হেম বৰুৱা
এয়া আমাৰ আইতা, আশীবছৰীয়া :
মধ্যাহ্নৰ সূৰুযৰ প্ৰখৰ তাপত,
নাইবা
ঘনঘোৰ বাৰিষাৰ প্ৰলয় দিনত
জহকালি, জাৰকালি সকলোকে
উপলুঙা কৰি
ঘূৰি ফুৰা মৰাপাট বৰণীয়া চুলি।
আইতাক লগ পাই সুধিছিলোঁ মই :
"তুমি আই, লাখুটিত ভৰ দি,
খুপি খুপি বিচাৰিছা কি?"
আইতাই ঘোলা চকুযুৰি
মোৰ ফালে তুলি
একেষাৰ কথা মাথোঁ ক'লে :
"মই বিচাৰিছোঁ, বিচাৰিছোঁ কি,
তই নুবুজিবি, নুবুজিবি সোণ।
বিচাৰিছোঁ মই সেই কুৰিটা বছৰ,
মোৰ যৌৱনৰ, সপোনৰ
বাটৰ ধূলিত কিজানিবা আছে লীন হৈ।"
_________
'হেম বৰুৱাৰ কবিতা', ১৯৮৬, পৃ.১৭
Click here to read an English translation of the poem.
সদায়েই ভাল লগা কবিতা।মন চুই গ’ল।