Photograph of Parvatiprasad Barua

ফটাবাঁহী

পাৰ্বতিপ্ৰসাদ বৰুৱা

গোটেই বেলাটো বাঁহীকে বজালা
নৈৰ পাৰতে ৰৈ;
ময়ো আছিলোঁ
কাষতে ভোল গৈ।
বাঁহীত বজালা
মোৰ জীৱনৰে কথা,
ইমান মিঠা!—
ইমান ধুনীয়া ৰাগিনী বজালা
সুৱদী সুৰীয়াকৈ,
যাবৰ বেলিকা
বাঁহীটো থেকেচি গ’লা!
আলফুল কৰি বুটলি লৈ
ইমান ফুৱালোঁ
বাঁহী নেবাজিল;
চাওঁচো—বাঁহীটো ফটা।

Click here to read an English translation of the poem.

পাৰ্বতিপ্ৰসাদ বৰুৱা (১৯০৪-১৯৬৪) অসমৰ এগৰাকী বিশিষ্ট কবি, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক।

Leave a Reply

Your email address will not be published. Required fields are marked *