কৃষ্ণ সংস্কৃতি পোতাশালত বহি এটা কবিতাই নিজকে ৰিজালে কৃষ্ণ সংস্কৃতিৰে। কিংবদন্তী অনুসৰি কবি নিজে হ'ল দৈৱকী, পাঠকলৈ যাচিলে যশোদা চৰিত্ৰ। এতিয়া সংস্কৃতিৰ সোঁত বলিছে ছাৰ্ফ-চাবোনৰ বিজ্ঞাপনৰ অনুক্ৰমে। দৈৱকী কবিৰ এপিটাফত কেইটামান ডট (…)। যশোদা পাঠক কৃষ্ণৰ কিংকৰ!
ভাবমূৰ্তি মই ভাবোঁ বাবে মই বাচোঁ, ভাবমূৰ্তিটোহে আচল, দিনে-ৰাতিয়ে ডেটা খৰচ কৰি কৰি, নিজে নিজৰ ভাবমূৰ্তি গঢ়িছোঁ নে ভাঙিছোঁ নাজানো, নাজানো! জানো কেৱল জীয়াই আছোঁ, অকৃপণভাৱে, সময় খৰচ কৰিবলৈ!