iamge of ambikagiri raichoudhury

জাগ ডেকা তেজ জাগ

অম্বিকাগিৰী ৰায়চৌধুৰী

জাগ ডেকা তেজ জাগ আজি জাগ,
	আগ্নেয়গিৰি উগাৰি জাগ–
এলাহৰ গাঁঠি ভাঙি গুড়ি কৰি
	কৰ্ম-ধাৰাৰে ধৰণী ঢাক।
জাগ ডেকা তেজ জাগ আজি জাগ
	স্বৰ্গ মৰ্ত্য কঁপাই জাগ,
বিনাশী জাতিৰ দুখ-দাৰিদ্ৰ্য
	ঘৃণিত গলিত গোলামী দাগ।
জাগ ডেকা তেজ ঢল ঢালি তোৰ
	উটাই জাতিৰ জঠৰ ভাগ,
দেশৰ মাটিৰ গছ-লতা ভৰি
	উথলি উঠক সোণালী ৰাগ।
জাগ ডেকা তেজ বজ্ৰ মুঠিত
	ভাঙি পুনু গঢ়া হাতুৰি লৈ,
স্বদেশ সেৱাত ভণ্ডামিবোৰ
	ভাঙি উৰি য'ক চূৰ্ণ হৈ।

কবিতাটোৰ ইংৰাজী অনুবাদ পঢ়িবলৈ ইয়াত ক্লিক কৰিব।

অম্বিকাগিৰী ৰায়চৌধুৰী (১৮৮৫-১৯৬৭) অসমৰ এগৰাকী বিশিষ্ট কবি, গীতিকাৰ, নাট্যকাৰ আৰু স্বাধীনতা সংগ্ৰামী।

Leave a Reply

Your email address will not be published. Required fields are marked *