অৰ্চনা পূজাৰীৰ কবিতা

Issue: Vol. V, No. 3, November-January, 2026-27

ভাবনাৰ জঁট

আপুনি আপোনাৰ দৰে ভাবক
মোক মোৰ দৰে ভাবিবলৈ দিয়ক
আপুনি কিন্তু আপোনাৰ দৰে নহয়
ময়ো নহয় মোৰ দৰে
মাজত এডাল সাঁকো
ভৰ সহিব নোৱৰা

ইপাৰত জোন গলি টোপাটোপে সৰে
সিপাৰত পাতাল ফালি
বেলিয়ে পোখা মেলে

কোনখন আকাশ আপোনাৰ
মৌসৰা কথাৰ ঈশ্বৰৰ আকাশখন
নে মূৰৰ ঘাম মাটিত পেলোৱা
খেতিয়কৰ আকাশখন
জোৰা-টাপলি মাৰি ৰৈ থাকে য’ত অন্ন, বস্ত্ৰ, বাসস্থানৰ চিন্তা

আপুনি মাজে-মাজে পূৰ্ণ নোহোৱাৰ দুখত বুৰে
অৰ্দ্ধ সত্য কঢ়িয়াই-কঢ়িয়াই ময়ো পূৰ্ণতাৰ বাবে
সম্ভাবনাবোৰ চালি-জাৰি চাওঁ

আপুনি যেতিয়া শূন্যতাৰ জোখত মগ্ন হয়
তেতিয়া মই জোখ-মাপ, হিচাপৰ বাহিৰলৈ গৈ
থাপ মাৰি ধৰোঁ
মুংখৰ ছবিৰ চিঞৰটো৷



কি ফুল ফুলাৰ কথা আছিল

বতাহ আহিব নোখোজে ঘৰটোৰ ভিতৰলৈ
ভিতৰত শোটমোচ খাই পৰি আছে
ৰ’দৰ হাঁহি

কেৱল আন্ধাৰে কিৰিলিয়াই মৰে

ফুল বছা মনবোৰ
ছিৰলি-ছিৰলিকৈ ফাটে
হাঁহিবোৰৰ গা বগাই
থুনথুননি এটা
ক্ৰমে উচুপনি হৈ
ইমূৰ সিমূৰ বাগৰি ফুৰে

কি ফুল ফুলাৰ কথা আছিল
কোনেও নোসোধে
এতিয়াযে ধ্বনিও নাই
নাই প্ৰতিধ্বনি

পদূলিৰ নাহৰজোপাৰ পাতবোৰ
অকালত পকি
নিৰলে সৰিছে
এটা, দুটাকে’৷

An English translation of the poems.