সত্যজিৎ গগৈৰ দুটা কবিতা

আজিও আহিছিল অৰণ্যখন

আজিও আহিছিল অৰণ্যখন
এই চহৰলৈ
ধূলি চকাৰ ৰথ এখন হৈ
স্মৃতি ৰোমন্থনৰ বাবে

আকৌ আঁতৰি গ’ল
পকী পথটোৰে মেৰিয়াই থকা
পাহাৰটোৰ ফালে
আৰু স্পৰ্শ কৰি গ’ল
পাহাৰৰ শিলৰ হনুত

আজি অৰণ্যখনে লগত অনা নাছিল
কেৰ্কেটুৱা, জিলি অথবা কাঠখোলা
কাৰোৱেই কণ্ঠস্বৰ
ৰাতিৰ এন্ধাৰ বুকুত

ৰাতিৰ এন্ধাৰ বুকুত
আঁৰি দিয়া হৈছিল পোহৰ ফুলবোৰ

সাৰে আছিল উল্লাসৰ শব্দবোৰ
ধোঁৱাৰে ঘন হৈছিল কুঁৱলী

কুকুৰটোৱে কুচিমুচিকৈ
ঠাই লৈছিলহি বিছনাৰ তলত

পুৱা বকুলতলৰ ঘাঁহনিডৰাই
হাতত তুলি দিছিল
ঘৰামুটি খাই পৰি থকা কপৌ এটা 

আতচবাজীৰ শব্দবোৰ তেতিয়া নিতালে শুই আছিল
তাৰ বুকুত৷

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *