Poet Mahendra Bora's Photo

নিলগলৈ

মহেন্দ্ৰ বৰা

ৰিং মাৰি পঠিয়ালোঁ পথাৰখনৰ ওপৰেদি
নিলগলৈ
চকুৱে ঢুকি নোপোৱা দিগন্তৰ সিপাৰলৈ
উভতি নাহিল কোনো প্ৰতিধ্বনিৰ সঁহাৰি

কাঠৰ খোলনিৰে সজা ম’হৰ ডিঙিৰ টিলিঙা
উৰুঙা শব্দবিলাক যাৰ
ওপঙি উঠিছে
নিস্তব্ধ গধূলি পথাৰখনৰ স্থিৰ শূন্যতাত

যেন কোন কাহানিবাৰে এটা পুৰণি হাতবাউল
কঁপি কঁপি নাচি
দলঘাঁহ নৰা পিতনিৰ ওপৰেদি
বিয়পি পৰিছে আকাশৰ পৰা আকাশলৈ

পাছ ল’বৰ মন যায় সেই সৰু সুহুৰিটোৰ
কুঁৱলীডৰাৰ সিপাৰৰ পৰা যিটোৱে চিঁ-চিঁ-কৈ
মাতি আছে মোক গোটেই দিনটো
নিলগলৈ

Click here to read an English translation of the poem

ড੦ মহেন্দ্ৰ বৰা (জ.২২.੦৮.১৯২৯-মৃ.੦৯.੦৪.১৯৯৬) এগৰাকী বিশিষ্ট অসমীয়া কবি, সাহিত্য সমালোচক আৰু অনুবাদক।