Issue: Vol. V, No. 3, November-January, 2026-27
ড° কল্যাণ ভূঞা
শিলৰ সাঁকো (২০২৬) হেমপ্ৰভা মৰাণৰ দ্বিতীয় কবিতা পুথি৷ কবিতা পুথিখনৰ ‘আগকথা: কাৰ বাবে কবিতা’ত বিশিষ্ট সমালোচক ড° আনন্দ বৰমুদৈয়ে মৰাণৰ কবিতাৰ বিষয়ে এইবুলি লিখিছে— “হেমপ্ৰভা মৰাণৰ কবিতাৰ ভাষা সৰল আৰু কবিগৰাকীয়ে পাঠকৰ লগত যোগাযোগ কৰাত গুৰুত্ব আৰোপ কৰে৷ তেওঁৰ কবিতা ঠিক শক্তিশালী আৱেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ নহয়, কিন্তু কবিয়ে অনুভৱ কৰা আৱেগ-অনুভূতিয়ে তেওঁৰ চিন্তাৰ গতিক নিয়ন্ত্ৰণ কৰে৷’’

২০২০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গঠিত হোৱা কবিতা অধ্যয়ন গোটৰ দ্বাৰা প্ৰকাশিত ‘পৰ্বান্তৰৰ পদ্য: অসমীয়া কবিতাত কেতবোৰ প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা সন্দৰ্ভত এক ইস্তাহাৰ’ত এইবুলি কোৱা হৈছে— “কবিতাৰ কাৰণে বৰ্তমান সময় এফালৰ পৰা আটাইতকৈ ভাল আৰু আন এফালৰ পৰা আটাইতকৈ বেয়া সময়৷ ভাল এই কাৰণেই যে বহুত নতুন কবিয়ে ভাল কবিতা লিখি আছে আৰু বেয়া এই বাবেই যে বহুতে কবিতাক দুৰ্বোধ্য কৰিছে৷ দুৰ্বোধ্য হ’লেই কবিতাক একে আষাৰে বেয়া বুলিও ক’ব নোৱাৰি, কিন্তু দুৰ্বোধ্য কবিতা পাঠকে নপঢ়ে৷’’
লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত কৈছিল— “সাহিত্য সঁচাকৈয়ে সৰ্বসাধাৰণৰ নিমিত্তেনে?… সাহিত্যও দৰ্শন, বিজ্ঞান আৰু আৰ্টৰ নিচিনাকৈ সাধাৰণৰ অৰ্থাৎ ‘মব’ৰ ওপৰ খাপৰ বস্তু নহয় জানো?… সাধাৰণে যিটো সহজে নেদেখে, অনুভৱ কৰিব নোৱাৰে, সেইটোৱেই মহৎ৷’’ কিন্তু আনহাতে আকৌ ইংৰাজ কবি ৱিলিয়াম ৱৰ্ডছৱৰ্থে লিৰিকেল বেলাডছ্ৰ পাতনিত কৈছিল যে কবিতাৰ ভাষা হ’ব লাগে মানুহে মানুহৰ সৈতে কথা পতাৰ ভাষা৷ তেওঁৰ মতে কবি হ’ল মানুহৰ মাজৰে মানুহক সম্বোধি কথা কোৱা এজন মানুহ৷ এনে পৃষ্ঠভূমি মনত ৰাখি আলোচনা কৰিলে হেমপ্ৰভা মৰাণৰ কবিতা পুথিখনৰ কবিতাসমূহৰ গুৰুত্ব অনুধাৱন কৰিব পৰা যায়৷ হেমপ্ৰভা মৰাণৰ কবিতাসমূহৰ ভাষা সৰল আৰু পোনপটীয়া, পাঠকক সহজে চুব পৰা৷
সৰল ভাষাৰ মাজেৰেই কবি মৰাণে ব্যক্তিগত আৰু সামাজিক জীৱনৰ বহু গুৰুত্বপূৰ্ণ সমস্যাক লৈ কবিতা লিখিছে৷ কবিতাবোৰৰ মাজেৰে কবিৰ ব্যক্তিগত দৰ্শন আৰু সামাজিক সমস্যাবোৰে তেওঁৰ অন্তৰাত্মাত তোলা আলোড়নৰ প্ৰকাশ ঘটিছে৷ আধুনিকতাৰ ধামখুমীয়াই মানুহৰ মনত সৃষ্টি কৰা অতীতমুখী প্ৰৱণতাৰ কথা প্ৰকাশ পাইছে এনেকৈ—
বতাহজাক লাহে লাহে সকলোতে বিয়পি পৰিছে
কংক্ৰিটৰ মহানগৰীৰ পৰা সৰু সৰু নগৰ, চহৰলৈ
পাহাৰৰ পৰা ভৈয়ামলৈ,
… … …
… … …
মাথোঁ আধুনিকতাৰ নামত
বতাহজাক বাউলী হৈ উত্তপ্ত হৈ উঠিছে,
সভ্যতাৰ বিপৰীতে সমাজলৈ
বতাহজাকে কঢ়িয়াই আনিছে
বৰ্বৰ মানুহৰ আদিম আচৰণ৷ (‘এজাক দোপালপিটা বৰষুণৰ বৰ প্ৰয়োজন’)
আধুনিক মানুহৰ স্বাৰ্থপৰতা, নিঃসংগতা, একাকীত্ব, দ্বিধাগ্ৰস্ততা, দ্বন্দ্ব আদি অনুভূতিক কবিয়ে বিভিন্ন কবিতাৰ বিষয়বস্তু কৰিছে৷ ‘অজুহাত মাথোঁ অজুহাত’ নামৰ কবিতাটোত কবিয়ে নিজকে প্ৰশ্ন কৰিছে—
কি হেৰুৱালোঁ, কি পালোঁ,
দুহাত মেলি চাওঁ
অকণি ক্ষুদ্ৰ ত্যাগ জীৱনত
কৰিলোঁ নে কেতিয়াবা কাৰোবাৰ বাবে?
কেতিয়াবা প্ৰকাশ পাইছে ক্ষোভ—
হৃদয়ৰ দুৱাৰ বন্ধ ৰাখি
তুমি মোৰ ওচৰলৈ নাহিবা৷
মোৰ কথা শুনিবলৈ
হৃদয়ৰ উমান ল’বলৈ
তোমাৰ আহৰি নাই তিলমানো৷ (‘বুজাবুজি এটা শব্দ মাথোঁ’)
এয়া প্ৰায় সকলো আধুনিক মানুহৰে নিভৃত হৃদয়ৰ উক্তি নহয় জানো! জীৱন যুঁজত আগবাঢ়ি যাওঁতে মানুহে এৰি থৈ আহে বহু সুমধুৰ স্মৃতি, এৰি থৈ আহে আপোনজন৷ জীৱনৰ অপৰাহ্ন বেলাত আহি যেতিয়া পাৰ হৈ অহা সময়লৈ উভতি চোৱা যায়, তেতিয়া কবিৰ দৰেই সকলোৰে মনৰ মাজত কিছু উপলব্ধিয়ে ভুমুকি মাৰেহি—
সময়ৰ আলি দোমোজাত
হেৰাই গৈছে অনেকজনৰ ঠিকনা
ক্ষন্তেক জিৰণিৰ বাবে
লাগে এটি নিৰিবিলি স্থান
ক’ত পাব স্থায়ী ঠিকনা? (‘সাম্প্ৰতিক সময়’)
