প্ৰণতি বৰুৱাৰ দুটা কবিতা

ঠিকনা বিচাৰি

ঠিকনা এটা নোহোৱাকৈয়ে
বিচাৰি আছোঁ তোমাক
 গছ-বিৰিখৰ সেউজীয়াত বিচাৰোঁতে
 সৰি পৰিছিল গছৰ পৰা
 হেঙুলীয়া আবিৰ
  নদীখনে গা ধুইছিল তেতিয়া
  বেলিটোৱে তুলি দিছিল
  ৰান্ধনি ৰ’দৰ পোছাক
  আকাশখনেও সলাবলৈ লৈছিল
  নীলা সাজ সলাই কজলা পোছাকযোৰ
 
 বিচৰা ঠিকনাটো এনেকৈয়ে
হয়তো অন্ধকাৰৰ ঠিকনা হ’ল
  নিজানৰ গান এটা হৈ
  বিষাদৰ কুঁৱলীয়ে আবৰা পৃথিবী এখনত।
নিৰুদিষ্ট সময়

সময়ে তুলি দিয়া ভোগৰ প্ৰসাদ
চকুৰ নিলগত
দুহাত মেলি নেপাওঁ ঢুকি

আত্মগোপন কৰি সময়ে
জোলোঙাত ভৰাই নিছে
সুখৰ ৰহঘৰা
থৈ গ’ল মহাকালৰ অভিশাপ

Click here to read an English translation of the poems.

One thought on “প্ৰণতি বৰুৱাৰ দুটা কবিতা

Leave a Reply

Your email address will not be published. Required fields are marked *