মণিকা টেৰণপীৰ দুটা কবিতা

ৰক্তাক্ত

পাহৰি পেলালা তুমি নিজৰ ইতিহাস
শিপা ছিঙি হʼলা তেজপিয়া
ইতিহাস আজি হ'ল ৰঙা।

আমাৰ দেখোন একেডালেই শিপা
আছিল তেজৰ বৰণ ৰঙা
তুমি এতিয়া নীলা গৰল পি
হʼলা বৰণ সলোৱা দেৱতা।

কেনেকৈ গঢ়িলা মনৰ বান্ধ
শিল যেন চেঁচা
জুই যেন কঠিন
কেনেকৈ গঢ়িলা দেৱাল
ইপাৰ-সিপাৰ
হাহাকাৰ।

কঁপি থাকে শান্তিৰ পতাকা
বাজি থাকে বুকুত ৰাতিৰ ধুমুহা।

ইতিহাস মোহাৰি এতিয়া তুমি
নিজেই ইতিহাস
ৰক্তাক্ত সময়ৰ
ইমান পিয়াহ।
আৰলেং

মানুহৰ মুখে-মুখে
ইতিহাসৰ পাতে-পাতে
নিগৰি আহিছোঁ আমি।

কোন আমি?
শিলবোৰে কয় নগ্ন জাতি আমি এই পাহাৰৰ।
ইতিহাসে খোদিত কৰিলে আমাৰ পৰিচয়-- মিকিৰ।
আদিমতেই ঘৰত লগা জুই
আজিও কঢ়িয়াই ফুৰিছোঁ বুকুৱে-বুকুৱে।

জুইৰ লগত সম্পৰ্ক আমাৰ বহু পুৰণি
পাহাৰৰ পূৰণি গছবোৰে ৰিঙিয়াই কয় 
আমাক সনাতনী।

পাহাৰে-পৰ্বতে চৰে আমাৰ জীৱন
শ্ৰীৰামৰ লগতো আছিল আদিমৰ অটুট বন্ধন।
কলাগুৰুৰ কলমতো বিৰিঙিছিল আমাৰ কৃষ্টি। 

নীলা পাহাৰৰ সন্তান আমি
"হিংসুক" প্ৰকৃতিৰ নাছিলোঁ কোনোকালেই।

আমাৰ পাহাৰ
একক সুকীয়া সত্তা
সুকীয়া কৃষ্টি, ভূষা আৰু ভাষাৰে পৰিপূৰ্ণ আমি।

সময়ৰ সোঁতত পুৰুষে পুৰুষে বৈ অহা জনশ্ৰুতি
কিংবদন্তিবোৰে আমাৰেই কাহিনী কয়
আমাৰ পৰিচয়-- মানুহ আমি
আমি আৰলেং।

Click here to read an English translation of the poems.

মণিকা টেৰণপী কাৰবি আংলঙৰ ডিফু নিবাসী এগৰাকী তৰুণ কবি।

Leave a Reply

Your email address will not be published. Required fields are marked *