কথা পদ্য

আনন্দ বৰমুদৈ

মোৰ প্ৰথম চাহ কবিতাই
ডেউকা কোবোৱা দেখিলোঁ
গম পালোঁ খুঁটি খাব পাৰিব৷
ক’লোঁ : আকাশত উৰি চা
আৰু ডেউকাত ভৰ দি
ঘৰলে’ ঘূৰি যা৷
বাট নিচিনো বুলি নক’বি
তহঁত সিহঁতৰে পেটৰ পোৱালি৷
দুখীয়া মানুহৰ কবিতা
সিহঁতৰ চোতালত চুঁচৰি
পিৰালিত থিয় দঙা দিয়া
সিহঁতৰ দুখেৰে ফুটা তহঁতৰ মাত৷ 
পিছে কবিতাই দেখোন সিহঁতৰ বুকুলে’
বিচাৰি নেপায় বাট৷
পেটৰ মাজেদিহে বোলে
সিহঁতৰ বুকুলে’ বাট
আৰু পেটত যিহে একুৰা জুই!
পাখি লগা শব্দ মোৰ
জুইতে জাহ যায়
বুকুলে’ বাট-ঘাট বিচাৰি নেপায়৷

Click here to read an English translation of the poem.

One thought on “কথা পদ্য

  1. সুন্দৰ ৷ এনেয়ে নকয় আগে চাউল কথা তাৰ পিছতহে হৰি কথা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *