ইন্দু বৰুৱাৰ দুটা কবিতা

এমুঠি স্তৱক

     ১
তুমি চুলিখিনি মেলি দিলা
বৈ গ’ল এচাটি মলয়া
মৰুদ্যান বিচাৰি অঘৰী প্ৰেমিক
অহৌবলীয়া।
     ২
ফুটুকানিত ফুলি আছিল
সোণপৰুৱা
ফুল নে ভুল
খোপাত গুঁজি ল'বলৈ হৃদয়জুৰুৱা।
      ৩
মৰা মাছৰ দৰে ঢেলা দুচকুত হাজাৰ পখিলাৰ ছাঁ
হুলে ঢাকিছিল কেকটাছৰ ফুল 
বুকুত বাজি আছিল কাউৰীৰ কা।
      ৪
মৰুভূৰ আন্ধাৰ বালিত ডেও দি 
ফুটুকী হৰিণা
শেতেলীত নীৰৱ বাঁহী 
দাঁতে দাঁত লগা শীতৰ ঠেৰেঙা ।
     ৫
উমাল আবেলি বেলি ওমলে চৰাই 
ঠোঁটত গানৰ শৰাই
দংদঙকৈ গুচি যায় ঘৰমুৱা বেলি
শ্মশানত ৰৈ যায় ধোঁৱা আৰু ছাই ।
চামুৰাই

প্ৰতিজন মানুহেই চামুৰাই
নিজে সজা পৃথিৱীৰ
ক্ষুধাৰ
প্ৰজ্ঞাৰ
মানৱতাৰ
অহংকাৰৰ

ত্যাগ, সততা, সৌহাৰ্দ্যৰ
পৰিশ্ৰমী দুহাতৰ কাঁড়ে
বিচাৰি লয় মাছৰ দুচকু
জীৱনৰ কঠিন পাহাৰ কাটি
সূক্ষ্ম দুহাতে সাজে মসৃণ ভাস্কৰ্য

দুচকুৰ পটি বন্ধা স্তাৱকৰ দলে
দেখুৱাই আন্ধাৰৰ বাট
অহংকাৰী সূৰ্যই
আনক জ্বলাবলৈ 
নিজে জ্বলে
মচি পেলাই নিজে সজা বাটৰ ভাস্কৰ্য।

চামুৰাইবোৰ...
জয়ী হৈ হেৰুৱাই 
আপোন মানুহ
অথবা
বৃত্তত আপোন মানুহলৈ 
পৰাজিত।

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *