গীতাঞ্জলি বৰকটকীৰ দুটা কবিতা

বিজ্ঞাপন

জন্মসূত্ৰে মই মুছলমান
আপুনি?

সংঘৰ্ষপীড়িত মানুহৰ চিঞৰত
ৰংহীন সময়
উকা বুকু

শিলগুটি নিক্ষেপৰ আনন্দোল্লাস
কাণ তাল মৰা অশ্লীল শব্দত 
ঘুমটি হেৰায়

তল পৰে পুখুৰীত বেঙে জঁপিওৱাৰ শব্দ
তল পৰে মাকোৰ খিটখিটনি

ব’হাগত 
এতিয়া পাল পাতি পহৰা দিয়াৰ সময়

হঠাতে এটা খবৰ কাণত পৰিল 
ডাষ্টবিনত এটি শিশু
যাৰ জন্মসূত্ৰ বিচাৰি এটি বিজ্ঞাপন 
প্ৰকাশ হৈছে৷
কথাবোৰ

কথাবোৰ ৰ’দত জিলিকে
আন্ধাৰতো জিলিকে

পৃথিৱীৰ সকলো কথাই আপেক্ষিক

জন্ম-মৃত্যু, 
সুখ-দুখ,
পাপ-পুণ্য
হাঁহি-কান্দোন

কেতিয়াবা কথাবোৰ হৈ পৰে বেৰসিক

অনাকাংক্ষিত হিচাপ-নিকাচ

কেতিয়াবা অফিচৰ ’লাঞ্চব্ৰেক’ত চলা আড্ডাৰ বিষয়বোৰৰ দৰেই 
হৈ পৰে ৰসাল

কথাত জোৱাৰ উঠে
সেই জোৱাৰত ডুব যায় বহুজন

বহু কথাই থাকে কোৱাৰেনটিন্ চেণ্টাৰত
কোৱাৰেনটিন্ লাইন পাৰ হ’লেই
ঘূৰি ফুৰে গৈ বজাৰত

কোনো কথাকে পুতিব নোৱাৰি

বালিতো লিখা হয় বহু কথা
ঢৌৱে ধুই নিয়ে

কথাবোৰ পানীৰ তলৰ মাছ
আকাশৰ পৰা চোঁ মাৰি নামি
ঠোঁটত লৈ গুচি যায়

কথাবোৰ পকিলে
এভিডেঞ্চৰ ওপৰত নিৰ্ভৰ কৰিয়েই
পৰিচালিত হয়

কোন শত্ৰু কোন মিত্ৰ
বুজিব নোৱাৰি

বেৰৰো থাকে কাণ
সেয়েহে হ’বা বন্ধু বৰ সাৱধান

সকলোৱে পিন্ধি থাকে মুখা

কথাতে কটা যায়
কথাতে বঁটা পায়
জিভা পিছল খালেই বাট হেৰুৱায়৷

Click here for an English translation of the poems.

One thought on “গীতাঞ্জলি বৰকটকীৰ দুটা কবিতা

Leave a Reply

Your email address will not be published. Required fields are marked *