ্ৰ কৰি ৰচিত লিমাৰিক। ই প্ৰায়েই বিদ্ৰূপাত্মক লিমাৰিকৰ সৈতে সংযুক্ত হৈ থাকে।
(ঙ) অশ্লীল/যৌন–ইংগিতধৰ্মী লিমাৰিক (Bawdy Limerick): যৌনতা, দেহজ প্ৰেম বা যৌন-ইংগিতক কেন্দ্ৰ কৰি প্ৰাপ্তবয়স্কৰ বাবে হাস্যৰস সৃষ্টি কৰা লিমাৰিক। ইংৰাজী লিমাৰিকৰ পৰৱৰ্তী বিকাশত এই ধাৰাটো বিশেষভাৱে জনপ্ৰিয় হয়।
অসমীয়া লিমাৰিকৰ উদ্ভৱ আৰু বিকাশ
অসমীয়া ভাষাত লিমাৰিকৰ আনুষ্ঠানিক চৰ্চাৰ ইতিহাস বিচাৰিলে প্ৰথমেই স্মৰণ কৰিবলগীয়া নামটো হ’ল ড° মহেন্দ্ৰ বৰা৷ তেওঁ নিজে কৈছিল— “অসমীয়া সাহিত্যলৈ লিমাৰিক বস্তুটো আনিবৰ মন গৈছিল৷ সেই কাৰণেই লিখিছিলোঁ পোনতে এক ডজন লিমাৰিক, হয় যদি হওক নহ’লেও নাই বুলি৷” অৱশ্যে, লিমাৰিকৰ সৈতে কাব্যিক বৈশিষ্ট্যৰ সাদৃশ্য থকা কিছুমান লোক/শিশু-পদ্য, ফকৰা যোজনা, পটন্তৰ পূৰ্বৰ পৰাই অসমীয়া সাহিত্যত আছিল; কিন্তু সেইবোৰে ইংৰাজী লিমাৰিকৰ দৰে নিৰ্দিষ্ট গাঁথনি (form) নেদেখুৱায়৷ সেইবোৰ আছিল অসমীয়া সাহিত্যৰ নিজা হাস্যব্যংগ পদ্যৰ নিদৰ্শন৷ যেনে–
“হলৌ উঠিল টকৌ গছত
লগাই খদৌ মদৌ,
জৌ জৌ কৈ সৰিল নিয়ৰ
হ’ল জলৌ জপৌ।”
“‘ক’ আছিল কল খাই,
‘খ’য়ে দিলে খেদা;
‘গ’ই ধৰিলে গবা মাৰি,
‘ঘ’ই দিলে ঘোচা।
‘ঙ’ই বোলে—“মই একোকে নেজানো,
মোৰ ফালে চকু নোমোচা’।”
“আলি দুমুনি কানিৰ কাপোৰ,
মোৰ হাতত যিটো পৰিব,
সিয়ে মোৰ বাপৰ!
ফটা কঁথা চিকন কৰ,
গুটিটো উলিয়াই তই নিজৰ ঘৰলৈ লৰ!”
“ভেকুলী বাইদেউ ওলালে,
ছাতি এটা মূৰত ল’লে।
বৰষুণজাক আহিল যেতিয়া,
ছাতি এৰি পানীত জঁপিয়ালে তেতিয়া!”
বেজবৰুৱাৰ কদম-কলিৰ ধোঁৱাখোৱা নামৰ কবিতাৰ প্ৰথম পংক্তিটো লিমাৰিকৰ সৈতে যথেষ্টখিনি মিল আছে৷ অৱশ্যে, সেইটো লিমাৰিক বুলি তেওঁ ক’তো উল্লেখ কৰা নাই—
“অনন্ত আকাশ মাজে দে ধোঁৱা উৰুৱাই।
গ’ল ভোক, গ’ল শোক, দে ভাগৰ পলুৱাই।
নলি লগা ধোঁৱাখোৱা,
কৰি দি ঐ কোৱা মোৱা,
টোৰোক ভৈৰৱ নাদে বিশ্বজগৎ কঁপোৱাই।” (বেজবৰুৱাৰ কদম-কলি)
লিমাৰিকৰ কিছুমান বৈশিষ্ট্যৰ সৈতে এইবোৰ কবিতাৰ আশ্চৰ্যজনক সাদৃশ্য আছে৷ যেনে—
—চুটি গাঁথনি
—ছন্দ আৰু ধ্বনিৰ খেল (‘হলৌ–টকৌ–খদৌ–মদৌ–জৌ–জপৌ’ৰ দৰে ধ্বনি-সাদৃশ্য আৰু অন্ত্যমিল)
—অৰ্থতকৈ শব্দৰ ধ্বনি আৰু শব্দ-খেলা দেখুৱাত গুৰুত্ব৷
—অৰ্থহীন/অৰ্থ-অস্পষ্ট শব্দৰ ব্যৱহাৰ— যেনে খদৌ মদৌ, জলৌ জপৌ
—শিশুমনক আনন্দ দিয়া বেবেৰিবাং (nonsense) শব্দৰ প্ৰয়োগ বা অৰ্থ-অতিক্ৰমী কৌতুক প্ৰকাশ৷
—হাস্যৰসৰ চমক (comic punch):— “সিয়ে মোৰ বাপৰ!” — হঠাৎ অহা দাবীটোত এটা comic punch.
—অসংগত/অপ্ৰত্যাশিত পৰিস্থিতি: বৰষুণৰ পৰা বাচিবলৈ ছাতি লোৱা ভেকুলীয়ে বৰষুণ আহোঁতেই ছাতি এৰি পানীত জঁপিয়াইছে। এইটোৱেই মূল হাস্যকৰ twist।
সি যি নহওক, এইবোৰক লিমাৰিকৰ সৈতে সাদৃশ্য থকা অসমীয়া ভাষাৰ পুৰণি কাব্য-ধাৰাৰ নিদৰ্শন বুলি আমি চাব পাৰোঁ৷
মহেন্দ্ৰ বৰা আৰু এই নদীয়েদি
১৯৭০ চনত প্ৰকাশিত তেওঁৰ এই নদীয়েদি কবিতা-পুথিৰ পৰিশিষ্টত কেইটামান লিমাৰিক সংযোজিত হৈছিল। এই লিমাৰিকসমূহৰ জৰিয়তে মহেন্দ্ৰ বৰাই অসমীয়া পাঠক সমাজৰ সন্মুখত লিমাৰিকক এক নতুন কবিতা ৰূপ হিচাপে পৰিচিত কৰাইছিল। সেয়ে অসমীয়া ভাষাত লিমাৰিকৰ প্ৰচলনৰ ইতিহাসত এই নদীয়েদি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

তলত ড° মহেন্দ্ৰ বৰাৰ তিনিটা লিমাৰিক উল্লেখ কৰা হ’ল—
“গদাধৰ পালোৱান কৰি ফুৰে কুস্তি
ভিটামিন খায় মাথোঁ বাঢ়ে বুলি পুষ্টি
মাখি মৰা কিল চাই
ভয় খাই দাৰোগাই
গালি পাৰে তিৰোতাই ধৰি তাৰ গুস্তি৷”
“থাপ মাৰি ডেকা ল’ৰা উলিয়ালে কেচি
চিপাহীয়ে কাটি দিলে চুলি যাৰ বেছি
ফেচনৰ ফুটিল বেলুন
থানাতেই বহিল চেলুন
নিবনুৱা নাপিতেও চোক দিলে কেচি৷”
“এক কথা পুলিচৰ দুই কথা নাই
উকীলকে ধৰি নিলে পঢ়ি থকা পাই
খোলা কিয় উকীলখানা
খুলি ৰখা দোকান মানা
সাত বাজে বুজা নাই আইনৰ জাঁই৷”
মহেন্দ্ৰ বৰাৰ লিমাৰিকৰ এটা বৈশিষ্ট্য হ’ল লিমাৰিকবোৰৰ প্ৰথম, দ্বিতীয় আৰু পঞ্চম শাৰীত ১৪টা আৰু তৃতীয়, চতুৰ্থ শাৰীত প্ৰায়ে ৮টাকৈ বৰ্ণ থাকে৷ অৱশ্যে কিছুমান লিমাৰিকৰ তৃতীয় চতুৰ্থ শাৰীত বৰ্ণৰ সংখ্যা প্ৰতিশাৰীত কেতিয়াবা ৯ বা ১০টাও দেখা যায়৷
প্ৰান্তিক, প্ৰবীণ শইকীয়া আৰু উদিত বৰুৱাৰ এশ এটা লিমাৰিক
মহেন্দ্ৰ বৰাৰ এই প্ৰাথমিক প্ৰয়াসৰ পাছত লিমাৰিক ক্ৰমে অসমীয়া সাহিত্যৰ চৰ্চাৰ পৰিসৰলৈ আহিবলৈ ধৰে। পৰৱৰ্তী সময়ত প্ৰান্তিক আলোচনীয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। নব্বৈৰ দশকৰ আৰম্ভণিৰ পৰা প্ৰান্তিকৰ পাতত লিমাৰিক তথা ‘আপদীয়া পদ্য’ নিয়মীয়াকৈ প্ৰকাশ পোৱাৰ ফলত পাঠকৰ মাজত এই চুটি, হাস্যৰসাত্মক আৰু ব্যংগধৰ্মী কবিতা ৰূপটোৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়। বিহপুৰীয়াৰ ড° প্ৰবীণ শইকীয়াই তেওঁৰ ‘লিমাৰিক আৰু অসমীয়া লিমাৰিক’ নামৰ চুটি প্ৰবন্ধটিত উল্লেখ কৰিছে যে— “কেয়াৰ অৱ লিমাৰিক” নামেৰে কেইটামান ব্যংগাত্মক পদ্য লিখি প্ৰান্তিকলৈ তেওঁ পঠিয়াইছিল আৰু সেইবোৰ ১৯৯২ চনৰ অক্টোবৰ মাহত কাৰ্টুনসহ প্ৰকাশ পাইছিল। পাঠকৰ একাংশই সেইবোৰক লিমাৰিক নহয় বুলি আপত্তি জনোৱাত তেওঁ পিছত ‘আপদীয়া পদ্য’ নামেৰে কিছুমান পদ্য লিখি প্ৰান্তিকলৈ পঠিয়ায় আৰু সেয়া তদানীন্তন প্ৰান্তিকৰ সম্পাদক ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰকাশ কৰে।
বৰ্তমান অসমীয়া ভাষাৰ প্ৰায়বোৰ কাকত-আলোচনী, সংবাদপত্ৰ, পৰিপূৰিকাতে সঘনাই লিমাৰিক প্ৰকাশ হৈ আছে৷ বিশেষকৈ প্ৰান্তিক, দৈনিক অসম, স্বদেশ পটভূমি, সঁফুৰা, অবিকল, গিৰ্জনি, জোনাক, অসমীয়া বৰ্ণিল, ফটাঢোল আদি বিশেষ উল্লেখযোগ্য৷ বহু ৰসগ্ৰাহী পাঠক আৰু নতুন লেখক লিমাৰিক ৰচনাৰ প্ৰতি দিনে দিনে আকৃষ্ট হৈ গৈ আছে৷ আজিকালি সামাজিক মাধ্যম— ফেচবুক, ৱাটছাপ আদিত অনেক ন-পুৰণি লেখক সাহিত্যিকে স্বৰচিত লিমাৰিক প্ৰকাশ কৰি আছে৷ লিমাৰিকৰ চৰ্চা বঢ়াৰ লগে লগে ইয়াৰ ইতিহাস, গঠন, ছন্দ, বিষয়বস্তু আৰু তাত্ত্বিক স্বৰূপ সম্পৰ্কেও নতুন নতুন আলোচনা আৰম্ভ হৈছে বা প্ৰবন্ধ-নিবন্ধ আদি ৰচনা হৈছে৷ এই ক্ষেত্ৰত ড° মহেন্দ্ৰ বৰাৰ অৱদান পুনৰ উল্লেখযোগ্য। তেওঁৰ সাহিত্য আৰু সাহিত্য গ্ৰন্থত সন্নিৱিষ্ট ‘লিমাৰিকৰ কথা’ শীৰ্ষক নিবন্ধত লিমাৰিকৰ ইতিহাস আৰু তত্ত্ব সম্পৰ্কে তথ্যসমৃদ্ধ আলোচনা আছে। অৰ্থাৎ, ড° মহেন্দ্ৰ বৰাৰ অৱদান কেৱল লিমাৰিক ৰচনাতে সীমাবদ্ধ নাছিল; সাহিত্যৰ এক স্বতন্ত্ৰ ৰূপ হিচাপে লিমাৰিকক বুজিবলৈও তেওঁ অসমীয়া পাঠকক সহায় কৰিছিল। কবি নৱকান্ত বৰুৱায়ো এই বিষয়ত এটি নাতি দীৰ্ঘ নিবন্ধ প্ৰকাশ কৰিছিল৷ ড° খগেশ সেন ডেকাই ‘প্ৰসংগ— লিমাৰিক’ নামৰ প্ৰবন্ধত স্পষ্টকৈ লিখিছে যে নৱকান্ত বৰুৱায়ো অসংখ্য লিমাৰিক লিখিছিল৷ কিন্তু দেখা যায় বহু সময়ত পৰম্পৰাগত লিমাৰিকৰ গঠন শৈলী ভাঙি বৰুৱাই নতুন আংগিকৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল৷ তলত তেওঁৰ দুটা লিমাৰিক উল্লেখ কৰা হ’ল—
“ভাগৱতী শ্ৰীৰাধিকামোহন
ওখই পাখই অতি শোভন
তৰুণ কালত ব্যায়াম বীৰ
জীৱন ৰণত যুধিষ্ঠিৰ
সম্পাদকীয় মেজত বহিও জ্ঞানৰ দুগ্ধ কৰে দোহন৷”
“হাজৰিকীয়া তিলক
যেয়ে যিমান গিলক
তেওঁ নিগিলে টোপ অথবা পিলক
খোজত গুৰি কৰি যায়
বলে নোৱৰা শিলক৷”
এসময়ত লিমাৰিকৰ অসমীয়া প্ৰতিশব্দ কি হ’ব ইয়াক লৈও কিছু বিতৰ্ক হৈছিল৷ ‘লিমাৰিক’ৰ (আচলতে ননচেন্স পদ্যৰ) অসমীয়া প্ৰতিশব্দ হিচাপে ড° মহেন্দ্ৰ বৰাই ‘বেবেৰিবাং পদ্য’, হীৰেন ভট্টাচাৰ্যই ‘পদ-ধেমালি’, কৃষ্ণ গোস্বামীয়ে ‘উপপদ্য’, আন একাংশই ‘পঞ্চপদী’ আৰু ড° প্ৰবীণ শইকীয়াই ‘আপদীয়া পদ্য’ নামটো আগবঢ়াইছিল৷ আজিও প্ৰান্তিক আলোচনীয়ে ‘আপদীয়া পদ্য’ শিৰোনামটো ৰাখিয়ে লিমাৰিক প্ৰকাশ কৰি আছে৷
১৯৯৮ চনত ড° প্ৰবীণ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত অসমীয়া লিমাৰিক চয়নত বিভিন্ন লেখকৰ লিমাৰিক একেলগে সংকলিত হৈছিল৷ বৰ্তমানলৈকে পোৱা তথ্য মতে এইখনেই অসমীয়া ভাষাত প্ৰকাশিত সৰ্বপ্ৰথম উমৈহতীয়া লিমাৰিক কবিতাৰ সংকলন; আনহাতে, ব্যক্তিগত প্ৰথম সংকলনখন ইয়াতকৈ তেৰ বছৰৰ পূৰ্বেই অৰ্থাৎ ১৯৮৫ চনত প্ৰকাশিত হৈছিল৷ সেইখন হ’ল মৰাণৰ কবি উদিত বৰুৱাৰ এশ এটা লিমাৰিক৷ দ্বিতীয়খন ব্যক্তিগত সংকলন হ’ল ১৯৯৬ চনত প্ৰকাশিত গোলাঘাটৰ শিক্ষক নৰকান্ত শইকীয়াৰ লাজ সন্মান ইত্যাদি৷ তৃতীয় দুখন হ’ল ড° প্ৰবীণ শইকীয়াৰ আপদীয়া পদ্য (২০০০) আৰু চম্পা বড়োৰ অহিত অস্তিত্ব (২০০০)৷
অসমীয়া লিমাৰিকৰ বিকাশ আৰু গ্ৰন্থসম্ভাৰ
ড° মহেন্দ্ৰ বৰাৰ পিছতে লিমাৰিকৰ উৎকৰ্ষ সাধনত মনোনিৱেশ কৰা লেখক সকলৰ ভিতৰত নৱকান্ত বৰুৱা, ভাৰতী বৰুৱা, ৰবীন্দ্ৰ বৰা, ডা. ধৰণীধৰ দাস, কুশল বৰা, গোপী তামুলী, হেমেন ডেকা, ত্ৰিলোচন কাকতি (ওৰফে কৃষ্ণকান্ত পাটোৱাৰী), ড° প্ৰবীণ শইকীয়া, নৰকান্ত শইকীয়া, হিৰণ্য কুমাৰ গায়ন, কৃষ্ণ গোস্বামী, জয়কান্ত গন্ধীয়া, প্ৰমোদ বৰুৱা, চৈয়দ আহমেদ শ্বাহ, শ্যামাপ্ৰসাদ শৰ্মা, ভাৰত চন্দ্ৰ দত্ত, হৰেন্দ্ৰ নাথ বৰঠাকুৰ, সত্যেন্দ্ৰ বৰদলৈ, কণপাই গাংগুলী (ওৰফে হীৰেন হাজৰিকা), উদিত বৰুৱা, বিদ্যা চুতীয়া, যতীন্দ্ৰ কুমাৰ পাৰৈ, সুৰেন্দ্ৰ মোহন দাস, যোগানন্দ মহন্ত, তপন বৰুৱা, কুমুদ ৰঞ্জন হাজৰিকা, ডা. লোহিত কুমাৰ বৰা, খগেন বৰা, ইলা দেৱী অধিকাৰী, পবিত্ৰ নাৰায়ণ বৰা, ফণীন্দ্ৰনাথ গায়ন, অজিত কুমাৰ বৰদলৈ, নগেন্দ্ৰ নাথ ভট্টাচাৰ্য, অনন্ত বৰা, মিনাক্ষী কোঁৱৰ, খনীন্দ্ৰ মিশ্ৰ ভাগৱতী, হেমন্ত ৰাজখোৱা, ৰশ্মিৰেখা মহন্ত, বিভা মহন্ত, সীতা দেৱী সিংহ, বন্তি গগৈ, ৰুমী কলিতা দত্ত, হৰিচন্দ্ৰ ডেকা, বশিষ্ঠ কলিতা, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, গগন চন্দ্ৰ অধিকাৰী, অৰ্ণৱ কুমাৰ বৰা, ৰূপক জি দুৱৰা, অৰুপ কুমাৰ নাথ, বিদ্যুত বিকাশ বৰুৱা, দেৱজিৎ বৰা, কুমাৰ শিৱম, গুণাভিৰাম বৰুৱা, বিপুল কুমাৰ লহকৰ, প্ৰাঞ্জল শইকীয়া, অতুল নাথ, শৈলেন বৰুৱা, নীৰেন বৰুৱা, বিচিত্ৰ নাৰায়ণ বৰা, সুৰেশ কুমাৰ, কবিন ভাগৱতী, গীতাঞ্জলি মেধি, উমানন্দ কলিতা, জ্যোতিষ মেধি, মৃদুস্মিতা গায়ন, শিৱপ্ৰসাদ ঠাকুৰীয়া, প্ৰজ্বলিতা ভট্টাচাৰ্য, দামোদৰ তালুকদাৰ, পবিত্ৰ কুমাৰ, অঞ্জন ফুকন, জগদীশ শৰ্মা, ভূপেন ঠাকুৰীয়া, বিষ্ণু ৰঞ্জন শইকীয়া, নিত্যৰঞ্জন ভাজনী, চন্দ্ৰাৱতী লহকৰ, প্ৰবীন্দ্ৰ নাথ গায়ন, নয়ন গোস্বামী, অনন্ত মোহন শৰ্মা, যোগেশ কাকতি, দিগন্ত জ্যোতি গোস্বামী, জিতুল কমাৰ গগৈ, শেৱালি বৰঠাকুৰ, গিৰীশ শৰ্মা, ফণী বৰুৱা, দীননাথ লাহন, সুভাষ শৰ্মা আদিৰ নাম উল্লেখযোগ্য৷ ওপৰত উল্লেখ কৰা দুই চাৰিজনৰ বাদে সকলোৰে এটা বা একাধিক লিমাৰিক প্ৰান্তিক আলোচনীৰ ‘আপদীয়া পদ্য’ শিতানত প্ৰকাশ পাইছে৷ যতীন্দ্ৰ কুমাৰ পাৰৈয়ে ২০১২ চনত APPOOCUS( Association of past and present office bearers of Cotton College Union Society)ৰ দ্বাৰা প্ৰকাশিত আৰু মনজিৎ সিঙৰ দ্বাৰা সম্পাদিত সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্য গ্ৰন্থত “অসমীয়া লিমাৰিক আৰু একবিংশ শতিকাৰ প্ৰথম দশকত অসমত লিমাৰিক চৰ্চা” শীৰ্ষক এটি প্ৰৱন্ধ লিখিছিল৷
সি যি নহওক, উদিত বৰুৱাৰ এশ এটা লিমাৰিক (১৯৮৫) আৰু লিমাৰিক আৰু অন্যান্য পদ্য (২০১০); নৰকান্ত শইকীয়াৰ লাজ সন্মান ইত্যাদি (১৯৯৬) আৰু ম‘হৰ নাকী ঘোঁৰাৰ লেকাম (২০২১); বিদ্যা চুতীয়াৰ নিষিদ্ধ স্বপ্ন (১৯৯৯); চম্পা বড়োৰ অহিত অস্তিত্ব (২০০০); ড° প্ৰবীণ শইকীয়াৰ আপদীয়া পদ্য (২০০০); ত্ৰিলোচন কাকতিৰ লিমাৰিক আৰু লিমাৰিক (২০০৩); যতীন্দ্ৰ কুমাৰ পাৰৈৰ ননচেন্স ভাৰ্চ (২০০৮); সত্যেন্দ্ৰ বৰদলৈৰ বহুব্ৰীহি (২০১৬); ডাঃ কুমুদ কুমাৰ দত্তৰ বালিমাহী বালিচাঁহী (২০১১); তপন বৰুৱাৰ আপদীয়া পদ্য (২০১৭) আৰু আপদীয়া পদ্যমালা (২০২৪); হেমেন ডেকাৰ পঞ্চপদী (২০১৮) আৰু ধুঁৱলী–কুঁৱলী (২০১৯); যোগানন্দ মহন্তৰ লিমাৰিক— খুহুটীয়া কবিতা আপদীয়া পদ্য (২০২১); ডা° লোহিত কুমাৰ বৰাৰ লিমাৰিক (২০২১); কুমুদ ৰঞ্জন হাজৰিকাৰ কেঁচা মাটিৰ গোন্ধৰে লিমাৰিক অ–লিমাৰিক (২০২২) আৰু অনুভৱত লিমাৰিকৰ ছন্দ (২০২৪); সুৰেন্দ্ৰ মোহন দাসৰ লিমাৰিক আৰু ধেমেলীয়া পদ্য (২০২৩); খগেন বৰাৰ এশ সোতৰটা লিমাৰিক (২০২৪); স্মৃতিৰেখা মহন্তৰ নিজান মনৰ জোনাক (প্ৰথম খণ্ড— ২০২৪, দ্বিতীয় খণ্ড— ২০২৫); বিভা মহন্তৰ এমুঠি লিমাৰিক (২০২৫); সীতা দেৱী সিংহৰ এমুঠি লিমাৰিক; হেমন্ত ৰাজখোৱাৰ একবিংশ শতিকাৰ লিমাৰিক (২੦২৪) আৰু আধুনিক অসমীয়া লিমাৰিক (২੦২৫) আদি কেইখনমান লিমাৰিক কবিতাৰ প্ৰকাশিত পুথি৷
অসমীয়া লিমাৰিকৰ স্বকীয়তা
অসমীয়া লিমাৰিকৰ স্বকীয়তা বিচাৰ কৰিবলৈ গৈ আমি মুঠ আঠটা বিন্দু বিবেচনা কৰিছোঁ আৰু সেইসমূহ উদাহৰণ সহ তলত উল্লেখ কৰা হ’ল৷
ক) অসমীয়া লোক-জীৱনৰ প্ৰতিফলন: একালৰ অসমীয়া মধ্যবিত্ত সমাজত দৰাৰ শিক্ষাগত অৰ্হতা, বিশেষকৈ এম.এ. ডিগ্ৰীক, বিশেষ গুৰুত্ব দিয়াৰ যি প্ৰৱণতা আছিল, তাকে লৈ তলৰ লিমাৰিকটোত ব্যংগ কৰা হৈছে—
“জীয়েকলে’ লাগে হেনো ভাল এটি পাত্ৰ
চলি যায় হয় যদি এম.এ.ৰ ছাত্ৰ
মুখস্থ গোটেইখন
ৰন্ধন প্ৰকৰণ
গচকিহে পোৱা নাই পাকঘৰ মাত্ৰ৷” (মহেন্দ্ৰ বৰা)
খ) অসমীয়া লোকভাষা আৰু কথিত ভাষাৰ ব্যৱহাৰ: ‘দাইটি’, ‘এসোপা’, ‘কি জানো’ আদি কথিত আৰু লোকভাষাৰ ব্যৱহাৰ তথা স্বাভাৱিক বাক্যভংগীয়ে তলৰ লিমাৰিকটোক অসমীয়া লোক-কথনভংগীৰ ওচৰলৈ লৈ গৈছে। বিশেষকৈ ‘দাইটি’ শব্দটোত কথিত অসমীয়া ভাষাৰ স্বাভাৱিক লোক-সম্বোধনৰ ৰূপটো প্ৰকাশ পাইছে।
“শম্ভু দাইটিৰ এইটো মহৎ গুণ
তামোলৰ লগত খায় এসোপা চূণ
ধপাতো লগতে খায়
কি জানো সোৱাদ পায়
সেয়েহে দুয়োটা কিনে মাহে এক মোন।” (হৰিচন্দ্ৰ ডেকা)
গ) অসমীয়া লোকহাস্য আৰু ব্যংগৰ সংমিশ্ৰণ: তলৰ লিমাৰিকটোত লোক-হাস্যৰস, অদ্ভুত কল্পনা আৰু সামাজিক ব্যংগৰ সমন্বয় ঘটিছে—
“যমদূতে ড’ৰ কৰে ভষ্মলোচন কাই
তাঁৰত লগাই বধ কৰে দায়দোষ নাই
দাদাৰ নেজত ধৰি
ৰাইজক নক’ব চ’ৰি
গুৰুসেৱাত দাঁত নিকটাই মুখত ঘঁহে ছাই৷” (নৰকান্ত শইকীয়া)
ঘ) স্থানীয় চৰিত্ৰ, স্থান আৰু পৰিস্থিতিৰ ব্যৱহাৰ: চুঙাজান, উৰুলিপুঙাৰ গাঁও আদি স্থানীয় স্থান আৰু অকোৱা-পকোৱা বাট, বাৰ মাহে বোকা আদি স্থানীয় বাস্তৱ পৰিস্থিতিৰ চিত্ৰ তলৰ লিমাৰিকটোত হাস্যৰসৰ মাজেৰে দাঙি ধৰা হৈছে—
“উৰুলিপুঙাৰ গাঁও বোলে চুঙাজান,
এদিনীয়া লোকে গৈ উলিওৱা টান,
অকোৱা-পকোৱা বাট,
বাৰমাহে বোকা তাত,
গ’লে কিন্তু খোজ দিবা হৈ সাৱধান।” (তপন বৰুৱা)
ঙ) অসমীয়া ধ্বনি, ছন্দ আৰু শব্দৰ খেল: ‘লৰাই’, ‘ৰুলি’, ‘নুৰুই’, ‘লফা-লাই’ আদি ধ্বনিগত সাদৃশ্য, পুনৰুক্তি আৰু শব্দ-খেলে অসমীয়া ভাষাৰ স্বকীয় ধ্বনিমাধুৰ্য আৰু কৌতুকপূৰ্ণ শব্দৰ ব্যৱহাৰ দেখুৱাইছে৷
“লাও পুলি লৰাই ৰুলি নুৰুই লফা-লাই,
সাজেপতি লাও খাই জানো নামুৱায়?
খাব যদি খোজ ভাত,
বজাৰলৈ ল বাট,
আজি কিন্তু অমুকীয়ে লাও ৰন্ধাত নাই।” (তপন বৰুৱা)
আন এটা উদাহৰণ —
“বাতি খালে হেনো আঁটি যায় বাইটিয়ে ক’লে
তাঁত বাটি কৰিলে তাইৰ বাঁতি আহে বোলে
ৰাতি তাই নজ্বলাই বাতি
আন্ধাৰতে থাকে সূতা বাটি
বাটিয়ে বাটিয়ে পানী খাই বাইটিয়ে হ’লে৷” (ডা° কুমুদ কুমাৰ দত্ত)
ইয়াত ‘বাতি’, ‘বাটি’, ‘বাটি’, ‘বাইটি’, ‘বাটিয়ে’ আদি ধ্বনিগতভাৱে ওচৰ-চপা শব্দৰ পুনৰাবৃত্তিৰে অৰ্থৰ খেল সৃষ্টি কৰিছে। প্ৰথমে পাঠকে ‘বাতি’ক পোহৰৰ বাতি বুলি ভাবিব পাৰে; কিন্তু পিছলৈ ‘সূতা বাটি’, ‘পানী খাই’ আদি প্ৰসংগত শব্দবোৰৰ অৰ্থগত খেল আৰু হাস্যৰস স্পষ্ট হয়। অৰ্থাৎ শব্দৰ ধ্বনি-সাদৃশ্য আৰু অৰ্থৰ স্খলন এই লিমাৰিকটোৰ হাস্যৰসৰ প্ৰধান উৎস৷
চ) অসমীয়া সংস্কৃতি আৰু লোক–পৰম্পৰাৰ উপাদান: তলৰ লিমাৰিকটোত বিহু, গৰু-গাই, পিঠা-পনা আদি অসমীয়া লোক-সংস্কৃতিৰ উপাদানৰ উল্লেখৰ মাজেৰে পৰম্পৰাগত গ্ৰাম্য জীৱনৰ পৰিৱৰ্তিত ৰূপটোৰ প্ৰতি এক হাস্যৰসাত্মক ইঙ্গিত দিয়া হৈছে।
“গৰু-গাই পুহিবলৈ এৰিলোঁ বাৰুকৈ
চেনেহৰ বিহুটি পাতোঁ বাৰু কেনেকৈ
বজাৰৰ পিঠা-পনা
সিদিনাই কিনি অনা
গৰুটোহে এতিয়া বাকী ক’লোঁ সঁচাকৈ৷” (হৰিচন্দ্ৰ ডেকা)
ছ) সমসাময়িক অসমীয়া সমাজ-জীৱনৰ প্ৰতি সঁহাৰি: বিদ্যুৎ যোগানৰ অনিয়ম, বিদ্যুতৰ বিল আৰু তাৰ ফলত জনজীৱনত সৃষ্টি হোৱা অৰ্থনৈতিক চাপ—
“গধূলি হ’লেই চলে লাইটৰ লুকাভাকু
নুমাই বেছি জ্বলে কম কাৰো নাই যে চকু
মাহে মাহে বাঢ়ে বিল
মাৰে যেন থিয়কিল
টকাৰ সংখ্যা দেখি ৰাইজৰ কঁপে বুকু৷” (যতীন্দ্ৰ কুমাৰ পাৰৈ)
উন্নয়নৰ নামত প্ৰাকৃতিক সম্পদ ধ্বংস, ঔদ্যোগিকীকৰণ আৰু পৰিৱেশ সংকটৰ প্ৰতি সমসাময়িক সামাজিক প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে তলৰ লিমাৰিকটোত৷
“সম্পদকে বিক্ৰী কৰি কৰিব বিকাশ…
ইণ্ডাষ্ট্ৰীবোৰকে ধৰি
সকলোকে শেষ কৰি
ভৱিষ্যতে থাকি যাব ধূসৰ আকাশ।” (সুৰেন্দ্ৰ মোহন দাস)
জ) বিদেশী কাব্যৰূপৰ অসমীয়া অভিযোজন: ইংৰাজী লিমাৰিকৰ মূল পাঁচশৰীয়া গঠন আৰু AABBA অন্ত্যমিলৰ কাঠামো গ্ৰহণ কৰিও অসমীয়া কবিসকলে বিষয়, ভাষা, ছন্দ আৰু শাৰীৰ দৈৰ্ঘ্যত নিজস্ব অভিযোজন ঘটাইছে। নৱকান্ত বৰুৱাৰ তলৰ লিমাৰিকটো তাৰ এটা উল্লেখযোগ্য উদাহৰণ।
“মন্ত্ৰী গ’ল টুৰত
কলগছৰ ভুৰত
ভুৰত নাই মাইল-মিটাৰ মহামস্কিল
কেনেকৈনো কেৰেণীয়ে কৰে টি.এ. বিল
সঁচাকৈয়ে ডি.চি.বোৰ একোৱেই নাই মূৰত৷” (নৱকান্ত বৰুৱা)
ইয়াত প্ৰথম দুটা শাৰী তুলনামূলক ভাৱে চুটি; অৰ্থাৎ, ইংৰাজী লিমাৰিকৰ প্ৰচলিত দীঘল-চুটি শাৰীৰ ছন্দগত গতি অসমীয়া ভাষাৰ স্বাভাৱিক বাক্য গঠন আৰু শব্দ প্ৰয়োজন অনুসৰি কিছু পৰিমাণে অভিযোজিত হৈছে।
সমকালীন অসমীয়া লিমাৰিক
তাকে যদি আনি ছিঙি
মালা পিন্ধা ঢাকি ডিঙি
জীৱনেও কৰি লয় ভয়ানক ভুল!” (যোগানন্দ মহন্ত)
থ) “একাংশ য’ত দ্বিতীয় শ্ৰেণীৰ নাগৰিক,
সুস্থ গণতন্ত্ৰ তাত নথকাই স্বাভাৱিক৷
খিলঞ্জীয়াৰ হাহাকাৰ,
নাই ভূমিৰ অধিকাৰ;
সমঅধিকাৰৰ প্ৰশ্নও অপ্ৰাসংগিক৷” (হেমেন ডেকা)
দ) “নিজৰ ঠাইতেই দেখোঁ হৈছে ভগনীয়া,
বহিৰাগত বণিয়ায়ো ভাবে মগনীয়া৷
ৰুদ্ধ অগ্ৰগতি,
চৰম দুৰ্গতি;
পাকচক্ৰত পৰি চেতনাও নাইকিয়া৷” (হেমেন ডেকা)
ধ) “হটপেণ্ট মিনিস্কাৰ্ট কেৰাহীতলীয়া বিলাতী মিছ্
কস্মেটিক নিতৌ নৱ নতুন লিষ্টৰ দীঘল পিচ্
ডেকা বুঢ়া উচপিচ
গোঁফে হাঁহে ফিচ্ফিচ্
ৰ’ব নোৱাৰি বুঢ়াই বোলে মুখ নে সেয়া কিচমিচ৷” (ডা° লোহিত কুমাৰ বৰা)
উপসংহাৰ
আমেৰিকাকে ধৰি পশ্চিমীয়া একাংশ দেশে প্ৰতি বছৰে ১২ মে’ তাৰিখটো এডৱাৰ্ড লীয়েৰৰ জন্মদিন উপলক্ষে ৰাষ্ট্ৰীয় লিমাৰিক দিৱস হিচাপে পালন কৰে৷ এইটো মূলতঃ লিমাৰিকৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা এক অনানুষ্ঠানিক সাহিত্য দিৱস৷ অসমীয়া ভাষাৰ ক্ষেত্ৰতো লিমাৰিক চৰ্চাৰ ইতিহাস আৰু ঐতিহ্যলৈ লক্ষ্য কৰি এনে এটা বিশেষ দিনৰ কথা আমি চিন্তা কৰিব পাৰোঁ৷ অসমীয়া লিমাৰিকৰ প্ৰৱৰ্তক ড° মহেন্দ্ৰ বৰা (১৯২৯–১৯৯৬)ৰ জন্মদিন ২২ আগষ্ট৷ তেওঁ এজন কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক হিচাপে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ লগতে লিমাৰিকক অসমীয়া ভাষা-সাহিত্যত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো স্মৰণীয়৷ ১৯৮৭ চনত তেওঁ অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷ গতিকে, তেওঁৰ জন্মদিন ২২ আগষ্ট তাৰিখটো আমি ‘জাতীয় লিমাৰিক দিৱস’ হিচাপে পালন কৰাৰ বিষয়টো বিবেচনা কৰিব পাৰোঁ৷ এনে এটা দিনৰ জৰিয়তে কেৱল এজন গুণী সাহিত্যিকক স্মৰণ কৰাই নহয়, অসমীয়া লিমাৰিকৰ অতীত-বৰ্তমান-ভৱিষ্যৎ সম্পৰ্কেও সমজুৱাকৈ চিন্তা কৰাৰ এক অৱকাশ পোৱা যাব— বিষয়টো সুধীজনলৈ এৰিলোঁ৷
আজিৰ সামাজিক মাধ্যমৰ যুগত অসমীয়া লিমাৰিক চৰ্চাৰ পৰিসৰো আগতকৈ বহল হৈছে৷ ফেচবুক, ৱাটছাপ আদি সামাজিক যোগাযোগ মাধ্যমৰ জৰিয়তে বহুতে চুটি, হাস্য ৰসাত্মক আৰু সমসাময়িক বিষয়ক পদ্য লিখি পাঠকৰ মাজলৈ লৈ গৈছে৷ এই প্ৰচেষ্টাই লিমাৰিকক কেৱল কিতাপৰ পাতত আবদ্ধ নাৰাখি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ এক সম্ভাৱনা সৃষ্টি কৰিছে৷ অৱশ্যে সামাজিক মাধ্যমত প্ৰকাশিত সকলো চাৰি শাৰী বা পাঁচ শাৰী হাস্য ৰসাত্মক পদ্যকে লিমাৰিক বুলি গ্ৰহণ নকৰি ইয়াৰ ছন্দ, অন্ত্যমিল, গঠন, বিষয়বস্তু আৰু অতি-অৰ্থৰ দৰে বৈশিষ্ট্যসমূহৰ প্ৰতিও সচেতন হোৱা প্ৰয়োজন৷ অসমীয়া লিমাৰিকৰ বিষয়বস্তুৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে৷ অসমৰ অস্থিৰ ৰাজনীতি, ধৰ্মৰ নামত চলা ভণ্ডামি, নেতাৰ প্ৰতিশ্ৰুতি আৰু কাৰ্যৰ মাজৰ ব্যৱধান, সামাজিক অসংগতি, দুৰ্নীতি আদি বিষয় লিমাৰিকৰ হাস্য-ব্যংগৰ উপযোগী বিষয় হ’ব পাৰে৷ একেদৰে পাৰিপাৰ্শ্বিক সুৰক্ষা, বানপানী, খহনীয়া, প্ৰাকৃতিক দুৰ্যোগ, দৰিদ্ৰতা, নিবনুৱা সমস্যা, ধনীৰ ফোপোলা ভেম, মধ্যবিত্তৰ সংকট, ভোগবাদী মানসিকতা, সামাজিক মাধ্যমৰ আসক্তি আদি সমসাময়িক বিষয়ো লিমাৰিকত স্থান পাব পাৰে৷ আনকি সমাজৰ একাংশ লোকৰ লাহ-বিলাস, কৃত্ৰিমতা আৰু আত্মপ্ৰদৰ্শনৰ প্ৰৱণতাকো লিমাৰিকৰ হাস্যৰস আৰু ব্যংগৰ মাজেৰে প্ৰকাশ কৰিব পাৰি৷
সামগ্ৰিকভাৱে ক’ব পাৰি যে অসমীয়া সাহিত্যত লিমাৰিকৰ ইতিমধ্যে এটা নিজস্ব ঐতিহ্য গঢ় লৈ উঠিছে৷ এই ঐতিহ্যক নতুন প্ৰজন্মৰ লেখক, পাঠক আৰু সামাজিক মাধ্যমৰ সৃষ্টিশীল মানুহে আগুৱাই নিব পাৰিলে অসমীয়া লিমাৰিকেও সমকালীন অসমীয়া সাহিত্যত এক অধিক সুদৃঢ় আৰু স্বকীয় স্থান লাভ কৰিব৷ কিন্তু লিমাৰিক কেৱল হাঁহিৰ বাবে লিখা চুটি পদ্য নহয়৷ ইয়াৰ চুটি পৰিসৰৰ ভিতৰতে জীৱন, সমাজ আৰু সময়ৰ অসংগতিবোৰক তীক্ষ্ণভাৱে ধৰি পেলোৱাৰ ক্ষমতা আছে৷ সঠিক শব্দ, ছন্দ, অন্ত্যমিল, কৌতুক, ব্যংগ আৰু শেষত এক অপ্ৰত্যাশিত অতি-অৰ্থৰ সমন্বয়ে এটা সফল লিমাৰিকক পাঠকৰ মনত দীৰ্ঘ সময়লৈ জীয়াই ৰাখিব পাৰে৷ সেয়ে, কেৱল ইয়াৰ সংখ্যা বৃদ্ধিত নহয়, মানসম্পন্ন আৰু সময়সচেতন লিমাৰিক ৰচনাত আমি কিমান সচেষ্ট হ’ম তাতহে অসমীয়া লিমাৰিকৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব৷
গ্ৰন্থপঞ্জী
ক) অসমীয়া গ্ৰন্থ/প্ৰবন্ধ—
১। বৰা, মহেন্দ্ৰ, এই নদীয়েদি, গুৱাহাটী, ১৯৭০।
২। শইকীয়া, প্ৰৱীণ, সম্পা. অসমীয়া লিমাৰিক চয়ন, গুৱাহাটী: বাণী প্ৰকাশ, ১৯৯৮।
৩। কাকতি, ত্ৰিলোচন, লিমাৰিক আৰু লিমাৰিক, গুৱাহাটী: অন্তৰীপ, ২০০৩।
৪। বৰদলৈ, সত্যেন্দ্ৰ, বহুব্ৰীহি, বিহপুৰীয়া: বিহপুৰীয়া মহাবিদ্যালয় প্ৰকাশন গোট, ২০১৬।
৫। ডেকা, খগেশ সেন। “প্ৰসংগ : লিমাৰিক”, মুক্ত চিন্তা, দশম বছৰ, প্ৰথম সংখ্যা, জুলাই ২০২৪।
৬। বৰদলৈ, সত্যেন্দ্ৰ, “লিমাৰিক অথবা আপদীয়া পদ্য।” সাহিত্য ডট অৰ্গ, ১৯ আগষ্ট ২০১৬।
৭। পাৰৈ, যতীন্দ্ৰ কুমাৰ, “অসমীয়া লিমাৰিক আৰু একবিংশ শতিকাৰ প্ৰথম দশকত অসমত লিমাৰিক চৰ্চা।” সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্য, সম্পা. মনজিৎ সিংহ, APPOOCUS, ২০১২।
খ) ইংৰাজী গ্ৰন্থ/প্ৰবন্ধ—
১। Lear, Edward. A Book of Nonsense. London: Thomas McLean, 1846.
২। Reed, Langford. The Complete Limerick Book: The Origin, History and Achievements of the Limerick. London: Jarrolds, 1924.
৩। Harrowven, Jean. The Limerick Makers. London: The Research Publishing Co., 1976.
৪। Opie, Iona, and Peter Opie. A Nursery Companion. Oxford: Oxford University Press, 1980.
৫। Wells, Carolyn. Carolyn Wells’ Book of American Limericks. New York: G. P. Putnam’s Sons, 1925.
গ) মুদ্ৰিত ৰূপত লিমাৰিকৰ প্ৰাৰম্ভিক উৎস—
১। Anonymous. The History of Sixteen Wonderful Old Women. London: J. Harris and Son, 1820.
২। Anonymous [attributed to Richard Scrafton Sharpe]. Anecdotes and Adventures of Fifteen Gentlemen. London: John Marshall, c. 1821.
৩। Anonymous [attributed to Richard Scrafton Sharpe]. Anecdotes and Adventures of Fifteen Young Ladies. London: E. Marshall, c. 1822.
ঘ) অনলাইন, অভিধান আৰু প্ৰমাণসিদ্ধ তথ্য-উৎস—
১। Poetry Foundation. ‘Limerick.’ Glossary of Poetic Terms.
২। Academy of American Poets. ‘Limerick.’ Glossary.
৩। Hockliffe Project, De Montfort University. “The History of Sixteen Wonderful Old Women.”
৪। Hockliffe Project, De Montfort University. “Anecdotes and Adventures of Fifteen Young Ladies.”
৫। Edward Lear’s Nonsense Poetry and Art. “A Book of Nonsense.”