শেষৰ শাৰী

নৱকান্ত বৰুৱা

সমদলৰ শেষৰ মানুহজনে
জনা নাছিল
তেওঁ যে এটা নতুন সমদলৰ
আগশাৰীত

মোৰ কবিতাৰ শেষৰ শাৰীটোত
মই দেখিছোঁ এটা নতুন কবিতাৰ
প্ৰথম শাৰী

মোৰ শেষ কবিতাটো মই আৰম্ভ কৰিব নোৱৰালৈকে
তোমালোকেই লিখি যাবা
মোৰ নতুন কবিতাবোৰ

তোমালোকৰ শেষ শাৰীটোৰ পিছত
মই আৰম্ভ কৰিম নজনাকৈয়ে
তোমালোকৰেই কবিতা।

Click here to read an English translation of the poem.

One thought on “শেষৰ শাৰী

  1. সুন্দৰ, আশাবাদৰ কবিতা পঢ়ি বৰ ভাল লাগিল।সহজ সৰল শব্দৰ সমাহাৰৰ মাজতেই পালো সঞ্জীৱনী।

Leave a Reply

Your email address will not be published. Required fields are marked *