মিত্ৰতাৰ ভেশচন

ৰেজাউল কৰিম

আপোনাৰ আৰু মোৰ মাজত অনেক প্ৰভেদ 

আপুনি ৰজা 
মই প্ৰজা। 
আপুনি ভাবে আপুনি স্বাধীন 
মই আপোনাৰ অধীন।

আপোনাৰ বন্ধ দুৱাৰত 
লিখা থাকে 
'খোলা আছে'।
মোৰ ইকৰাৰ কাৰেঙত 
জপনাও নাথাকে। 

মোৰ পথাৰত আপোনাৰ ভঁৰাল 
গোহালিতে বুঢ়া হ'ল হালৰ বলধ হাল। 
নাঙলখনো হেৰাল।
আপোনাৰ তৰোৱালত দেখিলোঁ 
মোৰ হেৰোৱা নাঙলৰ ফাল। 

আপোনাৰ মাটি মই চহাওঁ 
শিতানত মোৰ মৈ দিয়া পথাৰ। 

মোৰ তেজেৰে আপুনি ইতিহাস লিখি 
মোকেই পঢ়ুৱায়।
মই নষ্ট যোৱা বুলি। 
আপোনাৰ শ যাত্ৰাত পুষ্পবৃষ্টি। 
মোৰ মৃতদেহতো আপোনাৰ গুলি। 

আপোনাৰ ভক্তই যিমান ইতিহাস ৰচে 
মোৰ পিঠিৰ ঘামে সেই ইতিহাস মচে। 

আপোনাৰ আৰু মোৰ মাজত অনেক প্ৰভেদ। 

আপুনি ৰজা 
মই প্ৰজা। 

আপোনাৰ দুচকুত ক্ষুধা ক্ষমতাৰ 
আৰু কামনাৰ বহ্নি। 
মোৰ দুচকুত বিৰহ 
আৰু ক্ষুধাৰ অগ্নি। 

মই মোৰ আৰু আপোনাৰো ভোক অনুভৱ কৰোঁ। 
আপুনি কেৱল আপোনাৰ। 

আমাৰ ক'ব লগা বহুত 
আপোনাৰ শুনিব লগা নাই। 

আপোনাৰ আৰু মোৰ মাজত অনেক প্ৰভেদ। 

আপোনাৰ আকাশৰ স'তে 
মোৰ সন্ধি নহয়। 
উশাহৰ বাবে মই  
অক্সিজেনৰ গ্ৰাহক নহয়। 

আপোনাৰ আৰু মোৰ 
পৰিচয় একে নহয়। 

মই জানো। 
শগুন আৰু শৰ 
কেতিয়াও মিত্ৰতা নহয়।

Click here to read an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *