মোৰনো আছে কি?

ৰাজীৱ বৰা

দুটামান শব্দৰ বাহিৰে মোৰনো আছে কি
সেয়াও ধাৰ বা উত্তৰাধিকাৰ
সকলোৰে থকাবোৰ মোৰ নহয়
মোৰ বুলিলে সেইবোৰহে
আনৰ যিবোৰ নাই
উশাহ ৰ’দ বতাহ বৰষুণ চেৰাই
একক হৈ জীয়াই আছে কোন?

জীৱনটো পাটীগণিত নহয় বুলি জানিও
যোগ বিয়োগ পূৰণ হৰণতেই পাৰ কৰিছোঁ কাল
আকাল বা ভঁৰালৰ চান-কাঢ়ি সাঁচিছোঁ সন্দিহান ভৱিষ্যৎ
গৈ পোৱালৈ সিও উৎকণ্ঠা নিবৃত্তিৰ নিৰস বৰ্তমান

সমাগত তালত সুৰীয়া গীত এটি গাম
তাৰ প্ৰস্তুতিতে বেসুৰা মজলিছত উপেক্ষিত আজিৰ গান

কৃতজ্ঞ ভাৱৰীয়াই বাট চাই আমাৰ মৰণলৈ
তেতিয়াহে ল’ব নাম। জীৱদ্দশাত আনৰ নাম ল’লে
অগা-পিছা যুঁজত হাৰি যোৱা পৰিণাম? সমনীয়াক
বাট নিদি তালিকাৰপৰা নামটোকে দিয়ে বাদ
শব্দতো তেওঁলোকৰে অধিকাৰ…
মোৰ বুলিবলৈ থাকে কি? কাৰ?

Click for an English translation of the poem.

One thought on “মোৰনো আছে কি?

Leave a Reply

Your email address will not be published. Required fields are marked *