তেনে ধৰণৰ আন কেইটামান কবিতা হৈছে ‘মই ক’ৰবাত হেৰাই গ’লোঁ’, ‘কেনেকৈ আশা কৰোঁ’, ‘মোৰ লগত কিছু সময় কটাবাচোন’, ‘আশাবোৰ কঢ়িয়াই লৈ যাওঁ’৷ কবিৰ স্মৃতিকাতৰতা প্ৰকাশ পোৱা কেইটামান কবিতা হৈছে ‘দেউতা’, ‘সূৰ্য দূৰত থাকিলেও’, ‘মই কৰবাত হেৰাই গ’লোঁ’, ‘পাহৰণি যেতিয়া সোঁৱৰণি হয়’, আদি৷ মানুহৰ মাজৰ পৰা নিষ্কলুষতা, সৌহাৰ্দ্য, আদিৰ দৰে মানৱীয় গুণবোৰ হেৰাই যাব ধৰা কথাটোৱে কবিৰ মনত যাতনাৰ সৃষ্টি কৰে৷ তেওঁ লিখিছে—
শৈশৱ আৰু কৈশোৰৰ
নিভাঁজ মৰম আৰু অফুৰন্ত বিশ্বাসেৰে
ক্ষণিকতে সকলোকে আপোন কৰি ল’ব পৰা
মায়াভৰা মধুৰ দিনবোৰ
ক’ত বাৰু হেৰুৱাই পেলালোঁ? (‘মই ক’ৰবাত হেৰাই গ’লোঁ’)
কবিৰ জীৱন দৰ্শন কেইবাটাও কবিতাৰ মাজেৰে প্ৰকাশ পাইছে৷ ‘হাতৰ লাখুটিৰে মহাসমুদ্ৰৰ গভীৰতা জানো জুখিব পাৰি?’, ‘এখন সুবিশাল আকাশ’, ‘দিকভ্ৰান্ত সময়’, ‘সপোনবোৰ হেৰাই গ’লে’, ‘বাট কাটি কাটি’, আদি এনেধৰণৰ কবিতা৷
কবিতা সংকলনখনৰ দুটা মান কবিতাত কবিতাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰা হৈছে৷ এই বিষয়ে সংকলনখনৰ আগকথাত ড° আনন্দ বৰমুদৈয়ে এইবুলি লিখিছে— “হেমপ্ৰভা মৰাণৰ সংকলনটোত থকা এটা কবিতাৰ শিৰোনামে কবিতা আৰু পাঠকৰ সম্পৰ্কৰ বিষয়ে এটা মনোযোগ দিবলগীয়া প্ৰশ্ন উত্থাপন কৰিছে— ‘কাৰ বাবে কবিতা?’ নতুন কবিসকলে এই সমস্যাটোৰ বিষয়ে চিন্তা কৰিব লাগে৷” ‘কবিতা ফুটাই পঢ়োঁ আহক’ কবিতাটোৱে কবিতা অধ্যয়ন গোটে প্ৰকাশ কৰা, সুমন দত্তৰ দ্বাৰা সম্পাদিত কবিতা ফুটাই পঢ়া (২০২১) নামৰ সংকলনখনলৈ মনত পেলাই দিয়ে৷ কবিতা ফুটাই পঢ়াৰ বস্তু, কবিতাই প্ৰাণ পায় আবৃত্তিৰ মাজেৰে৷ ‘কবিতা ফুটাই পঢ়োঁ আহক’ নামৰ কবিতাত কবিয়ে কৈছে—
কবিৰ বুকুত কবিতাই বিচাৰি ফুৰে
মুকুল হৈ ওলাই অহাৰ বাট৷
বাট কাটি কাটি কেতিয়াবা ওলাই আহে,
কেতিয়াবা বাট হেৰুৱায়৷
তথাপি কবিৰ বুকুতে কবিতাৰ জন্ম৷
আহক আমি সকলোৱে,
বুকুৰ বন্ধ হৈ থকা কিতাপৰ পাত লুটিয়াই
কবিতা ফুটাই পঢ়োঁ৷
আহক, আমি সকলোৱে কবিতা ফুটাই পঢ়োঁ৷
শিলৰ সাঁকো
হেমপ্ৰভা মৰাণ
২੦২৬, প’য়েট্ৰী উইডাউট ফীয়াৰ
পকাবন্ধা, (১২+) ৪৪ পৃষ্ঠা
ISBN 978-81-984521-4-6